নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ নৱ কুমাৰ শর্মা
ফোনঃ ৯৯৫৪৫–৯০১৩৩

মূৰত দৃষ্টিনন্দন হেট তথা লংপেণ্ট–স্প’র্টিং পৰিধান কৰি কাজিৰঙাৰ দৰে সুবিশাল ৰাষ্ট্রীয় উদ্যানখনত এগৰাকী পুৰুষৰ দৰেই কর্তব্য সম্পাদন কৰি গৈছে এগৰাকী দক্ষ মহিলা বন বিষয়াই৷ মাজে–সময়ে হাতীৰ পিঠিত উঠি, কেতিয়াবা গাড়ী অথবা খোজকাঢ়িয়েই দুর্গম পথেৰে টহল দিয়ে বন্যজন্তুৰে গিজগিজাই থকা গভীৰ বনাঞ্চলত৷ তেওঁৰ অধীনত কাম কৰা প্রতিগৰাকী বিষয়া–কর্মচাৰী, সুৰক্ষা কর্মীকে ধৰি সকলোৰে প্রতি তেওঁৰ আছে গভীৰ স্নেহ–দায়িত্ববোধ৷ প্রত্যেকৰে সৈতে সু–সম্পর্ক, প্রবল কর্মদক্ষতাৰ বাবেই মানাহ–কাজিৰঙাৰ উদ্যানৰ দৰে বিশ্বৰ দুই প্রাকৃতিক ঐতিহ্যক্ষেত্রতো দায়িত্ব পালনৰ সুযোগ লাভ কৰিছে এই বিচক্ষণ মহিলাগৰাকীয়ে৷ তেওঁ আইএফএছ বিষয়া৷ পৈতৃক ঘৰ ডেৰাডুনত৷ এতিয়া কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক৷ নাম ড০ সোণালী ঘোষ৷ অসম চৰকাৰৰ বন বিভাগৰ উচ্চপদস্থ এইগৰাকী দক্ষ বন বিষয়াৰ সৈতে ‘নিয়মীয়া বার্তা’ৰ এক আছুতীয়া সাক্ষাৎকাৰ–

অসমৰ ঐতিহ্যমণ্ডিত ‘কাজিৰঙা ৰাষ্ট্রীয় উদ্যান’ৰ আপুনি সঞ্চালক৷ লগতে শেহতীয়াকৈ আপুনি বন বিভাগৰ অতিৰিক্ত প্রধান মুখ্য বন সংৰক্ষক ৷ আপুনি সৰুৰে পৰা পঢ়া–শুনা কৰি কেনেদৰে আগবাঢ়ি আজি বন বিভাগৰ উচ্চ পদত অধিষ্ঠিত হ’ল? আপোনাৰ জীৱনৰ এই যাত্রাপথ সম্পর্কত সবিশেষ ক’ব নেকি?
