নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ভাৰতীয় বক্সিং দলৰ প্রশিক্ষক প্রণামিকা বৰাৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ফটোঃ দিব্যজ্যোতি ৰাভা

বিগত প্রায় দুটা দশক ধৰি ভাৰতীয় বক্সিঙক সমৃদ্ধ কৰাৰ বাবে অহৰহ প্রচেষ্টা অব্যাহত ৰখা অসমৰ এগৰাকী মহিলা বক্সাৰ আৰু প্রশিক্ষক হৈছে প্রণামিকা বৰা৷ যোৰহাটৰ তিতাবৰৰ টিপমীয়া গাঁৱৰ কন্যা প্রণামিকাৰ শৈশৱৰ পৰা ব’ডী কণ্টেক্ট গেমৰ প্রতি আছিল এক অন্য ধৰণৰ অনুৰাগ৷ এনে অনুৰাগৰ বাবেই এদিন তেওঁ এথলেটিকছ আৰু ফুটবল খেলিবলৈ এৰি বক্সিং গ্ল’ভছ হাতত তুলি লৈছিল৷ অথচ তেওঁ আছিল এথলেটিকছৰ ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈ৷ টিপমীয়াৰ প্রয়াত ধুৰুকা বৰা আৰু অকণটি বৰাৰ কন্যা প্রণামিকাই এথলেটিকছ আৰু ফুটবল খেলি থকা সময়তে বক্সিং খেলিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পিছত তেওঁ কোনোদিনে উভতি চাবলগীয়া হোৱা নাই৷ প্রায় ৮ বছৰীয়া বক্সিং কেৰিয়াৰত তেওঁ ৰাষ্ট্রীয় চেম্পিয়ন হোৱাৰ উপৰি আন্তঃৰাষ্ট্রীয় পর্যায়তো পদক অর্জন কৰিবলৈ সক্ষম হৈছে৷ তেওঁ হায়দৰাবাদ, গুৱাহাটী আৰু পঞ্জাবত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াত অসমক প্রতিনিধিত্ব কৰি তিনিওবাৰেই সোণৰ পদক দখল কৰে৷ ২০০৪ চনত কোকৰাঝাৰত অনুষ্ঠিত ৰাষ্ট্রীয় বক্সিং চেম্পিয়নশ্বিপত প্রণামিকাই স্বর্ণপদকসহ শ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰিছিল৷ ৮ বাৰকৈ আন্তর্জাতিক প্রতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা প্রণামিকাই ২০০৮ চনৰ পৰা প্রশিক্ষক হিচাপে খেলুৱৈ সৃষ্টিৰ বাবে অবিৰতভাৱে কাম কৰি আছে৷ ভাৰতীয় বক্সিং দলৰো অন্যতম প্রশিক্ষক প্রণামিকাই পেৰিছ অলিম্পিকত ভাৰতীয় বক্সিং দলৰ প্রশিক্ষকৰ দায়িত্ব অর্জন কৰিছিল৷ সম্প্রতি স্প’টছ অথৰিটী অৱ ইণ্ডিয়া (ছাই)ৰ প্রশিক্ষক হিচাপে চাকৰি কৰি থকা এইগৰাকী সুদক্ষ বক্সাৰ তথা প্রশিক্ষকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ৷

