নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : কেইবাশতিকা ঐতিহ্যৰে সমৃদ্ধ বাইহাটা শিৱ মন্দিৰ

ৰমণী মোহন ডেকা

পূব কামৰূপ অঞ্চলৰ মদাৰতলা মৌজাৰ বাইহাটা নামটিয়ে এক ঐতিহ্য বহন কৰি আহিছে৷ এইখিনিতে বাইহাটা নামকৰণৰ বিষয়ে উল্লেখ কৰা সমীচীন হ’ব৷ ইতিহাসবিদ চৈয়দ আব্দুল আলমে উল্লেখ কৰা মতে, মূল বাই হাথায়৷ বাই মানে ভঙা, হাথায় মানে হাট বা বজাৰ৷ বড়ো ভাষাৰ পৰা অহা শব্দ৷ এসময়ত বাইহাটা নামৰ ঠাইখিনিত ডাঙৰ ‘হাট বা বজাৰ’ বহিছিল৷ প্রাকৃতিক দুর্যোগ, মানৰ আক্রমণ বা আন গতি প্রৱাহত বজাৰ বন্ধ হৈ যোৱা বাবে ‘বাইহাটা’ নামকৰণ হৈছিল৷

বাইহাটা তালুকৰ ক্ষেত্রত বুৰঞ্জীত এনেদৰে উল্লেখ আছে যে চন্দ্রকান্ত সিংহ (১৮১৯–২১) মহাৰাজাই মদাৰতলাৰ ভথৌ বৰকায়স্থক সহায় কৰিবৰ উদ্দেশ্যে জমি দান দিয়াৰ লগতে কিছুসংখ্যক মানুহক বৰকায়স্থক সহায় কৰিবৰ বাবে নিযুক্তি দিছিল৷ দান গ্রহিতা ভথৌ চৌধাৰীৰ আন এটি নাম বিষ্ণুচৰণ আছিল৷ এওঁলোকক বৰকায়স্থৰ বংশ বা নাৰায়ণ গোমথাৰ বংশ বোলা হৈছিল৷ বুৰঞ্জীৰ মতে, আহোম ৰাজ চন্দ্রকান্ত সিংহৰ দিনত এখেতে বৰকায়স্থ হৈছিল৷ বিষ্ণুচৰণে যদিও বৰকায়স্থ উপাধি পাইছিল, আচলতে কিন্তু তেওঁ সেই অঞ্চলৰ বুজৰবৰুৱাৰ কামহে কৰিছিল৷ এই সন্মান বোলে বৰফুকনৰ তলতে আছিল৷ সেই সময়ত কামৰূপৰ পূব কামৰূপ অঞ্চলৰ সমস্ত বৰুৱা, বৰ কাইথ, চৌধাৰী, পাটোৱাৰী আদি ভথৌ বৰকায়স্থৰ অধীনত আছিল৷ এওঁ শাসন কৰা ঠাইৰ সীমা উত্তৰে ভোট, দক্ষিণে গাৰোপাহাৰ, পূবে বৰনদী আৰু পশ্চিমে পাগলাদিয়া নদী আছিল বুলি কোৱা হৈছিল৷ বর্তমানে বাইহাটা ষ্টেচনৰ পশ্চিমে থকা চেঁচা নদীৰ পাৰত তেওঁৰ থানা (সদৰ) আছিল, আজিকালি এই ঠাইকে মানুহে ‘থানা পাতা ঘাট’ (কায়স্থ সমাজৰ ইতিবৃত্ত, পৃঃ ৪৫৮)৷

চন্দ্রকান্ত সিংহ মানৰ অনুগ্রহত দ্বিতীয়বাৰ ৰজা হৈছিল ১৭৪০ শকৰ শেষত৷ আৰু ১৭৪২ শকৰ চ’ত মাহত মানৰ ভয়ত গুৱাহাটীলৈ আহিছিল৷ তাতে আকৌ মানে খেদি ৰণ কৰাত স্বর্গদেউ গুৱাহাটীৰ পৰা পলাই গৈছিল ৰংপুৰলৈ দুবছৰ আঠ দিন ৰাজভোগৰ পিছত৷ গতিকে দেখা যায় মানৰ দিনৰ ভীষণ অস্থিৰ অৱস্থাৰ মাজতে ৰজা আৰু বৰফুকনে ভথৌ চৌধাৰীক জমি আৰু মানুহ কিছুমানক নিযুক্তি দিছিল৷

