সুকন্যা : ক্ষুদ্র উদ্যোগেৰে ৰাষ্ট্রীয় পর্যায়ত উজলিছে আলিমুন নেছা
উৎপল কুমাৰ কলিতা
উচ্চ শিক্ষা মানে কেৱল চৰকাৰী চাকৰি নহয়৷ উচ্চ শিক্ষাৰ অভিজ্ঞতাৰে গাঢ়ি তুলিব পাৰি স্বাৱলম্বনৰ ক্ষেত্র, তাকেই যেন কৰি দেখুৱাইছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আলিমুন নেছাই৷ এমবিএ ডিগ্রী লৈ চাকৰিমুখী নহৈ আলিমুনে ঔদ্যোগিক ক্ষেত্রত জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন বহু কৃষি উৎপাদককো এখন বজাৰ দি স্বাৱলম্বী হোৱাত সহায় কৰিছে৷
২০১৫ চনত ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্রেচন (এম বি এ) ডিগ্রী লাভ কৰাৰ পাছত আলিমুনলৈ কেইবাটাও বহুজাতিক প্রতিষ্ঠানৰ পৰা চাকৰিৰ প্রস্তাৱ আহিছিল৷ কিন্তু চৰকাৰী, বেচৰকাৰী চাকৰিৰ সলনি তেওঁৰ মন আছিল নিজাববীয়াকৈ কিবা এটা কৰি প্রতিষ্ঠা লাভ কৰাৰ৷ এই অনুসাৰে তেওঁ জড়িত হৈ পৰিছিল খাদ্য প্রস্তুতকৰণ উদ্যোগৰ সৈতে৷ এই যাত্রাৰ আৰম্ভণি সম্পর্কে আলিমুনে কয়– ‘এমবিএ সমাপ্ত কৰাৰ পাছত মোৰ শিক্ষাগত অর্হতাক দৰমহাজীৱী হিচাপে আনৰ কামত খটুৱাতকৈ নিজৰ বাবে কিবা এটা কৰাৰ চিন্তা কৰিছিলোঁ৷ এই লৈ মই বিভিন্ন বাণিজ্যমেলা, কর্মশালা, উদ্যমিতা সম্পর্কীয় কার্যসূচীত ভাগ লৈছিলোঁ আৰু উদ্যোগীসকলে কেনেদৰে সফলতা লাভ কৰে সেই সম্পর্কে অধয়ন কৰিছিলোঁ৷ বজাৰ দখলৰ ওপৰতো মই সূক্ষ্ম পর্যবেক্ষণ কৰিছিলোঁ৷ কাৰণ উৎপাদিত সামগ্রীৰ পোনপটীয়া বজাৰ দখল কৰিব পাৰিলেহে সফলতা পোৱা যায়৷ এই সকালোৰে অন্তত মই খাদ্য প্রস্তুতকৰণ উদ্যোগৰ ক্ষেত্রখন বাছি লৈছিলোঁ৷ এই লৈ মই বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রত মোৰ প্রকল্প দাখিল কৰি তাৰ পৰা সঁহাৰি পাইছিলোঁ আৰু উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ পৰা লাভ কৰা ঋণ সাহায্যৰে মই মোৰ যাত্রা আৰম্ভ কৰিছিলোঁ৷
এইদৰে ২০১৬ চনত আলিমুনে তিনি ভগ্ণী নুৰ নেছা বেগম, নুৰ নেহাৰ বেগম আৰু নাজিমা খাতুনক সহযোগী হিচাপে লৈ আৰম্ভ কৰিছিল এ এন স্পাইচ ইণ্ডাষ্ট্রিজ৷ এই উদ্যোগত তেওঁ থলুৱা বিভিন্ন ফলমূলেৰে আচাৰ, জাম, জেলী, ৰস আদি উৎপাদন কৰাৰ লগতে কাঠফুলা, হালধি, চাউল, চাহপাত আদি পেকেজিং কৰাৰ কাম আৰম্ভ কৰিলোঁ৷ কম সময়তে তেওঁৰ উদ্যোগে এফ এছ এছ এ আইৰ প্রমাণ–পত্রৰ লগতে আই এছ অ’ আৰু এইচ এ চি পি প্রমাণ–পত্র লাভ কৰিলে৷ ইয়াৰ পাছতে তেওঁ সামগ্রীৰ গুণগত মান উন্নত কৰা আৰু গ্রাহকৰ সন্তুষ্টিৰ ওপৰত সম্পূর্ণৰূপে মনোনিৱেশ কৰে৷ এ এন স্পাইচ ইণ্ডাষ্ট্রিজৰ সামগ্রীসমূহ ‘ডিলাইট জয় ফৰ টেষ্ট বাডছ ব্রেণ্ড নামেৰে বজাৰত উপলব্ধ হয়৷
