সুকন্যা : অসমৰ প্রথম মহিলা পাইলট ধীৰা চলিহা হাজৰিকা
পঞ্চাশৰ দশকতে অদম্য হেঁপাহেৰে আকাশত উৰাজাহাজ উৰুৱাইছিল এগৰাকী অসমীয়া যুৱতীয়ে৷ আজিৰ প্রেক্ষাপটত এয়া সাধাৰণ হ’লেও সেই সময়ৰ বাবে ই আছিল অকল্পনীয়৷ সীমিত সা–সুবিধা আৰু বৃত্তিগতভাৱে অত্যন্ত ‘ৰিস্কযুক্ত’ হোৱা সত্ত্বেও, তাৰ মাজতো মনৰ অভীপ্সা পূৰণ কৰিব পাৰিছিল তেওঁ৷ যোৰহাটৰ ন–আলিত তেওঁৰ জন্ম৷ প্রাথমিক শিক্ষা যোৰহাটত গ্রহণ কৰিছিল যদিও পিছলৈ পিতৃৰ চাকৰি সূত্রে তেওঁ অৱস্থান কৰিছিল গুৱাহাটীত৷ গুৱাহাটীৰ টিচি হাইস্কুল, সন্দিকৈ মহাবিদ্যালয়ত গ্রহণ কৰিছিল মাধ্যমিক উচ্চ শিক্ষা৷ পৰৱর্তী সময়ত বৰঝাৰত থকা ‘ফ্লাইং ক্লাব’ৰ অধীনত চাৰি বছৰীয়া প্রশিক্ষণ গ্রহণ কৰি পাইলট হয় যুৱতীগৰাকী৷ বিমানচালনাৰ বাবে লাভ কৰে অনুজ্ঞাপত্র৷ পিতৃ সেই সময়ৰ বিশিষ্ট কবি প্রয়াত কমলেশ্বৰ চলিহাৰ উৎসাহৰ লগতে তেওঁৰ আগ্রহৰ বাবে তেওঁ পাইলট হৈছিল৷ অৱশ্যে এইক্ষেত্রত মাতৃ প্রয়াত অনামিকা চলিহাৰ পৰা তেওঁ লাভ কৰা নাছিল সহযোগ৷ অৱশ্যে প্রতিকূলতাক নেওচি অগ্রসৰ হৈ তেওঁ স্বীকৃত হৈছিল অসমৰ প্রথমগৰাকী মহিলা পাইলট হিচাপে৷
তেওঁ ধীৰা চলিহা হাজৰিকা৷ ইতিমধ্যে বিভিন্ন ক্ষেত্রত তেওঁ হৈছে সন্মানিত৷ শেহতীয়াভাৱে ২০১৭ চনত ধীৰা চলিহা হাজৰিকাই লাভ কৰিছে ‘প্রাগ প্রেৰণা বঁটা’৷ ব্যতিক্রম মাছডো ৱ’মেনছ কনক্লেভ এৱার্ড লাভ কৰিছে ২০২৩ বর্ষত৷ পুনৰ একেটা বছৰত তেওঁ লাভ কৰে‘India @100 women Led development conclave award’৷ চলিত বর্ষত তেওঁ লাভ কৰে ‘বীৰাংগনা মূলাগাভৰু বঁটা৷’ এইগৰাকী ধীৰা চলিহা হাজৰিকাৰ জন্ম ১৯৪০ চনৰ ৭ জানুৱাৰীত৷ বয়সৰ ফালৰ পৰা আশীৰ ডেওনা অতিক্রম কৰা সত্ত্বেও তেওঁ আজিও সক্রিয়৷ এতিয়াও আকাশত বিমান উৰুওৱাৰ হেঁপাহ৷ এইগৰাকী উদ্যমী–উৎসাহী পাইলট ধীৰা চলিহা হাজৰিকাৰ সৈতে আজি এক আছুতীয়া সাক্ষাৎকাৰ–
🛑আপুনি অসমৰ প্রথমগৰাকী মহিলা পাইলট৷ আজিৰ পৰা কেইবা দশক আগতে আকাশমার্গত উৰাজাহাজচালনা কৰা চমৎকাৰী কথা৷ এইক্ষেত্রত পাইলট হিচাপে আপোনাৰ জয়যাত্রা কেনেদৰে আৰম্ভ হৈছিল? কিদৰেইবা মনলৈ আহিছিল বিমানচালনাৰ কথা?
