সুকন্যা : বন্যপ্রাণী-জীৱ বিজ্ঞানী ড০ পূর্ণিমা দেৱী বর্মনৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ফটোঃ দিব্যজ্যোতি ৰাভা
কামৰূপ জিলাৰ পলাশবাৰীৰ পূব মাজিৰ গাঁৱত জন্মগ্রহণ কৰা ড০ পূর্ণিমা দেৱী বর্মন এগৰাকী বিশিষ্ট বন্যপ্রাণী জীৱবিজ্ঞানী৷ দুষ্প্রাপ্য চৰাই হাড়গিলা সংৰক্ষণৰ বাবে ‘হাড়গিলা আর্মী’ গঠন কৰি ৰাজ্যৰ লগতে সমগ্র বিশ্বত অভিযান চলাই থকা পূর্ণিমা দেৱী বর্মনে তেওঁৰ আদর্শনীয় কামৰ বাবে গ্রীন অস্কাৰখ্যাত ‘হুইট্লী গ’ল্ড এৱার্ড’ লাভ কৰিছে৷ তদুপৰি ৰাষ্ট্রসংঘৰ সর্বোচ্চ পৰিৱেশ সন্মান ‘চেম্পিয়ন অৱ দ্য আর্থ’ বঁটাৰেও বিভূষিত হৈছে৷ ভাৰতৰ ৰাষ্ট্রপতিৰ দ্বাৰা প্রদান কৰা মহিলাৰ সর্বোচ্চ অসামৰিক সন্মান ‘নাৰী শক্তি’ পুৰস্কাৰপ্রাপ্ত ড০ বর্মনে হাড়গিলাৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি লাভ কৰিছে৷ বন্যপ্রাণী তথা হাড়গিলা সংৰক্ষণৰ অভিযানেৰে সমগ্র বিশ্বত পৰিচিতি লাভ কৰা এইগৰাকী অসম কন্যাই ইতিমধ্যে পৃথিৱীৰ ২৫খনৰো অধিক দেশৰ বিভিন্ন অনুষ্ঠানত বত্তৃণতা প্রদান কৰি অসমবাসীক গৌৰৱান্বিত কৰিছে৷ ড০ বর্মনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ ‘নিয়মীয়া বার্তা’ৰ পাঠক সমাজলৈ আগবঢ়োৱা হ’ল৷
আপুনি বন্যপ্রাণী সংৰক্ষণৰ নিচিনা এটি বিষয়ত নিজকে নিয়োজিত কৰিলে৷ এইক্ষেত্রত আপুনি কিদৰে অনুপ্রাণিত হৈছিল?
মোৰ জন্ম হৈছিল পলাশবাৰীৰ পূব মাজিৰ গাঁৱত৷ মোৰ দেউতা ভৱানীকান্ত শর্মা আৰু মা মনোমতী দেৱী৷ দেউতাই সেনা বাহিনীত চাকৰি কৰা বাবে কর্মসূত্রে দেশৰ বিভিন্ন ঠাইত থাকিব লগা হৈছিল৷ মাৰ অসুস্থতাৰ বাবে ভাইটি–ভণ্টিক লৈ তেওঁ দেউতাৰ লগত জামছেদপুৰতে আছিল৷ মই পূব মাজিৰ গাঁৱত আইতা পদুমী দেৱীৰ লগতে থাকিবলগীয়া হৈছিল৷ সেই সময়ত আমি কিছু আর্থিক অনাটনৰ মাজেৰে কটাবলগীয়া হৈছিল৷ আইতাৰ লগত খেৰৰ চালি আৰু মাটিৰ ঘৰত কটোৱা দিনবোৰ আজিও মানসপটত সজীৱ হৈ আছে৷সেই ঘৰটোৰ পৰাই মোৰ প্রকৃতিৰ প্রতি অনুৰাগ আৰম্ভ হৈছিল৷ চৌপাশৰ প্রকৃতিৰ প্রতি আইতাৰ আছিল এক বিশাল দৃষ্টিভংগী৷ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহ’লেও আইতাই গছ কটাৰ তীব্র বিৰোধী আছিল৷ কোনোবাই গছ কাটিব বিচাৰিলে অথবা প্রকৃতিৰ অনিষ্ট সাধন কৰিব বিচাৰিলে তেওঁলোকক বুজাই–বঢ়াই সেই কার্যৰ পৰা বিৰত থাকিবলৈ পৰামর্শ দিছিল৷ মোকো তেওঁ গছপুলি ৰোপণ কৰিবলৈ আৰু প্রতিপালন কৰিবলৈ শিক্ষা দিছিল৷ গছপুলিবোৰক আইতাই নিজৰ সন্তানৰ দৰে মৰম কৰিছিল৷ আইতাৰ এনে কার্যই মোক বিস্মিত কৰিছিল আৰু মই শৈশৱৰ পৰা গছ–গছনি, চৰাই–চিৰিকটি তথা প্রকৃতিক ভাল পাবলৈ শিকিছিোঁ৷ আইতাৰ অনুপ্রেৰণাৰ বাবে মই ক’ব নোৱাৰাকৈয়ে প্রকৃতিৰ প্রেমত পৰিছিলোঁ আৰু ভগৱানৰ এই বিনন্দীয় সৃষ্টি সংৰক্ষণৰ বাবে আগ্রহী হৈ পৰিছিলোঁ৷
আপুনি বন্যপ্রাণী তথা প্রকৃতিৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে যদিও মূলতঃ হাড়গিলা সংৰক্ষণক আপুনি প্রাথমিকতা প্রদান কৰে৷ সমাজৰ অনাদৃত, অৱহেলিত হাড়গিলাৰ প্রতি কিদৰে আকর্ষিত হ’ল?
আমাৰ গাঁৱৰ ওচৰৰ খেতিপথাৰ আৰু নদীৰ কাষত প্রায় নিয়মীয়াকৈ দৃষ্টিগোচৰ হোৱা হাড়গিলাবোৰে মোক সৰুৰে পৰা আকর্ষিত কৰিছিল৷ বিশেষকৈ সিহঁতৰ খাদ্য খোৱাৰ ধৰণ, খোজ–কাটল, উৰি আহি মাটিত পৰাৰ কৌশল, ঠোঁটৰ টক্ টক্ শব্দবোৰে মোৰ হূদয় আলোড়িত কৰিছিল৷ সেইবাবেই মই প্রাণীবিদ্যা বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছত ক্রমাৎ হেৰাই যাব বিচৰা হাড়গিলা নামৰ চৰাইবিধৰ ওপৰত গৱেষণা কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ কিন্তু সেই সময়তে ঘটা এটা ঘটনাই মোৰ জীৱন সলনি কৰি পেলাইছিল৷ কামৰূপ (গ্রাম্য) জিলাৰ এখন গাঁৱত মই এক মর্মন্তুদ দৃশ্য প্রত্যক্ষ কৰিছিলোঁ৷ গাঁওখনৰ এগৰাকী ব্যক্তিয়ে বাৰীৰ এডাল গছ কাটি পেলাইছিল আৰু গছডালত কেইবাটাও হাড়গিলা চৰাইৰ বাহ আছিল৷ গছডাল কটাৰ বাবে বাহবোৰত থকা পোৱালিবোৰ তলত সিঁচৰতি হৈ পৰিছিল৷ ইয়াৰে দুটামানৰ মৃত্যু হৈছিল আৰু কেইটামান ছট্ফটাই আছিল৷ মই অসহায় পোৱালিকেইটাক হাতত তুলি লৈছিলোঁ৷ সিহঁতৰ তীব্র নীলা চকু, বুকুৰ স্পন্দন আৰু ঠোঁটৰ শব্দত মই আৱেগবিহ্বল হৈ পৰিছিলোঁ৷ মই মানুহজনক গছ কটা বন্ধ কৰিবলৈ কাবৌ–কাকূতি কৰিছিলোঁ৷ কিন্তু মোক গাঁৱৰ সকলো মানুহে ঠাট্টা– মস্কৰা কৰিছিল৷ কাৰণ তেওঁলোকৰ মতে হাড়গিলা, শগুন আদি অশুভ চৰাই৷ সিহঁতে ঘৰৰ চৌহদৰ ওখ গছত বাহ সাজি চৌহদবোৰ বিভিন্ন অখাদ্য বস্তুৰে লেতেৰা কৰে৷ মই পোৱালিকেইটা আনি চিৰিয়াখানাত দিছিলোঁ আৰু তেতিয়াই এই দুষ্প্রাপ্য চৰাইবিধ সংৰক্ষণৰ বাবে আজীৱন কষ্ট কৰি যোৱাৰ দৃঢ় সিদ্ধান্ত লৈছিলো৷ লগতে মই অনুভৱ কৰিছিলোঁ যে সহজ–সৰল আৰু অন্ধবিশ্বাসী লোকসকলক এই সম্পর্কে বেলেগ পথেৰে সজাগ কৰিব লাগিব৷ মই সিদ্ধান্ত লৈছিলোঁ যে চৰাইবিধৰ প্রতি গাঁওবাসীৰ মাজত ভালপোৱা সৃষ্টি কৰিব লাগিব আৰু হাড়গিলা সংৰক্ষণৰ প্রয়োজনীয়তাৰ বিষয়ে তেওঁলোকক হূদয়ংগম কৰাব লাগিব৷ লগে লগে মই পিএইচডি ডিগ্রী লোৱা তথা গৱেষণা কৰাৰ সিদ্ধান্ত কিছুদিনলৈ পিছুৱাই দিলোঁ৷ কাৰণ মই অনুধাৱন কৰিছিলোঁ যে হাড়গিলাৰ সংৰক্ষণৰ বাবে মোৰ কর্তব্য পালন নকৰিলে অথবা জনসাধাৰণক এই বিষয়ে সজাগ কৰিব নোৱাৰিলে মোৰ ডিগ্রী আৰু গৱেষণাৰ কোনো মূল্য নাথাকিব৷ ইয়াৰ পিছতে মই কিছুবছৰলৈ পিএইচডি ডিগ্রীৰ মোহ পৰিত্যাগ কৰি হাড়গিলাৰ সংৰক্ষণ আৰু ৰাইজক সচেতন কৰাৰ অভিযানত নামি পৰিলোঁ৷ সেই হূদয়স্পর্শী ঘটনাটো সংঘটিত নহ’লে হয়তো মই আজি এই পর্যায় নাপালোঁহেঁতেন৷ কোনো লোভনীয় চাকৰি কৰি এক বিলাসী জীৱন কটালোঁহেঁতেন৷ এতিয়া সেই গাঁওখনৰ লগতে অসমৰ বিভিন্ন প্রান্তৰ হেজাৰ হেজাৰ গাঁওবাসীয়ে মোক আঁকোৱালি লৈছে আৰু হাড়গিলা সংৰক্ষণৰ অভিযানত নামি পৰিছে৷
বিশ্বৰ বুকুৰ পৰা হাড়গিলা কিয় হেৰাই যাব ধৰিছে? আপুনি আৰম্ভ কৰা অভিযানৰ ফলত চৰাইবিধৰ সংৰক্ষণ তথা বংশবৃদ্ধি সম্ভৱ হৈছেনে?
