সুকন্যা : স্বাৱলম্বিতাৰ পথ দেখুৱাইছে মৰিয়নিৰ চয়নিকা দাসে
উৎপল কুমাৰ কলিতা
নাৰী সবলীকৰণৰ ক্ষেত্রত প্রায় আন্দোলনৰ ৰূপ দিছে তেওঁ৷ তেওঁ নিজেই স্বাৱলম্বী হৈ প্রতিষ্ঠিত হোৱাৰ লগতে সহস্রাধিক মহিলা–যুৱতীক দিছে স্বাৱলম্বনৰ পথ৷ তেওঁৰ নাম চয়নিকা দাস৷ ঘৰ যোৰহাটৰ মৰিয়নিত৷
চয়নিকা দাসে মহাবিদ্যালয়ৰ শিক্ষা শেষ কৰি বিয়াত বহে৷ তেওঁৰ স্বামী যতীন গগৈ আছিল এজন ব্যৱসায়ী৷ ব্যৱসায়ী হিচাপে স্বামীৰ পৰাই চয়নিকাই লাভ কৰিছিল এটা ব্যৱসায়ীক মন৷ এদিন তেওঁ সুন্দৰকৈ আইচিং কৰা এটা কেক ব্যৱসায়িক প্রতিষ্ঠানত দেখা পালে৷ সেই কেকটোৰ প্রতি তেওঁ আকর্ষিত হ’ল৷ মনতে ভাবিলে নিজেই তেনে এটা কেক নিজৰ হাতেৰে তৈয়াৰ কৰিব পৰা হ’লে সেয়াই আছিল তেওঁৰ জীৱনৰ টার্নিং পইণ্ট৷ এই লৈ তেওঁৰ হেঁপাহ আৰু সপোন দৃঢ় হ’ল আৰু তেওঁ শিৱসাগৰ আৰু গুৱাহাটীত স্থানীয়ভাৱে কেক তৈয়াৰ কৰা প্রশিক্ষণ লোৱাৰ লগতে মালয়েছিয়াৰ এপিচিএ নামৰ প্রতিষ্ঠানৰ পৰা কেক প্রস্তুত কৰা প্রশিক্ষণ অনলাইনযোগে গ্রহণ কৰিলে৷ ইয়াৰ পিছত তেওঁ ঘৰতে আৰম্ভ কৰিলে কেক প্রস্তুত কৰাৰ কাম৷ কম সময়তে তেওঁৰ হাতেৰে নির্মিত কেকে গ্রাহকৰ পৰা সমাদৰ লাভ কৰিলে আৰু নিতৌ নতুন নতুন অর্ডাৰ লাভ কৰিবলৈ ধৰিলে৷ ২০১৬ চনত কেক প্রস্তুতৰ প্রশিক্ষণ লৈ ২০১৭ চনত তেওঁ আৰম্ভ কৰিলে এহেজাৰ টকা হাতত লৈ কেক তৈয়াৰ কৰা প্রশিক্ষণ৷ এই সম্পর্কত চয়নিকাই কয়– ‘মোৰ নিজস্বভাৱে ব্যৱসায়িক কামত জড়িত হোৱাৰ সমান্তৰালভাৱে আন যুৱতী, মহিলাসকলকো এখন স্বাৱলম্বিতাৰ ক্ষেত্র দিয়াৰ হেঁপাহ আছিল৷ সেই অনুসৰি মোৰ প্রথম লক্ষ্য হৈ পৰে প্রশিক্ষণ কার্যসূচী৷ অসমত কেকৰ বৃহৎ বজাৰ আছে৷ আমাৰ জীয়ৰী, বোৱাৰীয়ে অতি কম মূলধন খটুৱাই আজি সহজে ঘৰুৱা দায়িত্ব পালনৰ লগতে কেক তৈয়াৰ কৰি স্বাৱলম্বী হ’ব পাৰে৷ প্রথমৰ পৰাই অনলাইন আৰু অফলাইন পদ্ধতিত মই প্রশিক্ষণ দিবলৈ আৰম্ভ কৰোঁ৷ এই প্রশিক্ষণত মই যিখিনি শিকিছোঁ সকলোখিনি