হয়, মোৰ জীৱনৰ সেই যাত্রাপথৰ বিষয়ে ক’বলৈ নিশ্চয় ভালেই লাগিব৷ তাৰ বাবে আমি উভতি যাব লাগিব মোৰ শৈশৱ কাললৈ৷ দৰাচলতে মোৰ জন্ম হৈছিল পুনেত৷ মোৰ পিতৃ প্রয়াত আনন্দ কুমাৰ ঘোষ৷ সেনাৰ অৱসৰপ্রাপ্ত কর্নেল আছিল তেওঁ৷ মোৰ ‘মা’ সীমা ঘোষ৷ পেছাত এগৰাকী শিক্ষয়িত্রী আছিল তেওঁ৷ মোৰ দেউতাৰ ঘৰ ডেৰাডুনত যদিও সেনাৰ চাকৰি সূত্রেই তেওঁ পুনেকে ধৰি ভাৰতৰ বিভিন্ন স্থানত থাকিবলগীয়া হৈছিল৷ মোৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল পুনেৰ কেন্দ্রীয় বিদ্যালয়, কাৰকিত৷ তাৰ পিছত কেন্দ্রীয় বিদ্যালয়, ডেৰাডুনতো পঢ়িছিলোঁ৷ গোৰক্ষপুৰৰ কেন্দ্রীয় বিদ্যালয়ৰ পৰা মই মেট্রিক পৰীক্ষা পাছ কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত মহাদেৱী কন্যা পাঠশালা কলেজৰ পৰা বিএছচি পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ ইয়াৰ পিছতে ডেৰাডুনৰ ভাৰতীয় বন্যজীৱ সংস্থাত ১৯৯৫ৰ পৰা ১৯৯৭ চনলৈ পঢ়া–শুনা কৰি এমএছচি পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ স্নাতকোত্তৰ পৰীক্ষা সম্পূর্ণ কৰাৰ পিছত ৱর্ল্ড ৱাইল্ড ৱাইফ ফাণ্ড চমুকৈ ডব্লিউ ডব্লিউ এফ আৰু মিজোৰামত বন্যপ্রাণী সংৰক্ষণ বিষয়ক এবছৰৰ বাবে গৱেষণা কৰিছিলোঁ৷ ক’বলৈ ভাল লাগিছে যে ২০০০ বর্ষত মই আই এফ এছ হিচাপে নির্বাচিত হৈছিলোঁ৷ সৌভাগ্যক্রমে মই প্রথম নিযুক্তি লাভ কৰিছিলোঁ ঐতিহ্যবাহী কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ২০০৩ বর্ষত৷ ইয়াৰ পাছত ২০০৫ বর্ষত গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাত এচিএফ হিচাপে কার্যনির্বাহ কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত গুৱাহাটীৰ কৰ ভৱনত বিশেষ কর্তব্যৰত বিষয়া অর্থাৎ অ’এছডি হিচাপে কিছুদিন কার্যনির্বাহ কৰিছিলোঁ৷ পুনৰ ২০০৭ বর্ষত কোকৰাঝাৰত মাণ্ডলিক বন বিষয়া (ডিএফ’) হিচাপে নিযুক্তি লাভ কৰিছিলোঁ৷ তাত মই দুষ্প্রাপ্য সোণালী বান্দৰৰ সংৰক্ষণৰ হকে কিছু কাম কৰিবলৈ সুযোগ পাইছিলোঁ৷ বন বিভাগ তথা অন্য প্রকৃতিপ্রেমী দল–সংগঠন, লোক আদিৰ লগত সমন্বিতভাৱে উক্ত কাম কৰি মই যথেষ্ট ভাল পাইছিলোঁ৷ এইখিনিতে ক’ব লাগিব যে ২০০৯ বর্ষত মোলৈ আন এক সুযোগ আহিছিল৷ লাভ কৰিছিলোঁ ‘কমনৱেলথ স্ক’লাৰশ্বিপ’৷ যাৰ সহায়ত মই ইউকেত পিএইচডি কৰিছিলোঁ৷ ইউকেৰ বিখ্যাত এবক্রিষ্টে ইউনভার্ছিটী, ৱালিত