নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : বাৰেকুৰিৰ বাৰেকুৰি কথাৰে

বিকাশ শৰ্মা

বাৰেকুৰি শব্দৰ অভিধানিক অৰ্থ হৈছে অসংখ্য, নানাবিধ, নানা প্ৰকাৰৰ বা বাৰকুৰি।এই নামৰ যথাৰ্থতাকে যেন প্ৰমাণিত কৰি তিনিচুকীয়া চহৰৰ দাঁতিকাষৰীয়া ঐতিহ্যমণ্ডিত বাৰেকুৰি অঞ্চলটোৱে ইয়াৰ সমৃদ্ধ ইতিহাস, চহকী সংস্কৃতি, অতুলনীয় জৈৱ-বৈচিত্ৰ আৰু মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰ বিপুল সম্ভাৰেৰে উজ্জ্বলি উঠিছে। জিলা সদৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঠাইখন স্থানীয় গঁঞাৰ অসাধাৰণ প্ৰকৃতি প্ৰেমৰ অনুকৰণীয় আৰ্হিৰে আজি দেশে-বিদেশে সমুজ্জ্বল হৈ পৰিছে।

বাৰেকুৰিৰ বিষয়ে বহু কথাই আগৰে পৰা শুনি আহিছিলো। সেয়ে চাকৰিসূত্ৰে তিনিচুকীয়ালৈ আহিয়ে অঞ্চলটোলৈ বাৰে বাৰে ঢাপলি মেলিছো। স্বচক্ষে প্ৰত্যক্ষ কৰিছো সাধাৰণ গঁঞাৰ বন্যপ্ৰাণী প্ৰেমৰ অপূৰ্ব নিদৰ্শন। উপভোগ কৰিছো ইয়াৰ মাগুৰি বিল প্ৰমুখ্যে চৌপাশৰ প্ৰকৃতিৰ অনিৰ্বচনীয় সৌন্দৰ্য্য, অনুভৱ কৰিছো মায়ামৰা বৈষ্ণৱ পৰম্পৰাৰ চাৰে তিনিশ বছৰীয়া অবিৰত আধ্যাত্মিক যাত্ৰাৰ গভীৰতা, পৰিচিত হৈছো অসমৰ অন্যতম পুৰণি জনগোষ্ঠী মৰাণসকলৰ স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে আৰু পৰম বিষ্ময়েৰে অনুধাৱন কৰিছো ঠাইখনৰ সংগ্ৰামী ইতিহাসৰ গৌৰৱোজ্জ্বল পৰম্পৰাক।

বাৰেকুৰিৰ ইতিহাস

বাৰেকুৰিৰ পূৰ্বৰ নাম আছিল হোলোঙাগুৰি। ইয়াত এসময়ত ঢেৰ হোলোং গছ আছিল।ডাঙৰ হোলোং বা হোলোঙা গছত দেৱতা থাকে বুলি বিশ্বাস কৰি তাৰ গুৰিত পূজা কৰা হৈছিল। সেই সূত্ৰেই ঠাইখনৰ নাম হৈছিল হোলোঙাগুৰি। লক্ষণীয়ভাৱে অঞ্চলটোত এতিয়াও বহুতো হোলোং গছ আছে। ইয়াৰ গুটিবোৰ হলৌ-বান্দৰৰ বৰ প্ৰিয়। সেইবাবেই এই অঞ্চলটো হলৌ-বান্দৰে বসবাসৰ বাবে পছন্দ কৰা বুলি ধাৰণা হয়। অসমৰ একমাত্ৰ হলৌ-বান্দৰৰ নামত ঘোষিত অভয়াৰণ্যখন যোৰহাট জিলাৰ হোলোঙাপাৰত আছে- হোলোঙাপাৰ গিবন অভয়াৰণ্য নামেৰে। এই হোলাঙাপাৰ নামটো হোলোং গছৰ পৰাই হৈছে। হোলোং অসম আৰু অৰুণাচলৰ জাতীয় গছ হিচাপেও স্বীকৃত। এশফুট পৰ্যন্ত ওখ হোৱা পোন আৰু বিশালকায় এই গছৰ কাঠো বৰ উপযোগী।