👉আকাশমার্গত বিমানচালনা সঁচাকৈ এক ৰোমাঞ্চকৰ কথা৷ এইক্ষেত্রলৈ অহাৰ কথা জানিবলৈ হ’লে শৈশৱৰ পৰা ক’লে ৰুচিদায়ক হ’ব৷ দৰাচলতে মোৰ জন্ম হৈছিল ১৯৪০ চনৰ ৭ জানুৱাৰীত৷ জন্মস্থান যোৰহাটৰ ন–আলি৷ পিতৃ প্রয়াত কমলেশ্বৰ চলিহা, মাতৃ প্রয়াত অনামিকা চলিহা৷ ন–আলিৰ গীতার্থী প্রাথমিক বিদ্যালয়ত মই প্রাথমিক শিক্ষাগ্রহণ কৰিছিলোঁ৷ ইয়াৰ পিছত ১৯৪৮ চনত দেউতাৰ চাকৰি সূত্রে পৰিয়ালসহ আমি গুৱাহাটীলৈ আহোঁ৷ প্রথম অৱস্থাত উজান বজাৰত এটা ভাৰাঘৰত আছিলোঁ৷ তাত থাকিয়েই গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৫৬ চনত মই মেট্রিক পাছ কৰোঁ৷ তাৰ পিছতে মই সন্দিকৈ মহাবিদ্যালয়ত আইএত নামভর্তি কৰোঁ৷ সেই সময়তে ‘আছাম ট্রিবিউন’ত এটা বিজ্ঞাপন প্রকাশ পাইছিল৷ ১৯৫৮ চনত প্রতিষ্ঠা হোৱা ‘অসম ফ্লাইং ক্লাব’ত পাইলট প্রশিক্ষণৰ বাবে ৫গৰাকী ল’ৰা আৰু ৫গৰাকী ছোৱালীৰ বিনামূলীয়া প্রশিক্ষণৰ বাবে প্রকাশ হৈছিল বিজ্ঞাপনটো৷ মোৰ দেউতাৰ দৃষ্টিগোচৰ হৈছিল বিজ্ঞাপনটো৷ ইফালে, দেউতাই মোৰ আচৰণ–আদিৰ সম্পর্কে জানিছিলেই৷ সৰুৰে পৰাই কিছু ব্যতিক্রমী আছিলোঁ৷ ছোৱালীবোৰে দৰা–কইনা খেলা সময়ত মই গছত উঠিছিলোঁ৷ কাঠৰ এৰ’প্লেন সাজি মুখেৰে বিমানৰ শব্দ তুলি বিমান চলাইছিলোঁ৷ সেয়ে হ’বলা, দেউতা উল্লিখিত বিজ্ঞাপনটো দেখি মই যোগ্য হ’ম বুলি বিবেচনা কৰিয়েই তাত আবেদন জনাবলৈ উৎসাহিত কৰিছিল৷ ময়ো দেউতাৰ উৎসাহতেই আবেদন জনালোঁ৷ দিল্লীৰ সংশ্লিষ্ট ক্ষেত্রৰ পৰা বিষয়া আহি আমাৰ সাক্ষাৎকাৰ ল’লে৷ মই নির্বাচিত হ’লোঁ৷ ৫গৰাকী ল’ৰা আৰু ৫গৰাকী ছোৱালীক লৈ আমাৰ বিমানচালনাৰ প্রশিক্ষণ আৰম্ভ হৈছিল৷ কিন্তু, কিছুদিন পিছত ইয়াৰে ৩গৰাকী ছোৱালী বাদ পৰিল৷ ছোৱালী হিচাপে কেৱল মই আৰু নিশি চোপ্রা নামৰ এগৰাকী পাঞ্জাবী ছোৱালী৷ ১৯৫৮ চনৰ মার্চৰ কোনো এটা দিনত মই প্রশিক্ষণৰ বাবে প্রথম আকাশমার্গলৈ উৰা মাৰিছিলোঁ৷ আচলতে ইয়াৰ পূর্বে মই কোনোদিনেই