নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যাত গল্প : মায়াৱিনী মৰীচিকা…

নাচিমা য়াচমিন

: প্রিয়া, তই আকৌ এবাৰ ভাবি চা সকলো,

: ভাবি চাবলৈ কি আছে, মই ভাল পাওঁ তাক, এইয়াই যথেষ্ট নহয় জানো?

: নহয় যথেষ্ট, অকল তই ভাল পালেই হ’ব জানো? সি তোক ভাল পায়নে? আৰু সি কেনেকুৱা ল’ৰা, তই নিশ্চয় নজনা নহয়৷ ছোৱালীৰ ভাৱনাৰ লগত খেলি সি স্ফূর্তি পায়৷

: কিয় ভাল নাপাব আকৌ, সি মোক বহুত বেছি ভাল পায়৷ আৰু সি এতিয়া সলনি হৈ গৈছে৷ মোৰ বাহিৰে বেলেগ ছোৱালীৰ ফালে ঘূৰিও নাচায়৷

: তই কেনেকৈ জানিলি, সি তোক বহুত ভাল পায় বুলি? কুকুৰৰ নেজ কেতিয়াও চিধা নহয়, সেই কথা মনত ৰাখিবি৷

: কিয়? চবেই জানে সি মোক বহুত ভাল পায় বুলি৷

মোৰ কাৰণে সি ফাইট কৰা নাছিল নে…?

তোৰ সন্মুখতেই সকলো ঘটিছিল…

: হয়, তই ঠিকেই কৈছ, সি তোৰ কাৰণে ফাইট কৰিছিল৷ ল’ৰা এটাক ঘুচিয়াই নাকৰ পৰা তেজ ওলিয়াই দিছিল৷ আৰু ইমানতেই তই ভাবি ল’লি সি তোক ভাল পায়বুলি৷

: ৰাজে মোক আগতেই কৈছিল তই মোক হিংসা কৰ বুলি, আফ্টাৰ অল কলেজৰ আটাইতকৈ হেণ্ডচাম, পপুলাৰ ল’ৰাজন মোৰ বয় ফ্রেইণ্ড৷

হিংসা কৰিবিয়েই ন, তই নিজেও তাক প্র’পছ কৰিছিলি, কিন্তু সি পাত্তা দিয়া নাছিল৷ আৰু এতিয়া সি মোৰ বয় ফ্রেইণ্ড, জ্বলিবিয়েই ন৷

: তই মোক এইসাৰ কথা ক’ব পাৰিলি প্রিয়া? সৰুৰে পৰাই আমি দুয়ো বেষ্ট ফ্রেইণ্ডছ৷ বিপদে–আপদে আমি এজনীয়ে আনজনীৰ হাত কেতিয়াও এৰি দিয়া নাছিলোঁ৷ আমাৰ আঠ বছৰীয়া বন্ধুত্বও হাৰ মানি গ’ল তোৰ আঠদিনীয়া প্রেমৰ সম্পর্কৰ আগত, ইমানেই ঠুনুকা আছিল নে আমাৰ বন্ধুত্ব? এজন ল’ৰাৰ ভুল বুজনিত তই মোৰ কথাও বিশ্বাস নকৰা হ’লি, তাতোকৈ ডাঙৰ কথা যে অনুভৱে তোক বহুত বেছি ভাল পায়৷

কি কৰা নাই সি তোৰ কাৰণে? এটা বছৰে তই তাক নানান সপোন দেখুৱাই এতিয়া অইন কাৰোবাৰ প্রেমিকা কেনেকৈ হ’ব পাৰ’, তাক প্রতাৰণা কৰাটো তোৰ একেবাৰেই উচিত হোৱা নাই৷ সি বৰ সৰল মনৰ ল’ৰা, তোৰ হঠাৎ এই সলনি হোৱা স্বভাৱে তাৰ মনত বহুত আঘাত দিছে৷

: প্লিজ, নন্দিনী তোৰ লেকচাৰ বন্ধ কৰ, মোক জ্ঞান দিবলৈ নাহিবি, আজিৰে পৰা তই তোৰ ৰাস্তাত আৰু মই মোৰ ৰাস্তাত, আজিৰ পৰা আমাৰ বন্ধুত্ব শেষ৷

: প্রিয়া, তই কিন্তু বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছ, হাতৰ হীৰা দলিয়াই পিতলক আপোনাই আছ’৷

: হঁহুৱালি তই মোক, হীৰা, হাঁ হাঁ, ঠিক আছে, তোৰ চকুৰে দেখা হীৰাটুকুৰাক মই দলিয়াই দিলোঁ, তই বুটলি নলওঁ কিয়?

