নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ তিনিখন থানাৰ পৰা নিয়ন্ত্রিত হয় কয়লা ছিণ্ডিকেটৰ নেটৱর্ক

নিয়মীয়া বাৰ্তা, ২৩ মেঃ  অসমত কয়লাৰ ক’লা বেহাই কিমান বিশাল ৰূপ ধাৰণ কৰিছে আৰু কয়লাক কেন্দ্র কৰি গঢ়ি উঠা ছিণ্ডিকেট কিমান গভীৰলৈ শিপাই আছে, সেই সকলো তথ্যই এতিয়া লাহে লাহে পোহৰলৈ আহিব ধৰিছে৷ ‘নিয়মীয়া বার্তা’ত বৃহস্পতিবাৰে তিনিচুকীয়াৰ অবৈধ কয়লাক লৈ চলি থকা ছিণ্ডিকেট সন্দর্ভত সবিশেষ বাতৰি প্রকাশ পোৱাৰ পিছতে শাসকীয় দলৰ বৰঘৰতো কঁপনি উঠিছে৷ কিয়নো এই ছিণ্ডিকেটত প্রত্যক্ষভাৱে সাঙোৰ খাই পৰিছে দলটোৰ দুগৰাকী বিধায়কৰ নাম৷

উজনি অসমৰ দুই বিধায়কৰ পৃষ্ঠপোষকতাতে যে অসমত কয়লা ছিণ্ডিকেটৰ নতুন অধ্যায় আৰম্ভ হৈছে, সেই কথা ক্রমাৎ স্পষ্ট হৈ পৰিছে৷ কিন্তু এতিয়া উত্থাপন হোৱা মূল প্রশ্ণটো হৈছে, কেৱল এই দুই বিধায়কৰ জৰিয়তেই এই বিশাল ছিণ্ডিকেট নিয়ন্ত্রণ হৈ আছেনে? নে আন কোনোবা ডাঙৰ মানুহো কয়লাৰ ক’লা কাৰবাৰৰ লগত জডিত হৈ আছে? এই প্রশ্ণৰ উত্তৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে কেইদিনমান পূর্বে দিয়া এটা ইংগিতৰ পৰাই স্পষ্ট হৈ পৰিছে৷

বিধায়ক শিলাদিত্যই কিছুদিন পূর্বে এখন সংবাদ মেলত দলীয় নেতৃত্বৰ বিৰুদ্ধে মুকলি ক্ষোভ প্রকাশ কৰিছিল৷ নিজ বাসগৃহত সংবাদ মেল সম্বোধন কৰি তেওঁ পৰোক্ষভাৱে বিজেপিৰ এজন ৰাজ্যিক সমিতিৰ বিষয়ববীয়ালৈ অভিযোগৰ আঙুলি টোঁৱাইছিল৷ বিধায়কগৰাকীৰ স্পষ্ট অভিযোগ আছিল যে কাণ্ডত মোনা লোৱা এইগৰাকী বিষয়ববীয়াই গুৱাহাটীত বহি ফোনকলৰ জৰিয়তে আৰক্ষী প্রশাসন নিয়ন্ত্রণ কৰিছে৷ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকো এইগৰাকী বিষয়ববীয়াই গুৱাহাটীৰ পৰাই মুকলি কৰি দিয়া নির্দেশ দিয়ে৷ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ এই অভিযোগৰ পিছত এতিয়া বিজেপি অভ্যন্তৰত কাণ্ডত মোনা লোৱা বিষয়ববীয়াগৰাকী সন্দর্ভত ব্যাপক চর্চা চলিছে৷

জানিব পৰা মতে, এই বিষয়ববীয়াজন বর্তমান দলটোৰ এটা অতি গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰি আছে৷ একেজন ব্যক্তিয়েই উজনিৰ বিধায়কৰ পৃষ্ঠপোষকতাত চলি থকা কয়লা ছিণ্ডিকেটতো সাৰপানী যোগান ধৰাৰ অভিযোগ উঠিছে৷ শাসকীয় দলটোৰ অভিভাৱক সংগঠনতো বিশেষ প্রভাৱ থকা নেতাগৰাকীৰ আশীর্বাদ থকাৰ বাবেই ছিণ্ডিকেট বাহিনীক আন আৰক্ষী বা প্রশাসনৰ সহায়ৰ দৰকাৰ হোৱা নাই৷ গুৱাহাটী মহানগৰীৰ তিনিখন থানাত সামান্য বৰঙণি দিয়েই তেওঁলোকে ছিণ্ডিকেট চলোৱাৰ সকলো পথ প্রশস্ত কৰি লৈছে৷

কয়লা ছিণ্ডিকেট চক্রৰ লগত মহানগৰীৰ যোৰাবাট আৰক্ষী চকীৰ লগতে বশিষ্ঠ আৰু জালুকবাৰী থানাই পোনপটীয়া সম্পর্ক ৰক্ষা কৰি আহিছে৷

