সুকন্যা : ঐতিহাসিক দগাযুঁজ ৰণকৌশল ক্ষেত্র
পূৰৱী বৰুৱা ফুকন
মধ্যযুগত প্রতিটো জাতি–জনগোষ্ঠীয়ে জীয়াই থাকিবৰ বাবে অনেক যুদ্ধ আৰু কঠোৰতম সংগ্রাম–প্রত্যাহ্বান মুখামুখি হ’বলগীয়া হৈছিল৷ এই যুদ্ধ অথবা সংগ্রামত জয়ী হ’বলৈ কিছুমান প্রাচীন যুদ্ধৰ কলা প্রস্তুত কৰি পৰম্পৰাগত যুদ্ধৰ কৌশল প্রয়োগেৰে শত্রুক পৰাস্ত কৰিবলৈ কৌশলগতভাৱে শত্রুপক্ষক আক্রমণ কৰা এনে এক যুদ্ধ হ’ল দগা বা গেৰিলা যুদ্ধৰ শৈলী৷
আহোম ৰাজত্বকালৰ সৈন্যবাহিনীয়ে দগা যুদ্ধৰ অনুশীলন কৰা অনেক আখৰাস্থলী আছিল৷ এনে এখন অন্যতম গেৰিলা প্রশিক্ষণ কেন্দ্র হ’ল ‘ঐতিহাসিক দগাযুঁজ ৰণকৌশল ক্ষেত্র’৷ ইতিহাসপ্রসিদ্ধ চৰাহদেড জিলাৰ সোণাৰি নগৰৰ সমীপৱর্তী ভজো অঞ্চলত বর্তমান ১২৪ বিঘা ৪ কঠা ৮ লেচা মাটিকালিৰ এক বিশাল ভূমিত এই ঐতিহাসিক দগাযুঁজ ৰণকৌশল ক্ষেত্রই আহোমৰ আন এক ইতিহাস বহন কৰি আহিছে৷ (পূর্বতে ইয়াৰ মাটিকালি আৰু অধিক বিশাল আছিল৷ বেদখলকাৰীৰ কবলত পৰি ইয়াৰ পৰিমাণ কমি আহি প্রায় ১২৯ বিঘা হয়৷ ইয়াৰে ৫ বিঘা চৰকাৰী বিদ্যালয় নির্মাণৰ বাবে প্রদান কৰা হয়)৷ বুৰঞ্জী অনুসৰি চাওলুং চুকাফাহ ১২১৫ খ্রীষ্টাব্দত মুংমাওৰ ৰাজধানী মাওলুং ত্যাগ কৰি আহি ১৩ বছৰকাল বিভিন্ন ঠাহত ঘূৰি ফুৰি ১২২৮ খ্রীষ্টাব্দত সৌমাৰপীঠত পদার্পণ কৰিয়ে ম্যুঙ–ড্যুন–চুন–খাম্ পাতনি মেলে৷ সৌমাৰপীঠত উপস্থিত হৈয়েই চুকাফাই প্রথম পদক্ষেপ হিচাপে ৰাজধানী স্থাপনৰ ব্যৱস্থা গ্রহণ কৰি অসমৰ বিভিন্ন স্থানত অস্থায়ী ৰাজধানী স্থাপন কৰে আৰু অৱশেষত ১২৫৩ খ্রীষ্টাব্দত চে–ৰাহ–দৈ অর্থাৎ চৰাইদেউত আহোমৰ স্থায়ী ৰাজধানী স্থাপন কৰে৷ আহোম স্বর্গদেউ চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰাৰ পূর্বে এই ঠাইত বৰাহী ৰজাৰ শাসনত আছিল৷ পৰৱর্তী সময়ত চাওলুং চুকাফাই সাতৰাজ সামৰি একৰাজ কৰাত ঠাইখন আহোমসকলৰ ৰাজত্বলৈ আহে৷ আহোম ৰাজত্ব কালৰ প্রবল প্রতাপী ৰজা জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত স্বর্গদেউ চক্রধ্বজ সিংহই মোগলৰ লগত যুঁজ দিব পৰাকৈ আহোম সৈন্যৰ ৰণকৌশল প্রশিক্ষণৰ বাবে ভজোৰ এই স্থানত দগাযুঁজ অর্থাৎ গেৰিলা যুদ্ধৰ প্রশিক্ষণ দিছিল৷ গেৰিলা প্রশিক্ষণৰ বাবে নির্মাণ কৰি লোৱা মাটিৰ সৰু–বৰ টিলাবোৰ ১০ৰ পৰা ২০/২৫/৫১ ফুট পর্যন্ত ওখ আৰু ৯০–১০০ চেঃ মিঃ দূৰে দূৰে ইটোৰ লগত সিটো টিলা সংলগ্ন হৈ আছে৷ টিলাবোৰৰ মাজেৰে নির্মাণ কৰা খালসদৃশ পথটোৰে অকোৱা–পকোৱাকৈ গৈ গৈ ইটোৰ পৰা সিটোলৈ একাদিক্রমে প্রতিটো টিলা পৰিভ্রমণ কৰিব পাৰি৷ ই এটা ইয়াৰ অন্যতম বৈশিষ্ট্য৷
আহোমৰ শাসন কালত কাষৰীয়া অন্যান্য ৰাজ্য যেনে, কোচ ৰাজ্য, কছাৰী ৰাজ্য, ভূঞা ৰাজ্য বা নগা ৰাজ্যসমূহৰ লগতে হওক নতুবা মোগলৰ স’তেই হওক হতিহাসৰ বিভিন্ন সন্ধিক্ষণত আহোমসকলে যুদ্ধত অৱতীর্ণ হ’ব লগা পৰিস্থিতি সৃষ্টি হৈছিল৷ কেতিয়াবা যদি আহোমে প্রথমে আক্রমণ কৰিছিল, কেতিয়াবা আকৌ আহোমক প্রথমে আক্রমণ কৰিছিল৷ তাৰ মাজতো এক কঠোৰ অনুশীলনৰ মাজেৰে আহোম সৈন্যবাহিনী, আনকি ৰজাও পৰিচালিত হৈছিল৷ ফলস্বৰূপে বহু ঘাত–প্রতিঘাত নেওচি সগৌৰৱে ছশটা শতিকাজুৰি আহোমসকলে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল৷ বুৰঞ্জীবিদসকলৰ মতে, এই ঐতিহাসিক দগাযুঁজ ক্ষেত্রত সৈনিকসকলক গেৰিলা যুদ্ধৰ প্রশিক্ষণ দিয়াৰ আন এক তথ্য অনুসৰি সেই সময়ত আহোমসকলৰ ওপৰত চুবুৰীয়া নগা ৰাজ্যৰ নগা লোকসকলে প্রায়ে আক্রমণ চলাহছিল৷ তেতিয়া এই গেৰিলা যোদ্ধাসকলে নগা আক্রমণকাৰীসকলক উচিত প্রত্যুত্তৰ হিচাপে প্রত্যাক্রমণ কৰিছিল৷ আহোমসকলৰ যুদ্ধৰ এনে প্রত্যাক্রমণ, সাহস আৰু কলা–কৌশল দেখি ইয়াৰ পাছত চুবুৰীয়া দেশে আহোমসকলৰ ওপৰত আক্রমণ কৰিবলৈ বন্ধ কৰে৷ এটা সময়ত নগাসকলে আহোমসকলৰ লগত বন্ধুত্ব স্থাপন কৰি সমন্বয়ৰ সেতু গঢ়ি তুলিছিল৷
আন এক তথ্য মতে, জয়ধ্বজ সিংহ আৰু মিৰজুমলাৰ মাজত ১৬৬৩ চনৰ ২২ জানুৱাৰীত হোৱা ‘ঘিলাধাৰী সন্ধি’ৰ পাছত জয়ধ্বজ সিংহৰ মৃত্যু হয়৷ ইয়াৰ পিছত আহোম ৰাজ সিংহাসনত বহে চাৰিং ৰজা চক্রধ্বজ সিংহ৷ তেওঁ এহ ঘিলাধাৰী সন্ধি মানি ল’ব পৰা নাছিল৷ সেয়ে শেষত তেওঁ থিৰাং কৰিছিল যে পৰাধীনতাতকৈ মৃত্যুৱে শ্রেয় বুলি বিবেচনা কৰি মোগলৰ বৈশ্যতা দলিয়াই পেলোৱাৰ দৃঢ় সংকল্প লৈ ৰাজ্যৰ সৈনিকসকলক সু–সংগঠিতভাৱে এই দগাযুঁজ প্রশিক্ষণ কেন্দ্রতেই সমৰ কলাৰ প্রশিক্ষণ দিছিল বুলি বুৰঞ্জীবিদসকলে মতপোষণ কৰে৷
দগা যুদ্ধ বা দগাযুঁজ কি?