: হুম, ল’ম বুটলি, আৰু সদায় সযতনে নিজৰ লগতেই ৰাখিম৷

প্রিয়া আৰু নন্দিনী সৰুৰে পৰাই ভাল বান্ধৱী৷

স্নাতক ডিগ্রী গ্রহণ কৰিবলৈ দুয়ো চহৰৰ কলেজ এখনলৈ পঢ়িবলৈ যায়৷ কেইটামান মাহ যাব নৌপাওঁতেই প্রিয়াৰ গাত চহৰীয়া বতাহে কোবাই গ’ল৷ তাই গাঁৱৰ সেই সহজ–সৰল ছোৱালীজনী হৈ নাথাকিল৷ পঢ়া–শুনাৰ প্রতি মনোযোগ নোহোৱা হ’ল৷ এনেদৰেই এটা বছৰ উকলি যায়৷

ৰাজ, কলেজৰ ছোৱালীবোৰৰ ক্রাছ৷ লগতে ধনী বাপেকৰ একমাত্র পুত্র৷ দেউতাকৰ টকাৰ গৰমত সি বহুত বেছি অহংকাৰী হৈ পৰিছে৷ সকলোধৰণৰ বেয়া কাম কৰিবলৈ দুবাৰ ভাবি নাচায়৷ কলেজত সি নন্দিনীৰ প্রতি আকর্ষিত হৈছিল৷ কিন্তু নন্দিনীয়ে তাৰ নিচিনা ল’ৰাক একপ্রকাৰ ঘৃণা কৰে৷ নন্দিনীৰ ৰিজেকচন তাৰ কোনোমতেই হজম নহ’ল৷ তাইৰ ওপৰত প্রতিশোধ লোৱাৰ উদ্দেশ্যৰে সি প্রিয়াৰ কাষ চাপি আহিছে৷ প্রিয়াই ৰাজৰ বাহ্যিক ৰূপত ইমানেই মোহিত হৈ পৰিছে যে অনুভৱৰ সঁচা মৰমবোৰ তাইৰ আগত মূল্যহীন হৈ পৰে৷

প্রিয়াই অনুভৱৰ লগত অন্যায় কৰিছে, সেই কথা নন্দিনীয়ে তাইক বুজাই বুজাই আমনি পোৱা হৈ গৈছে, কিন্তু তাই ৰাজৰ পৰিকল্পনাত ইমানেই ডুবি আছে যে সকলো দেখিও অন্ধৰ দৰে আচৰণ কৰি আছে৷ বাৰে বাৰে প্রিয়াৰ পৰা অপমানিত হোৱাৰ পাছতো আজিও নন্দিনীয়ে তাইক বুজাবলৈ আহিছিল৷ কিন্তু আজি প্রিয়াই সকলো সীমা অতিক্রম কৰি দিছে৷ ল’ৰা এজনৰ কাৰণে ইমান বছৰৰ বন্ধুত্ব শেষ কৰি দিছে৷

ইমান বেছি কঠোৰতা, অন্ধ এজনো নিজৰ পথৰ বিপদ অনুভৱ কৰিব পাৰে৷ কিন্তু তাই এযোৰ চকু থকাৰ পিছতো নিজৰ বিপদ দেখা পোৱা নাই৷ আচলতে তাই চাব বিচৰা নাই, সত্যক স্বীকাৰ কৰিব পৰা শক্তি তাইৰ নাই৷

