স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ সহায় বিচাৰি কাতৰ আহ্বান
নিয়মীয়া বাৰ্তা, ২৪ মেঃ ল’ৰাজনৰ নাম প্রাঞ্জল বৈশ্য৷ বয়স মাত্র ২৫ বছৰ৷ মাকৰ নাম জেউতি বৈশ্য৷ ঘৰখনত মাক–পুতেক দুজনেই৷ প্রাঞ্জলে বিমানবন্দৰৰ ভিতৰত থকা হোটেলত ৱেইটাৰৰ কাম কৰিছিল৷ বেছি নহ’লেও দৰমহাৰ টকাকেইটাৰে মাক–পুতেক সুন্দৰভাৱে চলি আছিল৷ বিমানবন্দৰৰ সমীপৰ ভি আই পি তাঁতীপাৰত ভাড়াতীয়া হিচাপে থকা পৰিয়ালটোৰ মাজলৈ হঠাতে নামি আহে ঘোৰ অন্ধকাৰ৷ প্রায় ছমাহ পূর্বে এক দুর্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয় প্রাঞ্জল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্রায় এমাহ চিকিৎসাৰ অন্তত সুস্থ হৈ পুনৰ কামত যোগদান কৰে যুৱকজনে৷ কিন্তু কিছুদিন পিছতে ডিঙিৰ বিষত আক্রান্ত হয় যুৱকজন৷ লাহে লাহে যুৱকজনৰ শৰীৰটোও অৱশ হৈ আহিবলৈ আৰম্ভ কৰে৷ মাতৃয়ে চিকিৎসকৰ ওচৰলৈ নিয়ে যদিও চিকিৎসকে অস্ত্রোপচাৰৰ বাবে প্রায় ছয় লাখ টকাৰ প্রয়োজন হ’ব বুলি কোৱাত মূৰত সৰগ ভাঙি পৰাৰ দৰে অৱস্থা হয় হতভগা মাতৃগৰাকীৰ৷
ধনৰ অভাৱত চিকিৎসা কৰাব নোৱাৰা বাবে বিগত প্রায় তিনি মাহে যুৱকজন শয্যাগত হৈ আছে৷ মাকে অ’ত ত’ত দিন হাজিৰা কৰে যদিও সেইখিনি ধনেৰে খাবই নে পুত্রৰ ঔষধ কিনিব তাৰ চিন্তাতে পাৰ হয়৷ অৱশ্যে ইয়াৰ মাজতে তাঁতীপাৰাৰ অমৰজিৎ দাস নামৰ এজন যুৱকে নিজ গৃহৰ এটি কোঠাত বিনামূলীয়াভাৱে থকাৰ ব্যৱস্থা কৰি দিয়ে৷ তদুপৰি প্রাঞ্জল দাস, ৰিকী ভৰালী, ৰেচক কলিতা, ৰাজীৱ বৰদলৈ নামৰ লোককেইজনে মাতৃ–পুত্রক খাদ্য যোগান ধৰাৰ লগতে ঔষধ পাতি কিনিবলৈ কিছু আর্থিক সহায় আগবঢ়াই আহিছে৷ কিন্তু অস্ত্রোপচাৰ নকৰিলে সুস্থ হৈ নুঠিব প্রাঞ্জল আৰু ইয়াৰ বাবে প্রয়োজন ছয় লক্ষাধিক টকা, যাৰ বাবে দুর্ভগীয়া মাতৃ জেউতি বৈশ্যই এইক্ষেত্রত সহায় কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ কাতৰ আহ্বান জনাইছে৷ তদুপৰি কোনো হূদয়ৱান লোকে মাতৃ–পুত্রক সহায় কৰিব বিচাৰিলে চেণ্ড্রেল বেংক অৱ ইণ্ডিয়াৰ আজাৰা শাখাৰ ৩৬৮২৬৩৪১০০ একাউণ্ট নম্বৰত IFSC-CBIN0283216) আর্থিক সাহায্য আগবঢ়াব পাৰে৷ ইয়াৰ বাহিৰেও ৮৮৭৬০৪৩৪৫২, ৯৯৫৪৪৮৭২৫৩ নম্বৰত যোগাযোগ কৰিব পাৰি