মই পি এইচ ডি গৱেষণা কৰিছিলোঁ৷ তাৰ পৰা ঘূৰি আহি মই মানাহ ৰাষ্ট্রীয় উদ্যানত উপ–সঞ্চালক হিচাপে প্রায় ডেৰ বছৰকাল কার্যনির্বাহ কৰিছিলোঁ৷ ২০১৭ চনত দিল্লীত স্বচ্ছ ভাৰতৰ সঞ্চালক হিচাপে সেৱা আগবঢ়াইছিলোঁ৷ ইয়াৰ পাছত ২০১৯ৰ পৰা ২০২১ চনলৈ বন আৰু পৰিৱেশ মন্ত্রালয়ৰ অধীনৰ চেণ্ড্রেল জু অথ’ৰিটীত সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছিলোঁ৷ ২০২১ চনত মই পুনৰ অসমলৈ উভতি আহিছিলোঁ৷ সেই সময়ত মই গুৱাহাটীত গৱেষণা–শিক্ষা বিষয়ত মুখ্য বন সংৰক্ষক হিচাপে নিযুক্তি লাভ কৰিছিলোঁ৷ ইয়াৰ পাছত ২০২৩ বর্ষৰ ছেপ্ঢেম্বৰত পুনৰ মোক কাজিৰঙালৈ লৈ আনে৷ তাত সঞ্চালক হিচাপে নিযুক্তি লাভ কৰোঁ৷ আৰু তাত এতিয়ালৈকে কাম কৰি আছোঁ৷ শেহতীয়াকৈ মই অতিৰিক্তভাৱে বন বিভাগৰ অতিৰিক্ত প্রধান বন সংৰক্ষক হিচাপেও পদোন্নতি লাভ কৰোঁ৷ এনেদৰে সংশ্লিষ্ট সকলোৰে সহায়–সহযোগত আগবাঢ়ি মই আজিৰ অৱস্থাত উপনীত হ’ব পাৰিলোঁ৷

বিশ্বব্যাপী খ্যাতি থকা গুৰুত্বপূর্ণ তথা সুবিশাল কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত শীর্ষতম পদত মহিলা হিচাপে চাকৰি কৰাৰ ক্ষেত্রত অসুবিধা বা প্রত্যাহ্বান পাইছে নেকি? এই সম্পর্কত আপোনাৰ মতামত?
প্রকৃতি সংৰক্ষণৰ কামৰ ক্ষেত্রত পুৰুষ–মহিলাৰ প্রভেদ নাই৷ এনেধৰণৰ প্রশ্ণ বহুতে সোধে৷ কিন্তু কার্যক্ষেত্রত ইয়াৰ কোনো প্রতিফলনেই দেখা নাযায়৷ দীর্ঘকাল ধৰি মই নিজেই কাম কৰি আহিছোঁ৷ এইক্ষেত্রত মই তেনে কোনো সাংঘাতিক প্রত্যাহ্বান পোৱা নাই৷ ২০২৩ চনত মহিলা সুৰক্ষা কর্মী হিচাপে প্রথম অৱস্থাত প্রায় ১৫০০ বনদুর্গা নিযুক্তি দিয়া হৈছে৷ এই মহিলা সুৰক্ষা কর্মীসকলে দেখোন বিচক্ষণতাৰে নিজৰ সেৱা আগবঢ়াই আছে৷ বহু ছোৱালীয়ে সাপ উদ্ধাৰ কার্যতো প্রত্যক্ষভাৱে জড়িত হৈ পৰিছে৷ প্রকৃতি সংৰক্ষণৰ ক্ষেত্রত শেহতীয়াভাৱে বহু মহিলা আগবাঢ়ি অহাটো আমাৰ সকলোৰে বাবে আশাব্যঞ্জক বতৰা৷ এইক্ষেত্রত মহিলাসকলক মই যিমান পাৰো সজাগ কৰিবলৈ চেষ্টা চলাই আছোঁ৷ গতিকে বনাঞ্চলত কাম কৰাৰ ক্ষেত্রত মহিলাসকলৰ দুই–এটা সৰু অসুবিধা স্বাভাৱিকতেই থাকিব পাৰে৷ কিন্তু ডাঙৰ সমস্যা বা প্রত্যাহ্বান নাই৷

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্বৰ ক্ষেত্রত এতিয়া কিমান মহিলা প্রত্যক্ষভাৱে জড়িত আছে? এই মহিলাসকলৰ ভূমিকা কেনে? কিবা প্রত্যাহ্বান?