হাড়গিলাৰ সংখ্যা হ্রাস পোৱাৰ অন্যতম কাৰণ হৈছে জলবায়ুৰ পৰিৱর্তন৷ জলবায়ুৰ পৰিৱর্তনৰ ফলত হয়তো বহু হাড়গিলা প্রজাতিৰ প্রাণী মৃত্যুমুখত পৰিছে৷ তদুপৰি এনে দুষ্প্রাপ্য পক্ষীবিধৰ সংৰক্ষণ আৰু সচেতনতাৰ অভাৱো ইয়াৰ অন্যতম কাৰণ৷ ওখ গছবোৰ কাটি পেলোৱা বাবে এই চৰাইবোৰে বাহ সজা ঠাই নোহোৱা হৈছে৷ খাদ্যৰ অভাৱ হোৱা বাবে হয়তো হাড়গিলা চৰাইবোৰে অন্য ঠাইলৈ প্রব্রজন কৰিছে আৰু সেই ঠাইবোৰৰ পৰিৱেশৰ সৈতে খাপ খাব নোৱাৰি মৃত্যুক আঁকোৱালি লৈছে৷ অৱশ্যে আমি হাড়গিলা সংৰক্ষণৰ অভিযান আৰম্ভ কৰাৰ পিছত অসমত চৰাইবিধৰ সংখ্যা বৃদ্ধি পাইছে৷ কেৱল কামৰূপ জিলাৰ দদৰা আৰু পছৰীয়াত ২৫০ৰো অধিক আৰু কুলহাটীত ৫২টা হাড়গিলাৰ বাহ আছে৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলত বাহৰ সংখ্যা প্রায় ৪০০ আৰু হাড়গিলাৰ সংখ্যা ১৮০০৷ ২০৩০ চনত হাড়গিলাৰ সংখ্যা ৫,০০০লৈ বৃদ্ধি কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ অৱশ্যে কিমান দূৰ সফল হওঁ সেয়া সময়হে ক’ব৷
হাড়গিলা সংৰক্ষণৰ বাবে আপুনি চলোৱা অভিযানৰ ধৰণ কিছু সুকীয়া৷ আপুনি অসমৰ সংস্কৃতি আৰু ঐতিহ্যক একীভূত কৰি অভিযানৰ নেতৃত্ব দিয়ে৷ এই প্রসংগত আপুনি কি ক’ব?
মই ভালদৰে অনুভৱ কৰিছিলোঁ যে হাড়গিলা সম্পর্কে মানুহক সজাগ কৰা বৰ সহজ নহ’ব৷ কাৰণ চৰাইবিধৰ প্রতি মানুহৰ ভাল ধাৰণা নাছিল৷ সেইবাবে মই গাঁৱে গাঁৱে গৈ মহিলাসকলক সজাগ কৰাৰ অভিযান আৰম্ভ কৰিলোঁ৷ কাৰণ ঘৰখনৰ মহিলাগৰাকীক সচেতন আৰু সজাগ কৰি তুলিব পাৰিলে তাৰ প্রভাৱ পৰিয়ালৰ প্রতিগৰাকী সদস্যৰ ওপৰত পৰে৷ ঘৰুৱা কাম–কাজত সদায় ব্যস্ত থকা মহিলাসকলক উলিয়াই আনিবলৈ আমি ৰন্ধন প্রতিযোগিতা, লাড়ু, পায়স, পিঠা বনোৱা প্রতিযোগিতাৰ আয়োজন কৰিবলৈ ল’লোঁ৷ সেইবোৰৰ প্রতি আকর্ষিত হৈ গাঁৱৰ মহিলাসকল দলে–বলে ওলাই আহিল৷ মই হাড়গিলা চৰাইক এগৰাকী মমতাময়ী মাতৃ বুলি ধাৰণা কৰি সম্পূর্ণ নীতি–নিয়মেৰে মহিলাসকলৰ মাজত পঞ্চামৃত খুওৱা, পোৱালি হ’লে অশৌচ যোৱা, অন্নপ্রাসন আদি অনুষ্ঠানৰ আয়োজন কৰি সংৰক্ষণৰ প্রচাৰ আৰম্ভ কৰিলোঁ৷ ইয়াৰ উপৰি বিয়ানাম, দিহানাম আদি অনুষ্ঠিত কৰিও মহিলাসকলক আকর্ষিত কৰিবলৈ ল’লোঁ৷ দিনটোৰ প্রায়খিনি সময় হাড়গিলা সংৰক্ষণ আৰু ৰাইজক সচেতন কৰাত মনোনিৱেশ কৰিবলৈ লোৱাত এতিয়া হাজাৰ হাজাৰ মানুহ ওলাই আহিছে৷ মোক গালি–শপনি পৰা মানুহবোৰে এতিয়া মোক মৰম কৰে আৰু হাড়গিলাকো নিজৰ অংগ বুলি ভাবিবলৈ লৈছে৷ এই পথ যথেষ্ট কঠিন আছিল যদিও অহৰহ লাগি থকা বাবে সেই পথ আজি কিছু হ’লেও সহজ হৈ পৰিছে৷
