সুকন্যা : লব্ধপ্রতিষ্ঠ ঔপন্যাসিক ড০ ৰীতা চৌধুৰীৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফটোঃ দিব্যজ্যোতি ৰাভা
অসমীয়া সাহিত্যৰ ভঁৰাললৈ বহু মহান সৃষ্টিৰে অপৰিসীম বৰঙণি আগবঢ়োৱা ড০ ৰীতা চৌধুৰী পঢ়ুৱৈ সমাজৰ বাবে এটি চিনাকি নাম৷ ‘অবিৰত যাত্রা’ নামৰ উপন্যাসেৰে সাহিত্যৰ যাত্রা আৰম্ভ কৰা চৌধুৰীয়ে ‘দেওলাংখুই’ নামৰ উপন্যাসৰ বাবে ২০০৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ তেওঁৰ সাহিত্যিক জীৱনৰ অন্যতম কীর্তিস্তম্ভ ‘মাকাম’ উপন্যাসে চীনা–ভাৰতীয় লোকৰ দুখ–দুর্দশাৰ কাহিনী বর্ণনা কৰি আন্তঃৰাষ্ট্রীয় পর্যায়তো দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ড০ ৰীতা চৌধুৰীয়ে ঐতিহ্যমণ্ডিত কটন কলেজৰ পৰা অধ্যাপিকাৰূপে অৱসৰ গ্রহণ কৰাৰ উপৰি ‘নেচনেল বুক ট্রাষ্ট’ৰ সন্মানজনক সঞ্চালক পদতো অধিষ্ঠিত হৈছিল৷ ২০০১–০২ বর্ষত ‘আধাৰশিলা’ নামৰ আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব পালন কৰা ড০ চৌধুৰী বর্তমান সাহিত্য আলোচনী ‘গৰীয়সী’ৰ সম্পাদকৰ দায়িত্বত আছে৷ প্রথমখন উপন্যাস ‘অবিৰত যাত্রা’ই অসম সাহিত্য সভাৰ দ্বাৰা আয়োজিত উপন্যাস প্রতিযোগিতাত প্রথম স্থান লাভ কৰাৰ পিছত ‘মহা জীৱনৰ আধাৰশিলা’, ‘নয়না, তৰালী, সুজাতা’, ‘পপীয়া তৰাৰ সাধু’, ‘জলপদ্ম’, ‘এই সময় সেই সময়’, ‘জাহ্ণৱী’ আদি উপন্যাসেৰে অসমীয়া সাহিত্যত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে৷ চাৰিখনকৈ কবিতাপুথিৰেও অসমীয়া সাহিত্য জগতলৈ বৰঙণি আগবঢ়োৱা এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ পঢ়ুৱৈ সমাজলৈ আগবঢ়োৱা হ’ল৷
আপোনাৰ জন্ম হৈছিল অৰুণাচল প্রদেশৰ মনোমোহা প্রাকৃতিক পৰিৱেশৰ মাজত৷ আপোনাৰ জীৱনত পাহাৰীয়া পৰিৱেশে কেনেদৰে প্রভাৱ পেলাইছিল?