আলিমুনে তেওঁৰ সামগ্রীসমূহ গুৱাহাটীৰ লগতে অসমৰ প্রায়বোৰ স্থানলৈ পোনপটীয়াভাৱে যোগান ধৰি অহাৰ লগতে বিভিন্ন স্থানত অনুষ্ঠিত বাণিজ্য মেলাত অংশ লৈ পোনপটীয়াভাৱে বিক্রী কৰি আহিছে৷ ইতিমধ্যে তেওঁৰ ব্রেণ্ড ডিলাইট সমগ্র অসমতে পৰিচিত এক খাদ্য–সামগ্রীৰ ব্রেণ্ডত পৰিণত হৈছে৷ ক্রেতাই আদৰি লৈছে আলিমুনৰ উদ্যোগত প্রস্তুত কৰা বিভিন্ন খাদ্য–সামগ্রী৷ আনহাতে বিভিন্ন স্থানৰ পৰা তেওঁলৈ বিভিন্ন সামগ্রী যোগানৰ অর্ডাৰ আহি থাকে আৰু অর্ডাৰ অনুসাৰে তেওঁ সামগ্রী যোগান ধৰি আহিছে৷
তালিমুনে প্রকাশ কৰা অনুসৰি ‘আমি সদায় গ্রাহকৰ বাবে যিবোৰ সামগ্রী যোগান ধৰো তাৰ বিশুদ্ধতা আৰু গুণগত মানত গুৰুত্ব আৰোপ কৰোঁ৷ আমি কৃষকৰ পৰা পোনপটীয়াভাৱে সেইবোৰ সামগ্রী ক্রয় কৰোঁ, যিবোৰ পৰিৱেশ অনুকূলভাৱে কৃষকে সম্পূর্ণ জৈৱিক আৰু প্রাকৃতিকভাৱে উৎপাদন কৰে৷ ইয়াৰ বাবে আমি বহু সামগ্রী কৃষকক আমাৰ ফালৰ পৰা যাৱতীয় নির্দেশনা দি প্রস্তুত কৰি আনো৷ যিমান পাৰি আমি থলুৱা কৃষকৰ সামগ্রী ক্রয় কৰোঁ৷ আম, ঔ, কর্দৈ, নেমু, জলফাই, আনাৰস, আমলখি আদি থলুৱা প্রাকৃতিকভাৱে উৎপাদিত ফলৰ পৰা বিভিন্ন খাদ্য প্রস্তুতিত আমি অধিক গুৰুত্ব আৰোপ কৰি সেইবোৰ স্থানীয় আমাৰ দাঁতিকাষৰীয়া গাঁৱৰ পৰা সংগ্রহ কৰোঁ৷ ভোটজলকীয়া, বাঁহগাজ আদি আমি কিছু নাগালেণ্ড আৰু মেঘালয়ৰ পৰাও আনো, যিবোৰ এশ শতাংশ জৈৱিক৷ আমি আমাৰ উদ্যোগৰ জৰিয়তে বহুসংখ্যক কৃষকক তেওঁলোকৰ উৎপাদিত সামগ্রীৰ এখন বজাৰ দিব পাৰিছো৷ বহু কৃষকক স্বাৱলম্বী হোৱাত সহায় কৰিছোঁ৷’
সম্প্রতি এই উদ্যোগেৰে অসমৰ মহিলা উদ্যোগীৰ প্রথম শাৰীতে প্রতিষ্ঠিত আলিমুন নেছাই ইতিমধ্যে ২০১৯ আৰু ২০২০ চনত অসম চৰকাৰৰ শ্রেষ্ঠ উদ্যোগীৰ বঁটা লাভ কৰে৷ ২০২০ চনত তেওঁ আন্তঃৰাষ্ট্রীয় নাৰী দিৱসত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ পৰা আন্তঃৰাষ্ট্রীয় নাৰী দিৱসৰ বঁটা লাভ কৰে৷ ২০২২ চনত তেওঁ এম এছ এম ই ৰাষ্ট্রীয় বঁটা লাভ কৰে৷ ২০২৩ বর্ষত তেওঁ কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্রালয়ৰ পৰা ৰাষ্ট্রীয় উদ্যমী বঁটা লাভ কৰে৷ এই বিভিন্ন বঁটা প্রাপ্তি সম্পর্কে আলিমুনে কয়– প্রতিটো বঁটাই মোক মানুহক সেৱা কৰিবলৈ প্রেৰণা দিয়ে৷ মই এতিয়া গ্রাহকক বিশুদ্ধ সামগ্রীৰ সেৱা দিবলৈ সংকল্পবদ্ধ৷
আনহাতে এগৰাকী মহিলা উদ্যোগী সম্পর্কত আলিমুনে কয়– মহিলাসকলৰ ঘৰ আৰু পৰিয়াল পৰিচালনাৰ যি ভিতৰুৱা দক্ষতা আছে সেই প্রাকৃতিক দক্ষতাই মহিলাক পুৰুষতকৈ অধিক আগবঢ়াই নিব পাৰে৷ এটা কামত কেতিয়াবা সাময়িক বিফলতা আহিব পাৰে, সেই বুলি কামটো এৰিব নালাগে৷ নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িব লাগে৷ এইদৰে আগুৱাই আজি উদ্যোগী আৰু উদ্যমিতাৰ ক্ষেত্রত ৰাষ্ট্রীয় পর্যায়ত জিলিকি উঠা আলিমুন নেছা হৈ পৰিছে এক আদর্শৰ প্রতীক৷
ফোনঃ ৯৩৯৪৯–২২৫২৭