হোলোঙাগুৰিৰ লোকসকল মূলতঃ শদিয়াৰ কেঁচাইখাইতি গোঁসানী আৰু শিৱৰ উপাসক আছিল যদিও মায়ামৰা মহন্ত অষ্টভূজ গোঁসাইৰ প্ৰচেষ্টাত বৈষ্ণৱ ধৰ্মত দীক্ষিত হয়। সেই উদ্দেশ্যে ১৬৬১ চন মানত যোৰহাটৰ খুটীয়াপুতা সত্ৰৰ পৰা বৈষ্ণৱ গুৰুজন ইয়ালৈ আহে। দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত বহু প্ৰতিকুলতাকো নেওচি অঞ্চলটোৰ ১২টা ভিন ভিন খেল বা বংশ গোষ্ঠীৰ পৰা বাৰজন বচা-বচা লোকক মায়ামৰীয়া বৈষ্ণৱ ধৰ্মত শৰণ দিবলৈ সক্ষম হয়। এইদৰে হাবীতলীয়া ঠাইখনত ‘নাম অমৃতৰ বাণী’ প্ৰচাৰ হবলৈ আৰম্ভ কৰে, যাৰ  কেন্দ্ৰস্থল হিচাবে ১৬৬৯-৭০ চনত বাৰেকুৰি বৰনামঘৰ স্থাপন কৰা হয়। শৰণ দিয়াৰ দিনাই হোলোঙাগুৰিৰ  চাৰিদিশে চাৰি ভকতক পঠিয়াই পূবে হাপজান নৈ, পশ্চিমে গুইজান নৈ, উত্তৰে ডিব্ৰু নদী আৰু দক্ষিণে চেনিজানত চাৰিখুঁটি পুতি অঞ্চলটো ধৰ্মতান্ত্ৰিকভাৱে বান্ধি বাৰেকুৰি নামাকৰণ কৰে। বাৰেকুৰি শব্দটো বৈষ্ণৱ পৰম্পৰাৰ সৈতে সংস্পৃক্ত। যেনে- বাৰেকুৰি ভাওনা, বাৰেকুৰি গঁঞা ইত্যাদি। ইয়াত ১২ জন লোকক শৰণ দিয়া বাবেই বাৰেকুৰি নাম দিয়া হল বুলি কোৱা হয়। বিবিধ খেল-গোষ্ঠীৰ লোকক একেলগে শৰণ দিয়াৰ পৰাই বাৰেকুৰি নামৰ উৎপত্তি বুলিও কোনোৱে কব খোজে। বাৰেকুৰি মূলতঃ একুৰি এখন গাঁৱৰ এটা সমষ্টি।

তেতিয়াৰ পৰাই শাক্ত আৰু শৈৱ পৰম্পৰাৰ বিশ্বাসী এই অঞ্চলৰ মৰাণ, বৰাহী লোকসকল ক্ৰমে নামধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ কালক্ৰমত প্ৰায় সমুদায় সম্প্ৰদায়টোৱেই মায়ামৰা বৈষ্ণৱ পন্থাৰ অনুগামী হৈ পৰে। বাৰেকুৰি বৰনামঘৰ আজিও পূৰ্বৰ স্থানতে সগৌৰৱে জিলিকি আছে। অঞ্চলটোৰ প্ৰতিখন গাঁৱতে ইয়াৰ শাখা-প্ৰশাখা বিয়পি পৰিছে।