আপুনি হয়তো ফুটবলাৰ আৰু এথলীট হিচাপেও সফলতা অর্জন কৰিব পাৰিলেহেঁতেন৷ আপুনি কিদৰে বক্সিং জগতত প্রৱেশ কৰিলে?
সৰুৰে পৰা মোৰ বক্সিঙৰ দৰে ব’ডী কণ্টেক্ট গেমৰ প্রতি বিশেষ দুর্বলতা আছিল৷ মই ফুটবল আৰু এথলেটিকছ খেলি থকা সময়তে যোৰহাটৰ প্রাক্তন বক্সাৰ, প্রশিক্ষক মৃগাংক বৰা (নিতুল বৰা) ছাৰে আমাক বক্সিং খেলিবলৈ আমন্ত্রণ জনায়৷ সেই সময়ত বক্সিং খেলিবলৈ ছোৱালীবোৰ আগবাঢ়ি অহা নাছিল যদিও মই আগ্রহেৰে তেওঁৰ প্রস্তাৱ গ্রহণ কৰিছিলোঁ৷ বৰা ছাৰৰ অধীনতে মই ২০০০ চনত আনুষ্ঠানিকভাৱে বক্সিং ৰিঙত প্রৱেশ কৰোঁ৷ সেই বছৰেই মৰাণত অনুষ্ঠিত আন্তঃজিলা বক্সিং প্রতিযোগিতাত স্বর্ণপদক দখল কৰাত মোৰ আত্মবিশ্বাস অধিক বৃদ্ধি পাইছিল৷ যোৰহাটত বক্সাৰ সৃষ্টিত মৃগাংক বৰা ছাৰৰ অৱদান আমি আজিও স্বীকাৰ কৰোঁ৷ মোৰ দৰে অসংখ্য খেলুৱৈক বক্সিঙৰ আদিপাঠ দিয়াৰ উপৰি তেওঁ চাকৰিৰ ধন দিও বহুতকে সহায় কৰিছিল৷ অৱশ্যে অতি কম দিনৰ ভিতৰতে মই এই কঠিন খেলবিধক নিজৰ আয়ত্তলৈ আনিছিলোঁ আৰু ৰাজ্যিক পর্যায়ৰ অসংখ্য প্রতিযোগিতাত সফলতা অর্জন কৰি তিনিখনকৈ ৰাষ্ট্রীয় প্রতিযোগিতাত ৰাজ্যক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিলোঁ৷ তিনিওখন ৰাষ্ট্রীয় প্রতিযোগিতাত স্বর্ণ দখল কৰাৰ সুবাদতে মই এছিয়ান বক্সিং বিশ্ব চেম্পিয়নশ্বিপ আৰু বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৮বাৰ দেশৰ হৈ খেলি পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলোঁ৷ তদুপৰি মই ৰাষ্ট্রীয় প্রতিযোগিতাত পদক অর্জন কৰা অসমৰ প্রথমগৰাকী খেলুৱৈ৷

আপুনি কেতিয়া প্রশিক্ষকৰূপে আত্মপ্রকাশ কৰিলে?
২০০৭ চনত মই এনআইএছ প্রশিক্ষকৰ পাঠ্যক্রম সম্পূর্ণ কৰিছোঁ৷ ইয়াৰ পিছত ২০০৮ চনৰ পৰা মই ‘ছাই’ৰ প্রশিক্ষকৰূপে নিযুক্তি লাভ কৰিছোঁ৷ তেতিয়াৰ পৰা মই ভাৰতীয় ক্রীড়া প্রাধিকৰণৰ অধীনত বিভিন্ন ৰাজ্যত দায়িত্ব পালন কৰি আহিছোঁ৷ এতিয়া মই ভাৰতীয় বক্সিং দলৰ অন্যতম প্রশিক্ষক৷ বার্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছতো মই ভাৰতীয় দলৰ প্রশিক্ষক আছিলোঁ৷ বিগত ১৬ বছৰে প্রশিক্ষক হিচাপে মই কমনৱেলথ, এছিয়ান গেমছৰ উপৰি ৫খনৰো অধিক বিশ্ব চেম্পিয়নশ্বিপত মই ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্ব পালন কৰিছোঁ৷ শেহতীয়াভাৱে পেৰিছ অলিম্পিকতো লাভলীনা বৰগোহাঁইহঁতৰ দলটোৰ মই এগৰাকী অন্যতম প্রশিক্ষক আছিলোঁ৷ অৱশ্যে মই এতিয়াও ছাইৰ ঠিকাভিত্তিক প্রশিক্ষকৰূপে চাকৰি কৰি আছোঁ৷ নিজে এগৰাকী আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বক্সাৰ হোৱা বাবে প্রশিক্ষণ প্রদানৰ ক্ষেত্রত আমাৰ অধিক সুবিধা হোৱা বুলি অনুভৱ কৰোঁ৷ পৰৱর্তী লছ এঞ্জেলছ অলিম্পিকলৈ অসমৰ পৰা যাতে অধিক বক্সাৰ উলিয়াব পাৰোঁ তাৰ বাবে কঠোৰ পৰিশ্রম অব্যাহত ৰাখিছোঁ৷

