সুকন্যা : থলুৱা হস্তশিল্পৰে প্রতিষ্ঠিত কলিয়াবৰৰ অলিস্মিতা শইকীয়া
উৎপল কুমাৰ কলিতা
সকলোকে এটা প্রতিভাৰে নেদেখাজনে এই পৃথিৱীলৈ পঠিয়াইছে৷ গতিকে আমি প্রত্যেকেই নিজৰ মাজত সেই গুণ বিচাৰি নিজৰ কর্মৰে যদি উজলি থাকোঁ চাব জীৱনটোও ধুনীয়া হৈ পৰিব৷ জীৱনত সকলো কর্মতে কৃতকার্য বা সফল হ’বলৈ মানুহক এটা বস্তুৰ নিতান্তই প্রয়োজন৷ সেয়া হ’ল ‘সাধনা’৷ এই গভীৰ অনুভৱ লৈ আগবাঢ়িছে ছোৱালীজনী৷ নাম তেওঁৰ অলিস্মিতা শইকীয়া৷ কলিয়াবৰ কুঁৱৰীটোল লেটুগ্রাম সূত্রৰ সুশেন শইকীয়াৰ জীয়াৰী অলিস্মিতা আজি উজলি উঠিছে নিজৰ কর্মযজ্ঞৰে৷ গঢ়ি তুলিছে স্বাৱলম্বিতাৰ এক আদর্শ৷
শূন্যৰ পৰা শিখৰলৈ দুর্নিবাৰ যাত্রা কৰা অলিস্মিতাই ষষ্ঠ শ্রেণীত পঢ়ি থকা সময়তে হেৰুৱাইছিল মাতৃক৷ তাৰ পাছত পিতৃ সুশেন শইকীয়াই পিতৃ–মাতৃ উভয়ৰ দায়িত্ব লৈ ডাঙৰ কৰিছিল অলিস্মিতাক৷ তেনেকৈয়ে মাতৃহাৰা অলিস্মিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ উচ্চ শিক্ষা সমাপ্ত কৰাৰ পাছত অইনৰ দৰে চাকৰিৰ পাছে পাছে দৌৰাৰ সলনি অলিস্মিতাই নিজে কিবা এটা কৰাৰ বাবে মন মেলিলে৷ এই অনুসাৰে প্রথমতে তাঁতৰ পাতত কিবা এটা কৰাৰ বাবে আগবাঢ়িল৷ সেই সময়ত ঘৰত তাঁতশাল এখনো নাছিল৷ তেওঁ আনৰ ঘৰৰ পৰা তাঁতশালৰ সঁজুলি আনি কাপোৰ বোৱা আৰম্ভ কৰিলে৷
সেয়া আছিল ২০২০ চনৰ কথা৷ তেতিয়া ক’ভিড মহামাৰীয়ে স্তব্ধ কৰি পেলাইছিল চৌদিশ৷ সেই সময়ত অলিস্মিতাৰ তাঁতৰ কাষতে পিতৃয়ে বাঁহৰ কাঠী তুলি কিবাকিবি তৈয়াৰ কৰি থাকে৷ সেয়াই আছিল অলিস্মিতাৰ প্রেৰণা৷ অলিস্মিতাই ধাৰণা কৰিছিল বাঁহশিল্পক যদি বাণিজ্যিক ৰূপ দিব পাৰি, তেন্তে স্বাৱলম্বিতাৰ এক ক্ষেত্র তৈয়াৰ কৰিব পাৰি৷ এইক্ষেত্রত অলিস্মিতাই কয়– ‘বাঁহ হ’ল অসমৰ জাতীয় সম্পদ৷ সম্প্রতি ঘৰুৱা ব্যৱহাৰত বাঁহৰ কাম কমি আহিছে যদিও ইয়াৰ নতুন নতুন বাণিজ্যিক দিশ মুকলি হৈছে৷ অসমৰ বাহিৰতো বাঁহৰ বিভিন্ন সামগ্রীৰ চাহিদা বাঢ়িছে৷ এনে পৰিপ্রেক্ষিততে মই ম’বাইলত চাই চায়েই দেউতাৰ সৈতে বাঁহেৰে কিবা কৰিব পাৰি নেকি তাক চাইছিলোঁ আৰু সফলো হৈছিলোঁ৷ ইয়াৰ পাছত আৰু অলিস্মিতাই পিছলৈ ঘূৰি চোৱা নাই৷ বাঁহেৰে বিভিন্ন অলংকাৰ প্রথমতে প্রস্তুত কৰিব আৰম্ভ কৰি পিছলৈ বাঁহৰ ট্রে, কাপ, চামুচ, গৃহসজ্জাৰ বিভিন্ন সামগ্রী প্রস্তুত কৰিব ধৰিলে৷ কম সময়তে এই সামগ্রীবোৰে বজাৰ দখল কৰিলে৷ এই সংক্রান্তত অলিস্মিতাই কয়– মই ভবাই নাছিলোঁ যে বাঁহৰ পৰা নির্মিত সামগ্রীবোৰে ক্রেতাৰ পৰা ইমান সমাদৰ লাভ কৰিব৷ দেউতাৰ সহায় আৰু সহযোগত যিবোৰ সামগ্রী তৈয়াৰ কৰিছিলোঁ সেইবোৰ নিমিষতে শেষ হৈ গৈছিল৷ চাহিদা অনুসৰি প্রথমতে সামগ্রী যোগান ধৰিব পৰা নাছিলোঁ৷’ ইতিমধ্যে বাঁহৰ অলংকাৰ নির্মাণৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকর্ডতো নিজৰ নাম সন্নিৱিষ্ট কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল অলিস্মিতাই৷ এই সফলতাৰ পাছত অলিস্মিতাই প্রতিষ্ঠানিকভাৱে কর্মজীৱন আৰম্ভ কৰে আৰু জন্ম দিয়ে ‘উর্মিকা দ্য এথেনটিক হাব’৷ এই উর্মিকা বেণ্ডৰ জৰিয়তে বর্তমান তেওঁ বাঁহৰ সামগ্রীবোৰ বিক্রী কৰি আছে৷ বিশেষকৈ অনলাইন মাধ্যমেৰে অসমৰ লগতে বহিঃৰাজ্যৰ পৰা প্রতিদিনে উর্মিকা বেণ্ডৰ বিভিন্ন সামগ্রী বিচাৰি অর্ডাৰ আহে৷
অলিস্মিতাই বাঁহৰ কর্মৰ লগতে হস্ততাঁত বস্ত্র উৎপাদন ক্ষেত্রখনতো নিজৰ খোপনি পুতিবলৈ সক্ষম হৈছে৷ প্রথমতে আনৰ পৰা তাঁতৰ সঁজুলি আনি কাপোৰ উৎপাদন কৰা অলিস্মিতাই তাৰ পৰা পোৱা উপার্জনেৰে প্রথমে এখন তাঁতশাল ক্রয় কৰে৷ এনেকৈ এখন–দুখনকৈ শালৰ সংখ্যা বঢ়াই গৈ অলিস্মিতাই নিজ ঘৰতে এটি ক্ষুদ্র হস্ততাঁত আৰু বস্ত্র উদ্যোগৰ প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ লাহে লাহে তাঁতত বোৱা কাপোৰৰ বজাৰো তেওঁ দখল কৰিবলৈ সক্ষম হয়৷ এই বস্ত্র উদ্যোগৰ যাত্রা সম্পর্কত অলিস্মিতাই কয়– ‘বর্তমান সময়ত আমাৰ নৱপ্রজন্মৰ মাজত তাঁতশালখনৰ গুৰুত্ব কমি আহিছে৷ আগতে ঘৰে ঘৰে তাঁতশাল আছিল, কিন্তু এতিয়া কমি আহিছে৷ কিন্তু আমাৰ থলুৱা হস্ততাঁত বস্ত্রশিল্প ইমান চহকী, আমাৰ তাঁতৰ পাততে স্বাৱলম্বনৰ বাট লুকাই আছে৷ সেয়ে মই বাঁহৰ কামৰ লগতে হস্ততাঁত বস্ত্রশিল্পৰে নিজে আগবাঢ়ি যোৱাৰ লগতে নৱপ্রজন্মৰ অইন যুৱতীসকলকো আগুৱাই নিবলৈ আমাৰ বস্ত্র সংস্কৃতি জীয়াই ৰখাৰ বাবে কাম কৰি আছোঁ৷ অলিস্মিতাই কেইবাগৰাকী শিক্ষিত যুৱতীক বস্ত্রশিল্পৰ বিনামূলীয়া প্রশিক্ষণৰ ব্যৱস্থা কৰি দিছে৷ এই বিনামূলীয়া প্রশিক্ষণৰ অন্তত কিছুমানে