নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ৰ ৰুণা ৰফিকৰ চাংসাৰিত স্বাৱলম্বনৰ সংগ্রাম

উৎপল কুমাৰ কলিতা

অসম মাংস উৎপাদনৰ অন্যতম লাভজনক উদ্যোগ হিচাপে চিহ্ণিত হৈছে৷ যদিও অসমত মাংসৰ যথেষ্ট চাহিদা আছে তাৰ পাছতো ৰাজ্যখনত মাংসৰ উৎপাদন আশাপ্রদ হৈ উঠা নাই৷ তাৰ অন্যতম কাৰণ হ’ল এই সম্ভাৱনাময় ক্ষেত্রখন দখলৰ বাবে অসমীয়া লোকৰ আগ্রহহীনতা৷ বিশেষকৈ ব্যৱসায়িক মাংস উৎপাদনৰ ক্ষেত্রত আজিও অসম পিছপৰি আছে৷ এনে সময়তে মাংস উৎপাদনক ব্যৱসায়িক ৰূপ দি ওলাই আহিছে এগৰাকী উদ্যমী মহিলা ৰুণা ৰফিক৷ অসমৰ প্রথম মুছলমান মহিলা গাহৰি পালক হিচাপে চিহ্ণিত ৰুণা ৰফিকে গাহৰিৰ লগতে জৈৱিক ব্রইলাৰ পালন, স্থানীয় কুকুৰা পালন, ছাগলী পালন, হাঁহ পালনেৰে গঢ়ি তুলিছে এখন পশুপালনৰ বিশাল ক্ষেত্র৷

ৰুণা ৰফিক ডিব্রুগড়ৰ জীয়ৰী৷ তেওঁ শিক্ষাগ্রহণ কৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু দিল্লীৰ ৰামজাস বিশ্ববিদ্যালয়ত৷ উচ্চ শিক্ষাগ্রহণ কৰি কিছু বছৰ তেওঁ এন আৰ চি এম আৰু সর্বশিক্ষা মিছনত উচ্চ পদবীত চাকৰি কৰে যদিও পৰৱর্তী সময়ত স্বাৱলম্বিতাৰ বাবে মন মেলে৷ ৰুণাৰ মতে, ‘ উদ্যোগৰ সৌন্দর্য হৈছে স্বাৱলম্বী, স্বাধীনতা৷ সেয়ে তেওঁ স্বাৱলম্বী হিচাপে কিবা এটা কৰাৰ মানসেৰে ২০১৯ চনত চাংসাৰিৰ সমীপৰ আলবৈত আঠ বিঘা মাটি লীজত লয়৷ ইয়াৰ সমান্তৰালভাৱে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জৰিয়তে এক পশুপালন সম্পর্কীয় প্রকল্প প্রস্তুত কৰি বেংকৰ পৰা ঋণ লয়৷

ইয়াৰ পাছত ৰুণাই এখন গাহৰি পাম প্রাৰম্ভিক পর্যায়ত আৰম্ভ কৰে৷ অৱশ্যে তেওঁ এই গাহৰি পামখন উন্নত জাতৰ গাহৰি পোৱালি উৎপাদনৰ বাবেহে কৰিছিল৷ পামখনত মতা–মাইকী মিলি পঞ্চাশটা গাহৰি ৰাখি তাৰ পৰা পোৱালি উৎপাদন কৰি সেইবোৰ গাহৰি পালকৰ মাজত বিক্রী কৰা হৈছিল৷ এগৰাকী মুছলমান মহিলা হৈও গাহৰি পালনৰ দৰে কামেৰে স্বাৱলম্বিতাৰ যাত্রা আৰম্ভ কৰা সন্দর্ভত ৰুণা ৰফিকে কয়–‘গাহৰিৰ মাংসৰ চাহিদা অসমত সর্বাধিক৷ অসমত ঘৰুৱাভাৱে বহু পৰিয়ালে গাহৰি পোহে যদিও গাহৰিৰ ব্যৱসায়িক পালন আজিও গা কৰি উঠা নাই৷ যিহেতু এইখন এখন সম্ভাৱনাময় বাণিজ্যিক ক্ষেত্র, সেয়ে ইয়াত ধর্মৰ কথা নাই৷ মই মোৰ পৰিয়াল আৰু অসমীয়া সমাজৰ পৰা ধর্মনিৰপেক্ষতা শিকিছোঁ আৰু সেই আদর্শৰে কামত আগবাঢ়িছোঁ৷ অৱশ্যে প্রথম অৱস্থাত তেওঁ যথেষ্ট সফল হৈছিল যদিও পৰৱর্তী সময়ত লকডাউনৰ বাবে কিছু সমস্যাত পৰে৷ আনহাতে ২০২২ চনত তেওঁৰ কেইবাটাও ডাঙৰ গাহৰি ৰোগাক্রান্ত হৈ মৃত্যুমুখত পৰে৷ অৱশ্যে তাৰ পাছতো তেওঁ হাৰ মনা নাই৷ পুনৰ নতুনকৈ গাহৰি আনি এতিয়া পর্যন্ত চলাই আছে গাহৰি ফার্মখন৷