অসমত এতিয়াও বক্সিঙৰ প্রশিক্ষকৰ অভাৱ বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ এইক্ষেত্রত আপুনি কি ক’ব?
এই অভিযোগ একেবাৰে সঁচা৷ কিয়নো আমাৰ ৰাজ্যত এতিয়াও প্রয়োজন অনুসৰি প্রশিক্ষকৰ অভাৱ৷ আমাৰ অসমত অসংখ্য প্রতিভা আছে৷ কিন্তু সেই প্রতিভাসমূহ উলিয়াই অনাৰ বাবে প্রয়োজন অনুসৰি প্রশিক্ষকৰ অভাৱ৷ প্রতিখন জিলাতে চৰকাৰে বক্সিঙৰ প্রশিক্ষক নিযুক্তি দিয়া উচিত৷ এইসকল প্রশিক্ষকে নিশ্চিতভাৱে জিলাসমূহৰ পৰা প্রতিভাসম্পন্ন বক্সাৰসকলক উলিয়াই আনিবলৈ সক্ষম হ’ব৷ মই নিজেও প্রশিক্ষক হিচাপে মোক নিযুক্তি দিবলৈ চৰকাৰক কেইবাবাৰো অনুৰোধ জনাইছিলোঁ৷ মই দীর্ঘদিন ধৰি স্প’টছ অথ’ৰিটী অৱ ইণ্ডিয়া (ছাই)ত প্রশিক্ষক হিচাপে কাম কৰি আছোঁ যদিও তাৰ পৰা ওলাই আহি মই অসমত প্রশিক্ষণ দিব বিচাৰোঁ৷ আমাৰ খেলুৱৈসকলক তেতিয়াহে উপযুক্তভাৱে প্রশিক্ষণ প্রদান কৰিব পাৰিম৷

পেৰিছ অলিম্পিকত লাভলীনাসহ ভাৰতীয় বক্সিং দলৰ আপুনিও এগৰাকী অন্যতম প্রশিক্ষক আছিল৷ ভাৰতীয় দলটোৰ এগৰাকী প্রশিক্ষক হিচাপে আপুনি এই প্রসংগত কি ক’ব?
পেৰিছ অলিম্পিকত ভাৰতীয় বক্সিং দলটোৰ প্রশিক্ষক হিচাপে যাবলৈ পোৱাটো সঁচাকৈয়ে মোৰ বাবে এক গৌৰৱৰ বিষয়৷ এগৰাকী বক্সাৰৰূপে অলিম্পিকত খেলাৰ সপোন পূর্ণ নহ’ল যদিও প্রশিক্ষক হিচাপে অলিম্পিক গেমছত পদার্পণ কৰি সেই সপোন কিছু পৰিমাণে হ’লেও বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছোঁ৷ প্রতিযোগিতাখনত ভাৰতীয় বক্সিং দলটো অতিশয় শক্তিশালী আছিল৷ অসম কন্যা লাভলীনাৰ লগতে দলৰ অন্য বক্সাৰসকলেও পদক জয়ৰ ফেভাৰিট হিচাপে অৱতীর্ণ হৈছিল৷ আশা কৰা হৈছিল পেৰিছত দলটিয়ে কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হ’ব৷ লাভলীনাৰ লগতে নিখাট জাৰিণৰ জৰিয়তে একাধিক পদক আহিব বুলি আমি আশাবাদী আছিলোঁ৷ ইয়াৰ বাবে আমি প্রশিক্ষকসকলে যথেষ্ট পৰিশ্রম কৰিছিলোঁ৷ খেলুৱৈসকলেও কঠোৰ অনুশীলন কৰি প্রতিযোগিতাখনলৈ সাজু হৈছিল৷ আমি প্রতিপক্ষ বক্সাৰসকলৰ সবলতা আৰু দুর্বলতাবোৰ ভিডি’ ফুটেজৰ জৰিয়তে তেওঁলোকক প্রত্যক্ষ কৰাইছিলোঁ৷ কিন্তু আমাৰ দলটোৱে পদক অর্জনত ব্যর্থ হয়৷ অৱশ্যে আমাৰ প্রতিগৰাকী খেলুৱৈয়ে পেৰিছ অলিম্পিকত সুন্দৰ প্রদর্শন কৰিছে আৰু তীব্র প্রতিদ্বন্দ্বিতাৰ অন্তত পৰাজয় বৰণ কৰিছে৷

