নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : বিশিষ্ট চিত্রশিল্পী মীনাক্ষি বৰগোহাঞিৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণ
দেৱজিত বৰা
কবিতা বুঢ়াগোহাঁই

নামৰূপত জন্মগ্রহণ কৰা মীনাক্ষি বৰগোহাঞি অসমৰ অন্যতম এগৰাকী জনপ্রিয় চিত্রশিল্পী৷ গুৱাহাটীৰ চৰকাৰী চাৰু–কাৰু–কলা মহাবিদ্যালয়ৰ পৰা পেইণ্টিং বিভাগত স্নাতক ডিগ্রী লাভ কৰা মীনাক্ষি বৰগোহাঞিয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ, দিল্লীৰ পৰাNational Scholarship-1998-2000, Junior Fellowship-2002-2004, অসম চৰকাৰ সাংস্কৃতিক বিভাগৰ পৰাState Scholarship- 1997 আদি লাভ কৰাৰ উপৰিও তেখেতে কৰাPainting আৰুDrawingৰ বাবে কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে৷ ইয়াৰে ভিতৰতAll India Camlin Art Foundation Award, for Proffessional Artist-Kolkata-2005, All India Fine Art and Craft Society–এ আগবঢ়োৱাAIFACS Award-2001ত Painting আৰু 2002ত Drawingৰ বাবে, Commendation Award, Second North-East States Art Exhibition-2005, Artfest Award (Drawing Category-1997), Organized by All India Rotary Club ইত্যাদি বঁটাৰে সন্মানিত হোৱাৰ উপৰিও মুম্বাইৰ জাহাংগীৰ আর্ট গেলাৰী, কলকাতাৰ একাডেমী অৱ ফাইন আর্ট, বিৰলা একাডেমী, দিল্লীৰ ৰাষ্ট্রীয় ললিত কলা গেলাৰী, একাডেমী অৱ ফাইন আর্ট, ইউনাইটেড আর্ট ফেয়াৰ প্রগতি ময়দান, চেন্নাই, হায়দৰাবাদ, জম্মু, ইজিপ্তৰ Lamasatt art Gallery’, নেপালৰ Nagen art Gallery’, হিমাচল প্রদেশ নগৰৰ Modern art Gallery’, International Roerich memorial trust’, পাঠানকোট পঞ্জাবৰ Kalyani art Gallery’, গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্র, ললিত কলা গেলাৰী, ষ্টেট আর্ট গেলাৰী ৰবীন্দ্র ভৱনকে ধৰি অসমৰ বিভিন্ন প্রান্তৰৰ উপৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত অনুষ্ঠিত কর্মশালা, প্রদর্শনী আৰু চিত্র মহোৎসৱসমূহত তেওঁ অংশগ্রহণ কৰাৰ লগতে তেওঁৰ সৃষ্টিসমূহ প্রদর্শিত হৈ আহিছে আৰু দর্শকৰ বিপুল জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে মুম্বাই, কলকাতা, বাংগাালুৰু, দিল্লী, হায়দৰাবাদ, ৰাজস্থান, জম্মু, ছিমলা, গেংটক, চেন্নাই, ভুৱনেশ্বৰ, ত্রিপুৰা, নেপাল, ইজিপ্ত, অষ্ট্রেলিয়া, কানাডা আৰু ফ্রান্স আদি বিভিন্ন অনুষ্ঠানে তেওঁৰ সৃষ্টিসমূহ সংগ্রহ আৰু সংৰক্ষণ কৰিছে৷ বিশিষ্ট চিত্রশিল্পী মীনাক্ষি বৰগোহাঞিৰ সৈতে হোৱা আমাৰ অন্তৰংগ বার্তালাপ সহূদয় পাঠক–পাঠিকাৰ বাবে আগবঢ়োৱা হ’ল–

চিত্রশিল্পৰ শিক্ষা গ্রহণ সন্দর্ভত চমুকৈ কওকচোন?
মই সৰুৰে পৰা ছবি আঁকিবলৈ ভাল পাইছিলোঁ আৰু যেতিয়া জানিব পাৰিলোঁ যে এই বিষয়ত শিক্ষা গ্রহণ কৰিব পৰা প্রতিষ্ঠান আছে, তেতিয়া মই গুৱাহাটীস্থিত চৰকাৰী চাৰু কলা মহাবিদ্যালয়ত প্রৱেশ পৰীক্ষাত উত্তীর্ণ হৈ নামভর্তি কৰিলোঁ৷ চিত্রশিল্পৰ কেইবাটাও বিভাগ আছে, যেনে– চিত্রকলা, ভাস্কর্য কলা, ছপা চিত্র আৰু ব্যৱহাৰিক কলা৷ প্রথম দুবছৰ আটাইকেইটা বিভাগত অধ্যয়ন কৰিব লাগে৷ ইয়াৰ পিছত নিজৰ পচন্দৰ যিকোনো এটা বিভাগত প্রিয় বিষয় হিচাপে লৈ উচ্চ শিক্ষা গ্রহণ কৰিব পাৰে৷চিত্রকলা মোৰ প্রিয় বিষয় আছিল৷ ৰং মই ভাল পাইছিলোঁ, জীৱনত প্রথম মই পানী ৰঙেৰেই water colour) ছবি অঁকা আৰম্ভ কৰিছিলোঁ৷ আর্ট কলেজত পঢ়ি থাকোঁতেহে মই সৰু ল’ৰা–ছোৱালীয়ে কৰা oil pastel’ আৰু‘crayon’ ৰং প্রথম দেখিছিলোঁ৷ চিত্রকলা এনে এটা বিষয়, য’ত আৰম্ভ আছে, কিন্তু শেষ নাই৷ ব্রহ্মাণ্ডৰ সকলো ৰহস্যৰ পৰিভাষাৰে চিত্রকলাত ৰচিব পাৰে বিচিত্র অনুভৱৰ এখন ৰঙীন জগত৷ পাঁচ বছৰীয়া স্নাতক ডিগ্রী গ্রহণ কৰাৰ অন্তত অনুভৱ কৰিলোঁ মই মাত্র তুলিকাডাল ধৰিবলৈ শিকিছেছাহে৷ চিত্রকলাৰ জগতত প্রৱেশৰ এটা খোজ মই আগবঢ়ালোঁ৷

সাম্প্রতিক কালৰ আপুনি এগৰাকী চিত্রশিল্পী৷ সম্প্রতি চিত্রশিল্পৰ প্রতি আপোনাৰ ধ্যান–ধাৰণা কেনে? অসমত চিত্রকলাৰ ভৱিষ্যৎ সম্পর্কত আপোনাৰ অনুভৱ কেনে?
গুহাচিত্রত আৰম্ভ হৈ চিত্রকলাই বহু যুগৰ বিৱর্তন পাৰ হৈ আহি আজিৰ দিনটোত উপস্থিত হৈছেহি৷ বর্তমান হৈছে পৰীক্ষা–নিৰীক্ষাৰ যুগ৷ সকলো বস্তু ফালি–চিৰি সূক্ষ্মভাৱে ভিতৰখন চোৱাৰ যুগ, চিত্রকলাও ইয়াৰ ব্যতিক্রম নহয়৷ পৰিৱর্তন সকলোতে আছে৷ সেইদৰে যুগে যুগে কলাৰো পৰিৱর্তন আৰু উত্তৰণ ঘটিছে৷ কেৱল ৰং আৰু কেন্ভাচতেই নহয়, শিল্পকলাই সকলোতে বিচৰণ কৰিছে৷ অসমত চিত্রকলাৰ ভৱিষ্যৎ কি বুলি সোধাৰ লগে লগে প্রথমে মোৰ এটা দীঘল হুমুনিয়াহ ওলাই আহে৷ যিসকল স্বাধীন শিল্পী, তেওঁলোকে অসমত কেৱল ছবি আঁকিয়েই জীৱন নির্বাহ কৰি থকাটো যথেষ্ট কঠিন হৈ পৰে কাৰণ, অসমত শিল্পকলাৰ প্রসাৰ–প্রচাৰ আৰু বজাৰ এখন আজিকোপতি হোৱা নাই৷ যদিও শিল্পকলা পণ্য সামগ্রী নহয়, কিন্তু এজন Freelance’ শিল্পীয়ে জীৱন নির্বাহ কৰিবলৈ হ’লে নিজৰ সৃষ্টিৰ ওপৰেইতো নির্ভৰশীল হ’ব লাগিব৷ তেনে এটা পৰিৱেশ অসমত এতিয়াও গঢ় লৈ উঠা নাই৷ কিন্তু অসমত বহু শিল্পী অহৰহ নিজৰ সৃষ্টিৰ কামত নিয়োজিত হৈ আছে৷ অসমৰ শিল্পীয়ে দেশ–বিদেশত শিল্পকর্ম প্রদর্শনো কৰি আহিছে৷ ৰাষ্ট্রীয় ললিত কলা আৰু অসম চৰকাৰৰো অসমৰ শিক্ষিত, স্বাধীন শিল্পীসকলৰ প্রতি কৰণীয় আছে বুলি ভাবোঁ৷ জীৱন নির্বাহৰ বাবে বহু শিল্পীয়েই চাকৰিমুখী হৈ সময়ৰ অভাৱ বা যি কাৰণতেই হওক শিল্প চর্চাত সামৰণি মাৰে৷ এটা কথাই আশা আৰু বিশ্বাস কৰোঁ, যেতিয়াই অসমতFull time working’ studioবোৰ চলি থাকিব তেতিয়াই অসমত চিত্রকলাৰ ভৱিষ্যৎ উন্নত বুলি বুজিম৷

