নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : মানৱ সেৱাৰ নিদর্শন দেখুওৱা তিনিচুকীয়াৰ এজাক যুৱতী

অলকানন্দা শ্রীকুমাৰী কাকতী

এজাক শুশ্রূষাকাৰিণী, জীৱনদায়িনী (নার্ছ) মনৰ মাজত হাজাৰ সপোন লৈ আমাৰ বৃদ্ধাশ্রমলৈ আহিছিল আইতাহঁতক সেৱা আগবঢ়াবলৈ৷ তেওঁলোকক দেখি মোৰ মনলৈ আহিছিল য’ত এতিয়া আত্মীয়তাৰ বন্ধন শেষ৷ হেৰাই গৈছে আত্মীয়–স্বজন, হেৰাই গৈছে প্রতিৱেশী হেৰাই গৈছে মাহী, পেহী, খুৰা–খুৰী, বৰমা–বৰদেউতাহঁত সৈতে থকা নিবিড় সম্বন্ধ৷ য’ত আইতা–ককাৰ বর্তমানৰ ঠিকনা চহৰ, নগৰৰ গঢ়ি উঠা বৃদ্ধাশ্রমবোৰ৷ কাৰণ আজি আৰু কাৰো আহৰি নাই৷ প্রত্যেকৰে জীৱন এক্সপ্রেছ দ্রুতবেগে চলিছে৷ সময়ৰ দূৰন্ত গতিত মৰম, চেনেহ, ভালপোৱা, শ্রদ্ধা সকলোবোৰ ধূলিস্যাৎ৷ এতিয়া কিছু মানুহে পুৱতি নিশাৰ নৈঃশব্দৰ বুকুত বাজি উঠা ঘড়ীৰ এলার্মৰ সৈতে ব্যস্ত পৃথিৱীৰ বুকুত নিজকে বিলাই দিছে আৰু কিছু ডিজিটেল দুনিয়াত উটি–ভাহি ফুৰিছে৷ কাৰো আহৰি নাই কাৰো কাৰো কথা ভাবিবলৈ৷ তাৰ মাজতে সৌ–সিদিনা ডিগবৈৰ পৰা ‘অসম অইল কলেজ অৱ নার্ছিং’–ৰ এজাক ছোৱালীয়ে বুকুত অজস্র সপোন লৈ সেৱিকাৰ মনোবৃত্তিৰে আমাৰ বৃদ্ধাশ্রমত উপস্থিত হৈছিল৷ আইতাহঁতৰ প্রেছাৰ, ছুগাৰ ওজন য’ত শাৰীৰিক অসুস্থতা চোৱাৰ পাছত সুন্দৰ পুৱাৰ জলপানেৰে সকলোকে আপাতিত কৰিছিল, সকলো কাম তেওঁলোকে নিজ মনেৰে, আনন্দৰে, খোজ কাঢ়িব নোৱাৰা আইতাহঁতক ধৰি ধৰি খোজ কঢ়াইছিল৷ প্রতিটো কামতে আমি দেখিবলৈ পাইছিলো সেৱিকাৰ মনোভাব৷ সেইদিনা আইতাহঁতৰ চকুত চকুপানী দেখিছিলো আমাৰ মনলৈ আহিছিল, কিমান দিনৰ মূৰত চাগে’ ইমান নিবিড় মৰম, ভালপোৱা পাইছিল তেওঁলোকে, যিটো ঘৰৰ মানুহৰ পৰা আশা কৰিও পোৱা নাছিল৷ বুকুৰ মাজত কিমান দুখ–বেজাৰ সেয়া তেওঁলোকেহে জানে৷ কত মানসিক উৎপীড়ন, কিছুৰ শাৰীৰিক উৎপীড়নৰো আছে–তাৰ পাছত বৃদ্ধাশ্রম৷ মাতৃৰ উদাৰতা, কোমলতা, ত্যাগৰ কথা কোনেও বুজি নাপায়৷ বৃদ্ধা হোৱাৰ লগে লগে অনাদৃতা–আৱর্জনা, বোজা বুলি ভাবে শেষ আশ্রয় বৃদ্ধাশ্রম৷