আপুনি বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰু এছিয়ান বক্সিং চেম্পিয়নশ্বিপত দেশক প্রতিনিধিত্ব কৰি কেইবাটাও পদক অর্জন কৰিছিল৷ কিন্তু অলিম্পিক খেলাৰ সপোন আধৰুৱা হৈ ৰ’ল৷ এই সন্দর্ভত আপুনি কি ক’ব?
প্রতিগৰাকী খেলুৱৈয়ে অলিম্পিকৰ নিচিনা বৃহৎ প্রতিযোগিতাত খেলাৰ সপোন মনত পুহি ৰাখে৷ মোৰো সপোন আছিল অলিম্পিকত ভাৰতবর্ষক প্রতিনিধিত্ব কৰাৰ৷ বিশ্ব চেম্পিয়নশ্বিপত পদক অর্জন কৰাৰ প্রতি লক্ষ্য ৰাখি মোৰো অলিম্পিক খেলিব পৰা যোগ্যতা অর্জন কৰা বৰ কঠিন নহ’লহেঁতেন৷ কিন্তু সেই সময়ত ৩৪ বছৰলৈহে অলিম্পিক খেলিব পৰা নিয়ম আছিল৷ সেয়ে মই ২০০৮ চনত বক্সিঙৰ পৰা অৱসৰ গ্রহণ কৰিছিলোঁ৷ মই অৱসৰ লোৱাৰ পিছতে অলিম্পিক খেলাৰ বয়স ৪০ বছৰলৈ বৃদ্ধি কৰে৷ হয়তো মোক সৌভাগ্যই লগ নিদিয়া বাবেই অলিম্পিক খেলাৰ সপোন অপূর্ণ হৈ ৰ’ল৷

সদ্যসমাপ্ত উত্তৰাখণ্ড ৰাষ্ট্রীয় ক্রীড়াত অসম বক্সিং দলে দর্শনীয় প্রদর্শন দাঙি ধৰি ৰাজ্যখনক পদক তালিকাৰ সন্মানজনক স্থানত উপনীত কৰাইছে৷ এই প্রসংগত আপুনি কি ক’ব?
এইবাৰ অসমৰ বক্সিং দলটোৱে আশাব্যঞ্জক প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটীত ২০০৭ চনত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াৰ নিচিনাকৈ এইবাৰো চাৰিগৰাকী বক্সাৰে ফাইনেলত পদার্পণ কৰিছিল৷ সেইবাৰ গুৱাহাটীত প্রতিভা কছাৰী, মই আৰু কল্পনা চৌধুৰীয়ে স্বর্ণ পদক অর্জন কৰাৰ বিপৰীতে গোবিন থাপাই ৰূপৰ পদক লাভ কৰিছিল৷ এইবাৰ উত্তৰাখণ্ডত লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে সোণৰ পদক লাভ কৰে যদিও শিৱ থাপা আৰু অভিনৱ শইকীয়াই ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়৷ আমাৰ বক্সাৰসকলৰ উন্নত প্রদর্শনৰ বাবে অসমে সদ্যসমাপ্ত ৰাষ্ট্রীয় ক্রীড়াত ২৪ নম্বৰ স্থানত থাকিবলৈ সক্ষম হয়৷ অন্যথা অসমে বহু তলত স্থান লাভ কৰিলেহেঁতেন৷ কাৰণ পূর্বৰ তুলনাত এইবাৰ অসমৰ খেলুৱৈয়ে বহু ইভেণ্টত আশা কৰা ধৰণে পদক লাভ কৰিব নোৱাৰিলে৷

