ছয়গাঁৱৰ শিংখাট পথত কলহী নৈৰ গৰাখহনীয়া
নিয়মীয়া বাৰ্তা, ছয়গাঁও, ২৩ মে : যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়ি আহিছে ছয়গাঁৱৰ কলহী নৈ ৷ আনহাতে এই বাঢ়নী পানীৰ প্ৰকোপৰ লগতে ছয়গাঁৱৰ মাজমজিয়াত আৰম্ভ হৈছে কলহী নৈৰ তীব্ৰ গৰাখহনীয়া ৷ এই খহনীয়াৰ ফলত ছয়গাঁৱৰ শিৱমন্দিৰৰ ওচৰৰে শিংখাটলৈ যোৱা পথটোৰ একাংশ নৈৰ বুকুত জাহ যায় ৷ এই পথটোৰ মাজত ফাট মেলিছে যাৰ ফলত যিকোনো মুহূৰ্ততে পথটো খহি যাব ।
উল্লেখযোগ্য যে পথটোৰ উক্ত অঞ্চলত এম জি এনৰেগা আঁচনিৰ ওচৰত ২০১৭/১৮ বৰ্ষত ৪৯ লাখ টকা ব্যয় সাপেক্ষে জিঅ’ বেগ প্ৰযুক্তিৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰা হৈছিল ৷ কিন্ত খহনীয়া প্ৰতিৰোধৰ কামত কিছু অনিয়ম হোৱাৰ বাবেই পথটোত এনেদৰে গৰাখহনীয়া হয় বুলি ৰাইজে অভিযোগ কৰিছে ৷ আনহাতে এই গৰাখহনীয়াৰ ওচৰতে থকা ৰাজহুৱা শ্মাশানখনৰ লগতে কেইবাটাও পৰিয়াললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ এই পথ খহী নৈত বিলিন হৈ গলে বহু লোক নানা সমস্যাৰ সন্মুখীন হ’ব পাৰে । এনেদৰে গৰাখহনীয়া অব্যাহত থাকিলে পথটোৰে চলাচল একেবাৰে বন্ধ হৈ পৰিব ৷