ঐতিহ্যমণ্ডিত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্বত এতিয়া নিয়োজিত আছে কেইবাগৰাকী মহিলা৷ ৰাষ্ট্রীয় উদ্যানখনৰ সুৰক্ষাৰ ক্ষেত্রত ‘ফ্রণ্ট লাইন’ত আছে প্রায় ১০৮গৰাকী মহিলা সুৰক্ষা কর্মী, যাক ‘বনদুর্গা’ হিচাপে অভিহিত কৰা হৈছে৷ এই বনদুর্গাসকলে অহৰহভাৱে অত্যন্ত বিচক্ষণতা আৰু সাহসিকতাৰ সৈতে নিজৰ কর্তব্য অতি নিষ্ঠাসহকাৰে পালন কৰি আহিছে৷ যাৰ বাবে মই গৌৰৱবোধ কৰোঁ৷ হাতত অস্ত্র লৈ দিনেনিশাই সমগ্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ প্রতিটো বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে যিদৰে কর্তব্য পালন কৰি আছে, সেয়া প্রত্যক্ষভাৱে দেখিলে মন ভাল লাগি যায়৷ পৰিয়ালৰ পৰা বহু দূৰৈত থাকি, কেতিয়াবা নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সাহসিকতাৰে গভীৰ বননিত অহর্নিশে দায়িত্ব পালন কৰাৰ ফলতেই ৰাষ্ট্রীয় উদ্যানখনত শেহতীয়াভাৱে চোৰাং চিকাৰ পূর্বৰ তুলনাত যথেষ্ট হ্রাস পাইছে৷ পূর্বৰ তুলনাত ইয়াত বন্য জন্তু সুৰক্ষিত৷ কিন্তু এইসকল মহিলা বন সুৰক্ষা কর্মীক লৈ অৱশ্যেই অলপ–চৰপ সমস্যা–প্রত্যাহ্বান আছে৷ তাৰ ভিতৰত কিছুমান সুৰক্ষা কর্মীৰ সন্তান থাকে৷ সেই সন্তানক প্রতিপালন কৰি থকা সময়ছোৱাত মহিলা সুৰক্ষা কর্মীসকলে স্বাভাৱিকভাৱেই কিছু সমস্যাৰ মুখামুখি হ’বলগীয়া হয়৷ ই এটা এৰাব নোৱাৰা সমস্যা৷ তথাপি ইয়াৰ বাবে কিবা বিকল্প সমাধান কৰিবলৈ চেষ্টা কৰি থকা হৈছে৷ এইক্ষেত্রত বিশেষকৈ সন্তান থকা সুৰক্ষা কর্মীসকলৰ সুবিধা হোৱাকৈ ৰাষ্ট্রীয় উদ্যানৰ ওচৰতে ‘হাউছিং কলনী’ নির্মাণৰ পৰিকল্পনা কৰি থকা হৈছে৷ তেতিয়া তাত থাকি তেনে মহিলা কর্মীসকলে দায়িত্ব পালনৰ ক্ষেত্রত কিছু সুবিধা নিশ্চয় পাব৷ অদূৰ ভৱিষ্যতে এই ‘হাউছিং কলনী’ নির্মাণ কৰা হ’ব৷

বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্রত বিশেষকৈ বানপানীৰ দৰে প্রাকৃতিক দুর্যোগ অন্যতম বাধা৷ ইয়াৰ প্রতিৰোধৰ বাবে কিবা পদক্ষেপ লৈছে নেকি?
