তিনিচুকীয়াৰ মন্দিৰা বৰুৱাৰ জীৱন গঢ়াৰ সংগ্রামী যাত্রা
অলকানন্দা শ্রীকুমাৰী কাকতী
মন্দিৰা বৰুৱা৷ তিনিচুকীয়া চহৰৰ সকলোৰে বাবে এটা পৰিচিত নাম৷ সকলোৱে চিনি পায় তেওঁক৷ মন্দিৰা বৰুৱাৰ পৌৰসভাৰ এলেকাত ‘হাঁচতি’ নামৰ এখন দোকান আছে৷ সেই দোকানত অসমীয়া মানুহে ব্যৱহাৰ কৰা প্রায় বস্তু পায়৷ বিভিন্ন পিঠা–পনা, খাৰলি–পানীটেঙা, নানা জলপান, সান্দহ, পিঠাগুড়ি, মুড়ি, চিৰা, দৈ যি বিচাৰে সকলো পোৱা যায়৷ তাত গামোচা, চেলেং, টঙালি ইত্যাদিও পোৱা যায়৷ অসমীয়াৰ সংস্কৃতিৰ ভঁৰাল যেন ‘হাঁচতি’৷ এই ‘হাঁচতি’ দোকানখন পোৱালৈকে তেওঁ কিমান সংগ্রাম কৰিছিল সেয়া বহুতেই নাজানে৷
প্রথমে খোজ কাঢ়ি কাঢ়ি ঘৰত পিঠা–পনা–লাড়ু বনাই মানুহৰ ঘৰে ঘৰে বিক্রী কৰিছিল৷ পিঠা–পনা তৈয়াৰ কৰিবলৈ তেওঁ কোনোবা গোটত সোমাই লৈছিল৷ গোটৰ পৰা টকা ধাৰ কৰি সামগ্রী ক্রয় কৰিছিল৷ লাহে লাহে বিহু, ঘৰত সকাম–নিকাম পাতিলে মানুহে অর্ডাৰ দি পিঠা–পনা কিনে৷ মন্দিৰাৰ ব্যৱসায় লাহে লাহে আগবাঢ়িল, খোজ কাঢ়ি কাঢ়ি কিমান ঘূৰিব গতিকে এইবাৰ এখন চাইকেল কিনাৰ মনস্থ কৰিলে৷ চাইকেল কিনি পিঠা–পনাৰ ব্যৱসায়টো অলপ দূৰলৈ প্রসাৰ কৰিলে, এখন বজাৰ ল’বলৈ সক্ষম হ’ল৷ মই লগ পাই সুধিছিলোঁ– ব্যৱসায় কেনে চলিছে? চলি আছে বাইদেউ৷ চাইকেল মাৰি মাৰি ঘূৰি তোমাৰ বৰ কষ্ট হয় নেকি? কষ্টতো হয়েই মন্দিৰাই কৈছিল– বাইদেউ এই জগতত এনে কোনো ডাঙৰ সমস্যা নাই যিটো ইচ্ছা শক্তিতকৈ ডাঙৰ হ’ব নোৱাৰে৷ মন্দিৰাই প্রবল ইচ্ছা শক্তি, প্রচেষ্টা কঠোৰ সিদ্ধান্তক প্রয়োগ কৰি নিজৰ ভাগ্যক সলনি কৰি শিখৰলৈ আহিছিল৷
মাজতে পিঠা–পনাৰ লগে লগে ফুলৰ খেতিও কৰিছিল৷ আনৰ মাটিত, চৰকাৰৰ পৰি থকা মাটিত তাতো বহুত কষ্ট গ’ল৷ ফুলৰ খেতিত লাভৱান হ’ব নোৱাৰিলে৷ তাৰ পাছত আৰম্ভ কৰিলে কাঠফুলাৰ খেতি৷ দোকানে দোকানে কাঠফুলাৰ পেকেট দি ঘূৰি ফুৰোঁতে চিন্তা কৰিলে– এখন স্কুটাৰৰ প্রয়োজন৷ গোটৰ পৰা ধাৰ লৈ ব্যৱসায়টো ভালদৰে চলাবলৈ সিদ্ধান্ত ল’লে৷ মন্দিৰাৰ এই সিদ্ধান্ত সংকল্প শক্তিৰ দৰেই হ’ল৷ ইয়েই হ’ল তেওঁৰ আন্তৰিক দৃঢ়তা, স্থিৰতা আৰু একাগ্রতাৰ সমন্বিত ৰূপ৷ গতিকে মন্দিৰাই তিনিচুকীয়াৰ ব্যৱসায়ৰ বজাৰখনত ধীৰে ধীৰে সোমাই পৰিল৷ ব্যৱসায়ৰ সকলো কথা বুজি উঠিল৷ তিনিচুকীয়াৰ ব্যৱসায় বজাৰ দখল কৰা ইমান সহজ কথা নাছিল, বহু সমস্যাই জুমুৰি দি ধৰিছিল– সমস্যা আৰু নানা বিপর্যয় আওকাণ কৰি নিজ ব্যৱসায় আগুৱাই নিছিল৷ কেতিয়াবা লগ পালে সোধো– ব্যৱসায় কেনেদৰে চলিছে? সদায় ইতিবাচক উত্তৰ পাওঁ৷ মন্দিৰাই কয়– বাইদেউ সদায় পৰিৱেশৰ সৈতে মিলি থাকিব লাগিব৷ বজাৰতো এটা পৰিৱেশ আছে, কেতিয়াবা বজাৰতো উত্থান–পতন চলি থাকে, আমাৰ জীৱন পৰিক্রমাৰ দৰে সদায় একে নাথাকে৷ ব্যৱসায়ত লেনদেন কৰিলেহে গম পাব কিমান জটিল৷ মন্দিৰাৰ উত্তৰ শুনি মোৰ মনলৈ আহে– এগৰাকী মহিলাই চৰম সাফল্য লাভ কৰিব পাৰে, যেতিয়া তেওঁ আত্মসচেতনতাৰ উচ্চ পর্যায়লৈ যায়৷
এদিন হঠাতে গাড়ী এখনৰ পৰা নামি ক’লে– বাইদেউ গাড়ী এখন ল’লোঁ৷ আপোনালোকৰ আশীর্বাদত৷ মই তেতিয়া ক’লোঁ– আমাৰ আশীর্বাদ নহয়– তোমাৰ কষ্টৰ ফল৷ তোমাৰ পৰম ধৈর্য, নিজৰ কঠোৰ সিদ্ধান্তই তোমাক শিখৰলৈ লৈ গৈছে৷ ভাবিলে আচৰিত লাগে, যিজনী ছোৱালীয়ে খোজ কাঢ়ি কাঢ়ি মানুহৰ ঘৰে ঘৰে পিঠা–পনা বিক্রী কৰি ফুৰিছিল আজি সেইজনী ছোৱালীৰ এখন সুন্দৰ প্রতিষ্ঠিত দোকান আছে, তিনিচুকীয়া চহৰৰ মাজ মজিয়াত এখন বজাৰ আছে, নিজে সচ্ছলভাৱে চলি আছে, ঘৰখন, পৰিয়ালটো সুন্দৰভাৱে চলি গৈছে৷ পৰিয়ালৰ সৈতে সহযোগিতা আৰু সদ্ভাৱৰ এক অনন্য উদাহৰণ৷
ইমানখিনি আগবঢ়াৰ আন এক উদাহৰণ– আত্মসহায়ক গোট৷ চৰকাৰে যি আত্মসহায়ক গোট সৃষ্টি কৰিলে সেয়া সঁচাকৈয়ে প্রশংসনীয়৷ মহিলা সবলীকৰণৰ ই এক পৰম হাতিয়াৰ৷ বর্তমান উন্মুক্ত সত্য এটাই যে মহিলা সবলীকৰণত আত্মসহায়ক গোটৰ অৱদান৷ ই মহিলাসকলৰ প্রেৰণাৰ স্রোত৷ মন্দিৰা বৰুৱাৰ শিক্ষাগত অর্হতা উচ্চ মাধ্যমিক পর্যন্ত৷ কিন্তু শিক্ষাগত অর্হতা আচল কথা নহয়৷ যাৰ মাজত শৌর্য, সাহসৰ দৰে গুণ আছে, তেওঁলোকেই উৎসাহ, সহযোগিতাৰ মাধ্যমেৰে তেওঁলোকৰ প্রকৃতি বিকশিত কৰি তুলিব পাৰে৷ মন্দিৰা বৰুৱাই নিজকে গঢ়ি তোলাৰ লগে লগে আন দহগৰাকী মহিলাকো গঢ়ি তোলাত সহায় কৰিছে৷ আচলতে যিসকল ধৈর্যশীলা ব্যক্তি তেওঁলোকে নিজ বাহুবলেৰে জীৱন নৌকা টানি লৈ যায়, তেওঁলোকে যিদৰে নিজে পাৰ হয় আনকো তেনেদৰে জীৱন নৌকাত বহুৱাই পাৰ কৰায়৷ মন্দিৰাই যোগ্যতা অনুসৰি যোগ্যস্থান পাইছে, তেওঁ কঠিন কর্ম অনুযায়ীহে এই স্থান দখল কৰিছে৷ তুমি আৰু উচ্চস্তৰলৈ যোৱা তাৰেই কামনা কৰিছোঁ৷ আৰু দহগৰাকী নাৰীৰ আদর্শ হোৱা আৰু সার্থক হোৱাৰ কাৰণে কিছু মহত্ত্বপূর্ণ পৰিকল্পনা হাতত লোৱা৷ নিজক আগবঢ়াই নিয়া আৰু আনক আগবঢ়াই নিয়াই যাতে তোমাৰ কর্তব্য আৰু নীতি হয়৷
ফোন : ৭০৮৬৮–৭২৭৭০