প্রাকৃতিক আৰু নৈসর্গিক সৌন্দর্যৰে ভৰা অৰুণাচল প্রদেশৰ টিৰাপ জিলাৰ নামপঙত মোৰ জন্ম হৈছিল আৰু পাহাৰীয়া পৰিৱেশৰ মাজতে মই শৈশৱ কটাইছিলোঁ৷ জন্মভূমি তথা শৈশৱ কালৰ ৰম্যভূমিয়ে সকলোৰে জীৱনত প্রভাৱ বিস্তাৰ কৰে৷ মোৰ জীৱনতো সেই ঠাইৰ পৰিৱেশ আৰু অভিজ্ঞতাৰ প্রভাৱ গভীৰভাৱে পৰিছিল৷ সৰুৰে পৰা মই পঢ়ি ভাল পাইছিলোঁ আৰু স্বাধীনভাৱে জীৱন যাপন কৰি মই ভাল পাইছিলোঁ৷ মোৰ দেউতা বিৰজানন্দ চৌধুৰী আৰু মা মলিনা চৌধুৰীয়ে মোক সকলো দিশতে সমর্থন আগবঢ়াইছিল৷ মই আপাৰ হাফলং প্রাথমিক বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ৷ মার্ঘেৰিটা পাব্লিক হায়াৰ ছেকেণ্ডাৰীৰ পৰা মই মেট্রিক পাছ কৰিছিলোঁ৷ অৰুণাচল, হাফলং, মার্ঘেৰিটাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰিৱেশে মোৰ লেখাতো প্রভাৱ পেলাইছে৷ এই সকলো স্থানৰ প্রভাৱ আৰু পৰিৱেশ মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷
আপোনাৰ প্রথমখন উপন্যাস ‘অবিৰত যাত্রা’ই অসম সাহিত্য সভাৰ দ্বাৰা শ্রেষ্ঠ উপন্যাসৰ সন্মান লাভ কৰিছিল৷ এয়া আপুনি শৈশৱতে দেখা সপোনৰ প্রথমটো সফল পদক্ষেপ আছিল নেকি?
মই কেতিয়াও সাহিত্যিক হোৱাৰ সপোন দেখা নাছিলোঁ৷ মই আচলতে ঘটনাক্রমেহে সাহিত্যিক হ’লোঁ৷ আমাৰ পৰিয়ালটো গুৱাহাটীলৈ অহাৰ পিছত মই অসম আন্দোলনত সক্রিয়ভাৱে জড়িত হৈ পৰিছিলোঁ৷ আন্দোলনৰ সৈতে জড়িত হোৱা বাবেই মই কেইবাবাৰো আৰক্ষীৰ দ্বাৰা গ্রেপ্তাৰ হ’বলগীয়া হৈছিল আৰু কাৰাবাস খাটিবলগীয়া হৈছিল৷ সেই সময়তে অসম সাহিত্য সভাই উপন্যাস প্রতিযোগিতা অনুষ্ঠিত কৰিছিল৷ আন্দোলনৰ পটভূমি তথা বিভিন্ন অভিজ্ঞতাক সমল কৰি লিখা ‘অবিৰত যাত্রা’ নামৰ উপন্যাসখনেৰে মই প্রতিযোগিতাত অংশগ্রহণ কৰিছিলোঁ৷ মই ডিব্রুগড় জে’লত থকা সময়তে প্রতিযোগিতাৰ ফলাফল ওলাইছিল আৰু মই প্রথম স্থান অধিকাৰ কৰিছিলোঁ৷ ইয়াৰ পূর্বে মই সাহিত্য সৃষ্টিৰ নামত এটা শব্দও লিখা নাছিলোঁ৷ কিন্তু এইখন গ্রন্থই মোক যথেষ্ট পৰিচিতি দিলে৷ কাকতসমূহৰ তৰফৰ পৰা মোলৈ প্রবন্ধ, উপন্যাস, কবিতা বিচাৰি অনুৰোধ আহিবলৈ ল’লে৷ সেই সময়তে মই অনুভৱ কৰিলোঁ যে মোৰ ক’বলগীয়া কথাবোৰ প্রকাশ কৰাৰ আটাইতকৈ সহজ মাধ্যম হৈছে কবিতা৷ অৱশ্যে তেতিয়াও মই গভীৰভাৱে সাহিত্য চর্চাত ব্রতী হোৱা নাছিলোঁ৷
আপুনি এগৰাকী ৰাজনীতিক তথা অসম আন্দোলনৰ সক্রিয় সহযোগী চন্দ্রমোহন পাটোৱাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে৷ ইয়াৰ ফলত আপোনাৰ সাহিত্য সৃষ্টিত কি সুবিধা অথবা অসুবিধা হৈছিল?