শীর্ষ বিষয়াক সম্পূর্ণ আণ্ডাৰত ৰাখি এই তিনি স্থানৰ পৰাই নিয়ন্ত্রণ কৰা হৈছে ছিণ্ডিকেটৰ বিশাল নেটৱর্ক৷ ইয়াতেই সম্পন্ন হয় সকলো হিচাপ–নিকাচো৷ যিহেতু এজন বিয়াগোম নেতাৰ সহযোগিতাতেই সকলো কাৰবাৰ চলি আছে, সেইবাবেই ছিণ্ডিকেট বাহিনীয়ে আৰক্ষী–প্রশাসনৰ ওপৰ মহল বা সংবাদ মাধ্যমৰ বাতৰিলৈও কর্ণপাত কৰাৰ প্রয়োজনবোধ কৰা নাই৷ ক’ৰবাত কিবা আহুকালৰ সন্মুখীন হ’লেই উক্ত নেতাগৰাকীয়ে ফোনৰ মাধ্যমেৰে সকলো বিঘিনি দূৰ কৰি দিয়ে৷ ইফালে, আন আন দল–সংগঠনক মেনেজ কৰাৰ দায়িত্ব দিয়া হৈছে চৰকাৰৰ এটা দায়িত্বশীল পদত কার্যনির্বাহ কৰি থকা এজন যুৱ নেতাক৷ এইগৰাকী যুৱ নেতাৰ এতিয়াও সংগঠনসমূহৰ নেতৃত্বৰে সু–সম্পর্ক আছে৷ এই সুবাদতে তেওঁৰ জৰিয়তে ছিণ্ডিকেটত সংগৃহীত ধনৰ এটা অংশ ব্যয় কৰা হয় সংগঠনসমূহৰ নামত৷ আনকি ‘কা’ আন্দোলনত জডিত নেতাকো কয়লা ছিণ্ডিকেটৰ ধনেৰেই মেনেজ কৰাৰ প্রক্রিয়া বর্তমানেও অব্যাহত আছে৷ একে সময়তে কয়লা ছিণ্ডিকেটৰ ধনৰ আন এটা ভাগ নিয়মীয়াকৈ লাভ কৰি আছে দলটোৰ আন এজন নেতাই৷ কিয়নো এই সমস্ত কয়লা ছিণ্ডিকেটৰ মূল অভিকেন্দ্রৰ লগত তেওঁৰ বহু পুৰণি সম্পর্ক আছে৷

স্বাভাৱিকতে তিনিচুকীয়া জিলাত চলি থকা কয়লাৰ চোৰাং খনন আৰু অবৈধ সৰবৰাহৰ সকলো তলা নলা তেওঁ ভালদৰেই জানে৷ গতিকে এইগৰাকী নেতাই মুখ খুলিলেই জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়৷ অনাহক বিপদ চপাই লোৱাতকৈ তেওঁক নির্দিষ্ট কিস্তি এটা আদায় দিয়াৰ বন্দৱস্তি কৰিয়েই মুখ বন্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু কেৱল নেতা বা আৰক্ষীৰ জৰিয়তেই কয়লাৰ ছিণ্ডিকেট চলাই ৰখাটো সম্ভৱ নহয়৷ ইয়াৰ বাবে প্রয়োজন হয় গুণ্ডা বাহিনীৰ৷ ভয়–ভাবুকিৰে কয়লা পৰিবাহী ড্রাকৰ পৰা ধন সংগ্রহ কৰাৰ কামত নিয়োজিত কৰা হৈছে দটা পৃথক গুণ্ডা বাহিনী৷ গুৱাহাটীৰ বেলতলাত এই কাম নিয়মীয়াকৈ চলি আছে নীলু–ভীমু–ৰাজদীপ আৰু প্রণৱৰ নেতৃত্বত৷ এই দলটোৱে লকডাউনৰ সময়ছোৱাত কেইবাগৰাকীও বিধায়কৰ জৰিয়তে অসমৰ বিভিন্ন স্থানত সাহায্য সামগ্রী বিতৰণ কৰি সমাজসেৱকৰ বেশো পৰিধান কৰাৰ চেষ্টা চলালে৷ কিন্তু মৰাৰ পাখি গুঁজি কাউৰীয়ে ময়ূৰৰ ভেশচন ল’ব যোৱাৰ দৰে ছিণ্ডিকেটৰ কাণ্ডাৰীকেইজনৰ কু–কর্মও বেছিদিন লুকাই নাথাকিল৷ সকলো ফাদিল হোৱাৰ পিছত বাল্মিকী ৰূপী ৰত্নাকৰকেইজন কেতিয়া আৰক্ষীৰ জালত পৰে, সেয়া অসম আৰক্ষীৰ বাবে নিজৰ অস্তিত্ব প্রদর্শনৰ বিষয় হৈ পৰিছে৷

ইফালে, কয়লা ছিণ্ডিকেটৰ লগত বৰপেটাৰ মোজাম্মিল নামৰ এজন কুখ্যাত লোকৰ নাম বাৰে বাৰে উচ্চাৰিত হোৱাৰ পিছতো কাৰ কথা মতে আৰক্ষীয়ে তেওঁক ৰক্ষণাবেক্ষণ দি গৈছে, সেয়াও এক নুবুজা সাঁথৰ হৈ পৰিছে৷ আনহাতে যোৱা সপ্তাহত মহানগৰীত সান্ধ্য আইনৰ মাজতে এজন বিধায়কৰ দেহৰক্ষী আৰু এজন কয়লা ব্যৱসায়ীৰ গাড়ীত ৰহস্যজনভাৱে ১৭ লাখ টকা জব্দ হোৱা ঘটনা আৰু বিধায়ক শিলাদিত্য দেৱে কান্ধত মোনা লোৱা শাসকীয় নেতাৰ বিৰুদ্ধে তোলা গুৰুতৰ অভিযোগে উন্মোচিত কৰিছে যে আচলতে কাৰ বগা চোলাত কয়লাৰ ক’লা দাগ লাগিছে৷ কয়লা ছিণ্ডিকেটৰ অন্তৰালৰ সকলো কাহিনী ফাদিল হোৱাৰ পিছত চৰকাৰৰ প্রতিক্রিয়া এতিয়া লক্ষণীয় হ’ব৷

You might also like