কল্পনাৰ সাগৰত ভাহি ফুৰা তাই কেতিয়াও অনুভৱৰ ভালপোৱাখিনিক দেখা নাপালে৷ যোৱা এটা বছৰে তাইক মনে–প্রাণে ভাল পোৱা ল’ৰাজনক তাই অকল নিজৰ স্বার্থৰ বাবেহে ব্যৱহাৰ কৰি আছিল৷ এতিয়া তাই অইন কাৰোবাৰ প্রেমত মগ্ণ৷ এবাৰো ভাবি নাচালে অনুভৱৰ কথা৷ তাৰ হূদয়খন ভাঙি চূৰমাৰ হৈ যোৱাৰ শব্দ শুনাৰ পাছতো নুশুনাৰ ভাও জুৰি আছে৷

ভাঙি পৰা অনুভৱৰ হাতখন নন্দিনীয়ে খামুচি ধৰিলে৷ প্রয়োজনত সাহস দি গ’ল৷ চকু পানীবিলাক মচি দি নতুনকৈ হঁাহিবলৈ শিকালে৷

একমাত্র নন্দিনীৰ আপ্রাণ চেষ্টা আৰু উৎসাহৰ ফলত অনুভৱ আজি ‘মায়াৱিনী মৰীচিকা’ উপন্যাসখনৰ লেখক হিচাপে জনপ্রিয় হৈ পৰিছে৷ ইমান বেছি জনপ্রিয়তা অর্জন কৰাত এক অনুষ্ঠানে তাক নিমন্ত্রণ কৰি সম্বর্ধনা জনাইছিল৷

দু–এষাৰ উপন্যাসখনৰ বিষয়ে, কি ভাবি লিখা আৰম্ভ কৰিছিল, কাৰ কথা ভাবি লিখিছিল, নিজৰ জীৱনৰ লগত কিবা সম্পর্ক আছে নে আদি প্রশ্ণৰ চমুকৈ উত্তৰ দিবলৈ অনুৰোধ কৰিলে৷

সি এফালৰ পৰা সকলোবোৰ কৈ গ’ল, শেষত নন্দিনীৰ ফালে চাই ক’লে ঃ যিদৰে সন্তান এটিক জন্ম দিবলৈ পিতৃ–মাতৃ দুয়োৰে প্রয়োজন হয়, ঠিক তেনেদৰেই মোৰ উপন্যাসখনৰ জন্মতো মাতৃগৰাকীৰ অৰিহণা অপৰিহার্য৷

বুজা নাই?

ৰ’ব বুজাই কৈ আছোঁ… মই লিখি যাওঁতে কেতিয়াবা ভাগৰি পৰিছিলোঁ, তাই আহি সাহস যোগাইছিল৷ মই দুর্বল হৈ পৰিছিলোঁ, তাই মোক অনুপ্রেৰণা যোগাইছিল৷ মই চিন্তাৰ সাগৰত ডুবিবলৈ লৈছিলোঁ, তাই মোক হাতখনত ধৰি পাৰলৈ টানি তুলিছিল৷ আজি তাই নোহোৱা হ’লে মোৰ কোনো অস্তিত্বই নাথাকিলে হয়৷ পৰি থাকিলো হয় চাগে কোনোবা এটা কোণত৷
নন্দিনী… আজি মোৰ কাষত আহি থিয় নিদিয়া…?

সকলোৱে পিছ ফালে বহি থকা নন্দিনীক ঘূৰি চাইছে৷ অনুভৱৰ অনুৰোধত তাই মঞ্চলৈ উঠি যায়৷

ভৰা অনুষ্ঠানতেই অনুভৱে তাৰ কাল্পনিক মায়াৱিনী মৰীচিকাজনীক বাস্তৱ জগতত চিৰদিনলৈ আপোন কৰি ল’লে৷ মনৰ ভিতৰত থকা সকলো কথা প্রকাশ কৰিলে বিনা সংকোচত৷

সি শূন্যত যিখন অনুপ্রেৰণাৰ হাত বিচাৰি পাইছিল, আজি পৰিপূর্ণ হওঁতে সেই হাতখন কেনেকৈনো এৰি দিয়ে… সজোৰে সেই হাতখন খামুচি ধৰিলে৷

ফোনঃ ৭০৯৯৩–৮৯৭৫৫

You might also like