অসম আন্দোলনৰ পিছতে মোৰ এগৰাকী মন্ত্রী তথা আন্দোলনৰ সক্রিয় কর্মীৰ সৈতে বিবাহ হৈছিল৷ বিয়াৰ পিছত মই প্রায় ১০ বছৰ কোনো ধৰণৰ লিখিব পৰা নাছিলোঁ৷ কাৰণ ৰাজনৈতিক ক্ষেত্রখন সম্পূর্ণৰূপে বেলেগ আছিল৷ মানুহৰ প্রত্যাশা আছিল আকাশলংঘী৷ মই একপ্রকাৰ বিভ্রান্ত হৈ পৰিছিলোঁ৷ সন্তানৰ জন্ম, তেওঁলোকক সময় দিয়া আদিৰ মাজেৰে বহু সময় পাৰ হৈ গৈছিল৷ কিন্তু মই নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ কলমকে একমাত্র সম্বল বুলি ধাৰণা কৰিছিলোঁ আৰু পুনৰ লিখাৰ সিদ্ধান্ত লৈছিলোঁ৷ ইয়াৰ পূর্বে মই গভীৰ বস্তু লিখিব পৰা নাছিলোঁ৷ কাৰণ মই মনোযোগ দিব পৰা নাছিলোঁ, নিজকে উৎসর্গা কৰি দিব পৰা নাছিলোঁ৷ তেতিয়া মই ভাবিলোঁ যে এইটো মোৰ জীৱন নহয়৷ মই সেই মানুহবোৰৰ ওচৰলৈ উভতি যাব বিচাৰিছিলোঁ৷ ইয়াৰ পিছত মই কেৱল লিখি গৈছিলোঁ অহৰহ৷ সন্তান দুটিক চোৱা–চিতা কৰাৰ লগতে এই সময়েছোৱাত পিএইচডি ডিগ্রীও সম্পূর্ণ কৰিছিলোঁ৷ ইয়াৰ পৰিণতিতে হয়তো আজি এই পর্যায়ত উপনীত হ’ব পাৰিছোঁ৷
আপুনি এগৰাকী অসম আন্দোলনৰ সক্রিয় কর্মী৷ তদুপৰি আপোনাৰ স্বামী এগৰাকী প্রভাৱশালী মন্ত্রী আছিল আৰু এইপর্যন্তও আছে৷ আপুনি বিচৰা হ’লেই নির্বাচন খেলি মন্ত্রী অথবা বিধায়ক হ’ব পাৰিলেহেঁতেন৷ কিন্তু আপুনি তেনে নকৰিলে কিয়?
মই ৰাজনীতিৰ প্রতি একেবাৰে আগ্রহী নহয়৷ আচলতে ৰাজনীতি মই বেয়া পাওঁ৷ ৰাইজৰ প্রতি মোৰ যি দায়িত্ব বা প্রতিশ্রুতি আছিল, সেয়া মই কলমেৰে পূর্ণ কৰিব বিচাৰোঁ৷ অৱশ্যে মোৰ স্বামীক মই কেতিয়াও ৰাজনীতি কৰাৰ ক্ষেত্রত বাধা প্রদান কৰা নাছিলোঁ৷ সকলোৰে এটা ব্যক্তিগত অভিৰুচি আৰু স্বাধীনতা থাকে৷ তেওঁ যিটো ভাল পায়, সেইটো কৰিবই৷ তাত বাধা দিবলগীয়া নাছিল আৰু এতিয়াও বাধা নিদিওঁ৷
‘মাকাম’ হৈছে আপোনাৰ সাহিত্যিক জীৱনৰ এক অন্যতম কীর্তিস্তম্ভ৷ আপুনি এইখন উপন্যাসক এখন গ্রন্থ নহয়, এটি মিছন হিচাপে লৈছে৷ এই সম্পর্কে কি ক’ব?
