নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ৰাষ্ট্রীয় কৃষক সন্মানেৰে পুৰস্কৃত গোৱালপাৰাৰ দীপিকা ৰাভা

উৎপল কুমাৰ কলিতা

অসমৰ কৃষিক্ষেত্রত পুৰুষৰ সমানে ফেৰ মাৰি একাংশ মহিলাই নীৰৱে গঢ়ি তুলিছে কৃষি বিপ্লৱ৷ আনকি ৰাষ্ট্রীয় পর্যায়তো পৰিচিত হৈ পৰিছে এনে কেইবাগৰাকী মহিলা কৃষক৷ কৃষিখণ্ডত চমকপ্রদ সফলতাৰে ৰাষ্ট্রীয় বঁটা বিজয় কৰিবলৈ সক্ষম হোৱা এনে এগৰাকী মহিলা কৃষক হ’ল গোৱালপাৰা জিলাৰ দীপিকা ৰাভা৷ মিশ্রিত কৃষি পদ্ধতিৰে কৃষি উৎপাদনত সফলতাৰে নিদর্শন দাঙি ধৰা দীপিকা ৰাভা আজি ৰাজ্যৰ অন্যতম এগৰাকী আগশাৰীৰ উদ্যমী কৃষক হিচাপে পৰিচিত হৈ পৰিছে৷

দীপিকা ৰাভাৰ ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দৈৰং গাঁৱত৷ প্রৱেশিকা পাছ কৰাৰ পাছত পঢ়া সামৰা দীপিকা ৰাভাই প্রথমতে নিজস্বভাৱে কিছু খেতি–বাতি কৰিছিল যদিও সেই কৃষি উৎপাদনেৰে ঘৰ, পৰিয়াল চলাব পৰা নাছিল৷ কিন্তু তেওঁৰ নিচা আছিল কৃষিকর্মত৷ কিন্তু উপযুক্ত কৃষি জ্ঞান অবিহনে তেওঁ কৃষিকর্মত নিচা থাকিও সফলতা গঢ়িব পৰা নাছিল৷ সেয়ে তেওঁ মন মেলিলে এইক্ষেত্রত যাৱতীয় প্রশিক্ষণ আদি লোৱাৰ বাবে৷ তেওঁ চৰকাৰী–বেচৰকাৰী বিভিন্ন কৃষি বিষয়ক কর্মশালা, প্রশিক্ষণ আদিৰ সন্ধান কৰি সেইবোৰৰ লগত জড়িত হ’ল৷ লাহে লাহে তেওঁ কৃষি বিষয়ক প্রশিক্ষণ, কর্মশালা আদিত জড়িত হৈ এটা বস্তুই বুজি পালে যে বছৰত এটা খেতি কৰি এজন কৃষকে স্বাৱলম্বিতাৰ ক্ষেত্রত পূর্ণ সফল হ’ব নোৱাৰে৷ সেয়ে তেওঁ তেওঁৰ কৃষিকর্ম এঢ়াপ এঢ়াপকৈ মিশ্রিত কৃষিৰ পিনে আগুৱাই লৈ গ’ল৷ এই সম্পর্কত দীপিকা ৰাভাই কয়– ‘মই সৰুৰ পৰা দেখি শিকা অভিজ্ঞতাৰে প্রথমে খেতিৰ কাম আৰম্ভ কৰি বুজি পালোঁ৷ খেতিৰ কামৰ বাবে যথেষ্ট কাৰিকৰী জ্ঞানৰো প্রয়োজন৷ আনহাতে, কেৱল কিবা এটা খেতি কৰি এজন কৃষকে আশানুৰূপ সফল হ’ব নোৱাৰে৷ আমাৰ অসমৰ প্রায়ভাগ কৃষকে আহাৰ–শাওণত অলপ কষ্ট কৰি ধানখিনি ৰোপণ কৰাৰ পাছত বাকী বছৰৰ দহ মাহ একো খেতি নকৰে, মাটিবোৰ এনেয়ে পেলাই থয়৷ যাৰ বাবে আজিও অসমৰ কৃষিৰ বিকাশ আশাপ্রদ হৈ উঠা নাই৷ বছৰৰ সকলো সময়ত কৃষকে কৃষিকর্মত জড়িত হৈ মিশ্রিত কৃষিত আত্মনিয়োগ কৰিব লাগিব৷ লগতে পশুপালনৰ ক্ষেত্রখনতো গুৰুত্ব দিব লাগিব৷’