আপুনি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত কেইবাটাও বঁটাৰে সন্মানিত হৈ আহিছে৷ এই সম্পর্কত চমুকৈ কওকচোন?
মই গুৱাহাটীৰ চাৰু–কাৰু–কলা মহাবিদ্যালয়ৰ পৰা পাছ কৰি ওলায়েই এক প্রতিযোগিতামূলক পৰীক্ষা দি State Scholarship’ লাভ কৰোঁ ১৯৯৮ চনত৷ ১৯৯৭ চনত সর্বভাৰতীয় ৰটাৰী ক্লাবে আয়োজন কৰা এখন আন্তঃৰাষ্ট্রীয় প্রতিযোগিতামূলক প্রদর্শনীত ড্রয়িং বিভাগত বঁটা, ১৯৯৮ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ, দিল্লীৰ পৰা National Scholarship’ লাভ কৰোঁ৷ ২০০২ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ, নতুন দিল্লীৰ পৰা Junior fellowship’, ২০০১ চনত নতুন দিল্লীৰ’All India Fine Art & Craft Society’ চমুকৈ(AIFACS) আইফেক্চৰ পৰাpainting বিভাগত বঁটা, ২০০২ চনত পুনৰ একে অনুষ্ঠানৰ পৰা(AIFACS) ড্রয়িং বিভাগ বঁটা, ২০০৫ চনত সর্বভাৰতীয়’Camlin Art Foundation’ কলকাতাৰ পৰাpainting বিভাগত বঁটা, ২০০৫ চনত’Commendation Award, Second Narth-East State Art Exhibition’, ইত্যাদি৷

আপোনাক বিশ্বৰ কোনকেইগৰাকী শিল্পীৰ শিল্প সৃষ্টিয়ে অধিক আকর্ষিত কৰাৰ লগতে অনুপ্রাণিত কৰি আহিছে?
বিশ্বৰ বহুকেইগৰাকী বৰেণ্য শিল্পীৰ শিল্প সৃষ্টিয়ে মোক আকর্ষিত কৰি আহিছে৷ ইয়াৰ ভিতৰত ‘ভিনচেণ্ট ভেন গঘ’ মোৰ আটাইতকৈ প্রিয় শিল্পী৷ ভেন গঘৰ’The starry night, cherry blossom, yellow house’ আদি মোৰ ভাল লগা ছবি৷ মোৰ ভাল লগা আৰু কেইগৰাকীমান শিল্পীৰ নাম আৰু তেওঁলোকৰ কেইখনমান ছবিৰ নাম উল্লেখ কৰিলোঁ৷’Gustar Klimt’ৰ’The Kiss’, ‘Cloude Monet’ৰ’Wild Poppies’, ‘The water lily pond’, ‘Edouard Manet – A Bar at the folies Bergere’ আদি ছবিয়ে মোক আকর্ষিত কৰি আহিছে৷ ভাৰতৰ মহিলা শিল্পী’Amrika Shergill’ ৰportrait আৰু অন্যান্য ছবিবোৰো মোৰ প্রিয়৷