বাৰেকুৰি বৰনামঘৰ বা মায়ামৰা বৈষ্ণৱ ধৰ্মই অঞ্চলটোত কেৱল যে নাম ধৰ্মৰ সোঁত বোৱাইছিল তেনে নহয়, ইতিহাস প্ৰসিদ্ধ মায়ামৰীয়া বা মোৱামৰীয়া বিদ্ৰোহৰো পাতনি মেলা হৈছিল ইয়াতেই। বিশ্ব ইতিহাসৰে অন্যতম পুৰণি প্ৰজা বিদ্ৰোহটোৰ নেতা বীৰ ৰাঘৱ মৰাণ, ৰমাকান্ত, নাহৰ আদিয়ে বাৰেকুৰিতে সমবেত হৈ সেই গণ বিপ্লৱৰ আঁচনি প্ৰস্তুত কৰিছিল বুলি কোৱা হয়। ইয়াৰ পৰাই গৈ ডুমডুমাত ৰনচালি ধৰি দমদমাই থকাৰ বাবেই ডুমডুমাৰ নাম পাইছিল বুলি প্ৰবাদ আছে। মোৱামৰীয়া গণ অভ্যূত্থানৰ মহিলা বাহিনীৰ নেতৃত্ব বহন কৰা বীৰাঙ্গনা ভাবুলী আৰু ভাটুকী ওৰফে ৰাধা আৰু ৰুকুনী বাৰেকুৰিৰে দুহিতা আছিল। উল্লেখযোগ্য যে, এই বাৰেকুৰি অঞ্চলটোৱে পৰম্পৰাগতভাৱে বীৰ বীৰাঙ্গনা জন্ম দি আহিছে। বাৰেকুৰি নাম পোৱাৰ আগতেই খামতি আক্ৰমনকাৰীৰ বিৰুদ্ধে যুঁজত ইয়াৰেই জপৰা, জগধা, চিপাদা আদি মৰাণ বীৰে প্ৰদৰ্শন কৰা অতুলনীয় বীৰত্বৰ কহিনী কিংবদন্তিৰ দৰে আজিও অঞ্চলটোৰ লোকৰ মুখে মুখে  প্ৰচলিত হৈ আহিছে।

হলৌ-বান্দৰ আৰু বন্যপ্ৰাণী সংৰক্ষণ

বাৰেকুৰি অঞ্চলটোৱে প্ৰসিদ্ধ লাভ কৰিছে ইয়াত থকা দুষ্পাপ্য হলৌ-বান্দৰৰ বাবে। হলৌ বা Hoolock Gibbon হৈছে গিবন প্ৰজাতিৰ এবিধ লুপ্তপ্ৰায় বান্দৰ। যুগ যুগ ধৰি বাৰেকুৰি অঞ্চলৰ ৰাইজে হলৌ-বান্দৰক পৰিয়ালৰ সদস্যৰ দৰে জ্ঞান কৰি আহিছে।বান্দৰৰ বাবে কল, কঠাল ৰুইছে। কেৱল বান্দৰেই নহয়, আন বন্যপ্ৰাণীৰ প্ৰতিও তেওঁলোকৰ মৰম-আন্তৰিকতা অতুলনীয়। কেইবছৰমান আগতে ন-মতাপুং গাঁৱত আহত হোৱা ধনেশ পক্ষী এহাল ইয়াৰে বীৰেন্দ্ৰ গোহাঁইয়ে ভালদৰে পৰিচৰ্যা কৰি সুস্থ কৰি তুলিছিল। মানুহৰ মৰম বুজি পোৱা বনৰ পক্ষীহালে গোহাঁইৰ ঘৰৰ চৌহদ এৰি নোযাৱা হ’ল। চলিত বছৰতে বান দুৰ্যোগৰ সময়ত সম্ভৱতঃ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এহাল হৰিণা পহুৱে আশ্ৰয় বিচাৰি বাৰেকুৰিলৈ আহিছিল। কৰবাত কাঁইটীয়া তাঁৰৰ বেৰত লাগি এটা হৰিণা গুৰুতৰভাৱে আহত হয়। ৰাইজে ধৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত উন্নত চিকিৎসাৰ বাবে বন বিভাগক গতাই দিয়ে। কিন্তু চিকিৎসকে হৰিণটো বচাব নোৱাৰিলে। মৃত হৰিণটো বাৰেকুৰিৰ বিহিয়াটিং গাঁৱলৈ আনি ৰাইজে মৃতকৰ যথাবিধি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। ইয়াৰ হলৌ-বান্দৰৰ মৃত্যু হলেও মানুহৰ দৰেই সৎকাৰ কৰা হয়। গঁঞা ৰাইজৰ সৈতে বান্দৰৰ এই আত্মিক সম্পৰ্ক সাতামপুৰুষীয়া। কেতিয়াৰ পৰা আৰম্ভ হ’ল সেই বিষয়ে কোনেও নাজানে।

বাৰেকুৰিৰ গঁঞাৰ বন্যপ্ৰাণী তথা প্ৰকৃতিৰ প্ৰেমৰ এই অনন্য নিদৰ্শনে ইতিমধ্যে দেশ-বিদেশতো সমাদৰ লাভ কৰিছে। দুবছৰমান আগতে বি বি চিৰ তৰফৰ পৰা তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো মাজে সময়ে চৰ্চিত হৈছে। শেহতীয়াকৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে তেঁওৰ মন কী বাত অনুষ্ঠানত কৰা উচ্চ প্ৰশংসাসূচক মন্তব্যই দেশজুৰি অধিক প্ৰসিদ্ধি প্ৰদান কৰিছে।