উজাৰি দিওঁ৷ লক্ষ্য ৰাখোঁ যাতে মোৰ পৰা প্রশিক্ষণ লোৱা প্রতিগৰাকী মহিলা স্বাৱলম্বী হৈ নিজৰ ভৰিত থিয় দিব পাৰে আৰু তাৰ বাবে কামটো কম সময়ত সহজতে আয়ত্ত কৰিব পাৰে৷ এই প্রশিক্ষণত প্রথমৰ পৰাই আমি ভাল সঁহাৰি লাভ কৰিছোঁ৷ অনলাইন প্রশিক্ষণত অসমৰ বিভিন্ন প্রান্তৰ পৰাই প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰি আহিছে৷ আনহাতে, অফলাইনত আমি প্রথমতে উজনি অসমত প্রশিক্ষণ শিবিৰৰ আয়োজন কৰি সফল হোৱাৰ পিছত মধ্য অসমতো প্রশিক্ষণৰ শিবিৰ আয়োজন কৰি আহিছোঁ৷ উল্লেখ্য যে ইতিমধ্যে চয়নিকাৰ তত্ত্বাৱধানত প্রায় ৩,৫০০গৰাকী যুৱতী, মহিলাই প্রশিক্ষণ সমাপ্ত কৰিছে আৰু ইয়াৰে প্রায় ২,০০০গৰাকী যুৱতী, মহিলাই প্রশিক্ষণৰ পিছত স্বাৱলম্বী হিচাপে কাম কৰি আছে৷ ইয়াৰ সমান্তৰালভাৱে চয়নিকাই তেওঁৰ স্বামীৰ সহযোগত ‘ছায়া গ্রুপ অৱ ইণ্ডাষ্ট্রিজ’ নামৰ এটা প্রতিষ্ঠান খুলি নিজস্বভাৱে বজাৰ দখল কৰিছে৷ প্রথমতে এই প্রতিষ্ঠানত কেক প্রস্তুত কৰা হৈছিল যদিও পিছত ইয়াৰ লগত সংগতি ৰাখি ভিন্ন ধৰণৰ বিস্কুট, কুকিজ, ব্রেড, পিজ্জা আদি তৈয়াৰ কৰা হয়৷ ইতিমধ্যে বজাৰত ছায়া ব্রেণ্ডৰ সামগ্রী পৰিচিত ব্রেণ্ড হিচাপে চিনাকি হৈ পৰিছে৷ ইয়াৰ লগতে তেওঁ আৰম্ভ কৰিছে আন কেইবাটাও প্রকল্প৷ বিশেষকৈ সম্প্রতি ভেষজ চাবোন উৎপাদন কুটিৰ শিল্পৰ দৰে হৈছে৷ মহিলাসকলে বিশেষকৈ অতিৰিক্ত উপার্জন হিচাপে ভেষজ চাবোন প্রস্তুত কৰিব পাৰে৷ এই আদর্শৰে চয়নিকাই ভেষজ চাবোনৰ এটা ক্ষুদ্র উদ্যোগ নিজৰ ঘৰত চলাই আছে৷ হালধি, নিম, মৌ, তিয়ঁহ, পকা অমিতা, বেছন আদি শৰীৰৰ ছালৰ বাবে উপযোগী উপাদানেৰে এই চাবোন প্রস্তুত কৰা হয়৷ ইয়াৰ লগতে গঢ় দিছে এটা কেণ্ডেলৰ উদ্যোগ৷ সাধাৰণ কেণ্ডেলবোৰৰ লগত কিছু পার্থক্য থকা এই কেণ্ডেলবোৰ বিভিন্ন আকর্ষণীয় ডিজাইন আৰু ৰং দি প্রস্তুত কৰা হয়৷ এনেদৰে আকর্ষণীয়ভাৱে প্রস্তুত কৰা কেণ্ডেলে ভাল বজাৰ লাভ কৰিছে৷ আনহাতে, তেওঁ গঢ়ি তুলিছে ধূপকাঠীৰ এটি উদ্যোগো৷ ধূপকাঠীৰ উদ্যোগত আন ১০–১২গৰাকী মহিলাক কাম কৰাৰ সুবিধাও দিছে৷ অৱশ্যে চয়নিকাই তেওঁলোকক কর্মচাৰীৰ সলনি সহকর্মী বুলিহে কয়৷
