নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : আন্তঃৰাষ্ট্রীয় টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা-ৰে সাক্ষাৎকাৰ

সুকন্যা : আন্তঃৰাষ্ট্রীয় টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা-ৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ

ফোনঃ ৮৬৩৮৪–১৪৯৫৪

দেশৰ আগশাৰীৰ টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱা সন্মানজনক টার্গেট এছিয়ান গেমছ (টাগ) আঁচনিৰ বাবে মনোনীত হৈছে৷ এই আঁচনিত অন্তর্ভুক্ত হোৱা ৰ’দালি বৰুৱা অসমৰ একমাত্র ক্রীড়াবিদ৷ হাইস্কুলত পঢ়ি থকা সময়তে এইবিধ সমৰকলাৰ প্রতি আকর্ষিত হোৱা ৰ’দালিয়ে ইতিমধ্যে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী প্রতিযোগিতাত অসংখ্য পদক অর্জন কৰিবলৈ সক্ষম হৈছে৷ যোৰহাটৰ প্রখ্যাত দেৱীচৰণ বৰুৱাৰ বংশধৰ ৰ’দালিয়ে ককাক আৰু আইতাকৰ সৈতে তেজপুৰত শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰিছিল৷ গুৱাহাটী ‘ছাই’ কেন্দ্রত টাইকোৱানডোৰ আদিপাঠ গ্রহণ কৰা খেলুৱৈগৰাকীয়ে প্রথম বছৰতে জুনিয়ৰ ৰাষ্ট্রীয় টাইকোৱানডোত পদক দখল কৰি দক্ষতাৰ পৰিচয় দিছিল৷ যোৱা বছৰ তেওঁক এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক অর্জন কৰিছে৷ বিগত এটা দশকত কোনো আগশাৰীৰ আন্তর্জাতিক টাইকোৱানডোত এইটোৱে আছিল ভাৰতৰ প্রথম পদক৷ এই কৃতিত্বই তেওঁক টার্গেট এছিয়ান গেমছ আঁচনিৰ বাবে মনোনীত কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ ব্যৱসায়ী অনুপম বৰুৱা আৰু ৰুণা বৰুৱাৰ কন্যা ৰ’দালিয়ে বর্তমানৰ পর্যায়ত উপনীত হ’বলৈ কঠোৰ শ্রম আৰু ত্যাগ স্বীকাৰ কৰিছে৷ এইগৰাকী তাৰকা সমৰকলাবিদৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ নিয়মীয়া বার্তাৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল–

আপোনাৰ পিতৃ–মাতৃৰ ঘৰ যোৰহাটত যদিও শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰিছিল তেজপুৰত৷ এই সম্পর্কে জনাব নেকি?

আমাৰ ঘৰ তেজপুৰত যদিও মই শৈশৱ আৰু কৈশোৰ তেজপুৰতে অতিবাহিত কৰিছোঁ৷ ব্যৱসায়সূত্রে দেউতা অনুপম বৰুৱা আৰু মা ৰুমা বৰুৱা যোৰহাটতে আছিল৷ কিন্তু আমাৰ ককাদেউতাই তেজপুৰত চাকৰি কৰিছিল আৰু তাতেই স্থায়ীভাৱে বাস কৰিছিল৷ আমি ককা আৰু আইতাৰ সৈতে তেজপুৰতে আছিলোঁ৷ মই তেজপুৰ কেন্দ্রীয় বিদ্যালয়–১ত শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ৷ আনহাতে দৰং কলেজত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ মই ইগন’ৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছোঁ৷ সেইবাবে আমি যোৰহাটৰ হ’লেও সাংস্কৃতিক চহৰ তেজপুৰতে ডাঙৰ–দীঘল হৈছোঁ আৰু সেই ঐতিহ্যমণ্ডিত ঠাইখনৰ যথেষ্ট প্রভাৱ মোৰ জীৱনত পৰিছে৷

শৈশৱ আৰু কৈশোৰতে বহু ল’ৰা–ছোৱালী ভৱিষ্যতৰ সপোন দেখিবলৈ আৰম্ভ কৰে৷ আপুনি সৰুতে এগৰাকী খেলুৱৈ হোৱাৰ সপোন দেখিছিল নেকি?

মই কেতিয়াও খেলুৱৈ হোৱাৰ সপোন দেখা নাছিলোঁ৷ আমাৰ পৰিয়ালৰ ভিতৰত দেউতাই এটা সময়ত ক্রিকেট খেলিছিল যদিও অন্য কোনো সদস্যই খেলৰ প্রতি আগ্রহ দেখুওৱা নাছিল৷ সেইবাবে মোৰো ক্রীড়াৰ প্রতি বিশেষ অনুৰাগ নাছিল৷ অৱশ্যে সৰুতে মই ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন মনত পুহি ৰাখিছিলোঁ৷ কিন্তু এতিয়া এগৰাকী ক্রীড়াবিদ ৰূপে কেৰিয়াৰ আৰম্ভ কৰাৰ বাবে সেই সপোন বাস্তৱায়িত নহ’ল৷

টাইকোৱানডোৰ নিচিনা কঠিন গেমত নিজ কন্যাক পিতৃ–মাতৃয়ে আগবঢ়াই দিব নোখোজে৷ আপোনাৰ ক্ষেত্রত তেনেকুৱা হৈছিল নেকি?

সকলো পিতৃ–মাতৃয়ে বিচাৰে যে সন্তানসকলে পঢ়া–শুনা কৰি চাকৰি কৰক আৰু নিজৰ ভৰিত নিজে থিয় দিয়ক৷ মোৰ ক্ষেত্রতো সেয়াই হৈছিল৷ মা–দেউতাই টাইকোৱানডো খেলাতো প্রথম অৱস্থাত একেবাৰে পছন্দ কৰা নাছিল৷ তদুপৰি আমাৰ পৰিয়ালত কোনেও খেলৰ প্রতি আগ্রহ দেখুওৱা নাছিল৷ প্রায়সকলে চাকৰি কৰিছিল আৰু সুন্দৰভাৱে অতিবাহিত কৰিছিল৷ সেইবাবে দেউতাহঁতে প্রথম অৱস্থাত মই খেলা–ধূলা কৰাটো বিচৰা নাছিল৷ অৱশ্যে মই টাইকোৱানডোত উন্নত প্রদর্শন দাঙি ধৰিবলৈ লোৱাৰ পিছৰে পৰা তেওঁলোকৰ মনতো হয়তো আত্মবিশ্বাসৰ সৃষ্টি হৈছিল৷ সেইবাবে মোক এইক্ষেত্রত সমর্থন আগবঢ়াবলৈ লয়৷ এতিয়া মোতকৈও তেওঁলোকে মোৰ খেলা–ধূলাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰে৷

এনে এবিধ কঠিন খেলৰ প্রতি আপোনাৰ আগ্রহ কিদৰে আৰম্ভ হ’ল?

ঘটনাক্রমেহে মই টাইকোৱানডো খেলিবলৈ আৰম্ভ কৰিছিলোঁ৷ আচলতে সৰুৰে পৰা মোৰ পঢ়া–শুনাৰ প্রতি বৰ আগ্রহ নাছিল৷ নৱম শ্রেণীত পঢ়ি থকা সময়ত মই শ্রেণীকোঠাৰ পৰা আঁতৰি থাকিবলৈহে টাইকোৱানডো খেলিবলৈ লৈছিলোঁ৷ দীঘলীয়া ক্লাছৰ বিৰক্তিকৰ সময় পাৰ কৰিবলৈ শ্রেণীৰ পৰা ওলাই গৈ গ্রাউণ্ডত চলি থকা টাইকোৱানডোত যোগ দিছিলোঁ৷ সেয়া আছিল ২০১২ চনৰ কথা৷ এনেকৈয়ে এদিন টাইকোৱানডোৰ নিচিনা সমৰকলাবিধৰ প্রতি অনুৰাগৰ সৃষ্টি হৈছিল৷ ইয়াৰ পিছত মই কেতিয়াও উভতি চাবলগীয়া হোৱা নাই৷