বিমানত উঠা নাছিলোঁ৷ প্রশিক্ষণৰ বাবে সিদিনা মই আকাশমার্গলৈ উৰা মাৰিছিলোঁ, ‘হিন্দুস্তান এয়াৰ ক্রাফ্ট লিমিটেড’ৰ ‘পুষ্পক’ নামৰ দুই আসনযুক্ত বিমানেৰে৷ মোৰ লগত আছিল প্রশিক্ষক কেপ্ঢেইন চাংগাৰ৷ বিমানখন তেওঁ চলাইছিল৷ সিদিনা মোক একো চুব দিয়া নাছিল৷ মাত্র দেখুৱাইহে দিছিল৷ ইয়াৰ পিছত ক্রমাগতভাৱে বিমানচালনাৰ কৌশল লাহে লাহে আয়ত্ত কৰিলোঁ৷ এইখিনি ক’বলৈ মন গৈছে যে বৰঝাৰৰ পৰা উৰাৰ পিছতে তলত বিশাল ব্রহ্মপুত্র নদী দেখি মই খুব ভাল পাইছিলোঁ৷ কিয় জানো সেই সময়ত মনত এটা সাহস পাইছিলোঁ৷
🛑আকাশমার্গত আপুুনি অকলশৰে বিমানচালনাৰ প্রথম দিনটোৰ স্মৃতিচাৰণ কৰিব নেকি?
👉 হয়, প্রশিক্ষণৰ আৰম্ভণিৰ দিনাৰ পৰাই মই প্রশিক্ষকক কৈ আছিলোঁ, কেতিয়া অকলশৰে বিমান চলাব পাৰিম বুলি তেওঁ মোক এইক্ষেত্রত যথেষ্ট উৎসাহ দিছিল৷ বহুদিন–বহু ঘণ্টা বিমানচালনাৰ প্রশিক্ষণ ল’লোঁ৷ অৱশেষত আহিল মোৰ আকাংক্ষিত দিনটো৷ অৱশ্যে, সঠিক দিনটো মনত নাই৷ সিদিনা পুৱাৰ ভাগতে প্রশিক্ষক কেপ্ঢেইন চাংগাৰ লগত ১৭ ঘণ্টা বিমানচালনা সম্পূর্ণ কৰি বৰঝাৰৰ বিমানবন্দৰত অৱতৰণ কৰিছিলোঁ৷ আৰু বিমানৰ পৰা প্রশিক্ষক নামি যায়৷ তেওঁ মোক সিদিনা অকলশৰে বিমানখন চলাবলৈ অনুমতি দিয়ে৷ তেওঁ ক’লে–Good Luck. পুৱা প্রায় ৭.৩০মান বজাত মই অকলশৰেই বিমান উৰালোঁ৷ বৰঝাৰৰ বিমানবন্দৰৰ ওপৰত প্রায় ২৫ মিনিটমান উৰাই পুনৰ সুকলমে অৱতৰণ কৰোঁ৷ পিছত বিমানৰ পৰা নামি দেখো স্থানীয় বহু লোকৰ সমাগম৷ এগৰাকী অসমীয়া ছোৱালীয়ে বিমান চলোৱাৰ খবৰ পাই তাত গোট খাইছিল সকলো৷ এই দৃশ্যই মোক যথেষ্ট উৎসাহ দিছিল৷ বহুত ভাল লাগিছিল৷ যথেষ্ট আৱেগিক হৈ পৰিছিলোঁ৷ ইয়াৰ পিছত ‘আছাম ট্রিবিউন’ত মোৰ বিমানচালনাৰ ফটো–বাতৰিও প্রকাশ পাইছিল৷
🛑প্রতিকূল বতৰ বা অন্য কিবা কাৰণবশতঃ বিমানচালনাৰ ক্ষেত্রত কিবা আচহুৱা অথবা বিপৰীত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল নেকি?