এই শুশ্রূষাকাৰিণী ছোৱালীজাকৰ মাজত দেখিবলৈ পাইছিলো–‘নাইটিংগেল’ৰ ভাবমূর্তি৷ মানুহৰ সেৱাই যেন তেওঁলোকৰ দায়িত্ব এয়া যেন তেওঁলোকৰ জীৱনৰ অনিবার্য সত্যতা৷ তেওঁলোকৰ মাজত দেখিবলৈ পাইছিলো সেৱিকাৰ জীৱিকাৰ এক অলিখিত চুক্তি৷ সেয়া হ’ল মাতৃত্বৰ চুক্তি৷ মাতৃত্বৰ কর্তব্য৷ আমি জানো প্রাচীন ভাৰতবর্ষত এগৰাকী নাৰীৰ প্রকৃত অৱস্থান নির্ণয় কৰা হয় তেওঁৰ মাতৃত্বৰ যোগ্যতা অর্জনৰ নিৰিখত৷ বিভিন্ন ধর্মগ্রন্থত নাৰী জীৱনৰ শেষ কর্তব্য মাতৃত্বৰ সঠিক ভূমিকা পালন কৰাই নির্দেশ দিয়ে৷ সেইজাক শুশ্রূষাকাৰিণী (নার্ছক) দেখি মনলৈ আহিল মানুহক সেৱা কৰাই যেন সিহঁতৰ ধর্ম৷ সিহঁতৰ কর্ম ক্ষেত্র– সিহঁতৰ জীৱনৰ অধ্যায় যেন এনেদৰে থাকে৷ ছোৱালীকেইজনীৰ সৈতে কথা–বতৰা পাতি গম পালো এইটো জীৱনয়েই বিচাৰিছে সিহঁতে৷ মই সুধিলোঁ কিয়? বিয়া–বাৰু নোহোৱা নেকি তোমালোকে? সিহঁতে ক’লে অকলশৰীয়া জীৱনটোৱেই বিচাৰোঁ আমি৷ এই জীৱনতেই স্বস্তি অনুভৱ কৰোঁ৷ জানে বাইদেউ আজিৰ পৰিস্থিতিত এতিয়াও যৌতুকৰ কাৰণে বোৱাৰী জ্বলায়, পৰকীয়া প্রেম, পাৰিবাৰিক হিংসা ইত্যাদি অসংখ্য ধৰণৰ অমানৱীয় ঘটনা ঘটিবই লাগিছে গতিকে আমি বিয়া নকৰোৱাটোৱেই চিন্তা কৰিছোঁ৷ সিহঁতৰ দৃঢ়ামনা কথাবোৰ ভাল লাগিল৷ মুকলিমূৰীয়া ছোৱালীবোৰৰ জীৱনবৃত্ত যেতিয়া সংসাৰ আৱর্তত সোমাই পৰিব– সংসাৰৰ জেৰিয়া ভাঙি ভাঙি জীৱন যাত্রাত যাতে ক্রমশঃ হেৰাই নাযায় যাতে–নিজস্বতাৰে, নিজ ৰুচিৰ মতে যাতে সিহঁতে জীৱন চলাব পাৰে তাৰেই কামনা কৰিলোঁ আমাৰ আশ্রমৰ কর্মকর্তাসকলে৷ এলিনা, আলিচা, অংকিতা, অণু তেওঁলোকে আমাক যোৱাৰ সময়ত ক’লে জানে বাইদেউ আমাৰ জীৱনৰ লক্ষ্য মানৱ সেৱা কৰা৷ সিহঁতে আমাক ক’লে আমি মানুহক দিব পাৰোঁ নিঃস্বার্থ মৰম৷

আমি আশ্রমৰ কর্মকর্তাসকলে ভাবিলোঁ আজিকালি প্রতি হাস্পতালত নার্ছ অপৰিহার্য তেওঁলোক নহ’লে হাস্পতাল অচল৷ মই সুধিলো পাছ কৰাৰ পাছত চাকৰিৰ কাৰণে তোমালোকে কি কৰিবা? অংকিতাই ক’লে বাইদেউ বর্তমান সময়ত আমাৰ মাননীয় মুখ্যমন্ত্রীগৰাকীয়ে যুৱক–যুৱতীসকলৰ্ মাজত এক উৎসাহ প্রদান কৰি আহিছে নিয়োগ সৃষ্টি যোগ্যতাৰ ভিত্তিত৷ স্বচ্ছ নিযুক্তি প্রদানে আমাৰ মনলৈ আশাৰ বতৰা আনিছে৷ গতিকে চাকৰিৰ চিন্তা কৰা নাই–প্রথমে শিক্ষা সমাপ্ত কৰি লোৱাহে কথা৷ তেওঁলোকে আমাক কৈছিল ব্যক্তিগত সাফল্যৰ লগতে তেওঁলোকৰ ত্যাগ, সেৱা বা উপকাৰ আনৰ কাৰণে হয়৷ এলিনা, অংকিতা, আলিচা, অণুহঁতৰ কথাবোৰ শুনি আমি আচৰিত হৈছিলো৷ তেওঁলোকে কৈছিল বর্তমান চৰকাৰৰ উন্নয়নমূলক প্রতিশ্রুতি নাৰী সবলীকৰণৰ যাত্রাত অতি গুৰুত্বপূর্ণ৷ সেইজাক সেৱিকাক দেখি মনলৈ ভাব আহিল যাৰ হূদয়ত, কর্মকুশলতা, সহিষ্ণুতা প্রত্যক্ষ হয়– তেওঁলোকে আৰু দহ গৰাকী নাৰীক আগুৱাই নিয়াত সহায় কৰিব পাৰে৷

ফোন : ৭০৮৬৮–৭২৭৭০

You might also like