নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংক্রমণৰ উৎস নাই ৰাজু ৰায়, তিলক ডেকাৰ; নেমকেয়াৰৰ নার্ছ–চিকিৎসকৰ নমুনা সংগ্রহ

নিয়মীয়া বাৰ্তা, ২৩ মে’: সংহাৰী ক’ভিড–১৯ৰ উৎসবিহীন সংক্রমণে ৰাজধানী মহানগৰ গুৱাহাটীৰ লগতে ৰাজ্যক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিয়াৰ আশংকা ক্রমশঃ অধিক তীব্রতৰ হ’ব ধৰিছে৷

শেহতীয়াকৈ বৃহস্পতিবাৰে গুৱাহাটীত মাৰাত্মক ভাইৰাছত আক্রান্তসকলৰ ভিতৰৰ দুজনৰ নাই সংক্রমণৰ কোনো উৎস৷ তেওঁলোকৰ কোনোধৰণৰ ভ্রমণ বৃত্তান্তৰ তথ্যও বিচাৰি পোৱা নাই৷ এনে অৱস্থাত মহানগৰবাসীৰ মাজত ক’ভিড–১৯ৰ আতংক দুগুণে বৃদ্ধি পাইছে৷ সংক্রমণৰ উৎসবিহীন এই ক’ভিড–১৯ত আক্রান্ত ব্যক্তি দুজন হ’ল তৰুণ নগৰৰ ৰাজু ৰায় আৰু নুনমাটিৰ গোপাল নগৰৰ বাসিন্দা তিলক ডেকা৷

You might also like