নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ৩৫ বছৰে লোককৃষ্টি প্রচাৰ বৰদৌলগুৰি পাৰিজাত নামতি দলৰ

গৌতম কলিতা

কৃষ্টি–সংস্কৃতি এটা জাতিৰ দাপোণ সদৃশ৷ সংস্কৃতি অবিহনে এটা জাতিৰ স্বকীয়তা যেন অন্তঃসাৰশূন্য৷ বিভিন্ন জাতি–জনগোষ্ঠীৰে সমৃদ্ধিশালী অসমখন থলুৱা লোকবাদ্য, লোককৃষ্টিৰ ক্ষেত্রত ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত যথেষ্ট আগবঢ়া বুলিয়েই ক’ব লাগিব৷ অসমৰ অন্যান্য জিলাৰ লোককৃষ্টিৰ ভিতৰত দৰঙী লোককৃষ্টিৰ খুলীয়া ভাউৰীয়া, ব্যাসৰ ওজা, শুকনান্নী ওজা, নাগাৰা নাম, দেওধনী নৃত্য, আইনাম, ধাইনাম, বিয়ানাম, মহৌখুন্দা, নাঙেলী গীত, থিয়নামকে ধৰি অন্যান্য লোককৃষ্টিসমূহ গ্রাম্য অঞ্চলত অদ্যাপিও প্রচাৰ–প্রসাৰৰ ক্ষেত্রত যেন অগ্রণী ভূমিকা অব্যাহত ৰখাটো এক ইতিবাচক বতৰা বুলিয়েই ক’ব লাগিব৷ ইয়াৰে ভিতৰত ব্যতিক্রম নহয় দৰং জিলাৰ বৰদৌলগুৰি (কবেই চুবা গাঁও)ৰ পাৰিজাত নামতি দল৷

শিক্ষা বিভাগত ভিন্ন পদত নিযুক্তিৰ প্ৰস্তুতি

১৯৯৬ চনৰ পৰা গুৱাহাটী দূৰদর্শন কেন্দ্রত থিয়নাম,বৰগীত পৰিৱেশন, ২০০০ চনৰ পৰা গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ নিয়মীয়া শিল্পীৰূপে স্বীকৃতি লাভ, ২০০২ চনতsong and Drama divisionৰ দ্বাৰা পঞ্জীয়নভুক্ত মহিলা থিয়নামৰ দলটো বিগত পঁয়ত্রিশ বছৰ ধৰি লোককৃষ্টিবিধৰ প্রচাৰ–প্রসাৰৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰি আহিছে৷ পাঠক হিচাপে নিৰুপমা ডেকাৰ নেতৃত্বত পাৰিজাত নামতি দলটোত পদ্মা দেৱী (অসম চৰকাৰৰ একালীন শিল্পী সাহায্য বঁটাপ্রাপক), কৈশল্যা দেৱী, বীণাপাণি ডেকা, হেমলতা মেধি, হিমানী মেধি, দীপ্তি চহৰীয়া, কনেশ্বৰী ভূঞা, সৰুকণ বডা (এখেত নাগাৰা নামৰো পাঠক), ৰঞ্জিতা দেৱী, ৰোহেশ্বৰী দেৱী, ৰশ্মিৰেখা দেৱী, চন্দ্রমা দেৱী, গোলাপী শইকীয়া, তুলিকা ডেকাই দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ এক পঞ্জীয়নভুক্ত দল হিচাপে নিৰৱচ্ছিন্নভাৱে সংস্কৃতি চর্চাত নিমগ্ণ হৈ আহিছে৷ উল্লেখ্য যে দলটোৰ পাঠক নিৰুপমা ডেকাই ২০১৯ চনত অসম সাংস্কৃতিক মহাসভাৰ পৰা জীৱনজোৰা শিল্পী সাধনা বঁটা, ২০১৯ চনত ‘থিয়নাম’ ওজা প্রাৰংগত উপাধি, ২০২০ চনত অসম চৰকাৰৰ পৰা আইনাম ‘গুৰু উপাধি’প্রাপক ২০২৩ বর্যত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ দ্বাৰা ‘দৰঙী শিৰোমণি বঁটা’ লাভ কৰে৷ ইয়াৰ উপৰি কলাক্ষেত্রত ২০০৩ International Ramayana Conferance’ত থিয়নাম প্রদর্শন কৰিও সমাদৃত হৈছে৷

🔴 সোৱণশিৰিৰ পাৰত শিশু উদ্যান মুকলি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ।

You might also like