তেওঁ সম্প্রতি কেণ্ডেল আৰু চাবোন প্রস্তুতকৰণৰো প্রশিক্ষণ দি আছে৷ তেওঁ জানিবলৈ দিয়া মতে মহিলা–যুৱতীসকলে এই কাম শিকি ল’লে ঘৰত আন কাম–কাজৰ মাজতো আঁজৰি সময়বোৰত এইবোৰ প্রস্তুত কৰি দুপইচা অর্জন কৰিব পাৰে৷ চয়নিকাই কেক, বিস্কুট, চাবোন আদি প্রস্তুতকৰণৰ প্রশিক্ষণৰ ক্ষেত্রত আর্থিকভাৱে অনগ্রসৰ যুৱতী–মহিলাসকলক্ অধিক গুৰুত্ব প্রদান কৰে৷ তেওঁ প্রকাশ কৰা অনুসৰি, যিসকল যুৱতী–মহিলা আর্থিকভাৱে দুর্বল তেওঁলোকে কাম শিকা আৰু কাম কৰাত অধিক গুৰুত্ব দিয়ে৷ যেতিয়া এনে আর্থিকভাৱে অনগ্রসৰ যুৱতী– মহিলাসকলে কাম শিকি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়ে তেতিয়া মনটো ভৰি পৰে৷ নাৰীৰ স্বাৱলম্বিতা সম্পর্কত চয়নিকাই প্রকাশ কৰা অনুসৰি – ‘আমাৰ সমাজত নাৰী সবলীকৰণ এটা শ্ল’গান হৈ আছে যদিও আজিলৈকে প্রকৃতার্থত নাৰী সবলীকৰণ হৈ উঠা নাই৷ সমাজৰ প্রতিগৰাকী নাৰী যেতিয়া স্বৱলম্বী হৈ উঠিব তেতিয়াহে নাৰী সবলীকৰণ শ্ল’গান সার্থক হ’ব৷ তাৰ বাবে নাৰী সমাজ দৃঢ় আৰু সাহসী হ’ব লাগিব৷ কোনো এটা কাম কৰিবলৈ সাহসেৰে আগবাঢ়ি আহিব লাগিব৷ সাহস, দৃঢ়তা, কষ্টসহিষ্ণুতা, অধ্যৱসায় আৰু কষ্ট কৰিব পৰা সামর্থ থাকিলে নাৰী–পুৰুষ বুলি কথা নাই, সফলতা আহিবই৷ অৱশ্যে ইয়াৰ বাবে এগৰাকী মহিলাই প্রেৰণা আৰু সাহস পাব লাগিব আৰু এই প্রেৰণা আৰু সাহস দিব লাগিব পৰিয়ালে৷ পৰিয়ালৰ পৰা প্রাপ্ত সমর্থন এগৰাকী নাৰীৰ স্বাৱলম্বিতাৰ প্রথম চর্ত৷’ তেওঁৰ মতে, ‘প্রতিগৰাকী সফল পুৰুষৰ বিপৰীতে যিদৰে এগৰাকী নাৰী থাকে প্রতিগৰাকী নাৰীৰ সফলতাৰ পিছতো একোগৰাকী পুৰুষ থাকে৷ উল্লেখ্য যে স্নাতকোত্তৰ তথা আইনৰ স্নাতক চয়নিকাই আজি নিজে স্বাৱলম্বী হোৱাৰ লগতে সহস্রজনক স্বাৱলম্বী কৰি হৈ পৰিছে প্রেৰণাৰ আলোক৷