নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : পানেৰীৰ অর্পণা মেধিৰ কর্মমুখী আদর্শ

বাপন শর্মা

আমি জানো যে প্রত্যেকজন ব্যক্তি তথা লোকৰে নিভৃত কোণত কিছু সপোন আৰু লক্ষ্য থাকে৷ মানুহে জীৱনৰ পৰা আশা কৰা বিভিন্ন প্রাপ্তি অথবা আকাংক্ষিত লক্ষ্যত উপনীত হ’ব নোৱাৰিলেও কিন্তু কর্মস্পৃহা দৃঢ়তাৰে গতিশীল কৰি তোলে৷ আন কিছুমান লোকে নিজৰ নিজৰ লক্ষ্যত ডপনীত হ’ব নোৱাৰালৈকে সাধনা, ত্যাগ আৰু মনোবল সুদৃঢ় কৰি তুলি বিভিন্ন কামত মন আত্মনিয়োগ কৰি জীৱন জীপাল কৰি তুলিবলৈ সক্ষম হোৱা দেখা যায়৷ এনে এগৰাকী আদর্শ নাৰী হৈছে ওদালগুৰি জিলাৰ পানেৰীৰ খ্রীষ্টানপাৰাৰ বাসিন্দা তথা পানেৰীৰ বোৱাৰী অর্পণা মেধি৷ নলবাৰী জিলাৰ বৰভাগ মৌজাৰ কোঠালকুছি গাঁৱৰ পিতৃ স্বর্গীয় বাবুল মেধি, মাতৃ প্রণিতা মেধিৰ একমাত্র কন্যা হৈছে অর্পণা মেধি৷পান্দুলা প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা লাভ কৰাৰ পিছত নলবাৰী জিলাৰ বৰভাগ কালা হাইস্কুলৰ পৰা ২০০৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ ২০০৮ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত বৰভাগ কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা অর্পণা মেধিয়ে উচ্চ শিক্ষা গ্রহণ কৰাৰ পিছতো কিন্তু কোনো চৰকাৰী চাকৰিৰ পিছত নদৌৰি অসমৰ এটা আগশাৰী আৰু অগ্রণী স্বেচ্ছাসেৱী অনুষ্ঠান গ্রাম্য বিকাশ মঞ্চৰ সৈতে জড়িত হৈ সেৱা আগবঢ়ায়৷ মানুহৰ মাজত থাকি, মানুহৰ বাবে কাম–কাজ কৰি জীৱন নির্বাহ কৰিবলৈ ভালপোৱা মেধিয়ে পঢ়ি থকা অৱস্থাত কলেজৰ জিৰণি কোঠাৰ সম্পাদিকা হিচাপে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ী হ’বলৈ সক্ষম হৈছিল৷ এয়াই হয়তো মেধিৰ বাবে জীৱনৰ টার্নিং পইণ্ট৷ ২০১৪ চনত ওদালগুৰি জিলাৰ পানেৰীৰ খ্রীষ্টানপাৰা নিৱাসী সামাজিক ব্যক্তি তথা সেই সময়ত পানেৰী গাঁও পঞ্চায়তৰ সভাপতি যোগেন মেধিৰ পুত্র দীপক মেধিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ একমাত্র এটি সন্তানৰ মাতৃ অর্পণা মেধিৰ পুত্র মাধুর্য প্রতিম কাশ্যপ চতুর্থ শ্রেণীৰ ছাত্র৷ সততে এটা ৰাজহুৱা মন আৰু কৃষিকর্মৰ প্রতি দুর্বলতা থকা মেধিয়ে বিবাহপাশত আৱদ্ধ নোহোৱাৰ আগতেহ ২০১৩ চনত ৰাষ্ট্রীয় দল ভাৰতীয় জনতা পার্টীৰ এগৰাকী সদস্য পদ গ্রহণ কৰি ৰাজনৈতিক ক্ষেত্রখনৰ সৈতে জডিত হৈ পৰিছিল৷ বিবাহ সূত্রে পানেৰীলৈ আহিলেও ৰাজনৈতিক ক্ষেত্রখনৰ লগতে সমান্তৰালকৈ কৃষিকর্মৰ লগত একাত্ম হৈ পৰা অর্পণা মেধিয়ে পানেৰীৰ গৃহত থকা ৭০ বিঘা মাটিত যি চাহ বাগিচা আছে তাত স্বামীৰ সৈতে মিলি সম্পূর্ণ তদাৰক কৰা, চোৱাচিতাৰ দায়িত্ব লৈ শ্রমিকসকলৰ লগত জডিত হৈ আহিছে৷ পুৰুষ –মহিলা মিলি প্রায় ৩০–৪০গৰাকী শ্রমিকক কর্মসংস্থাপনৰ পথ মুকলি কৰি দিবলৈ সক্ষম হোৱা অর্পণা মেধিৰ আছে এখন ছাগলীৰ ফার্ম৷ ফার্মত বর্তমানলৈকে আছে প্রায় ৪০–৫০টাকৈ উন্নত আৰু থলুৱা জাতৰ ছাগলী৷ ইয়াৰ উপৰিও ১০টাকৈ গাইগৰু৷ পূৰবী ডায়েৰীত নিতৌ ২০ৰ পৰা ৩০ লিটাৰ গাখীৰ বিক্রী কৰি নিজকে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে অঞ্চলৰ সহস্রজনক৷ প্রতি বছৰে কেৱল নিমখ কিনি খোৱা পৰিয়াটোৰ অর্পণা মেধিয়ে নিজৰ ৮ বিঘাৰো অধিক মাটিত আদা, হালধি, সৰিয়হ, ফুলকবি, বন্ধাকবি, ওলকবিৰ জৈৱিক পদ্ধতিৰে নিজে খেতি কৰি পৰিয়ালৰ সৈতে তৃপ্তিৰে খাহ অহাৰ কথাও ডল্লেখ কৰে৷ অতি সহজ–সৰল আৰু উজ্জ্বল ভৱিষ্যতৰ সপোন দেখি অহা মেধিয়ে কৃষিকর্মৰ মাজত সোমাই পৰিও ৰাজনৈতিক ভৱিষ্যতৰ সপোন পুহি এগৰাকী ৰাজনৈতিক নেত্রী হিচাপেও ৰাহজৰ মাজত বহল মনৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ সামাজিক কাম–কাজ বিশেষকৈ এটা ‘প্রিয় বন্বুূ’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত হৈ সেৱা আগবঢ়াই আহিছে৷ পানেৰী আঞ্চলিক নাৰী সুৰক্ষা সমিতিৰো এগৰাকী অন্যতম বিষয়ববীয়া মেধিয়ে ২০১৭ চনত ভাৰতীয় জনতা পার্টীৰ ওদালগুৰি জিলা মহিলা মর্চাৰ আহ্বায়ক হিচাপে, ১০১৮ চনত জিলা সমিতিৰ সম্পাদিকা, ২০১৯–২৪ৰ বাবে মহিলা মর্চাৰ জিলা সমিতিৰ সভাপতি, ২০২৪ চনত পুনৰ খালিংদুৱাৰ ব্লকৰ সভাপতি পদত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে আৰু নিস্বার্থভাৱে সেৱা আগবঢ়াই যাবলৈ সক্ষম হৈছে৷ ২০২০ চনৰ ডিচেম্বৰ মাহত বিটিচি পৰিষদৰ এগৰাকী মনোনীত সদস্য হিচাপে মনোনীত হোৱা অর্পণা মেধিয়ে নিজৰ সপোন বাস্তৱায়িত কৰাৰ লগতে আন বহুজনৰ বাবে আশাৰ বতৰা আৰু ৰেঙণি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, ইয়াৰ বাবে অতি এক আদর্শও৷ আমাৰ ফালৰ পৰাও তেখেতলৈ জনালোঁ অশেষ অভিনন্দন৷

You might also like