নিজাববীয়াকৈ বস্ত্র উৎপাদনত জড়িত হৈ পৰিছে আৰু কিছুমানে অলিস্মিতাৰ উর্মিকাত অলিস্মিতাৰ সহযোগী হিচাপে কাম কৰি আছে৷ অলিস্মিতাই তেওঁৰ প্রতিষ্ঠানৰ পৰা চাদৰ–মেখেলা, গামোচা, ব্লাউজ, কইনাৰ সম্পূর্ণ সাজপাৰ, কুর্তি, চুৰিদাৰ, ফ্রক আদি তৈয়াৰ কৰাৰ লগতে তাঁতশালতে পুৰুষৰ ছার্ট, পাঞ্জাবী কুর্তা আদি তৈয়াৰ কৰি আহিছে৷ এই কাপোৰসমূহ এশ শতাংশই তাঁতত বোৱা আৰু তাঁততে ফুল তোলা হয়৷ কাপোৰবোৰৰ নিজে ডিজাইনো কৰিছে অলিস্মিতাই৷ ছ’চিয়েল মিডিয়াত উৎপাদিত কাপোৰৰ প্রচাৰ চলাই অনলাইন অর্ডাৰ লৈ কুৰিয়াৰযোগে প্রেৰণ কৰি আহিছে অলিস্মিতাই৷ আনহাতে অলিস্মিতাই উৎপাদিত কাপোৰবোৰ প্রেৰণৰ বাবে কেৰীবেগৰ সলনি বাঁহৰ চুঙা, বাঁহৰ সজা আদি ব্যৱহাৰ কৰে৷
অসমৰ থলুৱা হস্তশিল্পৰে নিজৰ লগতে আন কেইবাজনকো স্বাৱলম্বী কৰি তোলা অলিস্মিতাৰ মতে ‘অসমৰ থলুৱা হস্তশিল্প সেয়া বাঁহৰ সামগ্রীয়ে হওক কিম্বা তাঁতৰ কাপোৰেৰে হওক, ভাল বজাৰ আজিও আছে৷ মাত্র যুগৰ সৈতে খাপ খুৱাই সেইবোৰক আকর্ষণীয় ৰূপত ক্রেতাৰ মাজলৈ লৈ যাব পাৰিব লাগিব৷ আনহাতে, এনে হস্তশিল্পজাত সামগ্রীৰ অসমৰ বাহিৰতো এখন ভাল বজাৰ আছে৷ বাণিজ্যত স্নাতকোত্তৰ হৈও চাকৰি নিবিচাৰি এইদৰে থলুৱা শিল্পকর্মক জীৱন–জীৱিকা হিচাপে লৈ আগবঢ়া সম্পর্কত অলিস্মিতাৰ ভাষ্য– ‘উচ্চ শিক্ষা মানে চাকৰি নহয়৷ নিজে যিটো কৰি সুখ পোৱা যায় মানুহে সেইটো কাম কৰিব লাগে৷ বহুতে মোক ইমান পঢ়ি–শুনি তই এইবোৰহে কৰিলিনে৷ তেতিয়া মই কওঁ মই এই কামতে সুখী৷ ইয়াৰ জৰিয়তে মই দহজনক চাকৰি বা কর্মসংস্থাপন দিব পাৰিছোঁ৷ গতিকে ইয়াতকৈ ডাঙৰ কথা কি হ’ব পাৰে৷ ইয়াৰ পৰা আমি সংস্থাপিত হৈছোঁ আৰু থলুৱা হস্তশিল্প ৰক্ষা কৰি জাতীয় দায়িত্বও পালন কৰিব পাৰিছোঁ৷ ইয়াতকৈ আমাক কি লাগে৷’ আনহাতে, শেষত নৱপ্রজন্মলৈ এক ইতিবাচক আহ্বানেৰে অলিস্মিতাই কয়– নিজকে নিবনুৱা বুলি নাভাবিব, আমাৰ কৰণীয় বহুত আছে৷ কেৱল কর্ম কৰক আৰু কষ্ট কৰি সুখত থাকক৷ আমাৰ প্রতিটো কর্মই নৱপ্রজন্মক ন–চিন্তাৰে আগুৱাই নিয়াৰ ক্ষেত্রত নতুন বীজ সিঁচক৷ মোৰ জাতি, মোৰ দেশে ন–উদ্যমেৰে নতুন প্রভাত সৃষ্টি কৰক৷ মোৰ দেশৰ প্রতিজন নাগৰিক স্বাৱলম্বী হ’বলৈ নিজৰ কৌশলক আহিলা হিচাপে লৈ কর্ম কৰক৷
ফোন ৯৩৯৪৯–২২৫২৭