নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যাত ৰেচিপি

পম্পী শর্মা খাউণ্ড

বেচনৰ লাড়ু

উপকৰণঃ
বেচন একাপ
চেনিৰ গুড়ি আধা কাপ
চুজি ২ টেবুল চামুচ
ঘি ১/৩ কাপ
কাঠবাদাম ১৫/২০টামান
ইলাচি গুড়ি ১/৩ চাহ চামুচ
প্রণালীঃ
কাঠবাদামখিনি সৰু সৰু টুকুৰা কৰি ল’ব৷ কেৰাহীত ঘিখিনি গলিবলৈ দি তাতে বেচনখিনি দি লৰাহ দিব৷ তাৰ পিছত তাতে চুজিখিনি দি জুই কম কৰি প্রায় ১৫–২০ মিনিটমান সময় ভাজিব৷ বেচন আৰু ঘিৰ ধুনীয়া সুগন্ধি ওলাই কেৰাহীত বেচনৰ পৰা ঘি এৰিবলৈ ধৰিলে গেছৰ জুই নুমুৱাই দিব৷ এতিয়া বেচনখিনি কাঁহী এখনত ঢালি তাতে ইলাচিৰ গুড়ি আৰু গুড়ি চেনিখিনি দি ভালদৰে মিহলাব৷ বেচনখিনি লাড়ু বান্ধিব পৰাকৈ ঠাণ্ডা হ’লে তাতে ঘি এক টেবুল চামুচ দি ভালদৰে মিহলাহ বেচনৰ লাড়ুবোৰ এটা এটাকৈ বনাই যাব৷ লাড়ুখিনি বনাই হোৱাৰ পিছত পেষ্টাৰে সজোৱা হৈছে৷ আধা ঘণ্টামান সময়ৰ পিছত বেচনৰ লাড়ুখিনি ধুনীয়া টান হৈ পৰিব৷ বেচনৰ লাড়ু প্রস্তুত হৈ গৈছে৷ এতিয়া চাহৰ লগত পৰিৱেশন কৰক৷ এয়াৰ টাহট কনটেইনাৰত ভৰাহ কেইবাদিনো খাব পাৰিব৷

কালাকান্দ

উপকৰণ
গাখীৰ এক লিটাৰ
এক লিটাৰ গাখীৰৰ চানা
চেনি আধাকাপ
ইলাচি গুড়ি আধা চাহ চামুচ
কাঠবাদাম ৬–৭টা মান
প্রণালী
চানা বনাবৰ বাবে প্রথমতে মই এক লিটাৰ আমূল টাজা গাখীৰ ডতলাহ গেছৰ জুই নুমুৱাই দিছোঁ৷ তাৰ পিছত এক টেবুল চামুচ ভিনেগাৰ দি গাখীৰখিনি ফটাই অলপ সময় ৰাখিছোঁ৷ পাত্র এটাৰ ওপৰত ষ্টীলৰ চেকনি এখন ৰাখি ওপৰত কটন  কাপোৰ এখন পাৰি চানাখিনি ঢালি ভালদৰে খচি ধুই লৈছোঁ৷ তাৰ পিছত চানাখিনি কাপোৰখনেৰে বান্ধি চেকনিখনৰ ওপৰত ৰাখি পানী নিগৰাই লৈছোঁ৷ তাৰ পিছত কাপোৰৰ টোপোলাটোৰ পৰা চানাখিনি উলিয়াই প্লেট এখনত ৰাখি চামুচেৰে হেঁচি মিহি কৰি ল’ব লাগিব৷ এতিয়া ননষ্টিক কেৰাহী এখন জুইৰ ওপৰত দি তাতে গাখীৰ এক লিটাৰ দি উতলিবলৈ দিব৷ মাজে মাজে লৰাই গাখীৰখিনি ডাঠ হোৱালৈকে উতলাব৷ গাখীৰখিনি উতলি আধা হৈ পৰিলে চানাখিনি গাখীৰখিনিৰ ওপৰত ঢালি ভালদৰে লৰাই থাকিব৷ চানা আৰু গাখীৰৰ মিশ্রণটো অলপ ডাঠ হৈ পৰিলে চেনিখিনি ঢালি ভালদৰে লৰাই থাকিব৷ গাখীৰ আৰু চানাৰ মিশ্রণটো শুকাই ডাঠ হোৱালৈকে লৰাই থাকিব লাগিব৷ মিশ্রণটো বেছি ডাঠ হোৱা যেন দেখিলে ইলাচিৰ গুড়িখিনি দি লৰাই দিব৷ চানা আৰু গাখীৰৰ মিশ্রণটো শুকাই কেৰাহীৰ পৰা এৰিবলৈ ধৰিলে গেছৰ জুই নুমুৱাই দিব৷ এতিয়া কেকটিন এটাত বাটাৰ পেপাৰ পাৰি তাতে চানা আৰু গাখীৰৰ মিশ্রণটো ঢালি হেতাৰে সমান কৰি দিব আৰু ওপৰত মিহিকে কুটি লোৱা কাঠ বাদামখিনি দি প্রায় চাৰি ঘণ্টামানৰ বাবে একাষে থৈ দিব৷ চাৰি ঘণ্টামান সময়ৰ পিছত কেকটিনটোৰ পৰা বাটাৰ পেপাৰখন লাহেকৈ ডলিয়াহ আনি টেবুলৰ ওপৰত ৰাখিব৷ দেখিব মিঠাহখিনি ধুনীয়াকে চেট্ হৈ টান হৈ পৰিছে আৰু কালাকান্দ মিঠাই প্রস্তুত হৈ গৈছে৷ এতিয়া ছুৰী এখনৰ সহায়ত একে জোখত কালাকান্দখিনি কাটি প্লেটত ৰাখি পৰিৱেশন কৰিব পাৰিব৷ ঘৰত প্রস্তুত কৰা এই মিঠাইবিধ হোটেলত বনোৱাৰ দৰেই খাবলৈ বৰ সোৱাদ হয়৷
ফোনঃ ৯৮৫৯৭–৬১৮১২
You might also like