আপুনি গঠন কৰা ‘হাড়গিলা আর্মী’ এক যুগান্তকাৰী পদক্ষেপৰূপে পৰিগণিত হৈছে৷ এই ‘হাড়গিলা আর্মী’ত হাজাৰ হাজাৰ মহিলাই যোগদান কৰিছে৷ এই বিষয়ে অলপ কওকচোন৷
মহিলাসকলো যে পৰিৱেশৰ এক অংগ, পৰিৱেশৰ সজাগতাত যে মহিলাসকলৰ অৱদান আছে সেয়া অস্বীকাৰ কৰিব নোৱাৰি৷ আমাৰ ঘৰ আৰু চৌহদৰ জৈৱ–বৈচিত্র্যৰ সৈতে মূলতঃ মহিলাসকল জড়িত হৈ থাকে৷ সেইবাবে পৰিৱেশ সংৰক্ষণৰ বাবে মহিলাসকলক সজাগ কৰা প্রয়োজন৷ এনে উদ্দেশ্যৰেই ‘হাড়গিলা আর্মী’ৰ জন্ম দিয়া হৈছিল৷ এইপর্যন্ত প্রায় ১০ হাজাৰ মহিলাই ‘হাড়গিলা আর্মী’ত যোগদান কৰিছে৷ বর্তমান হাড়গিলা আর্মী’ৰ ৪ শতাধিক কর্ণধাৰ নেত্রী(Corefront leader) আছে৷ তেওঁলোকে গাঁৱে গাঁৱে গৈ হাড়গিলা সংৰক্ষণ, পৰিৱেশ সংৰক্ষণৰ বাবে অভিযান চলাই শপত গ্রহণ কৰায়৷ ‘হাড়গিলা আর্মী’য়ে সমগ্র বিশ্বৰ প্রাণী বিজ্ঞানীসকলৰ দৃষ্টি আকর্ষণ কৰিছে৷ এইসকল বিজ্ঞানীৰ মতে পৰিৱেশৰ লগত জড়িত এইটোৱে হৈছে বিশ্বৰ সর্ববৃহৎ মহিলা সংগঠন৷
মহিলাসকলৰ সবলীকৰণৰ বাবে হাড়গিলা আর্মীয়ে সামগ্রী তৈয়াৰ কৰি বিক্রীৰ ব্যৱস্থা কৰিছে৷ এইক্ষেত্রত মহিলাসকল কিদৰে লাভান্বিত হৈছে?
‘হাড়গিলা আর্মী’ৰ সৈতে জড়িত মহিলাসকলক আর্থিকভাৱে সচ্ছল কৰি তুলিবলৈ তাঁতশাল, সূতা, চিলাই মেচিন আদিৰ ব্যৱস্থা কৰি দিয়া হৈছে৷ লগতে তেওঁলোকক প্রশিক্ষণো দিয়া হৈছে৷ প্রশিক্ষিত ১০ হাজাৰ মহিলাই হাড়গিলা চৰাইৰ চিত্রৰ গামোচা, ষ্টল, টি–ছার্ট, মেখেলা–চাদৰ, অলংকাৰ, কুছন ক’ভাৰ, বেগ, স্কার্ফ আদি তৈয়াৰ কৰিছে৷ আনকি পাট কাপোৰতো হাড়গিলাৰ চিত্র সন্নিৱিষ্ট কৰি তৈয়াৰ কৰা হৈছে৷ এই কাপোৰবোৰে দেশৰ লগতে সমগ্র বিশ্বতে সমাদৰ লাভ কৰিছে৷’Pashoopakshee.com’ নামৰ এটি ৱেবছাইটৰ জৰিয়তে তেওঁলোকে এইবোৰৰ ব্যৱসায় চলাই আছে আৰু ইয়াৰ জৰিয়তে মহিলাসকল আর্থিকভাৱে সফল হ’ব পাৰিছে৷ উত্তৰ প্রদেশতো বান্ধৱগড় নেচনেল পার্কতো ‘ক্রাফটছ ফৰ কনজাৰভেচন’ নামৰ ষ্টলখনতো এই সামগ্রী পোৱা যায়৷ গুৱাহাটীৰ দীপৰ বিলৰ কাষতো এই সামগ্রীবোৰৰ এখন ষ্টল আছে৷
হাড়গিলা আর্মীৰ মূলমন্ত্র কি?