তাম্রফলিত এনেদৰে উল্লেখ আছিল– এতদ্বিবৰণাং কামৰূপ দেশৰ বড়ুৱা ও বৰকায়স্থও চৌধাৰী ও পাটোৱাৰি ও তালুকদাৰ ও ঠাকুৰীয়া সকলো সাৱধানে সুনিব বড়বঙ্গষৰ পৰগণাৰ আলিপুৰ তালুকৰ নিজ আলিপুৰ গ্রামৰ জোখাৰ উবাৰ মাটি ১০ দহ পুড়া বড়ি ২ দুপুৰা উবাৰ বিল মদন কামদেৱৰ ঘাটৰ পৰা সীয়নাৰ বড়িলৈ মদন কুড়ি এচোৱা বড়বঙ্গষৰ পৰগণাৰ বাইহাটা তালুকৰ নিজ বাইহাটা গ্রামৰ জোখাৰ উবাৰ মাটি ১০ পুড়া বড়ি ২ দুপুৰা স্বতন্ত্র তালুকৰ আলকুচি গ্রামৰ উপৰ বিল ভেৰভেৰি ডোবা ১টা ৰ পুণ্যার্থে তলে ভথৌ চৌধাৰীক ধর্মত্তৰ কৰি দিয়া গ’ল– আত বাজে নান কাৰকৈ ধি (২) মানকৈ তালুকৰ সাদ গাঞৰ জোখাৰ উবাৰ হাবি দলনি মাটি ৪৮ দুকুৰি আঠপুড়া ৰ আগত নিত্যে নৈবিদ্য দি বন্তি জ্বলাই ক আশীর্বাদ কৈ (থাকিব পুত্র) পৌত্রাদিক্রমে পৰম সুখে উপভোগ কৰি থাকিব ইহ মাটি বিলত কৰ–কাটল পদপঞ্চক কেঠ বেগাৰ চোৰ চিমলা ধুমুচি মাৰেচা জলকৰ জবক্ষাৰ চকি ফাট হাট খাট দান খুত সর্ব্ব বাব পৰিত্যাগ হৈল, কোনোজনে অন্যথা নাচৰিব ইতি শক ১৭৪২ তাৰিখ ১০ আসন (?)৷

এসময়ৰ প্রাগজ্যোতিষ বা কাৰূপ নামেৰে প্রসিদ্ধ এই ৰাজ্যখনত শিৱ পূজাৰ পৰম্পৰাও অতি প্রাচীন৷ চতুর্থ শতিকাৰ পৰা দ্বাদশ শতিকামানলৈ কামৰূপ শাসন কৰা বর্মন, শালস্তম্ভ, পাল আদি ৰাজবংশৰ শাসনকালত শৈৱ ধর্মৰ ব্যাপক প্রভাৱ পৰা পৰিলক্ষিত হৈছিল৷ ৰজাসকলৰ শিল আৰু তামৰ ফলিকে ইয়াৰ উদাহৰণ হিচাপে ল’ব পাৰি৷ বর্মন বংশৰ ভাস্কৰ বর্মা, শালস্তম্ভ বংশৰ বনমালদেৱ, পাল বংশৰ ইন্দ্রপাল, ধর্মপাল আদি কামৰূপৰ ৰজাসকলৰ এনে ফলকবোৰক শিৱৰ অনেক বিশেষণেৰে বিভূষিত কৰা হৈছিল৷ আহোম ৰজাসকলে বিভিন্ন ঠাইত শিৱালয় নির্মাণ কৰাৰ লগতে দেৱোত্তৰ, ব্রহ্মোত্তৰ আদি জমিদান দিছিল৷ বাইহাটাৰ মাজমজিয়াত অৱস্থিত শিৱ মন্দিৰত নিত্য পূজা, ভোগ, নৈবেদ্য প্রচলিত যদিও শিৱ মন্দিৰটো কোনে, কেতিয়া এই ঠাইত স্থাপন কৰিলে তাক ইতিহাসে দাঙি ধৰিব পৰা নাই৷ তথাপি সমাজকর্মী উমেশ চন্দ্র মজুমদাৰে জানিবলৈ দিয়া মতে, জনশ্রুতি মতে মন্দিৰৰ শিৱলিংগটি হেনো হাজোৰ কেদাৰনাথৰ ওচৰত আছিল৷ সেই কেদাৰনাথ দেৱালয়ৰ পূজাৰী ব্রাহ্মণ এজনে উক্ত শিৱলিংগটি সেই ঠাইৰ পৰা নাৱেৰে আনি থাকোঁতে তেতেলিয়াত নাওখন ডুব গৈছিল৷ কিছুদিনৰ পিছত সেই ব্রাহ্মণজনে সপোনত দেখিবলৈ পাই শিৱলিংগটি পুনৰ উদ্ধাৰ কৰি আনি উক্ত ঠাইতে স্থাপন কৰি পূজা–পার্বণ আৰম্ভ কৰিছিল৷ ইপিনে পূব কামৰূপৰ গোপেশ্বৰ, পিংগলেশ্বৰ আদি দেৱালয়ত ১৮ শতিকাৰ আৰম্ভণিতে শিৱসিংহ ৰজাই পুখুৰী খন্দাই, সা–সামগ্রী, জমি দান দিছিল যদিও বাইহাটা শিৱ মন্দিৰৰ দান দিয়া কোনো ফলি উদ্ধাৰ নহ’লে ইয়াৰ কোনো ঐতিহাসিক গুৰুত্ব নাই বুলি উলাই কৰিব নোৱাৰি৷