যিহেতু মধ্যযুগত প্রতিটো জাতি–জনগোষ্ঠীয়ে জীয়াই থাকিবলৈ কঠোৰ সংগ্রাম কৰিব লগা হৈছিল৷ সেয়েহে তেওঁলোকে জীৱন সংগ্রামত নিজকে জয়ী কৰিবলৈ কিছুমান প্রাচীন যুদ্ধ কলা প্রস্তুত কৰি লৈছিল৷ শত্রুক বিচলিত কৰিবলৈ বিকট চিঞৰ মাৰি পৰম্পৰাগত যুদ্ধ কৌশল প্রয়োগ কৰি শত্রুপক্ষক কৰা আক্রমণেই হ’ল দগা যুদ্ধ, দগাযুঁজ বা গেৰিলা যুদ্ধ৷ এই প্রক্রিয়াটোত তিনিশৰো অধিক প্রাচীন সমৰ কলা–কৌশলত পার্গত ডেকা যুৱকক নিয়োজিত কৰি সেহ ডেকাসকলৰদ্বাৰা দহজনকৈ লোকক গেৰিলা বা দগা যুদ্ধৰ কলা–কৌশল শিকোৱাৰ দায়িত্ব অর্পণ কৰা হৈছিল৷ বর্তমান সময়ত সেইসকলকেই কামাণ্ডো ফ’ৰ্চ আখ্যা দিব পাৰি৷ তেওঁলোকক সকলোধৰণৰ সামৰিক প্রশিক্ষণ দি একোজন নিপুণ যুঁজাৰু সৈনিক হিচাপে যুদ্ধৰ বাবে সাজু কৰি তোলা হৈছিল৷ যুদ্ধৰ পৰিকল্পনা, শত্রুক আক্রমণৰ স্থান নির্বাচন আদি সকলো এইসকল সৈনিকেই কৰিছিল৷ তেনেদৰেহ এই প্রাচীন দগাযুঁজ সমৰ কলাৰ সৃষ্টি হৈছিল৷ হঠাৎ শত্রুপক্ষই আক্রমণ কৰিলে কিদৰে প্রত্যাক্রমণ কৰিব, টিলাৰ আঁৰ লৈ কিদৰে লুকাই লুকাই আক্রমণ কৰিব লাগে, দৌৰিব লাগে, জঁপিয়াব লাগে আদি যুদ্ধৰ সকলো প্রস্তুতি সম্পর্কে বাধ্যতামূলকভাৱে দগাযুঁজত প্রশিক্ষণ দিয়া হৈছিল৷ আহোমৰ এই দগা যুদ্ধ বুৰঞ্জীৰ পাতে পাতে আছে৷ বুৰঞ্জীত লিখা আছে কিদৰে দগাযুঁজ দি মিৰজুমলাৰ সৈন্যসকলক ব্যতিব্যস্ত কৰিছিল৷ শৰাহঘাটৰ ৰণ এই দগা যুদ্ধৰে অংশ৷ অনুমান কৰা হয় আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত যিসকল সৈনিকক এই গেৰিলা যুদ্ধৰ প্রশিক্ষণ দিছিল সেইসকল নিপুণ সৈনিকক পৰৱর্তী সময়ত শৰাহঘাটৰ যুদ্ধত অৱতীর্ণ কৰোৱা হৈছিল৷
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, এই দগাযুঁজ ক্ষেত্রৰ ইতিহাস সম্পর্কে বিভিন্নজনে বিভিন্ন মত–বিৰোধ আগবঢ়াইছে যদিও বুৰঞ্জীবিদসকলৰ মতে, যুদ্ধ প্রশিক্ষণৰ গোপনীয়তা ৰক্ষাৰ বাবে ইয়াৰ সবিশেষ তথ্য বুৰঞ্জীত লিপিবদ্ধ হোৱা নাছিল৷ সৈনিক প্রশিক্ষার্থীসকলৰ বাহিৰে আন কোনো লোকক দগাযুঁজ ক্ষেত্রলৈ যাবলৈ দিয়া হোৱা নাছিল৷ সৈনিক প্রশিক্ষার্থীসকলকো এই গোপনীয়তা ৰক্ষাৰ বাবে শপত দিয়া হৈছিল আৰু ইয়াৰ অন্যথা শিৰশ্ছেদ কৰা হৈছিল৷
প্রশ্ন হয় এই দগাযুঁজ ক্ষেত্রখন কাৰ দিনত নির্মাণ কৰা হৈছিল? আহোম ৰাজত্বকালত চাওলুং চুকাফাৰ দিনতে এই দগাযুঁজ ৰণকৌশল ক্ষেত্রখন নির্মাণ কৰোৱাইছিল৷ চুকাফাই চৰাইদেউত ৰাজধানী পতাৰ সমান্তৰালকৈ ভজোত এই দগাযুঁজ ৰণকৌশল প্রশিক্ষণ ক্ষেত্র নির্মাণ কৰি শাসনকার্যৰ পাতনি মেলিছিল বুলি ক’ব পৰা যায়৷ ৰাজধানীৰ পৰা এক নির্দিষ্ট দূৰত্বত ভজোৰ জনশূন্য অৰণ্য ভূমিত নগাপাহাৰৰ পৰা নাতিদূৰৈত পাঁচোখনকৈ নদীৰে আগুৰি থকা এক দুর্গম অঞ্চলত সৈনিকসকলক ৰণকৌশলৰ প্রশিক্ষণ দিবৰ বাবে এই ঠাহখন নির্বাচন কৰি লৈছিল৷