বাৰেকুৰিৰ পাঁচখন গাওঁ – তৰাজান, দীঘলসাঁকো, ন-মতাপুং, পুৰণি মতাপুং আৰু বৰজানত গিবনৰ পাঁচটা পৰিয়াল আছে। দীঘলসাঁকো গাঁৱত থকা হলৌ-বান্দৰৰ তিনিজনীয়া পৰিয়ালটো বেছিকৈ দেখা যায় মুহিত চুতীয়াৰ চোতালত। অলপ আঁতৰি গলেও তেঁও মাত দিলেই লৱৰি আহে। হাতত পৰাই নি কল খায়। মাকজনীয়ে কেতিয়াবা ওচৰ চাপি অহিবলৈ ইতঃস্তত কৰি থাকে। দলিয়াই দিলে সুদক্ষ ক্ৰিকেটাৰৰ দৰে কেট্চ ধৰি লয়। লক্ষ্যনীয় যে মুহিত চুতীয়া স্থানীয় লোকৰ মাজত বান্দৰ নামেৰেহে অধিক পৰিচিত।  সৰুতে বান্দৰৰ দৰে গছ বগাই ফুৰা বাবেই পোৱা উপনামটো বৰ হৈ ৰৈ গল। বনমন্ত্ৰী হৈ থাকোতে এবাৰ প্ৰমীলাৰাণী ব্ৰক্ষ্ম তিনিচুকীয়ালৈ আহি লগৰ বিষয়া এজনক কলে- “বান্দৰৰ বাৰীত থকা বান্দৰ কেইটা চাবলৈ যাঁও”। হতচকিত বিষয়াই বহু পিছতহে তাৰ উৱাদিহ পালে।

হলৌ বান্দৰ সংৰক্ষণৰ বাবে বৰেকুৰি বাসীয়ে যোৱা কোইবছৰ মানৰ পৰা প্ৰতি বছৰে ২৩ অক্টোবৰৰ দিনটোত বিশ্ব গিবন দিৱস উদযাপন কৰি আহিছে। এইবেলি যোৱা ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ এই দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে। এই অনুষ্ঠানত বৰেকুৰিৰ ৰাইজৰ সহাৰি আৰু সহযোগ দেখি আমি অভিভূত হৈ পৰিছিলো। পিছে অতি চিন্তনীয় বিষয় হৈছে গঁঞাই অসাধাৰণ সজাগতাৰে হলৌ-বান্দৰৰ সৈতে সহবাসৰ অনুপম উদাহৰণ দাঙি ধৰা স্বত্তেও অঞ্চলটোত গিবনৰ সংখ্যা কমিহে আহিছে। ২০০৩ চনত থকা ৩৪ টা পৰা এতিয়া ২০ টাহে ৰৈছে। যোৱা শতিকাৰ আশীৰ দশকত উজনি অসমত বৃদ্ধি পোৱা চাহবাৰীৰ জনপ্ৰিয়তাই স্থানীয় বহুতো লোকক বাৰীৰ ডাঙৰ গছ কাটি চাহবাৰী আৰু কমলাবাৰী স্থাপন কৰিবলৈ উৎসাহিত কৰে। ফলত গিবনৰ স্বাভাৱিক চলন-ফুৰন বাধাগ্ৰস্থ হয়। একে সময়তে যজ্ঞোখোৱা গাঁৱত ভাৰতীয় তেল নিগমে স্থাপন কৰা তৈলখাদৰ পৰা ওলোৱা জুই আৰু ধোঁৱাই এইবিধ অতি সংবেদনশীল বন্যপ্ৰাণীৰ প্ৰজনন ক্ষমতাত বিৰূপ প্ৰভাৱ পেলোৱা বুলি ধাৰনা কৰা হৈছে। তদুপৰি কুৰি শতিকাৰ শেষৰফালে অঞ্চলটোলৈ হোৱা বৈদ্যুতিকৰণেও এই লুপ্তপ্ৰায় বান্দৰ প্ৰজাতিৰ জীৱনলৈ সংশয় মাতি আনে । মুক্ত পৰিবাহী লাইটৰ  তাঁৰত লাগি বিদ্যুৎ প্ৰবাহিত হৈ কেইবাটাও বান্দৰৰ মৃত্যু হয়। অৱশ্যে শেহতীয়াকৈ ইয়াৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ হেঁচা আৰু প্ৰশাসনৰ সদিচ্ছাৰ বাবে বাৰেকুৰিলৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰসমূহ পূৰ্বৰ তুলনাত সুৰক্ষিত ৰূপলৈ উন্নীত কৰাত বন্যপ্ৰাণী সমূহৰ দুৰ্ঘটনাৰ আশংকা হ্ৰাস পাইছে। বন বিভাগৰ সহযোগত হলৌ বান্দৰৰ প্ৰিয় নুনি, কঁঠাল আদিৰ পুলি ৰোৱা হৈছে। এনে প্ৰচেষ্টাই হয়তো গিবনৰ সংখ্যা বৃদ্ধিত সহায় কৰিব যদিহে তৈলখাদ আৰু উন্নয়নে কঢ়িয়াই অনা প্ৰদুষণৰ মাত্ৰা হ্ৰাস কৰিব পৰা যায়।

