নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : চিলাই মেচিনেৰে স্বাৱলম্বনৰ যাত্রা নলবাৰীৰ বৈজয়ন্তী ডেকাৰ

নগেন তালুকদাৰ

স্নাতক ডিগ্রীধাৰী এজনী জীৱন সংগ্রামী তিৰোতা৷ নাম বৈজয়ন্তী ডেকা৷ নলবাৰী জিলাৰ খখৰিশাল গাঁৱৰ কুমাৰপাৰা চুবুৰিত প্রয়াত উপেন ঠাকুৰীয়াৰ ঔৰসত আৰু পদ্মা ঠাকুৰীয়াৰ গর্ভত ১৯৭৪ চনত জন্মলাভ কৰে বৈজয়ন্তীয়ে৷ জন্ম গাঁওখনৰে ৮০৩নং পকোৱা বাঁহজানী প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলাৰ পিছত দেহৰ কালাকুছি গাঁওস্থিত দক্ষিণ পকোৱা বাঁহজানী মিলন হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ নলবাৰী জিলাৰ মহিলাসকলৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান মহেন্দ্র নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ পৰা ১৯৯৫ চনত বি এ পাছ কৰে৷

১৯৯৬ চনৰ ২৪ জানুৱাৰীত খখৰিশাল গাঁৱৰে প্রয়াত বাপুৰাম ডেকা আৰু প্রয়াত ক্ষিৰোদা ডেকাৰ জ্যেষ্ঠ পুত্র বিশিষ্ট সাংবাদিক, লেখক, নাট্যকাৰ হিতেশ ডেকা (ৰাজ)ৰ লগত বিবাহপাশত আবদ্ধ হয়৷ পৰৱর্তী সময়ত বৈজয়ন্তীৰ সংসাৰখনলৈ আহে বিদুষী সুকন্যা আৰু অনন্যা তৰালি নামৰ দুগৰাকী কন্যা৷ স্নাতক ডিগ্রীধাৰী ক্রমে বৈজয়ন্তী আৰু তেওঁৰ স্বামী হিতেশ ডেকাৰ কোনো চৰকাৰী চাকৰি নথকা হেতুকে চাৰিজনীয়া পৰিয়ালটি চলোৱা আৰু দুয়োগৰাকী কন্যাক উচ্চ শিক্ষিত কৰি তোলাৰ ক্ষেত্রত আর্থিকভাৱে বহু জুৰুলাৰ সন্মুখীন হৈছিল৷ পৰিয়ালটিত উপার্জনৰ কোনো পথ নথকাত প্রবল আত্মবিশ্বাসী বৈজয়ন্তীয়ে সৰুৰে পৰা চিলাইৰ কামত থকা আগ্রহৰ বাবেই উপার্জনৰ পথ হিচাপে বাছি ল’লে চিলাইৰ কাম৷

২০১২ ইং চনত জিলাখনৰে নলবাৰী চহৰৰ গোপাল বজাৰত ‘ময়ূৰী লেডিজ টেইলৰিং’ নাম দি চিলাই মেচিন এটি লৈ বৈজয়ন্তীয়ে আৰম্ভ কৰিলে স্বাৱলম্বনৰ যাত্রা৷ বিগত ১২ বছৰে বৈজয়ন্তীয়ে জীৱন সংগ্রাম চলাই আহিছে৷ জিলাখনৰ বিভিন্ন স্থানৰ পৰা ময়ূৰী লেডিজ টেইলৰিঙলৈ আহি মহিলাসকলে নিজৰ লগতে শিশুসকলৰ বিভিন্ন ধৰণৰ কাপোৰ চিলাই কৰি আহিছে৷ বৈজয়ন্তীয়ে মহিলা আৰু শিশুসকলৰ বিভিন্ন কাপোৰ বিক্রী কৰিও আহিছে৷ বৈজয়ন্তীয়ে গঢ় দিয়া ‘ময়ূৰী লেডিজ টেইলৰিংখনত ইতিমধ্যে জিলাখনৰ প্রায় ৩০গৰাকী মহিলাই কাটিং আৰু চিলাইৰ বিদ্যা গ্রহণ কৰি তেওঁলোকেও স্বাৱলম্বী হোৱাৰ দিশে আগবাঢ়িছে৷ স্বামী আৰু বৈজয়ন্তীৰ কষ্টোপার্জিত ধনেৰে দুই কন্যাক নির্দিষ্ট সময়ত উচ্চ শিক্ষিত কৰি তুলিবলৈ সক্ষম হয়৷

কর্মদক্ষতা, আত্মবিশ্বাস আৰু একাগ্রতাৰ বলতেই স্বাৱলম্বী হ’বলৈ সক্ষম হোৱা বৈজয়ন্তীয়ে স্বামী হিতেশ ডেকাৰ ক্ষেত্রত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈ পৰে৷ এয়া ২০২২ চনৰ কথা৷ কিছুদিন ধৰি এক জটিল ৰোগত আক্রান্ত হৈ সেই বর্ষটোৰে ৩১ মার্চৰ নিশা ২.৩০ বজাত গুৱাহাটীৰ আর্য হাস্পতালত চিকিৎসাধীন হৈ থকাৰ মাজতে এই ধৰাৰ সকলো মায়া মোহ এৰি পৰলোকলৈ গতি কৰিছিল৷ স্বামী হিতেশ ডেকাই পত্নীৰ ওপৰত পৰিয়ালটিৰ বিশেষকৈ দুই শিক্ষিতা কন্যাৰ সম্পূর্ণ দায়িত্ব অর্পণ কৰি তেওঁৰ কাষৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱাৰ পিছৰে পৰা বৈজয়ন্তীৰ দায়িত্ব বাঢ়িল দুগুণ৷

দিন–ৰাতি একাকাৰ কৰি মহিলা আৰু শিশুৰ বিভিন্ন কাপোৰ চিলাই কৰি কষ্টোপার্জিত ধনেৰে জ্যেষ্ঠ কন্যা বিদুষী সুকন্যাক চলিত বর্ষৰে ২১ এপ্রিলত গৌৰৱ শিখৰ দাস নামৰ এজন যুৱকৰ লগত বিয়া দিয়ে৷ ৰাজ্যখনত চৰকাৰী চাকৰিবিহীন হৈ শিক্ষিত নিবনুৱা যুৱক–যুৱতীৰে ভৰি থকা সময়তে বৈজয়ন্তী কলিতাৰ দৰে স্নাতক ডিগ্রী লাভ কৰা এগৰাকী মহিলাৰ এই ১২ বছৰীয়া কর্ম জীৱনৰ সংগ্রাম বহু যুৱক–যুৱতীৰ আদর্শ হ’ব পাৰে৷

ফোন : ৬০০০৩–৬৮৮৩১

You might also like