এটা সময়ত প্রতিভা কছাৰী, কল্পনা চৌধুৰী, প্রণামিকা বৰা, জেনিফাৰ ডেনিয়েলৰ দৰে বক্সাৰে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বক্সিঙত দপ্দপাই আছিল৷ ইয়াৰ পৰৱর্তী সময়ত শিৱ থাপা, লাভলীনা, অংকুশিতা বড়ো আদিয়ে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ লাভলীনাহঁতৰ পিছত ৰাজ্যৰ বক্সিং জগতখনলৈ শূন্যতা আহিব নেকি?
আমাৰ ৰাজ্যৰ চৌদিশে বহু প্রতিভাৱান বক্সাৰ আছে৷ তেওঁলোকক উপযুক্তভাৱে গঢ়ি তুলিব পাৰিলে নিশ্চয় অসমৰ বক্সাৰে আধিপত্য অক্ষুণ্ণ ৰাখিব পাৰিব৷ ২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া লছ এঞ্জেলছ অলিম্পিকত অসমৰ একাধিক বক্সাৰে ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে বহুকেইগৰাকী বক্সাৰে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বক্সিং প্রতিযোগিতাত দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকৰ ভিতৰত আছে অভিনৱ শইকীয়া, আৰতি দলে, আইকণ মিলি, জুনেড, গৌৰৱ মজুমদাৰ আদিৰ দৰে দক্ষতাসম্পন্ন বক্সাৰ৷ মই ভাবোঁ লছ এঞ্জেলছ অলিম্পিকত লাভলীনা, অংকুশিতা আৰু শিৱ থাপাৰ উপৰি নতুন বক্সাৰে ভাৰতীয় দলক প্রতিনিধিত্ব কৰিবলৈ সক্ষম হ’ব৷

আপুনি খেলুৱৈৰূপে আন্তঃৰাষ্ট্রীয় পর্যায়ত পদক অর্জন কৰাৰ পিছত এতিয়া প্রশিক্ষক হিচাপেও যথেষ্ট সফলতা লাভ কৰিছে৷ আপোনাৰ দৃষ্টিত খেলুৱৈ আৰু প্রশিক্ষকৰ ভিতৰত কোনটো দায়িত্ব অধিক প্রত্যাহ্বানমূলক?
প্রশিক্ষকৰ দায়িত্ব অধিক প্রত্যাহ্বানপূর্ণ বুলি মই অনুভৱ কৰোঁ৷ কিয়নো এগৰাকী খেলুৱৈৰ খেলাৰ বাহিৰে অন্য কোনো অতিৰিক্ত দায়িত্ব নাথাকে৷ মই খেলি থকা সময়ত অন্য কোনো কথাই ভবা নাছিলোঁ, কেৱল প্রতিপক্ষক ধৰাশায়ী কৰাৰ লক্ষ্যৰে ৰিঙত অৱতীর্ণ হৈছিলোঁ৷ কিন্তু এগৰাকী প্রশিক্ষকে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিবলগীয়া হয়৷ বক্সাৰসকলক কিদৰে সুস্থ কৰি ৰাখিব পৰা যায়, তেওঁলোকে কি খাদ্য গ্রহণ কৰিব অথবা তেওঁলোকে কিবা অখাদ্য গ্রহণ কৰিব পাৰে নেকি, তেওঁলোকক মানসিকভাৱে সজীৱ কৰি ৰখা আদি বিভিন্ন দিশৰ ওপৰত প্রশিক্ষকে গুৰুত্ব দিবলগীয়া হয়৷ অলিম্পিক অথবা অন্য আন্তঃৰাষ্ট্রীয় পর্যায়ত এই দায়িত্ব দুগুণে বৃদ্ধি পায়৷ ইমানৰ পিছতো খেলুৱৈসকলে উন্নত প্রদর্শন কৰিব নোৱাৰিলে তাৰ সকলো দায়িত্ব প্রশিক্ষকে মূৰ পাতি ল’বলগীয়া হয়৷ সেইবাবে এগৰাকী খেলুৱৈতকৈ প্রশিক্ষকৰ দায়িত্ব অধিক আহি পৰে৷