বর্তমান এই ইতিহাসপ্রসিদ্ধ দগাযুঁজ ক্ষেত্রৰ গাতে লাগি আছে বুনিয়াদী প্রশিক্ষণ কেন্দ্র(BTC), জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান(DIET), কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু তেনেই ওচৰতে আছে ৰতনপুৰ চাহ বাগিচা, ভজো ৰে’লৱে ষ্টেন, বগৰীগুৰিকে ধৰি বহুতো চিৰসেউজ গাঁও৷
দগাযুঁজ ৰণকৌশল ক্ষেত্রৰ চিনাক্তকৰণ, সংৰক্ষণ আৰু উদ্ধাৰৰ ইতিহাস
মন কৰিবলগীয়া কথা যে আহোম ৰাজত্বৰ এক অলিখিত ইতিহাস, এখন অতি গুৰুত্বপূর্ণ ঠাই ‘দগাযুঁজ ৰণকৌশল ক্ষেত্র’৷ অনেক দুষ্কৃতিকাৰীৰ ধ্বংসাত্মক কার্যকলাপ, বেদখল, প্রাকৃতিক দুর্যোগ, জীৱ–জন্তুৰ অবাধ বিচৰণৰ পিছতো স্বকীয় ঐতিহ্যৰে আজিও ঐতিহ্যমণ্ডিত৷ হাজাৰ ধুমুহা নেওচি সগৌৰৱে থিয় দি থাকি এদিন নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ’ল দগাযুঁজ ক্ষেত্রহ৷ ২০০৬ চনত তদনীন্তন চৰাইদেউ মহকুমা প্রশাসনে এই ঐতিহাসিক ঠাইখন চিনাক্ত কৰে৷ কোনো দুষ্টচক্রই তাত থকা বৃহৎ আকাৰৰ টিলাবোৰ খহাই তাৰ পৰা ট্ৰাকে ট্ৰাকে মাটি নি থকা কার্য স্থানীয় লোকৰ চকুত পৰে৷ চৰকাৰী মাটি অৱহেলিত হৈ পৰি আছিল যদিও তাৰ মাটি খনন কৰা বা বন ধ্বংস কৰা বিষয়টো প্রত্যক্ষদর্শীসকলে সহজভাৱে ল’ব পৰা নাছিল৷ সচেতন মহলত চর্চিত বিযয়টো মুখ বাগৰি গৈ এটা সময়ত স্থানীয় সংবাদ কর্মীৰ কাণত পৰিল৷ সেহ সময়ত নর্থ–ইষ্ট টেলিভিছনৰ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা আৰু তেখেতৰ সহযোগী স্থানীয় সাংবাদিক ৰফিক আহমেদ আহি সেই স্থানত ডপস্থিত হয়৷ অবৈধভাৱে মাটি খনন আৰু বেদখল সম্বন্ধীয় বিযয়টোৰ ওপৰত তেওঁলোকে বাতৰি যুগুত কৰাৰ সমান্তৰালকৈ স্থানীয় প্রত্যক্ষদর্শী হিচাপে মোক এটা বাহট দিবলৈ কয়৷ মই স্বচক্ষে প্রত্যক্ষ কৰা কথাখিনি তেওঁলোকক অৱগত কৰিলোঁ৷ নর্থ–ইষ্ট টেলিভিছনত সম্প্রচাৰিত হোৱা বাতৰিটো সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমা প্রশাসনৰ দৃষ্টিগোচৰ হয়৷ সেই সময়ৰ মহকুমাধিপতি বিবেকানন্দ ফুকন আহি ঠাইখন পৰিদর্শন কৰে আৰু এক নির্দেশনাৰ জৰিয়তে মাটি খননকার্য বন্ধ কৰে৷ ঠাইখন পৰিদর্শন কৰি মহকুমাধিপতিগৰাকী অভিভূত হয়৷ সৰু–বৰ মৈদাম আকাৰৰ অষ্টভুজ আকৃতিৰ টিলাবোৰ আৰু তাৰ কৌশলগত কাৰুকার্য লক্ষ্য কৰি তেওঁ অনুমান কৰিলে যে এয়া কোনো সাধাৰণ ঠাই নহয়, ই নিশ্চয় ৰজাদিনীয়া বিশেষ ঠাই হ’ব পাৰে৷ যিহেতু ইয়াৰ নাতিদূৰৈত আহোম, বৰাহী, কছাৰী