হাড়গিলা আর্মীৰ এটা মূলমন্ত্র হৈছে ‘গছ কটাৰ আগতে আমাক আঘাত কৰিব লাগিব’৷ এই আর্মীৰ মহিলাসকলে কেতিয়াও গছ কাটিব নিদিয়ে৷ তদুপৰি আশে–পাশে থকা গাঁওবোৰত হাড়গিলা বা অন্য চৰাই অসুস্থ বা অঘৰী হৈ পৰিলে সেইবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰে৷ এইক্ষেত্রত কামৰূপ জিলা প্রশাসন, কামৰূপ আৰক্ষী প্রশাসন আৰু বন বিভাগে সহযোগিতা আগবঢ়াই আহিছে৷
হাড়গিলাৰ লগতে পৰিৱেশ সুৰক্ষাৰ বাবে আপুনি কৰি অহা কঠোৰ পৰিশ্রম আৰু ত্যাগৰ বাবে ‘হুইটলী এৱার্ড’ আৰু ‘গ্রীন অস্কাৰ’ৰ দৰে বিৰল সন্মান লাভ কৰিছে৷ আপুনি এইক্ষেত্রত কি কি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে?
হাড়গিলা সংৰক্ষণৰ বাবে মই জীৱনৰ যথাসর্বস্ব উজাৰি দিছোঁ৷ ইয়াৰ বাবে আমি যথেষ্ট সংগ্রাম কৰিবলগীয়া হৈছে৷ জীৱনৰ শেষ মুহূর্তলৈ হাড়গিলা সংৰক্ষণৰ অভিযানত নিয়োজিত হৈ থাকিব বিচাৰোঁ৷ ইতিমধ্যে ৰাষ্ট্রসংঘৰ সর্বোচ্চ পৰিৱেশ সন্মান ‘চেম্পিয়ন অৱ দ্য আর্থ’ লাভ কৰিছোঁ৷ তদুপৰি যোৱা বছৰ মই গ্রীন অস্কাৰৰূপে পৰিচিত হুইটলী এৱার্ডত শ্রেষ্ঠ সন্মান ‘হুইট্লী গ’ল্ড এৱার্ড’ লাভ কৰিছোঁ৷ লণ্ডনৰ ৰয়েল জি’গ্রাফিকেল ছ’চাইটীত আয়োজিত এক অনুষ্ঠানত এই বঁটা প্রদান কৰিছিল ব্রিটিছ ৰাজ পৰিয়ালৰ ৰাজকুমাৰী এনে৷ মই ভাৰতৰ সর্বোচ্চ মহিলা অসামৰিক সন্মান ‘নাৰীশক্তি’ পুৰস্কাৰ লাভ কৰিছিলোঁ ২০১৮ চনত৷ ইয়াৰ উপৰি লণ্ডনৰ নাট সংস্থাই প্রদান কৰিছে ৱর্ল্ড ফিমেল ৰেঞ্জাৰ বঁটা, ৰয়েল বেংক অৱ স্কটলেণ্ড (আৰবিএছ) আর্থ হিৰ’ এৱার্ড, শ্রী সত্য চাই হিউমেন এক্সিলেঞ্চ এৱার্ড আদি অন্যতম৷ আচলতে আমালৈ আগবঢ়োৱা এই সন্মান তথা স্বীকৃতিৰ জৰিয়তে হাড়গিলা চৰাইৰ লগতে এই অভিযানত অংশগ্রহণ কৰা ৰাইজে স্বীকৃতি আৰু ন্যায় লাভ কৰা বুলি মই অনুভৱ কৰোঁ৷ সেইবাবে মই হুইট্লী এৱার্ড গ্রহণ কৰি দিয়া বত্তৃণতাৰ আৰম্ভণিতে কৈছিলোঁ– ‘Who says my bird can’t win a beauty contest, my bird has won the biggest contest today through this whitley award. অর্থাৎ মোৰ মন–মগজুত কেৱল হাড়গিলাৰ প্রতি থকা মৰমেহে চলা–ফিৰা কৰি থাকে৷
হাড়গিলা সংৰক্ষণ আৰু প্রকৃতি সংৰক্ষণৰ অভিযানেৰে আপুনি নতুন প্রজন্মৰ মাজত আশাৰ সৃষ্টি কৰিছে৷ ইয়াৰ অংশস্বৰূপে আপুনি বিশ্বৰ ২৫খনৰো অধিক দেশলৈ আমন্ত্রিত হৈছে৷ শেহতীয়া জার্মানী ভ্রমণো ইয়াৰেই অংশ আছিল নেকি?