উল্লেখ্য, দীপিকা ৰাভা সম্প্রতি অসমত চিনাকি হৈ পৰিছে জহা ধানৰ উৎপাদনৰ বাবে৷ উল্লেখ্য, অসমৰ থলুৱা প্রজাতিৰ জহা ধানে ইতিমধ্যে ভৌগোলিক স্বীকৃতি লাভ কৰাৰ পাছত ইয়াৰ ৰপ্তানি বাঢ়িছে৷ ইয়াৰ সুযোগ গ্রহণ কৰিছে দীপিকা ৰাভাৰ দৰে প্রগতিশীল কৃষকসকলে৷ দীপিকা ৰাভাই জহা চাউলৰ পৰা বছৰি দুই লাখ ষাঠি হাজাৰ টকা উপার্জন কৰে৷ তেওঁ ১২ বিঘা মাটিত সুগন্ধিত জহা ধানৰ খেতি কৰি সেইবোৰৰ পৰা চাউল উলিয়াই বজাৰলৈ পঠিয়ায়৷ অকল অসমৰ বজাৰেই নহয়, তেওঁ উৎপাদন কৰা জহা চাউল অসমৰ বাহিৰলৈও ৰপ্তানি হয়৷ এই সংক্রান্তত দীপিকা ৰাভাই জানিব দিয়া অনুসৰি অসমৰ জহা চাউলৰ বজাৰ চাহিদা অভাৱনীয়৷ বহিঃৰাজ্যলৈও যথেষ্ট পৰিমাণৰ জহা চাউল যায়৷ বর্তমান বিভিন্ন অনলাইন মার্কেটিং প্রতিষ্ঠানেও অসমৰ পৰা জহা চাউল নি বিক্রী কৰি আছে৷ কিন্তু অসমত চাহিদা অনুসাৰে জহা চাউলৰ উৎপাদন হোৱা নাই৷ আমাৰ কৃষকসকলে জহা চাউলেৰে পথাৰ, বজাৰ দখল কৰাৰ প্রবল সম্ভাৱনা আছে৷ দীপিকা ৰাভাৰ অন্যতম উৎপাদনী কৃষি হ’ল অমিতা খেতি৷ তেওঁ জৈৱিক জহা ধানৰ লগতে পাঁচ বিঘা মাটিত জৈৱিক অমিতাৰ খেতি কৰি আহিছে৷ তেওঁৰ মতে অমিতা হ’ল জৈৱিক পদ্ধতিৰে কৰিব পৰা সহজ আৰু লাভজনক খেতি৷ দীপিকাই পাঁচ বিঘা মাটিত জৈৱিক অমিতাৰ খেতি কৰি বছৰত প্রায় একষষ্ঠিৰ পৰা সত্তৰ হাজাৰ টকা উপার্জন কৰি আছে৷ তেওঁ চৈধ্য বিঘা মাটিত জৈৱিক পদ্ধতিত খাৰিফ আৰু ৰবি দুয়োটা ঋতুতে বিভিন্ন পাচলিৰ খেতি কৰি আহিছে৷ বিশেষকৈ ধান কটাৰ পাছত পিছৰবাৰ ধান ৰোপণ কৰালৈ তেওঁ মাটিবোৰ পেলাই নথৈ তাত বিভিন্ন পাচলিৰ খেতি কৰে৷ জৈৱিক পদ্ধতিত কৰা এই পাচলিৰ খেতিৰ পৰা তেওঁ বছৰি প্রায় খৰচ বাদ দি ডেৰৰ পৰা দুই লাখ টকা উপার্জন কৰে৷ ইয়াৰ লগতে উদ্যান শস্যৰ তিনি বিঘা মাটিৰ এখন সুন্দৰ বাগিচাও তেওঁ গঢ়ি তুলিছে৷ ইয়াত মিশ্রিত পদ্ধতিৰে তেওঁ তামোল, নাৰিকল, লিচু, কাজিনেমু, আনাৰস আদি ৰোপণ কৰিছে৷ এই উদ্যান শস্যৰ বাগিচাৰ পৰা তেওঁ বছৰি এক লাখ টকা উপার্জন কৰে৷

