নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : অসমৰ ঐতিহ্য আঠখেলীয়া নামঘৰ

মৃগেন শর্মা

আঠখেলীয়া নামঘৰ অসমৰ প্রসিদ্ধ নামঘৰবোৰৰ ভিতৰত এটা৷ আঠখেলীয়া নামঘৰৰ চৌহদত নামঘৰৰ উপৰি এটা সভাগৃহ, কার্যালয়, পুথিভঁৰাল, অতিথিশালা আৰু এটা পুখুৰী আছে৷ শান্তনু কৌশিক বৰুৱাৰ ‘বিশ্ব ইতিহাস’ গ্রন্থত আছে ‘গোলাঘাট নগৰৰ পৰা ২০ কিলোমিটাৰ দক্ষিণ–পূবে কাকডোঙা নৈৰ পৰাত অৱস্থিত অসমৰ এটা প্রাচীন আৰু প্রসিদ্ধ নামঘৰ আঠখেলীয়া নামঘৰ৷’ এই নামঘৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত৷ ঐতিহ্যমণ্ডিত এই নামঘৰ কেতিয়া, কেনেকৈ নির্মাণ হৈছিল তাৰ কোনো সঠিক তথ্য পোৱা নাযায়৷ জনশ্রুতি অনুসৰি পূর্বতে এই নামঘৰ থকা ঠাইত এজন অজ্ঞাত কুলশীল সাধুৰ আশ্রম আছিল৷ সেই সময়ত জনবসতি আছিল নিচেই সেৰেঙা, বাট–পথো আছিল দুর্গম৷ অটব্য অৰণ্য আৰু হিংস্র জীৱ–জন্তুৰে পৰিপূর্ণ এই স্থানতে সাধুগৰাকীয়ে আশ্রম পাতি বাস কৰিছিল৷ সেয়া আছিল সপ্তদশ শতিকাৰ শেষভাগৰ কথা৷ সেই সময়ত আহোম সাম্রাজ্যত চলিছিল ঘোৰ সংকট৷ ক্ষমতালোভী আৰু স্বার্থপৰ ৰাজবিষয়া লালুকসোলা বৰফুকনৰ প্রৰোচনাত ল’ৰাৰজাই ৰাজ সিংহাসন নিষ্কণ্টক কৰিবলৈ ৰজা হ’ব পৰা সকলো ফৈদৰ আহোম ৰাজকোঁৱৰৰে হয় অংগক্ষত কৰিছিল, নহয় বধ কৰি সন্ত্রাস চলাইছিল৷ লালুকসোলাৰ সেই সন্ত্রাসৰ পৰা সাৰিবলৈ তুংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ গদাপাণিয়ে ছদ্মবেশ ধাৰণ কৰি পলায়ন কৰে৷ বিভিন্ন ঠাইত ঘূৰি–পকি গদাপাণি আহি এই দুর্গম স্থান পায়৷ জনশ্রুতি অনুসৰি গদাপাণিক বিচাৰি ল’ৰাৰজাৰ চাউদাঙো হেনো এইখিনি ঠাই পায়৷ কিন্তু চাৰিওপিনে গভীৰ অৰণ্য আৰু আশ্রমলৈ সোমোৱা বাটত ডাঠ মকৰাজাল দেখি তাত কোনো নাথাকে বুলি চাউদাংবোৰ উভতি যায়৷ আশ্রমৰ সাধুৰ সান্নিধ্যৰ বাবেহে এই নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল বুলি গদাপাণিৰ বিশ্বাস হয় আৰু সাধুক প্রণিপাত কৰি সেই ঠাই ত্যাগ কৰে৷

ইয়াৰ পাছত ১৬৮১ চনত গদাপাণি আহোম ৰাজপাটত উঠে৷ সিংহাসনত উঠাৰ পাছত গদাপাণিয়ে গদাধৰ সিংহ নাম লয়৷ তেওঁ পুনৰ সেই আশ্রমলৈ আহে যদিও সেই সাধুগৰাকীৰ কোনো সম্ভেদ নাপাই আঠটা নির্বাচিত পৰিয়ালক তেওঁ আশ্রমখনৰ ৰক্ষণাবেক্ষণ আৰু প্রতিপালনৰ দায়িত্ব দিয়ে৷ কালচক্রত এই আঠটা পৰিয়ালৰ বংশবৃদ্ধি হৈ একো একোটা কুৰিত (চুবুৰি) পৰিণত হয়৷ এই আঠটা কুৰিৰ সমষ্টিয়ে আঠকুৰিয়া আৰু পিছলৈ আঠখেলীয়া হয়৷ এই নামঘৰ আঠটা কুৰি বা খেলৰ দ্বাৰা গঠিত৷ এই আঠটা কুৰি বা খেল হৈছেবচাকুৰি, বৈৰাগীকুৰি, ব্রাহ্মণকুৰি, নাঙলকুৰি, শলালকুৰি, কছাৰীকুৰি, বৰাহীকুৰি আৰু কাকতিকুৰি৷ এই কুৰি বা খেলসমূহৰ বর্ণনা তলত দিয়া হ’ল–