আদিৰ বিভিন্ন ৰজাদিনীয়া মৈদাম বিৰাজমান৷ সেয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তাৰ ইতিহাস উদ্ধাৰ কৰিবৰ বাবে তেওঁ বহু বুৰঞ্জীবিদৰ কাষ চাপে৷ প্রসিদ্ধ বুৰঞ্জীবিদসকলৰ পর্যালোচনা, ক্ষেত্রভিত্তিক পর্যবেক্ষণ–নিৰীক্ষ অন্তত এই ঠাইখন ঐতিহাসিক আহোম যুগৰ গেৰিলা যুদ্ধৰ প্রশিক্ষণস্থলী আছিল বুলি চিনাক্তকৰণ কৰা হয়৷
ইয়াৰ লগে লগে ঠাইখন সংৰক্ষণৰ ব্যৱস্থা কৰা হয় আৰু উন্নয়নৰ কাম হাতত লোৱা হয়৷ সেই সময়ৰ চৰাইদেউ মহকুমাৰ অন্তর্গত অভয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁইৰ তত্ত্বাৱধানত ঠাইখন চাফ–চিকুণ কৰি বৃক্ষৰোপণ কৰা হয় আৰু ইয়াৰ চাৰিসীমা নির্ধাৰণ কৰি প্রশাসনৰ তৰফৰ পৰা নামফলক লগোৱা হয়৷ ঠাইখন চোৱাচিতা কৰিবৰ বাবে এখন সংৰক্ষণ কমিটী গঠন কৰি দিয়া হয়৷ ক’ব লাগিব যে সেই সময়ৰ সংৰক্ষণ সমিতিখনৰ সম্পাদকৰ দৰে গধুৰ দায়িত্ব প্রশাসনে মোক অর্পণ কৰি সামাজিক কামত মনোনিৱেশ কৰিবলৈ সুবিধা প্রদান কৰে৷ উল্লেখযোগ্য যে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ অন্যতম গৌৰৱময় স্বাক্ষৰ ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্র ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃতি লাভ কৰিবলৈ অগ্রসৰ হৈছে৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ প্রত্নতাত্ত্বিক বিভাগে আহোম ৰাজত্বকালৰ অন্যান্য ঐতিহাসিক সমলযুক্ত কীর্তিচিহ্ণসমূহ সংৰক্ষণ আৰু উন্নয়নৰ ব্যৱস্থা গ্রহণ কৰিলে ই দেশ আৰু জাতিৰ বাবে আন এক গৌৰৱৰ বিষয়ৰূপে পৰিগণিত হ’ব৷
ঐতিহাসিক দগাযুঁজ ৰণকৌশল ক্ষেত্রত দুষৃকতিকাৰীয়ে মাটি খন্দাৰ সময়ত এই ক্ষেত্রখনত বহুতো ৰজাদিনীয়া সম্পদ উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰা হৈছে৷ গতিকে ক’ব পাৰি এই ক্ষেত্রখনৰ বিকাশৰ ক্ষেত্রত বহুতো সমল আছে৷ পর্যটকৰ আকর্ষণৰ বাবে ইয়াক টুৰিজিম ক্ষেত্র হিচাপে সজাই তুলিব পাৰিলে ই নিশ্চয় অসম চৰকাৰৰ পর্যটন বিভাগৰ লগতে অঞ্চলটোৰ আর্থ–সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব৷ অসম চৰকাৰক এইক্ষেত্রত উচিত পদক্ষেপ গ্রহণ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন সমাজ সচেতন ব্যক্তি, দল–সংগঠনে বিশেষভাৱে আহ্বান জনাই আহিছে৷ উল্লেখযোগ্য যে টাই আহোম যুৱ পৰিষদ, চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকলে এই দগাযুঁজ ক্ষেত্রৰ উন্নয়নৰ হকে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত বিশেষভাৱে দাবী জনাই আহাৰ লগতে ইয়াৰ উন্নয়নমূলক কাম–কাজতো বিশেষ ভূমিকা লোৱা দেখা গৈছে৷