মই হাড়গিলা সংৰক্ষণৰ লগতে বন্যপ্রাণী সংৰক্ষণ আৰু প্রকৃতি সুৰক্ষা সম্পর্কে চলোৱা অভিযানৰ অংশ হিচাপে ২৫খনৰো অধিক দেশ ভ্রমণ কৰিছোঁ৷ ইয়াৰ ভিতৰত কানাডা, নিউজিলেণ্ড, ছুইজাৰলেণ্ড, ফ্রান্স, কাজাকিস্তান, আবুধাবি, আর্জেণ্টিনা, নিউজিলেণ্ড, মেক্সিকো, গায়েনা আদি অন্যতম৷ এই দেশবোৰৰ বিভিন্ন অনুষ্ঠানত মই প্রকৃতি সংৰক্ষণৰ বিষয়ে বত্তৃণতা প্রদান কৰি জনসাধাৰণক সচেতন কৰাৰ চেষ্টা চলাইছোঁ৷ শেহতীয়াভাৱে এমাহৰো অধিক কাল জার্মানী ভ্রমণ কৰি দেশখনৰ বিখ্যাত চিৰিয়াখানা’willhelma zoo’ পৰিদর্শন কৰিবলৈ অহা হাজাৰ হাজাৰ লোকক আৰু ছাত্র–ছাত্রীক প্রকৃতি সংৰক্ষণৰ বিভিন্ন দিশৰ ওপৰত শিক্ষা প্রদান কৰিছোঁ৷ দিন–ৰাতি একাকাৰ কৰি চলাই যোৱা অভিযানৰ বাবে আমি এতিয়া নতুন প্রজন্মৰ মাজত আশাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ৷ এতিয়া সমগ্র বিশ্বৰ বিভিন্ন দেশৰ ল’ৰা–ছোৱালী আৰু অভিভাৱকে ফোন কৰি আমাক তেওঁলোকৰ প্রেৰণা আৰু আশা বুলি কয়৷ সেইবোৰ কথাই আমাক উৎসাহিত কৰাৰ সমান্তৰালভাৱে দায়িত্ব বৃদ্ধি কৰিছে৷ প্রত্যেক দিনা বহু বিদ্যালয়ত হাড়গিলা আৰু মোক লৈ ৰচনা লিখে৷ স্কুলবোৰত হাড়গিলা সংৰক্ষণৰ বাবে প্রজেক্ট দিয়া হয়৷ বিভিন্ন শিক্ষানুষ্ঠানত মোক এই বিষয়ত বত্তৃণতা প্রদান কৰিবলৈ নিমন্ত্রণ জনায়৷ এইবোৰে আমাক হাড়গিলা সংৰক্ষণৰ বাবে অধিক বলিষ্ঠ ৰূপত কাম কৰিবলৈ প্রেৰণা যোগায়৷
নিজৰ সাংসাৰিক ব্যস্ততা, পৰিয়ালৰ বিভিন্ন কাম–কাজ আদিৰ মাজতে হাড়গিলা তথা পৰিৱেশ সংৰক্ষণৰ বাবে কেনেকৈ ইমান সময় দিয়ে?