বচাকুৰি–ৰজাই বিভিন্ন কামৰ বাবে এইখেলৰ লোকসকলক নিযুক্তি দিছিল৷
বৈৰাগীকুৰি– এইখেলৰ লোকসকলক অন্যান্য ৰাজ্য বা বিদেশৰ ৰজালৈ বার্তা পঠিয়াবলৈ ৰজাৰ দূত হিচাপে নিযুক্তি দিয়া হৈছিল৷
বাহ্মণকুৰি– ধর্মীয় কাম–কাজৰ বাবে আহোম ৰজাসকলে দেশৰ বিভিন্ন ঠাইৰ পৰা ব্রাহ্মণ আনিছিল৷ কিছুসংখ্যক ব্রাহ্মণৰ লগতে আন আন লোকো এই খেলৰ অন্তর্গত আছিল৷
নাঙলকুৰি– এই খেলৰ লোকসকল খেতিৰ লগত জডিত কাম–কাজসমূহৰ দায়িত্বত আছিল৷
শলালকুৰি– শলাল মানে জ্ঞানী৷ তেওঁলোকে গাঁৱৰ লোকসকলক পৰিচালনা কৰিছিল৷ তেওঁলোকৰ পৰিয়াল আৰু বংশধৰসমূহ লগ লাগি এই খেল সৃষ্টি কৰে৷
কছাৰীকুৰি– কছাৰী এজন মানুহৰ নাম আছিল৷ তেওঁৰ নামতে এইখেলৰ উৎপত্তি হয়৷
বৰাহীকুৰি– বৰাহী জনগোষ্ঠীৰ লোকসকল এই খেলৰ অন্তর্গত আছিল৷ পৰৱর্তী কালত তেওঁলোকে বৈষ্ণৱ ধর্ম গ্রহণ কৰে৷
কাকতিকুৰি– কাকতি হৈছে আহোম ৰজাই দিয়া এটা উপাধি৷ মাটিৰ লগত সম্পর্কীয় বিভিন্ন হিচাপ তেওঁলোকে চোৱাচিতা কৰিছিল৷ এই কাকতিসকল লগ লাগি এই খেল সৃষ্টি কৰে৷

আঠকুৰিয়াৰ দিনত আঠখেলীয়া এটা সাধাৰণ সৰু মন্দিৰহে আছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫৬ চনত আঠখেলীয়া হৰি মন্দিৰ পৰিচালনা সমিতি গঠন কৰা হয় আৰু সেই বছৰেই হৰি মন্দিৰৰ স্থায়ী ঘৰ নির্মিত হয়৷ ঊনবিংশ শতিকাৰ সপ্তম দশকৰ পৰা এই হৰি মন্দিৰে আঠখেলীয়া নামঘৰৰূপে প্রসিদ্ধি লাভ কৰে আৰু ক্রমে ই অসমৰ লগতে সমগ্র উত্তৰ–পূব ভাৰতৰ পৱিত্র তীর্থৰূপ পৰিগ্রহ কৰে৷ পৱিত্র অসম গ্রন্থত আছে ‘মহাপুৰুষ মাধৱদেৱ আৰু গদাপাণি কোঁৱৰ এই নামঘৰ প্রৱেশ কৰাৰ প্রবাদ চলি আহিছে৷ দিনে অনেক যাত্রীৰ সমাগম হয়৷’ সম্প্রতি আঠ বিঘা মাটিকালিৰ চৌহদৰ বাবে এই নামঘৰৰ নাম আঠখেলীয়া হয়৷ নামঘৰটোত নিতৌ চাৰি প্রসংগৰ নাম–কীর্তন–প্রার্থন্ কৰা হয়৷ প্রতিবছৰে ভাদ মাহত চৈধ্য প্রসংগৰ আর্হিৰে পালনাম মহোৎসৱৰ আয়োজন কৰা হয়৷

ফোনঃ ৯৬৭৮১–৭৯৩৪৬

You might also like