কৃষিৰ উপৰি তেওঁ পশুপালনৰ ক্ষেত্রখনতো আত্মনিয়োগ কৰিছে৷ বিশেষকৈ সম্প্রতি তেওঁ এগৰাকী অগ্রণী গাহৰি পালক হিচাপে পৰিচিত হৈ পৰিছে৷ এই লৈ তেওঁ চৰকাৰী উদ্যোগত এক গাহৰি পালন সম্পর্কীয় প্রশিক্ষণ লৈ বিশটা গাহৰিৰে পামখন আৰম্ভ কৰে৷ আধুনিক বিজ্ঞানসন্মত কৌশল আৰু অধিক উৎপাদনক্ষম জাতৰ গাহৰি পালন কৰি এবছৰতে তেওঁ প্রায় বিশটা পৈণত গাহৰি বিক্রী কৰিবলৈ সক্ষম হয়৷ বর্তমান তেওঁৰ ফার্মৰ গাহৰিৰ সংখ্যা পঞ্চাশটা হৈছে৷ ইয়াৰ পৰা তেওঁ বছৰি প্রায় ছয় লাখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷ পামখনৰ বাবে ব্যৱহাৰ কৰিছে আধা বিঘা মাটি৷ দীপিকা ৰাভাৰ এই সফলতাৰ বাবে ইতিমধ্যে কৃষি বিভাগৰ পৰা গোৱালপাৰা জিলাৰ ভিতৰত শ্রেষ্ঠ মহিলা কৃষকৰ বঁটা, শ্রেষ্ঠ প্রগতিশীল কৃষকৰ বঁটা, ৰাজ্যৰ শ্রেষ্ঠ মহিলা কৃষকৰ বঁটা লাভ কৰিছে৷ ভাৰত চৰকাৰৰ কৃষি বিভাগেও কৃষি আৰু কৃষি সহযোগী অন্যান্য খণ্ডত দেখুওৱা সফলতাৰ বাবে দীপিকা ৰাভাও মহিলা উদ্যমিতাৰ পুৰস্কাৰ প্রদান কৰিছে৷ এগৰাকী মহিলা হৈ কৃষিখণ্ডত দেখুওৱা চমকপ্রদ সাফল্যৰ ক্ষেত্রত তেওঁ কয়– ‘কোনো কামতে পুৰুষ–মহিলাৰ পার্থক্য নাই৷ পুৰুষে যি কাম কৰিব পাৰে মহিলায়ো কৰিব পাৰে৷ কেৱল লাগে কামটোৰ প্রতি ভালপোৱা৷ কৰো বুলিলে মাটিৰ আকালো নহয়৷ মই যিবোৰ খেতি কৰিছোঁ তাৰ প্রায়ভাগে লীজত লোৱা৷ আনহাতে এডৰা মাটিতে সালসলনি কৰি বছৰত তিনিবিধলৈ শস্য, পাচলি, উৎপাদন কৰিব পাৰি৷’ আনহাতে জৈৱিক কৃষি সম্পর্কত দীপিকা ৰাভাই কয়– ‘বর্তমান সময়ত জৈৱিক কৃষিৰ গুৰুত্ব যথেষ্ট বাঢ়িছে৷ জৈৱিক কৃষিত উৎপাদন সামান্য কম হ’ব পাৰে, কিন্তু বজাৰ চাহিদা বেছি থাকে৷ আমাৰ কৃষকসকলে যিমান সম্ভৱ জৈৱিক খেতিত গুৰুত্ব দিব লাগে৷’ আনহাতে, অসমৰ মহিলাসকলক আহ্বান জনায় দীপিকা ৰাভাই কয়– ‘মহিলাসকলে নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তোলক৷ মহিলাৰ স্বাৱলম্বিতা অবিহনে ‘নাৰী মুক্তি’ মাত্র শ্লোগানতহে আবদ্ধ থাকিব৷

ফোনঃ ৯৩৯৪৯–২২৫২৭

You might also like