অসমৰ বানপানীৰ সমস্যা সর্বজনবিদিত৷ বিশেষকৈ বাৰিষাৰ সময়ছোৱাত প্রায় প্রতিবছৰেই আমাৰ অন্যপ্রান্তৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানকো বানে যমৰ যাতনা ভোগায়৷ কেতিয়াবা দুই–তিনিবাৰ পর্যন্ত বানপানী হয়৷ এই বানে ৰাষ্ট্রীয় উদ্যানখনৰ অধিকাংশ স্থান ডুবাই পেলায়৷ ফলত গঁড়–হৰিণা, হাতী, বাঘ, ভালুক আদি বিভিন্ন বন্য জন্তুৰ আলাই–আথানি নোহোৱা হয়৷ ভালকৈ থিয় হ’বলৈ স্থানৰ অভাৱ হৈ পৰে৷ আনহাতে, এই সময়ছোৱাত বন্যপ্রাণীসমূহৰ খাদ্য সংকট তীব্রতৰ হৈ পৰে৷ ইয়াৰ উপৰি এই সমস্যাৰ সুযোগ লৈ চোৰাং চিকাৰীসকলেও জন্তু নিধন কৰিবলৈ পার্যমানে চেষ্টা কৰে৷ যাৰ বাবে এই জন্তুৰ প্রতি আহে তীব্র ভাবুকি৷ এনে এক বিপৰীত পৰিস্থিতিৰ যথাযথ মোকাবিলা কৰিবলৈ আমি বন বিভাগৰ ফালৰ পৰা অকণো চেষ্টাৰ গাফিলতি নকৰোঁ৷ স্থানীয় লোকে বিভিন্ন দল–সংগঠন, মন্ত্রী তথা বিভাগীয় কর্মকর্তা সকলোৱে উমৈহতীয়াভাৱে বন্য জন্তুসমূহৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ পৰোঁ৷ ইতিমধ্যে বছৰ বছৰ ধৰি ভুগি অহা এই সমস্যাৰ সমাধান হিচাপে শেহতীয়াভাৱে ৰাষ্ট্রীয় উদ্যানখনৰ ঠায়ে ঠায়ে ১৫০টা কৃত্রিম উচ্চ ভূমি (হাইলেন) নির্মাণ কৰা হৈছে৷ এই হাইলেনসমূহ নির্মাণ কৰাৰ ফলত এতিয়া গৰিষ্ঠসংখ্যক প্রাণী তালৈ গৈ অৱস্থান কৰে আৰু সুৰক্ষিত হয়৷ আগতে বানৰ ফলত বহু জন্তুৰ অকাল মৃত্যু হৈছিল৷ হাইলেন নির্মাণৰ ফলত বানত মৃত্যুৰ সংখ্যা পূর্বতকৈ হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ ভৱিষ্যতে এইক্ষেত্রত অধিক কার্যকৰী পৰিকল্পনা গ্রহণ কৰিবলৈ চেষ্টা কৰা হ’ব৷ অৱশ্যে এইক্ষেত্রত সংশ্লিষ্ট সকলোৰে সহযোগ লাগিব৷

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনৰ বর্তমান প্রধান সমস্যা কি? ইয়াক আঁতৰ কৰিবলৈ কি কৰা উচিত?
কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনত শেহতীয়াভাৱে ব্যাপক বেদখল হৈছিল৷ কিন্তু ৰাজনৈতিক সহযোগিতাৰ বাবে বনাঞ্চলৰ বহু মাটি শেহতীয়াভাৱে বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছোঁ৷ তদুপৰি নতুনকৈ বেদখল কৰিবও পৰা নাই৷ যাৰ বাবে ৰাষ্ট্রীয় উদ্যানখনৰ পৰিসীমা পূর্বতকৈ অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ নিশ্চিতভাৱে এয়া শুভ বতৰা৷ মাটিকালিৰ পৰিমাণ বৃদ্ধি, অনুকূল পৰিৱেশ আদিৰ বাবে ৰাষ্ট্রীয় উদ্যানখনত শেহতীয়াকৈ গঁড়কে ধৰি বিভিন্ন বন্যপ্রাণীৰ সংখ্যা তুলনামূলকভাৱে পূর্বতকৈ ভালেখিনি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বনাঞ্চলখনত বন্য জন্তুৰ সংখ্যা ক্রমাগতভাৱে বৃদ্ধি পোৱাৰ ফলত খাদ্য সংকটে দেখা দিয়ে৷ এনে অৱস্থাত মূলতঃ খাদ্যৰ সন্ধানত কাষৰীয়া এলেকালৈ বন্য জন্তু কেতিয়াবা ওলাই আহে৷ আৰু তেতিয়া মানুহৰ সৈতে সংঘাত হয়৷ শেহতীয়াকৈ হাতী–মানুহৰ সংঘাত বিশেষভাৱে চর্চিত৷ সেয়ে এনেধৰণৰ বন্য জন্তুৰ সংঘাত আমাৰ বাবে বর্তমান এক সমস্যা হৈ পৰিছে৷ অৱশ্যে পার্শ্বৱর্তী এলেকাৰ লোকসকল যথেষ্ট সজাগ–সচেতন হোৱা বাবে বহুক্ষেত্রত সমস্যাৰ নিৰাময়ো হয়৷ অর্থাৎ বন্য জন্তুৰ সৈতে স্থানীয় লোকৰ এক সহাৱস্থানো আমাৰ বাবে ইতিবাচক কথা৷ তথাপি এনে সমস্যাৰ উপায় বিচাৰি থকা হৈছে৷ সকলোৰে সহযোগত এইক্ষেত্রত নিশ্চয় ইয়াৰ সমাধান পাম৷