আপুনি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত অনুষ্ঠিত চিত্রশিল্পৰ মহোৎসৱসমূহত বিভিন্ন সময়ত অংশগ্রহণ কৰি আহিছে৷ মহোৎসৱসমূহত অংশগ্রহণ কৰাৰ অভিজ্ঞতা আৰু উপলব্ধি সম্পর্কত কওকচোন?
হয়, মহোৎসৱসমূহত অংশগ্রহণ কৰিবলৈ যাওঁতে বহুতো অভিজ্ঞতা হয়৷ বিভিন্ন শিল্পীক লগ পোৱা যায়৷ প্রত্যক্ষভাৱে অন্যান্য শিল্পীসকলৰ শিল্পকর্ম দেখিবলৈ পোৱা যায়, শিল্প বিষয়ক বিভিন্ন আলোচনা আদান–প্রদানৰ মাধ্যমত ভিন্ন সংস্কৃতিৰ লগত পৰিচয় হোৱা যায়, বহু কথা শিকিব পাৰি৷ শিল্প কর্মশালাবোৰে অন্যান্য ঠাইৰ শিল্পীসকলক ওচৰ চপাই নিয়ে, ভিন্ন সংস্কৃতিৰ বিনিময়ত শিল্পৰ সামগ্রিক ঐক্যতাত শিল্পীসকলৰ নতুন চিন্তাৰ উন্মেষ ঘটে৷ শিল্প কর্মশালাবোৰ আমাৰ বাবে অতি মনোৰঞ্জক৷ নেপালৰ পোখ্ৰাৰ হ্রদত মেচিন নাৱত গোটেই হ্রদটো ঘূৰি নাৱতেই ছবি অঁকাটো এক অনন্য অনুভূতি, সেইদৰে ইজিপ্তত তাৰ শিল্পীসকলে আমাৰ ভাৰতীয় সাজ–সজ্জা আৰু হিন্দী গীত–মাতেৰে আমাক যিদৰে আদৰিছিল সেয়াও আছিল সুন্দৰ অভিজ্ঞতা আৰু সুখৰ অনুভূতি৷