সঁচাকৈয়ে ‘মাকাম’ এটি মিছন৷ যি মিছন এতিয়াও সমাপ্ত হোৱা নাই৷ আচলতে মই ভাৰতীয়–চীনাসকলৰ্ বিষয়ে লিখিব বিচাৰিছিলোঁ৷ মই কলেজত পঢ়ি থকা সময়তে মাকুমত এইসকল লোকক দেখিছিলোঁ আৰু তেওঁলোকৰ বিষয়ে লিখিম বুলি ভাবিছিলোঁ৷ ২০০৬ চনত মই তেওঁলোকৰ বিষয়ে লিখাৰ সিদ্ধান্ত লৈছিলোঁ৷ মাকুমত ‘চীনাপট্টি’ নামেৰে পৰিচিত স্থানত এইসকল লোক আছিল৷ কিন্তু ১৯৬২ চনৰ পৰা ২০০৬ চনলৈ এই পট্টিৰ লোকসকল হঠাতে ক’লৈ অন্তর্ধান হৈছিল, সেই কথা কোনেও গম পোৱা নাছিল৷ ১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত তেওঁলোকক নিশাৰ ভিতৰতে মাকুমৰ চীনাপট্টিৰ পৰা ৰাজস্থানৰ জে’ললৈ নিয়া হৈছিল৷ তাৰ পিছত তেওঁলোকক চীনলৈ পঠিয়াই দিয়া হৈছিল৷ এতিয়া মাকুমৰ চীনাপট্টিত এই ভাৰতীয় চীনাসকলৰ কেইটামান পৰিয়ালহে আছে৷ তেওঁলোকৰ ঘৰবোৰত অসমীয়া মানুহ থাকিবলৈ লৈছে৷ অথচ এইসকল লোক কেইবাটাও পুৰুষৰ পূর্বে স্বাভাৱিক প্রব্রজন প্রক্রিয়াৰে অসমলৈ আহিছিল৷ ব্রিটিছসকলে তেওঁলোকক চাহ বাগানৰ কামত লগাইছিল৷ তেওঁলোক হাড়ে–হিমজুৱে অসমীয়া হৈ পৰিছিল৷ ইয়াতে বিয়া–বাৰু কৰাই অসমৰ কৃষ্টি–সংস্কৃতি গ্রহণ কৰিছিল৷ চীনা ভাষাও তেওঁলোকে পাহৰি পেলাইছিল৷ ইমানৰ পিছতো এই লোকসকলক চীনলৈ পঠিয়াই দিয়াত তেওঁলোকৰ জীৱন কিমান দুর্বিষহ হৈ পৰিছিল সেয়া সহজেই অনুমেয়৷ অৱশ্যে ‘মাকাম’ প্রকাশৰ পিছতহে অসমৰ ৰাইজেও এই বিষয়ে জানিব পাৰিছিল৷ গ্রন্থখন ইংৰাজীলৈ অনুবাদ হোৱাৰ পিছত বিষয়টো আন্তঃৰাষ্ট্রীয় পর্যায়তো আলোচনাৰ মাজলৈ আহিছে৷ এইসকল লোকৰ ট্রেজেডীক মই মাকামৰ মাজেদি দাঙি ধৰিব বিচাৰিছোঁ আৰু তেওঁলোকে ন্যায় পোৱা বিচাৰোঁ৷ তেওঁলোকে ন্যায় পালেহে মোৰ মিছন সমাপ্ত হ’ব৷
n ‘দেওলাংখুই’ নামৰ উপন্যাসখনৰ বাবে আপুনি সাহিত্য অকাডেমি বঁঁটা লাভ কৰিছিল৷ এনে এখন উপন্যাস লিখাৰ আগ্রহ মনলৈ কিদৰে আহিছিল?