বিগত বর্ষত মার্চ মাহত কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিভ্রমণ কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীৰ ৰাষ্ট্রীয় উদ্যান পৰিদর্শন সন্দর্ভত লব্ধ আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অলপ ক’ব নেকি?
হয়, মোৰ সৌভাগ্য যে মই ইয়াত কার্যনির্বাহ কৰি থকা সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্রীয় উদ্যানখন পৰিদর্শন কৰিবলৈ আহিছিল৷ বিগত বর্ষৰ ৮ মার্চৰ নিশা কাজিৰঙালৈ আহিছিল সন্মানীয় প্রধানমন্ত্রীগৰাকী৷ নিশাটো তেওঁ কঁহৰাত কটাইছিল৷ ৯ মার্চৰ পুৱা ৫.৩০ মান বজাত তেওঁ ৰাষ্ট্রীয় উদ্যানত হাতী ছাফাৰি কৰে৷ উভতি আহি হাতীক কল–কুঁহিয়াৰ আদি খাদ্য ভক্ষণ কৰায়৷ লগতে তেওঁ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মহিলা সুৰক্ষা কর্মীসকলৰ সৈতে মত বিনিময় কৰে আৰু সিদিনাই তেওঁলোকক ‘বনদুর্গা’ হিচাপে অভিহিত কৰে৷ প্রধানমন্ত্রীগৰাকীয়্ ৰাষ্ট্রীয় উদ্যানত জীপ ছাফাৰিও কৰে৷ ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত গঁড়কে ধৰি বিভিন্ন বন্য জন্তু প্রত্যক্ষ কৰি তেওঁ আনন্দ প্রকাশ কৰে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত থকা সময়ছোৱাত তেওঁ ইয়াৰ প্রায় প্রতিটো দিশতেই সূক্ষ্ম নিৰীক্ষণ কৰে৷ তেওঁ এই ৰাষ্ট্রীয় উদ্যানখনৰ জৰিয়তে ৰাজ্যৰ পর্যটন ক্ষেত্রলৈ অধিক উন্নতি সাধন কৰিবলৈ ভালেমান উপদেশ–পৰামর্শ আগবঢ়ায়৷ ৰাষ্ট্রীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত বিগত ৫০ বছৰৰ ইতিহাসত কাজিৰঙা পৰিভ্রমণ কৰা প্রথমগৰাকী প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ তেওঁৰ এই ভ্রমণে আমাৰ সকলোৰে বাবে আশাৰ বতৰা কঢ়িয়াইছে৷ আমাৰ প্রধানমন্ত্রীগৰাকী এতিয়া বিশ্বনেতা৷ সেয়ে তেনে এগৰাকী সন্মানীয় প্রধানমন্ত্রীয়ে কাজিৰঙালৈ অহাত এই বতৰা সমগ্র বিশ্বব্যাপী বিয়পি পৰে৷ যাৰ প্রভাৱ আচলতে যথেষ্ট ইতিবাচক৷ পূর্বতে প্রতিবছৰে প্রায় ১০ শতাংশকৈ পর্যটনকাৰী বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল৷ কিন্তু তাৎপর্যপূর্ণভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিভ্রমণ কৰাৰ পিছত পর্যটনকাৰীৰ সংখ্যা উল্লেখনীয়ভাৱে প্রায় ৩০ শতাংশলৈ বৃদ্ধি পাইছে৷

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত কাম কৰি থকা সময়ছোৱাত আপোনাৰ ব্যক্তিগত কিবা আমোদজনক অথবা শিহৰণকাৰী ঘটনা আছে নেকি?
