সুখবৰঃ দেশৰ ভিতৰতে COVID-19 টেষ্টত আগুৱাই আছে অসমে; বৰ্তমানলৈকে হৈছে ইমানটা টেষ্ট
নিয়মীয়া বাৰ্তা, ২৪ মে’: দেশৰ ভিতৰতে সকলোতকৈ অধিক COVID-19 টেষ্ট কৰা ৰাজ্য ৰূপে বিবেচিত হৈছে অসম । ২৩ মে’ লৈকে অসমত ৫৫,৮৬২ টা টেষ্ট সম্পূৰ্ণ হৈছে । চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট উন্নত ৰাজ্য ৰূপে পৰিচিত কেৰালতকৈ বেছি টেষ্ট সম্পন্ন কৰিছে অসমে । কেৰালাত ৫২,৭৭১ টা টেষ্ট হোৱাৰ বিপৰীতে অসমত হৈছে ৫৫,৮৬২ টা টেষ্ট ।
যাৰ বাবে কেৰালাতকৈ আগুৱাই আছে অসমে ।
উল্লেখ্য যে অসমৰ ৬ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ লগতে লাহোৱালৰ আইচিএমআৰ প্ৰতিদিনেই চলিছে ক’ভিড টেষ্ট ।
আজি এই কথা প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
Our #COVID19 test break-up, as on May 23, 2020 is as follows:
JMCH – 6334
SMCH – 5140
GMCH – 15807
AMCH – 2502
TMCH – 6716
FAAMCH – 12096
RMRC – 7267@nhm_assam— Himanta Biswa Sarma (@himantabiswa) May 24, 2020