লিভ–ইন সম্পর্কত চুক্তিপত্র ব্যৱস্থাৰ নির্দেশ হাইক’ৰ্টৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ এতিয়াৰে পৰা ‘লিভ–ইন সম্পর্ক’ৰ ক্ষেত্রত নির্দিষ্ট চুক্তি–পত্রৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে৷ চৰকাৰী প’র্টেলতো লিভ–ইন সম্পর্ক নথিবদ্ধ কৰা হ’ব৷ কালি এটা গোচৰত এই ৰায়দান কৰিছে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ তৰফৰ পৰা চুক্তি– পত্রৰ চর্তাৱলীৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ চৰকাৰক নির্দেশ দিয়া হৈছে৷ উল্লেখ কৰা হৈছে যে একেলগে বাস কৰা অবিবাহিত দম্পতীৰ মাজত সন্তান আছেনে নাই, সেই সমস্ত কথা চৰকাৰী প’র্টেলত নথিভুক্ত হ’ব লাগিব৷ নিৰাপত্তাসহ অন্যান্য বিষয়ত নজৰদাৰী চলোৱাৰ বাবে এনে ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলি ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে ৰায়দান কৰিছে৷ লক্ষণীয়ভাৱে চুক্তি–পত্রত একাধিক বিষয় উল্লেখ কৰিব লাগিব বুলিও ন্যায়ালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে৷