মাগুৰি বিল আৰু ইয়াৰ প্ৰাকৃতিক শোভা

বাৰেকুৰিতে আছে আন এক প্ৰকৃতিক সম্পদ- মাগুৰি বিল। এই চহকী বিশাল আদ্ৰভূমি মাতাপুং গাঁৱৰ সৈতে সংলগ্ন হৈ থকা বাবে শেহতীয়াকৈ মাগুৰি-মতাপুং নামেৰে নামেৰেই অধিক পৰিচিত হৈ পৰিছে যদিও ১০ কিঃমি জোৰা বিলখন সিপাৰে বহু চৰ্চিত বাঘজান গাঁৱৰ সৈতেও সংলগ্ন হৈ আছে। ডুমডুমা নৈ আহি মাগুৰি বিলতে পৰিছে আৰু ইয়াৰ পৰাই এটা সুঁতি গৈ ডিব্ৰু নৈ হৈ ব্ৰক্ষ্মপুত্ৰত মিলিছে।  সেয়ে বিলখন সদায় চঞ্চল আৰু প্ৰাণবন্ত হৈ থাকে। ইয়াৰ সজীৱ জলধাৰ অসংখ্য় মাছ-কাছ আৰু পক্ষীৰ বিচৰণ ক্ষেত্ৰ। বিশেষকৈ শীত কালৰ অজস্ৰ পৰিভ্ৰমী চৰাইৰ আগমনত মুখৰ হৈ পৰে মাগুৰি বিল। তাৰ ভিতৰত শৰীৰী সৌন্দৰ্য্যৰ বাবে বিশ্বখ্যাত মেণ্ডাৰিন হাঁহো দুবছৰ পূৰ্বে ইয়াত দেখা গৈছিল বুলি জনালে স্থানীয় সাংবাদিক ৰাণাদ্বীপ দুৱৰাই। তেওঁ জনোৱামতে বিপদাপন্ন ঘোষিত কেইবাটাও প্ৰজাতিৰ চৰায়ো ইয়াত  দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত দেওহাঁহ (White-Winged Wood Duck), কাকলি হাঁহ (Ferruginous Duck), নল খাগৰি ভাটৌ (Black-breasted Parrotbill), পানীটুকি (Marsh Babbler), হয়কলি (Swamp francolin) আদি অন্যতম। ইায়াৰ উপৰি আমৰলীয়া হাঁহ, বামুনী হাঁহ, বৰমুখী বা বৰমূগী হাঁহপ্ৰভৃতি তিনি শতাধিক চৰাই এইখন বিলত দৃশ্যমান হৈছে বুলি জনাই স্থানীয় প্ৰকৃতি সুৰক্ষা কৰ্মী অচিন্ত্য চুতীয়াই। বিলখন কেইবাবিধো কাছ আৰু ডলফিনৰো নিৰাপদ আশ্ৰয়স্থল হিচাপে পৰিগণিত হৈ আহিছে। স্বাভাৱিকতেই ইয়ালৈ যথেষ্ট পৰ্যটকৰ আগমন ঘটিবলৈ লৈছে। সেয়ে অসম পৰ্যটন উন্নয়ন নিগমৰ তৰফৰ পৰা মতাপুং গাঁৱত বিলৰ পাৰত দুটা পক্ষী নিৰীক্ষণ স্তম্ভ নিৰ্মাণ কৰাৰ উপৰিও নতুনগাঁওত আটকধুনীয়া ৰিজ’ৰ্ট নিৰ্মাণ কৰিছে। অৱশ্যে আইনী জটিলতাৰ পাকত পৰি ৰিজৰ্টখন এতিয়ালৈ মুকলি হোৱা নাই। পৰ্যটন নিগমৰ ৰিজ’ৰ্ট মুকলি নহলেও অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগত খণ্ডত ভালেসংখ্যক ৰিজ’ৰ্ট গঢ়ি উঠিছে।