আপুনি কাৰ অধীনত প্রথম টাইকোৱানডোৰ প্রশিক্ষণ গ্রহণ কৰিছিল? গুৱাহাটী ‘ছাই’ কেন্দ্রত আপুনি কিদৰে খেলাৰ সুযোগ লাভ কৰিলে?

২০১২ চনত মই প্রথমবাৰৰ বাবে টাইকোৱানডো খেলিবলৈ লৈছিলোঁ৷ সেই বছৰে মই গুৱাহাটী ‘ছাই’ কেন্দ্রলৈ নির্বাচিত হৈছিলোঁ৷ আমাৰ প্রথম প্রশিক্ষক আছিল দ্বিপেন বর্মন ছাৰ৷ অৱশ্যে আমি ‘ছাই’ কেন্দ্রলৈ অহাৰ কিছুদিন পিছতে তেওঁ অন্য ঠাইলৈ বদলি হৈ গৈছে৷ ইয়াৰ পিছত প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰিছিল টামাছ শেঠী ছাৰে৷ তেওঁৰ অধীনত মই প্রায় ৫ বছৰ প্রশিক্ষণ গ্রহণ কৰিছোঁ৷ আচলতে শেঠী ছাৰৰ প্রশিক্ষণতে মই টাইকোৱানডোত সর্বাধিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ তেওঁ এগৰাকী উৎসর্গীকৃত প্রশিক্ষক৷ খেলুৱৈসকলতকৈও তেওঁৰ আগ্রহ অধিক হোৱা বাবে আমি সফলতা অর্জন কৰিব পাৰিছোঁ৷ সেইবাবে তেওঁৰ ওচৰত মই কৃতজ্ঞ৷

আপুনি টার্গেট এছিয়ান গেমছ আঁচনিলৈ কিদৰে মনোনীত হ’ল?

যোৱা বছৰ অনুষ্ঠিত এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত মই ৭৩ কেজিৰ মহিলা শাখাত ব্রঞ্জৰ পদক অর্জন কৰিছিলোঁ৷ ভিয়েটনামৰ ডা নাঙত অনুষ্ঠিত প্রতিযোগিতাখনত মোৰ এই পদকটো আছিল বিশেষভাৱে উল্লেখযোগ্য৷ কাৰণ বিগত ১০ বছৰ ধৰি কোনো আন্তর্জাতিক প্রতিযোগিতাত ভাৰতে পদক অর্জন কৰিবলৈ সক্ষম হোৱা নাছিল৷ ২০১৪ চনত এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত লতিকা ভাণ্ডাৰীয়ে অর্জন কৰিছিল ব্রঞ্জৰ পদক৷ ইয়াৰ ১০ বছৰ পিছত মই প্রথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে প্রতিযোগিতাখনত পদক অর্জন কৰিবলৈ সক্ষম হৈছোঁ৷ তদুপৰি মই ৰাষ্ট্রীয় টাইকোৱানডো চেম্পিয়নশ্বিপতো স্বর্ণপদক অর্জন কৰিছোঁ৷ বিগত বর্ষৰ প্রদর্শনৰ ভিত্তিত মোক সন্মানজনক টার্গেট অলিম্পিক পডিয়ামৰ অধীনস্থ টার্গেট এছিয়ান গেমছ আঁচনিলৈ মনোনীত কৰা হৈছে৷

টার্গেট এছিয়ান গেমছ আঁচনি সম্পর্কে ক’ব নেকি?