👉হয়, এদিন মই অকলে বিমানেৰে মঙলদৈৰ দিশে উৰা মাৰিছিলোঁ৷ তেতিয়া দিনৰ প্রায় ১১ বাজিছিল৷ মঙলদৈ পাওঁতে হঠাতে মুখামুখি হ’লোঁ প্রচণ্ড ধুমুহা–বৰষুণৰ৷ সিদিনা কিন্তু মই ভয় খাইছিলোঁ৷ তথাপি মই ধৈর্যসহকাৰে বিমানখন অধিক উচ্চতালৈ লৈ গৈ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হ’লোঁ৷ বিষয়টো মই কণ্ড্র’ল ৰুমত অৱগত কৰি পুনৰ বৰঝাৰলৈ উভতি আহোঁ৷ আৰু এদিনৰ কথা এটা ক’বলৈ মন গৈছে৷ সেই সময়ত নির্মীয়মাণ অৱস্থাত আছিল শৰাইঘাট দলং৷ কেৱল খুঁটাসমূহ হৈছিল৷ মই এবাৰ ‘ল’ ফ্লাইং’ কৰি নামনিৰে শৰাইঘাটৰ দুই খুঁটাৰ মাজেৰে বিমানখন লৈ গৈছিলোঁ৷ দৰাচলতে এয়া বিপজ্জনক৷ ল’ ফ্লাইং কৰি দুটা খুঁটাৰ মাজেৰে বিমান পাৰ কৰাটো কঠিন কার্য৷ কিন্তু সৌভাগ্যক্রমে মই কৰিব পাৰিছিলোঁ৷ অৱশ্যে এইক্ষেত্রত প্রশিক্ষকে মোক সতর্ক কৰি দিয়ে৷
🛑বিমানচালনাৰ ক্ষেত্রত কি বিশেষ দক্ষতাৰ দৰকাৰ?
👉সাহসেই প্রধান কথা৷ লগতে লাগিব মনৰ দৃঢ়তা আৰু আগ্রহ৷ বিমান চলাবলৈ হ’লে এই প্রাথমিক গুণখিনি অপৰিহার্য৷
🛑বিমানচালনাৰ লাইচেঞ্চ কিদৰে লাভ কৰিব পাৰি?
👉বৰঝাৰৰ ফ্লাই ক্লাবত মই প্রশিক্ষণ গ্রহণ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁৱেই৷ চাৰি বছৰত মই প্রশিক্ষণ সম্পূর্ণ কৰোঁ৷ ১৯৬২ চনত মই লাভ কৰো ‘প্রাইভেট পাইলট লাইচেঞ্চ’ (পিপিএল)৷ পিছত যাত্রী নিব পৰা অনুজ্ঞাপত্র লাভ কৰোঁ৷ পৰৱর্তী সময়ত মই ‘কমার্চিয়েল পাইলট লাইচেঞ্চ’ (চিপিএল)ৰ বাবে আবেদন জনাইছিলোঁ৷ এইক্ষেত্রত, সেই সময়ৰ মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহাই মোক সহায় কৰিছিল৷ কিন্তু সেই সময়তে মোৰ বিবাহৰ যো–জা চলাৰ বাবে বিষয়টো তল পৰি যায়৷ যিহেতু মোৰ স্বামী লণ্ডনত থাকে সেয়ে মই লণ্ডনলৈ যাবলগীয়া হয়৷ তাত গৈও লণ্ডনৰ ফ্লাই ক্লাবৰ লগতো যোগাযোগ কৰিছিলোঁ৷ তাৰ বিষয়াই সেই সময়ত অসমৰ ছোৱালী হিচাপে বিমানচালনাৰ লাইচেঞ্চ বুলি গম পাই আচৰিত হৈ পৰিছিল৷
🛑সামগ্রিকভাৱে অসমীয়া মহিলা পাইলট সম্পর্কত আপুনি কি ক’ব?
👉আমাৰ সময়ত মহিলা পাইলট নাছিলেই৷ কিন্তু, পৰৱর্তী অৱস্থাত, তেতিয়া বহু অসমীয়া মহিলা পাইলট হ’ল৷ নিশ্চিতভাৱে ই আদৰণীয়৷ এতিয়াৰ পাইলটসকলে বাহিৰতহে প্রশিক্ষণ ল’বলগীয়া হৈছে৷ এইক্ষেত্রত অসমত এটা উপযুক্ত আন্তঃগাঁথনিযুক্ত সুদৃঢ় ফ্লায়িং ক্লাব স্থাপন হ’ব লাগে৷ বিষয়টো মই চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষৰ মনোযোগ আকর্ষণ কৰিলোঁ৷ এইক্ষেত্রত মই সম্পূর্ণ আশাবাদী৷
🛑আপুনি লণ্ডন নিৱাসী প্রবাসী অসমীয়া৷ মাজে–সময়ে অসমলৈ আহি থাকে৷ দীর্ঘসময় বিদেশত থাকি অসমলৈ আহিলে কেনে অনুভৱ হয় ?
👉বিদেশৰ পৰা অসমলৈ আহিবৰ দিনা মন পুলকিত হৈ থাকে৷ এক বুজাই ক’ব নোৱাৰা আনন্দ অনুভৱ কৰোঁ৷ বাহিৰত যিমানেই উন্নত নহওক কিয়, তাত সদায় দ্বিতীয় শ্রেণী হিচাপত থাকিবলগীয়া হয়৷ বহুত বাধ্যবাধকতা থাকে৷ কিন্তু, অসমত তাৰ বিপৰীত৷ সাহসেৰে, মুকলি মন লৈ চলা–ফিৰা কৰিব পাৰোঁ৷ ইয়াত বহু স্বাধীনতা থাকে৷ মনটো মুকলি মুকলি লাগে৷ কলকাতাৰ পৰা গুৱাহাটীলৈ আহি থকা সময়ত মনত অপাৰ আনন্দ অনুভৱ কৰোঁ৷ নিজৰ জন্মভূমি স্বর্গৰ দৰে৷
🛑আকাশী পথেৰে গৈ থকা সময়ত ওপৰৰ পৰা গুৱাহাটীখন দেখি কেনে অনুভৱ হয়?
👉গুৱাহাটীৰ ওপৰেৰে বিমানেৰে গৈ থকা সময়ত মোক সদায় মা কামাখ্যা মন্দিৰ আৰু মহাবাহু ব্রহ্মপুত্রই বাৰুকৈ আকর্ষিত, মোহগ্রস্ত কৰি তোলে৷ এই দুয়োটাৰ প্রতি গভীৰভাৱে অনুৰক্ত৷ বিমানচালনাৰ সময়ত মই সদায় এটা কথা ৰক্ষা কৰি আহিছোঁ৷ তেজপুৰলৈ যাওঁতে বিমানৰ কম্পাছে প্রায়ে কামাখ্যা মন্দিৰৰ ওপৰেৰে যাবলৈ নির্দেশনা দিয়ে৷ কিন্তু, এইক্ষেত্রত মই উক্ত নির্দেশনা অমান্য কৰোঁ৷ বৰঞ্চ তাৰ পৰিৱর্তে মন্দিৰৰ পৰা অলপ ফালৰি কাটি বিমান চলাই আহিছোঁ৷ মা কামাখ্যাৰ প্রতি গভীৰ শ্রদ্ধা জনাই মন্দিৰৰ ওপৰেৰে মই কেতিয়াও বিমানচালনা কৰা নাই৷
🛑লণ্ডনত থকা আপুনি এগৰাকী প্রবাসী অসমীয়া৷ আমি জনামতে, ’৬০ৰ দশকৰে পৰা আপুনি তাত নিগাজিকৈ আছে৷ যিটো ঘৰত আপোনালোক আছিল, সেই ঘৰটোৰ আছে এক ঐতিহ্য–ইতিহাস৷ তাহানি অসমৰ বহু বিশিষ্ট লেখক–সাহিত্যিক–ৰা হৈছিল সেই ঘৰটোৰ আলহী৷ তাত থাকি তেওঁলোকে সম্পন্ন কৰিছিল বিদেশৰ কাম–কাজ৷ ঐতিহ্যপূর্ণ লগতে আকর্ষণীয়া সেই গৌৰৱময় ঘৰটোৰ মনপৰশা কিছু কথা ক’ব নেকি?