আনহাতে তেওঁ গাহৰিৰ লগতে চলাই আছে জৈৱিক পদ্ধতিত ব্রইলাৰ ফার্ম৷ এই সম্পর্কত ৰুণা ৰফিকে কয়–‘ব্রইলাৰ মাংসৰ বাবে যিহেতু পোহা হয় সেয়ে ইয়াৰ মাংস সকলোৱে খাব পৰা হ’ব লাগে৷ ব্রইলাৰৰ মাংস উৎপাদনত প্রায়ভাগ ব্যৱসায়িক পালকে অত্যধিক এণ্টিবায়’টিক আৰু ৰাসায়নিক ঔষধ প্রয়োগ কৰে৷ যাৰ বাবে ব্রইলাৰৰ মাংস স্বাস্থ্যগতভাৱে খাদ্য অনুপযোগী হৈ পৰে৷ আজি বিভিন্ন উন্নত দেশত অর্গেনিক ব্রইলাৰ পালনত গুৰুত্ব দিয়া হৈছে৷ সেয়ে মই এই কামটো বাছি ল’লোঁ৷ ৰুণা ৰফিকে অসমত অর্গেনিক ব্রইলাৰ ফার্মৰ নতুন ধাৰণা এটা অসমত সৃষ্টি কৰি স্বাস্থ্যসন্মত ব্রইলাৰৰ মাংস গ্রাহকক ঘৰতে যোগানৰ ব্যৱস্থা কৰিছে৷ তেওঁ প্রকাশ কৰা অনুসৰি এনে মাংসৰ চাহিদা যথেষ্ট আছে৷ কোনোধৰণৰ এণ্টিবায়’টিক বা ৰাসায়নিক দ্রব্য ব্যৱহাৰ নকৰাকৈ ৰুণাই পৰীক্ষামূলক ব্রইলাৰ পালনত সফল হৈছে৷ ৪৫ দিনত তেওঁ দুই কিলোগ্রামকৈ এটা ব্রইলাৰত গড়ে ওজন লাভ কৰিছে, যিটো স্বাভাৱিক বর্ধন হিচাপে চিহ্ণিত হৈছে৷

ৰুণাই তেওঁৰ ফার্মত গাহৰি পালন, জৈৱিক ব্রইলাৰ পালনৰ লগতে স্থানীয় কুকুৰা, হাঁহ আৰু ছাগলী পালনো সমান্তৰালভাৱে চলাই আছে৷ ব্রইলাৰৰ বাবে মাকৈ, ছয়াবিন আদি ক্রয় কৰি নিজাকৈ বেছিভাগ দানা প্রস্তুত কৰে, ছাগলীৰ বাবেও ঘাঁহৰ খেতি কৰিছে৷ গাহৰিবোৰৰ বাবে স্থানীয় কৃষকৰ পৰা ধানৰ মল ক্রয় কৰাৰ লগতে ফার্মতে বিভিন্ন উদ্ভিদ ৰোপণ কৰিছে৷ আঠ বিঘা মাটিত সমন্বিতভাৱে গাহৰি, ব্রইলাৰ, হাঁহ, স্থানীয় কুকুৰা, ছাগলী পালন কৰি এতিয়া ৰাজ্যৰ অন্যতম স্বাৱলম্বী নাৰী হিচাপে পৰিচিত হৈ পৰিছে ৰুণা ৰফিক৷

তেওঁ মাংস যোগানৰ বাবে দুটা ব্রেণ্ডৰ সৃষ্টি কৰিছে৷ তেওঁৰ প্রথমটো ব্রেণ্ড ‘শৰাইঘাট ফার্ম’ৰ জৰিয়তে পোনপটীয়াভাৱে মাংস যোগান ধৰাৰ লগতে ‘ধোৱাচাং’ নামৰ ব্রেণ্ডৰ জৰিয়তে প্রচেছিং মাংস যোগান ধৰা হয়৷