বৌদ্ধ দর্শনে আপোনাৰ জীৱনত বিশেষকৈ প্রভাৱিত কৰি আহিছে বুলি আমাৰ ধাৰণা হয়৷ এই সম্পর্কত আপোনাৰ দ্বাৰা অংকিত ছবিসমূহে তাৰ স্বাক্ষৰ বহন কৰি আহিছে৷ এই বিষয়ত আপোনাৰ মন্তব্য জানিব বিচাৰোঁ?
নাজানো মই কেনেকৈ বৌদ্ধ দর্শনৰ প্রতি ইমান আকর্ষিত হ’লোঁ৷ এবাৰ সৰুতে মাৰ সৈতে কোনোবা এটা মনেষ্ট্রিলৈ যোৱা মনত পৰে৷ তেতিয়াই বুদ্ধৰ শান্ত–সমাহিত মুখমণ্ডল আৰু মন্দিৰৰ আধ্যাত্মিক পৰিৱেশে মোক মোহিত কৰিছিল৷ পিছলৈ মই বৌদ্ধ দর্শনৰ বিষয়ে অধ্যয়ন কৰিবলৈ ধৰিলোঁ৷ ১৯৯৫ চনত অজন্তা গুহা পৰিদর্শন কৰিছিলোঁ, গুহাৰ দেৱালত থকা অতি পৌৰাণিক ‘ফ্রেস্কো পেইণ্টিং’বোৰ বুদ্ধৰ জীৱন সন্দর্ভত কৰা আছিল, মই সেইবোৰ মন দি চাইছিলোঁ৷ তাৰে অন্যান্য গুহাবোৰত থকা বুদ্ধৰ বিশাল মূর্তিবোৰে মোৰ মনত প্রভাৱ পেলাইছিল৷ অপ্রত্যাশিতভাৱে বহু ঠাইৰ বহু বুদ্ধ মন্দিৰলৈ গৈছেছা৷ সেইবোৰত দেখা পৰিৱেশ মোৰ ভাল লাগে৷ ২০১৯ত হিমাচল প্রদেশৰ নগ্গৰত (Naggar) হোৱা এখন আন্তঃৰাষ্ট্রীয় প্রদর্শনী আৰু কর্মশালাত ভাগ ল’বলৈ গৈ তাত কেইদিনমান আছিলোঁ৷ তাত থকাৰ দিনকেইটা আমি নানা ঠাই ফুৰিছিলোঁ৷ জুলাই মাহত তাত চাৰিওফালে ডালভৰি লাগি থকা আপেলৰ গছবোৰ দেখিবলৈ পোৱা যায়৷ এদিন ৰাতিপুৱাই দুয়োফালে ভৰপূৰ আপেলৰ গছেৰে দোৰোল খাই পৰা আৰু সুন্দৰ সুন্দৰ ঘৰবোৰৰ মাজেৰে যোৱা এটা ৰাস্তাৰে ফুৰিবলৈ গৈছিলোঁ৷ বহু দূৰ যোৱাৰ পিছত শিলেৰে ভৰা এখন নদীৰ লগতে এখন বিস্তীর্ণ মুকলি ঠাইৰ কাষত এখন বৃহৎ সভা হৈ থকা দেখিলোঁ৷ কৌতূহলৱশতঃ ওচৰ চাপি গ’লোঁ৷ দেখিলোঁ এটা বৌদ্ধ মন্দিৰ, তাত এখন আন্তঃৰাষ্ট্রীয় সন্মিলন হৈ আছে৷ নেপাল আৰু তিব্বতৰ পৰা অহা দুগৰাকী মহিলাৰ লগত কথা পাতিলোঁ৷ তাত চলি থকা সংগীত আৰু জ্বলাই থোৱা পৱিত্র ধোঁৱাৰ সুগন্ধই মন্ত্রমুগ্ধৰ দৰে তাত মোক বহু সময় বহুৱাই ৰাখিলে৷ কিযে সুন্দৰ পৰিৱেশ৷ অনাকাংক্ষিতভাৱে পোৱা সেই আনন্দ ভাবিলে আজিও মোৰ সপোন সপোন যেন লাগে৷ এইবোৰেই মোৰ মনত সঞ্চিত হৈ আছে আৰু সময়ে সময়ে কিছু ছবিত প্রভাৱিত হোৱা দেখা যায়৷বর্তমান মোৰ এখন ড্রয়িং আৰু পেইণ্টিঙৰ প্রদর্শনী চলি আছে৷ স্থান ‘মহাবাহু ব্রহ্মপুত্র ৰিভাৰ হেৰিটেজ চেণ্টাৰ’ত৷ প্রদর্শনীখনৰ আয়োজক GMD গুৱাহাটী৷ নৱেম্বৰ মাহৰ ১৬ তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ ৩১ তাৰিখলৈ প্রদর্শনী চলি থাকিব, সময় পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ৷ সোমবাৰৰ বাহিৰে সপ্তাহৰ প্রতিটো দিন খোলা থাকে দর্শকৰ বাবে৷ প্রদর্শনীত মুঠ ২৯খন ছবি প্রদর্শিত হৈ আছে৷ ইয়াৰ ড্রয়িং ১৭খন আৰু পেইণ্টিং ১২খন৷

ব্যস্ততাৰ মাজতো কিছু সময় আমাক দিয়াৰ বাবে অশেষ কৃতজ্ঞতা জনোৱাৰ লগতে আপোনাৰ শিল্প আৰু শিল্পী জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ৷
আপোনালোকলৈও অশেষ ধন্যবাদ থাকিল৷

ফোনঃ ৬০০০৮–১৩৩১৬

You might also like