‘দেওলাংখুই’ এখন ঐতিহাসিক উপন্যাস৷ গ্রন্থখনৰ মাজেদি তৎকালীন তিৱা সমাজৰ সমসাময়িক সমাজৰ কিছু গুৰুত্বপূর্ণ দিশ আৰু তেওঁলোকৰ ৰীতি–নীতি আৰু ঐতিহ্য পৰিস্ফুট হৈছে৷ আচলতে মই ঘটনাক্রমেহে এই বিষয়টো জানিব পাৰিছিলোঁ৷ তিৱা সম্প্রদায়ৰ এখন সৰু কিতাপ পঢ়ি মই তেওঁলোকৰ বিষয়ে জ্ঞাত হৈছিলোঁ আৰু সেই কাহিনীটোৱে মোৰ হূদয় স্পর্শ কৰিছিল৷ মই তিৱা সম্প্রদায়ৰ ঐতিহ্যক লৈ এখন উপন্যাস লিখাৰ কথা ভাবিছিলোঁ যদিও ১৫ বছৰ ধৰি লিখিব পৰা নাছিলোঁ৷ উপন্যাসখন লিখাৰ পূর্বে মই বহু লোকক লগ কৰিছিলোঁ আৰু তেওঁলোকে যথেষ্ট সহায় কৰিছিল৷ উপন্যাসখন লিখিবলৈ গৈ দেখিলোঁ তিৱা সম্প্রদায়টোৰ এক বিশেষ ঐতিহ্য আছে৷ উপন্যাসখন ৰাজপৰিয়ালৰ হ’লেও তেওঁলোকৰ ৰীতি–নীতি–পৰম্পৰা আদি পৰিস্ফুট হৈছে৷ গ্রন্থখন প্রকাশৰ পিছত সম্প্রদায়টোৰ লগতে অন্য লোকসকলৰ মাজতো এটি সচেতনতা আৰম্ভ হৈছিল৷ বর্তমানৰ তিৱা ৰজাসকলক সহায় কৰিবলৈ চৰকাৰো আগবাঢ়ি আহিছে৷ গ্রন্থখনৰ জৰিয়তে এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা বাবে মই অতিশয় সুখী৷
অসম সাহিত্য সভাৰ সভাপতি নির্বাচনৰ বিষয়টোৱে সম্প্রতি অসমৰ সাহিত্য জগতত তীব্র প্রতিক্রিয়া আৰু উদ্বিগ্নতাৰ সৃষ্টি কৰিছে৷ এই বিষয়ে আপোনাৰ অনুভৱ কেনে? আপোনালৈ সভাপতি হোৱাৰ প্রস্তাৱ আহিছে নেকি?
অসম সাহিত্য সভাৰ বিষয়ে আলোচনা কৰি মই আচলতে সময় অপচয় কৰিব নিবিচাৰোঁ৷ অনুষ্ঠানটোৰ বিষয়ববীয়াসকলৰ কাম–কাজে সকলোকে মর্মাহত কৰিছে৷ সভাপতিৰ নিচিনা সন্মানজনক আসনখন এগৰাকী বৰেণ্য সাহিত্যিকক সন্মানজনকভাৱে দিয়া উচিত৷ আমি ড০ ভবেন্দ্রনাথ শইকীয়াক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নোপোৱাটো অসমৰ সাহিত্য অনুৰাগীৰ বাবে দুখৰ কথা৷ মোলৈকো সাহিত্য সভাৰ সভাপতি পদৰ বাবে নির্বাচন খেলাৰ প্রস্তাৱ আহিছিল৷ কিন্তু মই সেই প্রস্তাৱ বাৰে বাৰে প্রত্যাখ্যান কৰিছোঁ৷ নির্বাচন খেলি সভাপতি হোৱাৰ মন থাকিলে মই বিধায়কৰ বাবে নির্বাচন খেলিলোঁহেঁতেন৷ মই ভাবোঁ প্রতিটো অনুষ্ঠানৰে উত্থান–পতন থাকে৷ হয়তো অসম সাহিত্য সভাৰ এতিয়া বেয়া দিন চলি আছে৷ এতিয়া সভাৰ অৱস্থা অসমীয়া সাহিত্যৰ বাবে উৎসাহজনক নহয়৷ আশা কৰোঁ হয়তো অনুষ্ঠানটোৰ ভাল দিন আহিব৷
অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰিছে৷ আপুনি যিহেতু অসমীয়া ভাষা–সাহিত্যৰ সৈতে দীর্ঘদিন জড়িত হৈ আহিছে, সেইবাবে এই প্রসংগত আপোনাৰ অনুভৱ কি?