উৎপাদন আৰু বজাৰ সম্পর্কত ৰুণা ৰফিকে প্রকাশ কৰা মতে, অসমত উৎপাদন আছে, কিন্তু বজাৰ উৎপাদকে নিজে ধৰিব পৰা নাই বা ধৰিবলৈ প্রয়াস নকৰে৷ যাৰ বাবে উৎপাদকে উচিত মূল্যৰ পৰা বঞ্চিত হয় আৰু লাভান্বিত হয় মধ্যভোগীসকল৷ সেয়ে আমাৰ উৎপাদকসকলে পোনপটীয়াভাৱে বজাৰ দখলৰ প্রয়াস কৰিব লাগে৷ ইয়াৰ বাবে প্রথম অৱস্থাত কিছু কষ্ট হ’লেও এবাৰ বজাৰত সোমাই ল’ব পাৰিলে সহজ হৈ পৰিব৷ তেতিয়াহে উৎপাদকসকল লাভান্বিত হ’ব৷ অসমৰ মহিলা স্বাৱলম্বনৰ ক্ষেত্রতো গুৰুত্ব দি তেওঁ ইতিমধ্যে আলবৈত থকা শৰাইঘাট ফার্মৰ চৌহদতে ‘শৰাইঘাট পাম প্রশিক্ষণ আৰু গৱেষণা প্রতিষ্ঠান’ নামৰ এটা প্রশিক্ষণ কেন্দ্র স্থাপন কৰিছে৷ এইক্ষেত্রত হাতে–কামে গাহৰি পালন, আর্গেনিক ব্রইলাৰ পালনৰ লগতে পশুপালনৰ বিভিন্ন দিশৰ প্রশিক্ষণ প্রদান কৰা হয়৷ ইতিমধ্যে ইয়াত প্রশিক্ষণ লৈ কেইবাগৰাকী উদ্যমীয়ে পশুপালন ক্ষেত্রখনত জড়িত হৈ স্বাৱলম্বিতা গঢ়িবলৈ সক্ষম হৈছে৷

ৰুণাই প্রকাশ কৰা অনুসৰি তেওঁ গ্রাম্য মহিলাসকলকো নিজৰ লগতে অর্থনৈতিকভাৱে শক্তিশালী কৰিব বিচাৰে আৰু যুৱপ্রজন্মক এক শক্তিশালী কৃষি আৰু পশুধন সংস্কৃতি বিকাশ কৰিবলৈ অনুপ্রাণিত কৰিব বিচাৰে৷ সেয়ে এই প্রশিক্ষণ কেন্দ্রটো স্থাপন কৰা হৈছে৷ তেওঁৰ মতে, অসম্ভৱ বুলি কোনো কথা জীৱনত নাথাকে যদি মনত কিবা এটা কৰাৰ হেঁপাহ থাকে, তেন্তে সেয়া বাস্তৱত ৰূপায়িত কৰিবলৈ অসুবিধা নাথাকে৷

ৰাজ্যৰ এগৰাকী উদ্যমী মহিলা হিচাপে পৰিচিত ৰুণাই কয়, অসমত যথেষ্ট মাটি আৰু পৰিৱেশ আছে, কিন্তু অসমত কষ্ট কৰা মানুহ কম৷ আমি কষ্ট কৰিবলৈ আগবাঢ়ি আহিব লাগিব৷ চাকৰিমুখী প্রৱণতা আৰু সহজে পোৱা ধনৰ আকর্ষণে জাতিটোক নিশকতীয়া কৰি নি আছে৷ আমাৰ প্রতিগৰাকী মহিলা, প্রতিজন যুৱক–যুৱতীয়ে সেয়ে মনত কাম কৰাৰ স্পৃহা জাগ্রত কৰি স্বাৱলম্বিতাৰ ক্ষেত্রখনলৈ আগুৱাই আহক৷’ এইদৰে বিভিন্ন বিভাগত উচ্চ পদবীত চাকৰি কৰিও শেষত নিজে স্বাৱলম্বী হোৱা আৰু আনকো স্বাৱলম্বী কৰিবলৈ চাকৰি এৰি স্বনির্ভৰশীলতাক আঁকোৱালি লোৱা ৰুণা ৰফিক আজি হৈ পৰিছে স্বাভিমান, স্বাৱলম্বিতাৰ প্রতীক৷

ফোন : ৯৩৯৪৯–২২৫২৭

You might also like