টার্গেট এছিয়ান গেমছ আঁচনি হৈছে টার্গেট অলিম্পিক পডিয়ামৰ অধীনস্থ এক নতুন আঁচনি৷ আগন্তুক এছিয়ান গেমছৰ বাবে খেলুৱৈসকলক উন্নত প্রশিক্ষণৰ জৰিয়তে প্রতিযোগিতাখনলৈ সাজু কৰি তোলাৰ উদ্দেশ্যে এই নতুন আঁচনিখন গ্রহণ কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ ক্রীড়া বিভাগে যথেষ্ট ধন ব্যয় কৰি এছিয়ান গেমছত যাতে দেশৰ খেলুৱৈসকলে অধিক পদক কঢ়িয়াই আনিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখিয়েই এই আঁচনি গ্রহণ কৰা হৈছে৷ উল্লেখ্য যে ২০২৬ চনত জাপানত অনুষ্ঠিত হ’ব এছিয়ান গেমছ৷ এই প্রতিযোগিতাখনৰ বাবেই ১৬টা ইভেণ্টৰ বাবে দেশৰ ৩৭গৰাকীক এথলীটক টার্গেট এছিয়ান গেমছ আঁচনিৰ বাবে নির্বাচিত কৰা হৈছে৷

আপুনি এইপর্যন্ত যথেষ্টসংখ্যক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰি পদক অর্জন কৰিবলৈ সক্ষম হৈছে? এই বিষয়ে জনাব নেকি?

মই আৰম্ভণিৰ পৰাই ৭৩ ঊর্ধ্বৰ শাখাত প্রতিদ্বন্দ্বিতা আগবঢ়াই আহিছোঁ৷ ২০১২ চনত খেলিবলৈ আৰম্ভ কৰাৰ পিছতে জুনিয়ৰ ৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰি পদক বুটলি আনিবলৈ সক্ষম হৈছোঁ৷ ২০১৫ চনত কেৰালাত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াত মই ব্রঞ্জৰ পদক অর্জন কৰিছিলোঁ৷ তদুপৰি বিশাখাপট্টনমত অনুষ্ঠিত ৩৫সংখ্যক ছিনিয়ৰ ৰাষ্ট্রীয় টাইকোৱানডোত মই লাভ কৰিছিলোঁ সোণৰ পদক৷ জম্মুত অনুষ্ঠিত ছিনিয়ৰ নেচনেল টাইকোৱানডোত স্বর্ণ, জব্বলপুৰত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্রীয়, ২০২৩ চনত পণ্ডীচেৰীত অনুষ্ঠিত প্রতিযোগিতাত মই লাভ কৰিছিলোঁ সোণৰ পদক৷ আনহাতে চলিত বর্ষত উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াত মই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ ইয়াৰ উপৰি খেল’ ইণ্ডিয়া মহিলা লীগ, চেম্পিয়ন অৱ চেম্পিয়নছ ফাইনেল, সর্বভাৰতীয় ছাই টাইকোৱানডো চেম্পিয়নশ্বিপৰ নিচিনা অসংখ্য ৰাষ্ট্রীয় প্রতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ এইপর্যন্ত মই ২১খনৰো অধিক আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণ কৰিছোঁ আৰু কেইবাখনো প্রতিযোগিতাত পদক অর্জন কৰিছোঁ৷ ২০১৬ চনত মই প্রথমবাৰৰ বাবে তীৰক টাইকোৱানডো ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিছিলোঁ৷ ইয়াৰ উপৰি ডব্লিউটিএফ ৱর্ল্ড টাইকোৱানডো চেম্পিয়নশ্বিপ, কোৰিয়া অ’পেন, ডব্লিউটিএফ প্রেছিডেণ্ট কাপ আদি সন্মানজনক প্রতিযোগিতাত অংশগ্রহণ কৰিছোঁ৷ ২০১৮ চনত ইউএছএ ড্রীম অ’পেন টাইকোৱানডো প্রতিযোগিতাত মই স্বর্ণপদক অর্জন কৰিছিলোঁ৷ সেই বছৰে ইণ্ডিয়া অ’পেন ইণ্টাৰনেচনেল টাইকোৱানডোতো স্বর্ণপদক দখল কৰিছিলোঁ৷ ২০২২ চনত নেপালত অনুষ্ঠিত মাউণ্ট এভাৰেষ্ট ইণ্টাৰনেচনেল টাইকোৱানডোত স্বর্ণপদক অর্জন কৰাৰ পিছত যোৱা বছৰ ভিয়েটনামত অনুষ্ঠিত প্রতিযোগিতাখনত ব্রঞ্জৰ পদক দখলেৰে মই টার্গেট এছিয়ান গেমছ আঁচনিলৈ মনোনীত হৈছোঁ৷

