সুকন্যা : আইতা হোটেলেৰে স্বাৱলম্বী তিনিচুকীয়াৰ অমি গগৈ
অলকানন্দা শ্রীকুমাৰী কাকতি
জীৱন পৰিণামৰ চক্র বিঘূর্ণিত৷ কৌশোৰ, শৈশৱ, যৌৱন, বার্ধক্য এই তাৰ পৰিণাম৷ জীৱনৰ হৃদয়ত আছে বৈচিত্র্যময় ৰূপ৷ নৱ নৱ সম্ভাৱনাৰ শতদল এই সম্ভাৱনা নথকা হ’লে মানুহ হ’লহেঁতেন জড় পদার্থ৷ মানুহৰ জীৱন হ’লহেঁতেন গতানুগতিক, আনন্দহীন নিৰস৷
বার্ধক্যক আনন্দমুখৰ কৰি ৰাখিবলৈ তিনিচুকীয়াৰ এগৰাকী আইতা ৭০ ঊর্ধ্বত হাৰ মনা নাই, এতিয়াও জীৱনলৈ আহিছে নানা ৰঙৰ সপোন তেওঁৰ কামৰ মাজেদি৷ এইগৰাকী আইতাৰ নাম অমি গগৈ৷ তেওঁ ‘আইতা হোটেল’ নামেৰে এখন হোটেল চলায়৷ এই হোটেলখন আছে তিনিচুকীয়াৰ গেলাপুখুৰীৰ পথত৷ পুৱা ৯টা বজাৰ পৰা তেওঁৰ কাম আৰম্ভ হয় নিশা ৯ বজালৈকে৷ হাঁহিৰে তেওঁৰ পুৱা আৰম্ভ হয়৷ বৃদ্ধাৱস্থাক তেওঁ হাঁহিৰেই সম্ভাষণ জনায়৷ তেওঁৰ তিনিটা পুত্র সন্তান৷ তিনিগৰাকী বোৱাৰী৷ ল’ৰা–বোৱাৰী লগত নাথাকে, বাহিৰত থাকে৷ ল’ৰা–বোৱাৰী, নাতি–নাতিনীহঁত মাজে মাজে আহে৷ সেইবোৰ মোহৰ পৰা তেওঁ বহু দূৰত৷ মায়া–মোহৰ পৰা আঁতৰি আছে কাৰণে সুন্দৰ জীৱন এটা চলাই নিব পাৰিছে৷ এই জগত সংসাৰ বৈচিত্র্যময়৷ জন্মৰ পৰা বৃদ্ধাৱস্থালৈকে মানুহে এই বৈচিত্র্যময় জগতত নানাধৰণে জীয়াই থাকে৷ মই মাজে মাজে আইতা হোটেললৈ যাওঁ দুষাৰ মনৰ কথা পাতিবলৈ৷ মই কেতিয়াবা সোধো– ল’ৰাকেইটাই একো নকয়নে? বাইদেৱে কয়, মই মোৰ ধৰণে জীয়াই আছোঁ, কাৰো ওপৰত নির্ভৰ নকৰোঁ৷ তেওঁৰ আছে এক গভীৰ আত্মবিশ্বাস৷ আৰু এটা কথা– তেওঁ কোনোবা এটা আত্মসহায়ক গোটৰ সভানেত্রী৷ হয়তো আত্মসহায়ক গোটৰ সদস্যা হৈও মনলৈ এক আস্থা আহিছে আৰু আত্মপ্রতিষ্ঠা লাভ কৰিছে৷ তেওঁৰ মনৰ মাজত অটল বিশ্বাস৷ মনত প্রচণ্ড শক্তি আছে৷ সত্তৰ বছৰৰ ঊর্ধ্বৰ আইতাই আজিও স্কুটাৰ চলাই হোটেলৰ বজাৰ–সমাৰ কৰে, কি নকৰে তেওঁ৷ ‘বুঢ়ী হ’লোঁ বুলি হাত সাবটি ঘৰত বহি থকা নাই৷ ল’ৰাৰ ওপৰতো ভৰসা কৰা নাই৷’ তেওঁক দেখি বহু আইতাৰ মনোবল বঢ়া যেন মই অনুভৱ কৰোঁ৷ হোটেলত বিভিন্ন ধৰণৰ মানুহৰ সংস্পর্শত আহিছে, কথা–বতৰা পাতি বেচা–কিনাৰ কৌশল শিকিছে৷ আমি জানো যে লক্ষ্যৰ প্রতি আস্থা বাঢ়িলে কর্মৰ প্রতি ভালপোৱাৰ ভাব জন্মে৷ বাইদেউক সুধিছিলোঁ– এই বয়সত আপোনাৰ আমনি নালাগেনে? – নালাগে, কাৰণ পৰিশ্রমেই মোৰ মনলৈ অপাৰ শক্তি আনে৷ বিভিন্নজনৰ সৈতে কথা–বতৰা পাতি সময় পাৰ কৰিব পাৰোঁ৷ এতিয়া ভাল কাম কৰি সময় পাৰ কৰাৰ সময়, অনাহকত সময় পাৰ কৰা উচিত নহয়৷ তেওঁ কৈছিল– এনেয়ে উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰাতকৈ নিজ কর্ম