বিভিন্ন বন্য জন্তুৰ মেটমৰা সম্ভাৰেৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান৷ আৰু ইয়াত বন্য জন্তুৰ সৈতে কাম কৰা সময়ত স্বাভাৱিকতেই নানা তৰহৰ শিহৰণকাৰী বা আমোদজনক ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে৷ মোৰ ক্ষেত্রতো ব্যতিক্রম হোৱা নাই৷ এনে কেইবাটাও ঘটনা আছে৷ তাৰ মাজতে এই মুহূর্তত এটা আমোদজনক কথা মনলৈ আহিছে৷ সেয়া ২০০২ চনৰ কোনোবা এটা দিনৰ কথা৷ আই এফ এছ হিচাপে নির্বাচিত হোৱাৰ পিছতে মই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ আহিবলগীয়া হৈছিল৷ ঘটনাটো দুপৰীয়াৰ সময়ত৷ মই অন্য বন সুৰক্ষা কর্মীৰ সহযোগত ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰত৷ আমি তেতিয়া এটা শিবিৰৰ পৰা আন এটা বন শিবিৰলৈ খোজকাঢ়ি গৈ আছিলোঁ৷ তেতিয়া এটা গঁড় শুই থকা আমি প্রত্যক্ষ কৰিছিলোঁ৷ আমি পাৰ হৈ গৈছিলোঁ৷ পিছত পুনৰ একেটা পথেৰে আমি উভতি আহিছিলোঁ৷ তেতিয়া সেই বহি থকা গঁড়টোৱে আমাক দেখি খেদি আহিছিল৷ সেই সময়ত দেখিলোঁ মোৰ লগত থকা আটাইবোৰ সুৰক্ষা কর্মী গছৰ ওপৰত৷ মইহে অকল মাটিত আছোঁ৷ বন সুৰক্ষা কর্মীসকলে মোক চিঞৰি চিঞৰি কৈছে– ‘বাইদেউ, গছত উঠক…৷’ তেতিয়া মই বিপদত পৰাৰ দৰে হ’ল৷ কাৰণ মই গছত উঠিব নাজানো৷ ইফালে গঁড়টো আহি আছে৷ অৱশেষত আন সুৰক্ষা কর্মীসকলৰ সহযোগত কিবা প্রকাৰে এডাল গছত উঠিলোঁ৷ আৰু নিজকে সুৰক্ষা কৰিলোঁ৷ ঘটনাৰ সময়ত এয়া এক শ্বাসৰুদ্ধকৰ কাণ্ড৷ কিন্তু পিছত ই মোৰ আমোদজনক ঘটনা হ’ল৷ আচলতে এই ঘটনাৰ পিছতেই মই গছত উঠিব শিকিলোঁ৷ ইয়াৰ প্রায় সকলোৱে গছত উঠিব জানে৷ কাৰণ প্রকৃতিয়ে বিভিন্ন পৰিৱেশ–পৰিস্থিতি, প্রত্যাহ্বান আদিৰ জৰিয়তে মানৱ জীৱনক শিকনি দিয়ে৷

এক সমীক্ষা অনুসৰি বিশ্বৰ ৫২খন বিশেষ পর্যটনস্থলীৰ ভিতৰত কাজিৰঙাই স্থান লাভ কৰিছে৷ আপোনাৰ মতামত?