অসমীয়া ভাষাৰ এক দীঘলীয়া ইতিহাস আৰু ঐতিহ্য আছে৷ এনে এটি ভাষাক শেহতীয়াভাৱে ধ্রুপদী ভাষাৰ স্বীকৃতি প্রদান কৰা হৈছে৷ এয়া নিশ্চিতভাৱে অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে অতিশয় উৎসাহজনক আৰু গুৰুত্বপূর্ণ হৈ পৰিছে৷ এই স্বীকৃতিয়ে অসমীয়া ভাষাক অতি উচ্চ পর্যায়ত প্রতিষ্ঠা কৰাব৷ এতিয়া ৰাষ্ট্রীয় পর্যায়ত যিকোনো ভাষাৰ বিষয়ে আলোচনা হ’লেই অসমীয়া ভাষা আলোচনালৈ আহিব৷ অসমৰ সত্রীয়া নৃত্যই যিদৰে ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰাৰ পিছত এক উচ্চ পর্যায়ত প্রতিষ্ঠা লাভ কৰিলে, একেদৰে অসমীয়া ভাষায়ো এক বিশাল পৰিৱেশত স্থান লাভ কৰিলে৷ বহুতে অসমীয়া ভাষা সম্পর্কে বহু অনাকাংক্ষিত কথা ক’ব বিচাৰে৷ তেওঁলোকে অসমীয়া ভাষা অন্য ভাষাৰ পৰা অহা বুলি দাবী কৰে৷ এতিয়া ধ্রুপদী ভাষাৰূপে স্বীকৃতি লাভ কৰাৰ লগে লগে অসমীয়া ভাষাৰ প্রাচীনত্বক সকলোৱে স্বীকাৰ কৰিবই লাগিব৷ ভাৰতীয় সাহিত্যত অসমীয়া সাহিত্যই সুকীয়া আসন লাভ কৰিব৷
উপন্যাসৰ পৰিসৰ অতিশয় বিস্তৃত৷ ইয়াত অসংখ্য চৰিত্র, বহু ঘটনা আৰু পৰিঘটনা থাকে৷ এই সকলোবোৰক একত্রিক কৰি নিপোটল ৰূপত পাঠকৰ মাজলৈ আগবঢ়াই দিয়া অতিশয় কঠিন৷ এই সন্দর্ভত আপুনি কি ক’ব?
নিশ্চিতভাৱে উপন্যাস এখন পঢ়ুৱৈৰ মনোগ্রাহীকৈ সজাই তুলিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ ইয়াত মূল কাহিনীৰ উপৰি অসংখ্য ঘটনা–পৰিঘটনা থাকে৷ এইবাৰ একত্রিক কৰোঁতে যাতে আঁত হেৰাই নাযায়, তাৰ প্রতিও গুৰুত্ব দিব লাগিব৷ কিন্তু মোৰ বাবে উপন্যাস লিখা সিমান কঠিন নহয়, যিমান কঠিন গল্প লিখা৷ সৰস্বতী মাৰ কৃপাত মই বহুকেইখন উপন্যাস লিখিছোঁ আৰু সেইবোৰ পাঠকে আদৰি লৈছে৷ উপন্যাস লিখাৰ ক্ষেত্রত মই যথেষ্ট স্বাচ্ছন্দ্য অনুভৱ কৰোঁ৷ যি স্বাচ্ছন্দ্য মই অন্য সাহিত্য ৰচনাত নাপাওঁ৷
আপোনাৰ দ্বাৰা সৃষ্ট উপন্যাসসমূহৰ ভিতৰত কোনখনক শ্রেষ্ঠ বুলি অনুভৱ কৰে?