কৰা বেছি ভাল৷ কর্মত মনোযোগ দিলে নিজক বৈষয়িক ভোগৰ পৰা আঁতৰাই ৰাখিব পাৰি৷ মোক কৈছিল– তুমি জানানে বৈষয়িক বিষয়বস্তুৰ পৰা লাভ কৰা আনন্দ আৰু ইন্দ্রিয় ভোগৰ পৰা লাভ কৰা সুখ সম্পূর্ণ অস্থায়ী – আৰু মানুহৰ দুখ–দুর্দশাৰ ইয়েই মূল কাৰণ৷ জীয়াই থাকিবলৈ নূ্যনতম সামগ্রীৰহে প্রয়োজন৷ এনেয়ে মানুহবোৰে লগাৰ পাছত দৌৰে৷ আজিকালি মানুহবোৰে সম্পদৰ দৰে ধন–সম্পত্তি, টকা–পইচাৰ পাছত দৌৰি ফুৰে৷ মই সুধিছিলোঁ– আপুনি যে দোকান দিছে বিনা পইচাত খাবলৈ দিয়ে নেকি? নাই, বিনা পইচাত নহয়– পইচা লওঁ কাৰণ বিনা পইচাত খাবলৈ দিলে মূল্য নোহোৱা হ’ব৷ হোটেলত থকা কর্মচাৰীক দৰমহা দিব লাগে নহয়৷
আইতাই কৈছিল– মই কামতহে গুৰুত্ব দিওঁ, যিকোনো কাম কৰিলে কামৰ এটা উদ্দেশ্য থাকিব লাগে– যি উদ্দেশ্যৰ দ্বাৰা শাৰীৰিক, মানসিক, আধ্যাত্মিক চেতনাৰ উত্তৰণ ঘটে৷ মই সুধিলোঁ– আপোনাৰনো কি উদ্দেশ্য? তেওঁ মোক ক’লে যে দোকান খুলিব লাগিব পুৱাই, পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাব লাগিব, বজাৰ–সমাৰ, গতিকে পুৱাই গোসাঁইঘৰত সোমাই দিনটোৰ কাৰণে প্রার্থনা কৰি ওলাই যাওঁ৷ দিনটো বিভিন্ন গ্রাহকৰ সৈতে খোৱা–বোৱা কেনেদৰে দিছে তদাৰক কৰোঁ৷ একেবাৰে সময় নাই৷ দোকানৰ পৰা ঘূৰি অহাৰ পাছতহে নিজৰ কথা ভাবোঁ৷ মনলৈ ভাব আহিল– কত ৭০ বছৰীয়া আইতা আছে, তেওঁলোক যেন জীয়াই থাকিব লাগে কাৰণেহে জীয়াই আছে৷ তেওঁলোকৰ সময় নাযায়–নুপুৱায়৷ শেষত জীৱন অসহনীয় হৈ পৰে৷ ব্যক্তিত্ব বিকাশৰ কোনো সুচল পথ বিচাৰি নাপায়৷ আনহাতে ৭০ বছৰৰ ঊর্ধ্বৰ এইগৰাকী আইতাৰ সময় নাই, অহৰহ কামতেই ব্যস্ত৷ মনলৈ ভাব আহিল– মানুহে জীৱনত ঈশ্বৰপ্রদত্ত শক্তিৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকিলেহে উন্নতিৰ শিখৰলৈ যায়, আৰু সমাজ বা আনকো কিবা সহায় কৰিবলৈ সমর্থৱান হয়৷
অমি গগৈ (আইতাক) দেখি মনলৈ ভাব আহিল তেওঁ যেন এই বয়সতো জীৱনৰ প্রতিক্ষণেই উপভোগ কৰে, তেওঁ যেন প্রতি মুহূর্ততে হাঁহিব পাৰে, আনন্দ কৰিব পাৰে৷ কামৰ মাজতেই তেওঁৰ সুখ৷ আমি জানো যে পৃথিৱীৰ সকলোৰে ওচৰত শিকাৰ সুযোগ আছে– গতিকে এই ৭০ বছৰীয়া আইতাগৰাকীৰ পৰাও নিশ্চয় আজিৰ প্রজন্মই নতুবা এলেহুৱা জীৱন কটোৱা কিছু মহিলাই কিবা এটা শিকিব পাৰে৷ বার্ধক্যত উপস্থিত হ’লোঁ বুলি বহুতে অস্তিত্ব হেৰুওৱাৰ বেদনাত বিনায়৷ কিন্তু ৭০ বছৰৰ ঊর্ধ্বৰ হৈও হাৰ নমনা এগৰাকী আইতাৰ পৰা আমি শিকিব পাৰোঁ বার্ধক্য কিদৰে আনন্দমুখৰ হয়৷ আইতাৰ আত্মবিশ্বাসে আৰু হাজাৰগৰাকী আইতাৰ মনত উজাই তোলক প্রেৰণাৰ নতুন উৎস৷