বাৰেকুৰিৰ গ্ৰাম্য পৰ্যটন

অতি সুবিধাজনক ভৌগলিক অৱস্থান আৰু চহকী প্ৰকৃতিক সম্পদে বাৰেকুৰি গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰ হিচাবে বিকশিত আৰু জনপ্ৰিয় হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ চৌপাশ আগুৰি আছে কোবাখনো নৈ আৰু বৃহৎ বৃহৎ চাহ বাগিচাই। স্বকীয় কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ স্থানীয় মৰাণ জনগোষ্ঠীৰ বিহু উৎসৱৰ সুকীয়া বৈশিষ্ট্য আৰু আকৰ্ষণ আছে। চাহ জনগোষ্ঠীৰ লোকো এই অঞ্চলটোত যথেষ্ট পৰিমানে আছে, যিয়ে সাংস্কৃতিক বৈচিত্ৰৰ চানেকিৰে চহকী কৰিছে। এই সকলোৱে অঞ্চলটোলৈ গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে। সেয়েহে অঞ্চলটোত প্ৰকৃতি সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা যুৱক দিপ্লৱ চুতীয়াই দীঘলসাঁকো গাঁৱত ‘বাৰেকুৰি গিবন হোমষ্টে’ নামেৰে হোমষ্টে এটি স্থাপন কৰিছে।

বাৰেকুৰিৰ যজ্ঞোখোৱা গাঁৱৰ প্ৰগতিশীল খেতিয়ক গিৰীশ চুতীয়াই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বগা,নীলা,সেউজীয়া, ৰঙা আদি বিভিন্ন প্ৰকাৰৰ উৎকৃষ্ট চাহপাত উৎপাদন কৰি দেশ-বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। তেঁওৰ চাহ উৎপাদন গোটটো চাবলৈ আৰু ভিন্নৰঙী চাহৰ সোৱাদ লবলৈ বহু পৰ্যটকো ইয়ালৈ আহে,, চাহপাত ক্ৰয় কৰে। যজ্ঞোখোৱা গাঁও বাৰেকুৰিৰ প্ৰায় মধ্যস্থল। এসময়ত ইয়াত দেৱীশাল আৰু দেউচাং আছিল, য’ত কেঁচাইখাইটি গোঁসানী আৰু শিৱৰ আৰাধনা কৰা হৈছিল। এই অঞ্চলটোৰ লোকসকল বৈষ্ণৱ ধৰ্মত দীক্ষিত হোৱাৰ পিছত সেই থান লাহে লাহে বিলুপ্তিৰ গৰ্ভত লীন যায়।বাৰেকুৰিৰ ফুটবল দল অতি নিপুন খেলুৱৈৰে গঠিত শক্তিশালী দল বুলি সুনাম আছে।

এনেদৰে বাৰেকুৰিৰ বাৰেকুৰি কথা কৈ ওৰকে পেলাব নোৱাৰি। অপুনিও যদি ঘৰৰ বাৰেকুৰি বন কাটি কৰিব পাৰে, তেন্তে এবাৰ তিনিচুকীয়াৰ বাৰেকুৰিলৈ আহিব পাৰে। আহি উপভোগ কৰিব পাৰে গ্ৰামীণ জীৱনৰ সৰলতা, প্ৰাকৃতিক সৌন্দৰ্য্যৰ মোহনীয়তা, হলৌ-বান্দৰৰ আতিথ্য, অগনন পক্ষীৰ মধুৰ কাকলি আৰু বহুতো।

(লিখক তিনিচুকীয়াৰ জিলা তথ্য় আৰু জনসংযোগ বিষয়া)

You might also like