মই লিখা কোনো এখন গ্রন্থকে পৰস্পৰৰ সৈতে তুলনা কৰা নাই৷ মই প্রতিখন গ্রন্থ লিখোঁতে যথেষ্ট কষ্ট কৰোঁ আৰু সময় দিওঁ৷ উপন্যাসমূহ শ্রেষ্ঠতম কৰি তুলিবলৈ সর্বোচ্চ উজাৰি দিওঁ৷ নিজে সন্তুষ্ট হোৱাৰ পিছতহে গ্রন্থখন প্রকাশকৰ হাতত তুলি দিওঁ৷ প্রকাশৰ পিছত গ্রন্থসমূহৰ শ্রেষ্ঠত্বক লৈ মোৰ মনত দ্বিধা নাথাকে৷ সেইবাবে কোনো এখন গ্রন্থক শ্রেষ্ঠ বা আনখন নিম্নমানৰ বুলি ভবাৰ অৱকাশ নাথাকে৷
আপুনি এগৰাকী লব্ধপ্রতিষ্ঠ ঔপন্যাসিক হোৱাৰ লগতে এগৰাকী শিক্ষাবিদো৷ আপুনি শিক্ষয়িত্রী নে সাহিত্যিকৰূপে পৰিচয় দিবলৈ পছন্দ কৰে?
মই সাহিত্যিক অথবা অধ্যাপিকা হ’ম বুলি কেতিয়াও ভবা নাছিলোঁ৷ নভবাকৈয়ে মই সাহিত্যিক হ’লোঁ আৰু শিক্ষকতা বৃত্তি গ্রহণ কৰিলোঁ৷ আচলতে মই এগৰাকী মাতৃ হিচাপে পৰিচয় দিবলৈ পছন্দ কৰোঁ৷ এগৰাকী মৰমিয়াল মাতৃৰ দৃষ্টিৰে মৰমেৰে পৃথিৱীখন চাব বিচাৰোঁ৷
জীৱনে আপোনাক কি শিকালে?
সেই বিষয়ে একে আষাৰে কোৱা টান৷ কিন্তু এইটো ঠিক যে জীৱন যাপনৰ যোগ্য৷ খান্দি গৈ থাকিলে জীৱনত বহু কিবাকিবি পোৱা যায়৷ জীৱন এটা পোৱাটো অতিশয় দুষ্প্রাপ্য৷ যিহেতু জীৱনটো পাইছোঁ ভালদৰে জীয়াব লাগে৷ ভাল লগা কামবোৰ দ্বিধাহীনভাৱে কৰি যাব লাগে৷ তেতিয়া জীৱন সুন্দৰ হৈ পৰে৷
‘মাকাম’, ‘দেওলাংখুই’ আদি উচ্চ পর্যায়ৰ উপন্যাসৰ মাজেদি আপুুনি অন্যৰ জীৱনৰ সন্ধান কৰাৰ মাজতে ‘মায়াবৃত্ত’ উপন্যাসৰ মাজেদি নিজৰ জীৱনৰ অনুভৱকো একত্রিত কৰিছে৷ এই গ্রন্থখন আপোনাৰ জীৱনৰ শেষ গ্রন্থ হ’ব পাৰে বুলি এবাৰ উল্লেখ কৰিছিল৷ ইয়াৰ কাৰণ কি?