বক্সিং বিশ্বত অসমক প্রতিষ্ঠা কৰাৰ সপোন আছে আপোনাৰ৷ এই লক্ষ্যত উপনীত হ’ব পৰাকৈ অসমত পর্যাপ্ত সুবিধা আছে বুলি আপুনি ভাবেনে?
দীর্ঘদিন ধৰি মই অসমৰ বক্সিং ক্ষেত্রখনে যাতে সমগ্র বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিব পাৰে তাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছোঁ৷ কাৰণ অসমত প্রতিভাৰ অভাৱ নাই৷ বিচাৰিব জানিলে অসমৰ চৌদিশে পোৱা যাব অসংখ্য লাভলীনা, অংকুশিতা আৰু শিৱ থাপাৰ দৰে খেলুৱৈ৷ কিন্তু এতিয়াও ৰাজ্যখনত প্রয়োজন অনুপাতে প্রশিক্ষকৰ অভাৱ৷ ৰাজ্যৰ অন্য খেলতো একেই অৱস্থা৷ বক্সিঙত মাত্র এগৰাকী প্রশিক্ষকেৰেই চৰকাৰে জোৰা–টাপলি মাৰি চলাই থাকিবলগীয়া হৈছে৷ বহু আবেদন–নিবেদনৰ পিছতো চৰকাৰে বক্সিঙৰ প্রশিক্ষক নিযুক্তি দিয়া নাই৷ অথচ অলিম্পিককে ধৰি আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ বক্সাৰে অপৰিসীম সফলতা অর্জন কৰিছে৷ আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত একাধিক পদক লাভ কৰাৰ পিছতো প্রশিক্ষকৰূপে আত্মপ্রকাশ কৰা মোৰ লগতে কল্পনা চৌধুৰীহঁতে বিগত প্রায় ডেৰ দশক ঠিকা ভিত্তিতে চাকৰি কৰি থাকিবলগীয়া হৈছে৷ ২০০৮ চনৰ পৰা মই ছাইৰ প্রশিক্ষক হিচাপে কাম কৰি আছোঁ৷ কিন্তু প্রবল ইচ্ছা থকা সত্ত্বেও নিজ ৰাজ্যৰ খেলুৱৈ সৃষ্টিৰ ক্ষেত্রত পোনপটীয়াকৈ অধিক সময় দিব পৰা নাই৷ ছাইত এগৰাকী প্রশিক্ষকৰ সা–সুবিধা অধিক যদিও মই অসম চৰকাৰৰ অধীনত বক্সিঙৰ প্রশিক্ষকৰ দায়িত্ব লাভ কৰিলে অধিক সুখী হ’ম৷ তেতিয়া মই প্রত্যক্ষভাৱে ৰাজ্যত বক্সাৰৰ জন্ম দিয়াৰ সুযোগ লাভ কৰিম৷