মোৰ স্বামী বন্যপ্রাণী জীৱবিজ্ঞানী ড০ ৰথিন বর্মনো পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত৷ তেওঁ সম্প্রতি ৱাইল্ড লাইফ ট্রাষ্ট অৱ ইণ্ডিয়াৰ যুটীয়া সঞ্চালকৰূপে কার্যনির্বাহ কৰি আছে৷ গতিকে তেওঁ মোক এইক্ষেত্রত যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে৷ মোৰ দুই যমজ কন্যা সংস্কৃতি বর্মন আৰু সম্প্রীতি বর্মনক ৩ বছৰ বয়সৰ পৰা লগত লৈ গাঁৱে গাঁৱে অভিযান চলাইছোঁ৷ অৱশ্যে এতিয়া তেওঁলোক ডাঙৰ হৈছে আৰু দুয়ো উচ্চ শিক্ষা গ্রহণ কৰি আছে৷ তেওঁলোক দুয়ো মোৰ আদর্শৰ দ্বাৰা অনুপ্রাণিত আৰু তেওঁলোকেও এই অভিযান অব্যাহত ৰাখিছে৷ প্রথম অৱস্থাত বিৰোধিতা কৰা পিতৃ–মাতৃয়েও মোৰ কাম–কাজ প্রত্যক্ষ কৰি এতিয়া সমর্থন জনায়৷ গতিকে মোৰ এই অভিযান চলোৱাত পৰিয়ালৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছোঁ৷ ইয়াৰ উপৰি শিক্ষাগুৰু পৰিমল চন্দ্র ভট্টাচার্য আৰু প্রশান্ত শইকীয়া ছাৰেও মোক যথেষ্ট অনুপ্রাণিত কৰিছে৷
শিক্ষা জীৱন পৰিক্রমা সম্পর্কে ক’ব নেকি?
পলাশবাৰীৰ পূব মাজিৰ গাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰাৰ পিছত পলাশবাৰী আঞ্চলিক হাইস্কুলৰ পৰা মেট্রিক আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্রী লাভ কৰোঁ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্রাণীবিদ্যা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছত মই পিএইচডি ডিগ্রী লাভ কৰিছিলোঁ৷ মোৰ গৱেষণাৰ বিষয় আছিল–Foraging ecology, breeding success and genetic Status of endangered Greater adjutant stork leptoptilos dubius in kamrup, assam. অধ্যাপক ধীৰেণ কুমাৰ শর্মা ছাৰৰ অধীনত মই এই গৱেষণা সম্পূর্ণ কৰিছোঁ৷
নতুন প্রজন্মলৈ আপোনাৰ পৰামর্শ কি হ’ব?
নতুন প্রজন্মক ক’ব বিচাৰিম যে তোমালোক আশাবাদী হোৱা৷ সকলোৱে পৰিৱেশৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিব লাগে৷ ঘৰখনৰ পৰাই পৰিৱেশৰ কাম আৰম্ভ হয়৷ অলপ মৌন হৈ থাকিলেই চৰাইৰ কলৰৱ শুনিবলৈ পোৱা যায়৷ প্রকৃতিক ভাল পাব লাগে৷ মাক–দেউতাকেও জন্মৰ পিছতে সন্তানক প্রকৃতিক ভাল পাবলৈ শিকাব লাগে৷ প্রকৃতিৰ সৈতে সকলোৱে সহাৱস্থান কৰিব লাগিব৷ বাৰীৰ গছ নাকাটিব৷ প্রকৃতি ধ্বংস নকৰিব৷
জীৱনে আপোনাক কি শিকালে?
জীৱনৰ পৰা এইটোৱে শিকিলোঁ যে প্রকৃতিয়েই যথাসর্বস্ব৷ প্রকৃতি নাথাকিলে কোনো জীয়াই নাথাকে৷ জীৱনে এই কথাও শিকালে যে কিবা কামত সফল হ’বলৈ হ’লে একেৰাহে লাগি থাকিব লাগিব৷ সদায় নতুন নতুন সৃষ্টিত মনোনিৱেশ কৰিব লাগে৷ প্রকৃতি আৰু ৰীতি–নীতি এটা মুদ্রাৰ ইপিঠি–সিপিঠি, নিজক সংৰক্ষণ কৰিব লাগিলে প্রকৃতিক সংৰক্ষণ কৰিবই লাগিব৷