👉হয়, লণ্ডনত আমি বসতি কৰা ঘৰটো এটা দিশৰ ফালৰ পৰা যথেষ্ট ঐতিহ্যপূর্ণ৷ বহু অসমীয়া লোকৰ চৰণ ধূলিৰে সেই ঘৰটো হৈ পৰিছিল মহিমাময়ী৷ দ্বিতীয় মহাসমৰৰ সময়ত জার্মানীৰ বোমাবর্ষণেও ক্ষতি কৰিব নোৱাৰিছিল সেই ঘৰটো৷ ছাউথ লণ্ডনৰ ‘এছ ডব্লিউ ছেভেণ্টিনৰ মিটচাম চাৰে’ৰ থাৰস্ক ৰোডত ইয়াৰ অৱস্থিতি৷ হাউছ নম্বৰ ছিক্সটিন৷ ভৱনটো দুমহলীয়া৷ আৰু ঘৰটো আজিৰ পৰা প্রায় এশ বছৰ পুৰণি৷ সম্ভৱতঃ বহু অসমীয়াই হয়তো আজিও নাজানে যে লণ্ডনলৈ যোৱা বহু বিশিষ্ট অসমীয়া লোকৰ বাবে আমাৰ সেই ঘৰটো হৈ পৰিছিল আশ্রয়স্থলসদৃশ৷ সেই বিশিষ্ট অসমীয়াৰ বহু সৰু–বৰ ঘটনা, আৱেগ–নুভূতিৰ সাক্ষী আমাৰ সেই ঐতিহাসিক ঘৰটো৷ দৰাচলতে এয়া আমাৰ বাবে সৌভাগ্য৷ তাহানিৰ অসমৰ সাহসী সাংসদ হেম বৰুৱাকে ধৰি ভূপেন হাজৰিকা, যশস্বী কবি, অধ্যাপিকা ড০ নির্মলপ্রভা বৰদলৈ, জ্ঞানপীঠ বঁটা বিজেতা ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্য, বিশিষ্ট চলচ্চিত্র পৰিচালক, নাট্যকাৰ, গল্পকাৰ অধ্যাপক ড০ ভবেন্দ্রনাথ শইকীয়া, আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী ইন্দিৰা পি পি বৰা, পদ্মশ্রী সন্মানপ্রাপক ধীৰেন্দ্রনাথ বেজবৰুৱা, অসম সাহিত্য সভাৰ সভাপতি সূর্য হজৰিকা, শিক্ষাবিদ ড০ দীনেশ বৈশ্য, ডাঃ গায়ত্রী বেজবৰুৱাৰ লগতে ভালেমান বৰণীয়া অসমীয়াই লণ্ডনত আমাৰ ঘৰটোত থাকি বিদেশৰ কাম–কাজ কৰিছিল৷ অনবৰতে অসমৰ আলহী–তিথিৰে ভৰি থকা বাবে সেই ঘৰটো ‘আছাম হাউছ’ বুলিয়েই পৰিচিত হৈ পৰিছিল৷ এইখিনিতে ক’ব লাগিব যে এই ঘৰটো ১৯৬৬ চনত ৫ হাজাৰ পাউণ্ডত এটা ইটালিয়ান পৰিয়ালৰ পৰা ক্রয় কৰিছিল মোৰ স্বামী যশস্বী গীতিকাৰ, শিল্পী কমল হাজৰিকাই৷ সুধাকণ্ঠ ভূপেন হাজৰিকাই এবাৰ আহি ঘৰটোত একেৰাহে প্রায় ডেৰমাহ আছিল৷ সম্ভৱতঃ ১৯৭৮ চনত আমাৰ ঘৰত থাকি লণ্ডনৰ লগতে স্কটলেণ্ড, মিডলেণ্ড আদি ভিন্ন স্থানৰ মঞ্চত সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিছিল৷ সেই সময়ত কেতিয়াবা আমাৰ ঘৰটোৰ পিছফালে থকা বাৰীৰ পৰা মৰিছা, মছন্দৰী, কলমৌ আদি নানা তৰহৰ শাক আনি মাছেৰে নিজ হাতে ৰান্ধিছিল৷ আজি সেই কথা মনত পৰিলে কিয় জানো মনটো বহুত ভাল লাগে৷ ১৯৮০ চনমানত আমাৰ সেই ঘৰটোলৈ আহিছিল ড০ ভবেন্দ্রনাথ শইকীয়া৷ তেওঁ প্রায় ১৫ দিনমান আছিল৷ ভাৰতলৈ ওভতাৰ আগদিনা তেওঁৰ ব্যৱহার্য চোলা–পেণ্ট ওচৰতে থকা ড্রাইক্লিনার্ছত দিবলৈ মোক অনুৰোধ কৰিছিল৷ তেওঁ সেইকেইদিন মেল–মিটিঙত অত্যন্তভাৱে ব্যস্ত থকা বাবে নিজৰ কাপোৰ ধুবলৈ সময় পোৱা নাছিল৷ উপায় নাপাই কাপোৰযোৰ ড্রাইক্লিনার্ছত দিবলৈ মোকেই ক’বলৈ বাধ্য হ’ল৷ মই কাপোৰযোৰ ড্রাইক্লিনার্ছলৈ লৈ গ’লোঁ৷ কিন্তু কাপোৰযোৰ পিছদিনা ওভতাই দিব নোৱাৰিব বুলি জনালে৷ পিছদিনা আকৌ ভবেন্দ্রনাথ শইকীয়া ভাৰতলৈ উভতিব৷ সেয়েহে কাপোৰযোৰ মই ওভতাই লৈ আনি নিজে ধুই ইস্ত্রি কৰি এটা পেকেটত ভৰাই ভবেন্দ্রনাথ শইকীয়াক দিছিলোঁ৷ পিছত তেওঁ কেনেবাকৈ আচল কথাটো গম পালে৷ তেওঁ অসমলৈ আহি মোৰ প্রতি শলাগ লয়৷ ইয়াৰ বাবে ধন্যবাদ জনাই এখন চিঠিও দিছিল তেওঁ৷ ১৯৭২ চনৰ কোনোবা এটা দিনত আমাৰ সেই ঘৰটোৰ আলহী হৈছিল যশস্বী কবি, অধ্যাপিকা ড০ নির্মলপ্রভা বৰদলৈ৷ প্রায় ১৫ দিন থাকি কবি সন্মিলনীত ভাগ লৈছিল৷ সেই সময়ছোৱাৰ ভিতৰতে তেওঁ এটি গীত লিখি মোৰ স্বামী কমল হাজৰিকাক উপহাৰ দিছিল৷ নির্মলপ্রভা বৰদলৈৰ নিজ হাতেৰে লিখা সেই গীত মই আজিও সংৰক্ষণ কৰি ৰাখিছোঁ৷ গীতটো আছিল–আই অগনি জ্বলোৱা নাই/দেশৰ মাটিৰ তুলসী তলতে/সেৱাটি থৈছোঁ জ্বলাই৷