পৰৱর্তী সময়ত ৰাজহুৱা কামৰ অজুহাতত বাইহাটাৰ ওচৰৰ সন্মানীয় প্রভাৱশালী ভথৌ বৰকায়স্থ (চৌধাৰী) জে’লত থাকোঁতে, উক্ত মন্দিৰৰ ঘৰ–দুৱাৰ আৰু পূজা–পার্বণৰ ব্যৱস্থা কৰি দিলে জে’লৰ পৰা মুক্তি পাব’ বুলি স্বপ্ণত দেখিবলৈ পোৱা বুলি জনশ্রুতিত জানিব পৰা গৈছিল৷ তাৰ কিছুদিন পিছতে জে’লৰ পৰা ওলাই মন্দিৰৰ ঘৰ–দুৱাৰ পুনৰ নির্মাণ কৰি পূজা–পার্বণৰ ব্যৱস্থা কৰি দিছিল৷ উমেশ মজুমদাৰে জানিবলৈ দিয়া মতে, মন্দিৰৰ ফলি–মোহৰ অন্তর্ধান কৰি জমিবোৰ ব্যক্তিবিশেষে নিজৰ নামত পট্টন কৰি লৈছিল৷ কেৱল মন্দিৰ প্রাংগণত বর্তমানে ৩ বিঘা ৩ কঠা আৰু ভোগ জমি ৩ বিঘাহে মন্দিৰ সমিতিৰ দখলত আছে৷ বাকীবোৰ ভোগ জমি বিভিন্নজনৰ নামত পট্টন হৈছিল৷ জানিব পৰা মতে, অসম ছেডিউল এক্ট ১৯৫২ আৰু ১৯৬১ চনৰ টেম্পল এক্ট মতে জমিবোৰ দখলকাৰীৰ নিজৰ নিজৰ নামত পট্টন হৈছিল৷ বিশেষত্ব থকা শিৱ মন্দিৰটোত শিৱৰ লগতে গণেশ, কালী, লক্ষ্মী, কুবেৰ, মনসা আদি দেৱ–দেৱীৰ মূর্তি স্থাপিত কৰি পূজা–পার্বণ দৈনিক নৈবেদ্য আগবঢ়াই থকা হৈছে৷ মন্দিৰ প্রাংগণত বর্ণাঢ়্য কার্যসূচীৰে শিৱৰাত্রি, দুর্গাপূজা, লক্ষ্মীপূজা, জন্মাষ্টমী পালন কৰাৰ উপৰি দামোদৰ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে ব’হাগৰ শুক্লা প্রতিপদ তিথিত অঞ্চলটোৰ ৰাইজে বিভিন্ন কার্যসূচীৰে পানী তোলা উৎসৱ বছৰি পালন কৰি আহিছে৷ ভাতৃত্ববোধ আৰু সংহতিৰ পৰিচয় থকা ‘বাইহাটা শিৱ মন্দিৰ’ বর্তমান সময়ত সম্প্রীতিৰ এক নিদর্শন হওক৷

ফোনঃ ৯৮৬৪২–৯৩০৮৩

You might also like