বিশ্বৰ ৫২খন বিশেষ পর্যটনস্থলীৰ ভিতৰত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনে স্থান লাভ কৰাৰ যি সমীক্ষা প্রকাশ পাইছে সেয়া নিশ্চিতভাৱে আদৰণীয়৷ এনে ধৰণৰ খবৰে আমাক উৎসাহিত কৰে৷ সমীক্ষাৰ বাবে ৰাষ্ট্রীয় উদ্যানখনলৈ বহু বিদেশী পর্যটনকাৰীৰ সোঁত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰিভ্রমণে ৰাষ্ট্রীয় উদ্যানখনলৈ পর্যটনকাৰীৰ সংখ্যা পূর্বৰ তুলনাত ৩০ শতাংশ বৃদ্ধি কৰিছে৷ এয়াৰ আশাৰ বতৰা৷

কাজিৰঙাত পখিলাৰ উপস্থিতি উল্লেখনীয়৷ আপুনি কি ক’ব?
কাজিৰঙাত পখিলাৰ উপস্থিতি সঁচাকৈয়ে উল্লেখনীয়৷ এটা সমীক্ষা অনুসৰি ৰাষ্ট্রীয় উদ্যানখনত ৪৪৩ প্রজাতিৰ পখিলা আছে৷ ৪৪৩ প্রজাতিৰ উপস্থিতিৰে কাজিৰঙা পখিলাৰ ক্ষেত্রত ভাৰতৰ ভিতৰতে দ্বিতীয়৷

ৰাষ্ট্রীয় উদ্যানখনত সময়ে সময়ে বন্য জন্তুৰ সমীক্ষা চলি থাকে৷ অলপ ক’ব নেকি?
হয়, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনত এক নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সংশ্লিষ্ট লোকৰ সহযোগত গণনা কার্য চলি থাকে৷ কেমেৰা সংলগ্ণ কৰি বা অন্য উপায়েৰে কৰা হয় গণনা৷ বাঘৰ গণনা প্রতিবছৰে কৰা হয়৷ প্রতি ৪ বছৰৰ অন্তৰে অন্তৰে কৰা হয় গঁড়ৰ গণনা৷ আকৌ ৰাষ্ট্রীয় উদ্যানখনত মাজে–সময়ে দলহৰিণ আৰু হাতীৰ গণনা কৰা হয়৷

আপোনাৰ পৰিয়াল সম্পর্কত অলপ ক’ব নেকি?
মোৰ জন্মস্থান পুনে৷ পিতৃ প্রয়াত আনন্দ কুমাৰ ঘোষ৷ তেওঁ ভাৰতীয় সেনাৰ অৱসৰপ্রাপ্ত কর্নেল আছিল৷ মা সীমা ঘোষ৷ পেছাত তেওঁ শিক্ষয়িত্রী আছিল৷ মোৰ পিতৃভূমি ডেৰাডুন৷ মোৰ স্বামী আইএএছ চন্দ্রভূষণ কুমাৰ৷ একমাত্র কন্যা লাৱণ্য ভূষণ৷

আপুনি বন্যপ্রাণীক লৈ এখন কিতাপ লিখিছে৷ অলপ ক’ব নেকি?
মূলতঃ মানাহ–কাজিৰঙাৰ বন্যপ্রাণীক লৈ এখন কিতাপ লিখাৰ সৈতে জড়িত আছিলোঁ৷‘Wild Tressur’ শীর্ষক কিতাপখনে সমাদৰ বুটলিছে৷ বন্যপ্রাণী বিষয়ক গুৰুত্বপূর্ণ তথ্য সন্নিৱিষ্ট হৈছে পুথিখনত৷

You might also like