অসমৰ পৰা যোৱা বহু বৰণীয় লোকৰ কাপোৰ ধুই দিছিলোঁ৷ দৰাচলতে এইখিনি সেৱা আগবঢ়াব পাই মই অত্যন্ত আনন্দ–সুখ লাভ কৰিছোঁ৷ লণ্ডনৰ ঠাণ্ডাৰ কথা অনুভৱ কৰিব নোৱাৰি, তালৈ যোৱা কিছু লোকক গৰম কাপোৰো যোগান ধৰিবলগীয়া হৈছিল৷ সেই ঘৰটোৰ সৈতে বহু আমোদজনক কথাও আছে৷ পিছে সেই ঐতিহ্যপূর্ণ ঘৰটো ২০০৭ বর্ষত এগৰাকী গুজৰাটী লোকৰ ওচৰত বিক্রী কৰিলোঁ৷ এতিয়া আমি লণ্ডনৰ হেনৰি ৱালটনৰ ড্রাইভ ৰ’ডত ঘৰ সাজি নতুনকৈ বসতি স্থাপন কৰিছোঁ৷
🛑বহুকেইটা কালজয়ী গীতৰ স্রষ্টা কমল হাজৰিকা আপোনাৰ স্বামী৷ তেওঁৰ সম্পর্কত অলপ ক’ব নেকি?
👉 মই সৌভাগ্যৱান যে কমল হাজৰিকাক মই স্বামী হিচাপে লাভ কৰিছোঁ৷ ‘চেনাই মই যাওঁ দেই….’ আদিৰ দৰে কেইবাটাও স্মৰণীয় গীতৰ স্রষ্টা তেওঁ৷ তেওঁৰ ঘৰ নগাঁও কলিয়াবৰত৷ তেওঁৰ জন্মস্থান কিন্তু শ্বিলং৷ শ্বিলঙতেই তেওঁ ডাঙৰ–দীঘল হৈছিল৷ পিছত তেওঁ লণ্ডন নিৱাসী হয়৷ তেওঁ গীত গাইছিল, লিখিছিল৷ লণ্ডনত তেওঁ গান শিকোৱা বিদ্যালয় স্থাপন কৰিছিল৷ তেওঁৰ জন্ম হৈছিল ১৯২৫ চনৰ ১ ফেব্রুৱাৰীত আৰু মৃত্যু হৈছিল ২০১৭ বর্ষৰ ১৬ নৱেম্বৰত৷ লণ্ডনত আমৃত্যু নিগাজিকৈ থাকিলেও ব্যতিক্রমীভাৱে তেওঁ হাড়ে–হিমজুৱে নিভাজ অসমীয়া হিচাপে আছিল৷ আৰু এয়া মোৰ বাবে গৌৰৱ৷
🛑আপুনি এতিয়া সময় কিদৰে অতিবাহিত কৰে?
👉 শুই–বহি সময় অতিবাহিত নকৰা মোৰ এটা সাধাৰণ স্বভাৱ৷ কিবা নহয় কিবা কামত ব্যস্ত হৈ থাকোঁ৷ মোৰ কিছু বিশেষ ভালপোৱা কাম আছে৷ সেইসমূহৰ ভিতৰত ৰন্ধা–বঢ়া কৰা, ঊণ গুঁঠা, ফুল ৰোপণ–পৰিচর্যা আদি৷ মই প্রায়ে এইসমূহ কাম কৰি থাকোঁ৷ ইয়াৰ উপৰি মই কবিতা লিখো৷ আপোনালোকে জানি নিশ্চয় ভাল পাব যে মই মোৰ আত্মজীৱনী লিখাৰ কাম আৰম্ভ কৰিছোঁ৷ যথেষ্ট অগ্রগতি হৈছে৷ পৰৱর্তী বছৰত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ৷
সাক্ষাৎগ্রহণঃ নৱ কুমাৰ শর্মা
ফোনঃ ৯৯৫৪৫–৯০১৩৩
ফটোঃ দিব্যজ্যোতি ৰাভা