‘মায়াবৃত্ত’ মোৰ জীৱনৰ সৈতে বহুখিনি বান্ধ খাই আছে৷ কিন্তু এইখন মোৰ আত্মজীৱনী নহয়৷ এইখন মই উপন্যাস হিচাপে উপস্থাপন কৰিছোঁ৷ মোৰ বহু কথাই ক’বলগীয়া আছে৷ জীৱনত বহু সময়ত বহু অভিজ্ঞতা লাভ কৰিছোঁ৷ সেইবোৰ মোৰ জীৱনৰ সৈতে সম্পর্কিত৷ সেই অনুভৱ আৰু অভিজ্ঞতাবোৰ মই উপন্যাসখনত সন্নিৱিষ্ট কৰিছোঁ৷ কোনে জানে এই কথাবোৰ ক’ব পৰাকৈ বা লিখিব পৰাকৈ মই সিমান দিনলৈ সুস্থ হৈ নাথাকিবও পাৰোঁ৷ সেইবাবে মই জীৱনৰ আদবাটতে এই উপন্যাসখন লিখিলোঁ আৰু ক’বলগীয়াখিনি গ্রন্থাকাৰে প্রকাশ কৰিলোঁ৷
নতুন প্রজন্মৰ লেখকসকলক লৈ আপুনি আশাবাদীনে? তেওঁলোকলৈ আপোনাৰ পৰামর্শ কি হ’ব?
মই নতুন প্রজন্মৰ লেখক–লেখিকাসকলক্ লৈ যথেষ্ট আশাবাদী৷ তেওঁলোকে যথেষ্ট ভাল সাহিত্য সৃষ্টি কৰি আহিছে৷ আচলতে প্রতিটো প্রজন্মৰ মাজতে বৌদ্ধিক চিন্তা–চর্চা হয় আৰু বর্তমান প্রজন্মৰ মাজতো এনে চিন্তা–চর্চা পৰিলক্ষিত হৈছে৷ সময়ৰ লগে লগে বিষয়বস্তুৰ সলনি হোৱাটো স্বাভাৱিক৷ মই যিহেতু আশাবাদী মানুহ, সেইবাবে সকলো কথা ইতিবাচক দৃষ্টিৰে চাওঁ৷ নতুন প্রজন্মৰ কাম–কাজ নেতিবাচক দৃষ্টিৰে চালে হতাশ হ’ব আৰু ইতিবাচক দৃষ্টিৰে চালে ভাল লাগিব৷ নতুন প্রজন্মক এইটোৱে ক’ম যে সাধনাৰ বিকল্প নাই৷ উচ্চ পর্যায়ৰ স্তৰ অতিক্রম কৰিব বিচাৰিলে তাক সাধনা হিচাপে ল’ব লাগিব৷ মই জীৱনত দেখিছোঁ যে সাফল্যৰ চমু বাট নাই৷ চমু বাট ল’লে পৰি যোৱাৰ সম্ভাৱনা থাকে৷
আপুনি সম্প্রতি কিহত ব্যস্ত আছে?
বাংলাদেশৰ মুক্তিযুদ্ধৰ দীঘলীয়া পৰিক্রমাক লৈ মই এখন উপন্যাস লিখাত ব্যস্ত হৈ আছোঁ৷ তিনিটা খণ্ডত এই উপন্যাসখন প্রকাশ পাব৷ ইতিমধ্যে উপন্যাসখনৰ প্রথমটো খণ্ড ‘নেভাৰলেণ্ড জিৰ’আৱাৰ’ প্রকাশ পাইছে৷ সুদীর্ঘ ১২ বছৰৰ ফচল হিচাপে এই উপন্যাসখন প্রকাশ হৈছে৷ পাকিস্তানৰ সাধাৰণ নির্বাচনৰ পৰা আৰম্ভ কৰি ঢ়াকা, কৰাচী, দিল্লী, হাফলং আদিৰ কাহিনী উপস্থাপন কৰা হৈছে উপন্যাসখনত৷ সম্প্রতি পৰৱর্তী দুটা খণ্ডৰ কামত মই ব্যস্ত হৈ আছোঁ৷
ফোনঃ ৮৬৩৮৪–১৪৯৫৪