অসমত বক্সিং খেলক আগুৱাই নিয়াৰ বাবে এখন উন্নতমানৰ বক্সিং একাডেমীৰ অতি প্রয়োজন৷ এইক্ষেত্রত আপুনি কিবা উদ্যোগ গ্রহণ কৰিছে নেকি?
নিশ্চিতভাৱে অসমত এখন বক্সিং একাডেমীৰ অতি প্রয়োজন৷ এনে একাডেমীৰ জৰিয়তেহে ৰাজ্যৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা প্রতিভাসমূহ বিচাৰি উলিয়াব পাৰি৷ মই দেউতাৰ ১০ বিঘা ভূমিত ২০১৪ চনতে আৰম্ভ কৰিছিলোঁ পিবি স্প’টছ এণ্ড কালচাৰেল কমপ্লেক্স নামৰ এখন একাডেমী৷ মোৰ উদ্দেশ্য আছিল অসমৰ পৰা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বক্সাৰ জন্ম দিয়া৷ একাডেমীখনত কিছু বছৰ সুন্দৰভাৱে প্রশিক্ষণ দিয়া হৈছিল৷ কিন্তু সম্প্রতি প্রশিক্ষকৰ অভাৱত একাডেমীখন একপ্রকাৰ বন্ধ হৈ পৰিছে৷ মই চাকৰিসূত্রে বিভিন্ন ৰাজ্যত ঘূৰি ফুৰিবলগীয়া হোৱা বাবে সময় দিব পৰা নাই৷ মই ভাবিছোঁ দুবছৰমান পিছত মই চাকৰি এৰি একাডেমীখন পুনৰ আৰম্ভ কৰিম৷ কাৰণ অসমৰ পৰা বহু অলিম্পিয়ান জন্ম দিয়াৰ বহুদিনীয়া সপোন আছে মোৰ৷ এই সপোন বাস্তৱায়িত কৰিবলৈ একাডেমীখন চলাই যোৱা অতি প্রয়োজনীয় হ’ব৷

গাঁও অঞ্চলৰ এটি সৰু পৰিয়ালৰ পৰা ওলাই আহি আপুনি বর্তমান সফলতাৰ শৃংগত উপনীত হৈছে৷ এনে ঈর্ষণীয় সাফল্য সত্ত্বেও আপুনি কোনো কোনো ক্ষেত্রত বঞ্চিত হৈছে নেকি?
তিতাবৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি এই পর্যায় পোৱাটো সঁচাকৈয়ে সপোনৰ অগোচৰ৷ কিন্তু কঠোৰ পৰিশ্রমৰ মাজেদি আজি যিখিনি সফলতা অর্জন কৰিছোঁ, সমানেই বঞ্চনাৰো চিকাৰ হৈছোঁ৷ আঠখন আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত দেশক প্রতিনিধিত্ব কৰাৰ পিছতো ৰাইজৰ মৰমৰ বাহিৰে চৰকাৰী পক্ষৰ পৰা কোনো বিশেষ স্বীকৃতি নাপালোঁ৷ আমাৰ বহুতে অর্জুনৰ নিচিনা সন্মানেৰে বিভূষিত হ’ল৷ অথচ আমি সুদীর্ঘকাল খেলুৱৈ আৰু প্রশিক্ষকৰূপে সেৱা আগবঢ়াই যোৱা সত্ত্বেও তেনে সন্মান দূৰৰ কথা, মাহিলি ১০,০০০কৈ আগবঢ়োৱা চৰকাৰৰ আর্থিক সাহায্যৰ পৰাই বঞ্চিত হৈ থাকিলোঁ৷ অথচ ৰাষ্ট্রীয় ক্রীড়াত স্বর্ণ বিজয়ীক এই ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল চৰকাৰে৷ অসম চৰকাৰে মোক প্রশিক্ষক পদত নিযুক্তি দিলেও প্রাপ্য মর্যাদা দিয়া হ’লহেঁতেন৷ ইপিনে, ২০১৪ চনত ছাইৰ স্থায়ী প্রশিক্ষকৰ বাবে সাক্ষাৎকাৰত অৱতীর্ণ হৈছিলোঁ যদিও নির্বাচিত নহ’লোঁ৷ ইয়াৰ বিপৰীতে আন্তর্জাতিক প্রতিযোগিতা নেখেলা একাংশকো নিযুক্তি দিয়া হ’ল৷ তথাপি কোনো আক্ষেপ নকৰাকৈ ভাৰতীয় দললৈ সেৱা আগবঢ়াই আহিছোঁ৷ এইবাৰ প্রশিক্ষকৰ দ্রোণাচার্য বঁটাৰ বাবে আবেদন জনাম বুলি ভাবিছোঁ৷ এইক্ষেত্রত সংশ্লিষ্ট সকলো পক্ষই সহযোগ কৰিলে মোৰ ইমান দিনৰ শ্রম কিছু পৰিমাণে হ’লেও সার্থক হ’ব বুলি ভাবোঁ৷

You might also like