সম্প্রতি আপুনি কাৰ অধীনত আৰু কোন ঠাইত এছিয়ান গেমছৰ প্রস্তুতিৰ বাবে প্রশিক্ষণ গ্রহণ কৰি আছে?

মই টার্গেট এছিয়ান গেমছ আঁচনিত অন্তর্ভুক্ত হোৱাৰ লগে লগে দিল্লী ছাইৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত প্রশিক্ষণ গ্রহণ কৰি আছোঁ৷ মই প্রশিক্ষক হিচাপে বাছনি কৰিছোঁ পূর্বতে গুৱাহাটী ছাই কেন্দ্রত প্রশিক্ষক হিচাপে লাভ কৰা টামাছ শেঠী ছাৰক৷ মোৰ লগতে এই আঁচনিৰ বাবে মনোনীত হৈছে অৰুণাচল প্রদেশৰ ৰূপা বায়ৈ৷ অহা বছৰ জাপানত অনুষ্ঠিত হ’ব এছিয়ান গেমছ৷ ইয়াত প্রশিক্ষণ গ্রহণ কৰাৰ পিছত নিশ্চয় প্রতিযোগিতাখনলৈ যোগ্যতা অর্জনত সফল হ’ম বুলি আশা কৰিছোঁ৷

কাৰ অনুপ্রেৰণাই আপোনাক এনে এবিধ কঠিন খেলত সফল কৰি তুলিছে?

মোৰ কেৰিয়াৰত সর্বাধিক অনুপ্রেৰণা যোগোৱা ব্যক্তিগৰাকী হৈছে মোৰ দেউতা৷ ইয়াৰ উপৰি মোৰ মায়েও মোক যথেষ্ট পৰিমাণে সমর্থন আগবঢ়াই আহিছে৷ দেউতাই জীৱনত যথেষ্ট পৰিশ্রম কৰা সৰুৰে পৰা দেখা পাইছোঁ৷ তেওঁক দেখিয়েই কঠোৰ পৰিশ্রম কৰিবলৈ অনুপ্রেৰণা লাভ কৰিছোঁ৷ আমাৰ পৰিয়ালটোৰ বাবে দেউতাই যথেষ্ট সংগ্রাম কৰিবলগীয়া হৈছে৷ যিমান সমস্যা আহিলে তেওঁ সেই সমস্যা অতিক্রম কৰিবলৈ এৰা–ধৰাকৈ লাগি থাকে৷ সেইবাবে সফলতাও অর্জন কৰে৷ তেওঁক অনুসৰণ কৰিয়েই মই একাণপটীয়াকৈ লাগি আছোঁ আৰু সফলতাও পাইছোঁ৷ তদুপৰি টামাছ শেঠী ছাৰেও মোৰ কেৰিয়াৰত যথেষ্ট প্রভাৱ পেলাইছে৷ তেওঁৰ কঠোৰ পৰিশ্রম আৰু ত্যাগে মোক খেলুৱৈ হিচাপে প্রতিষ্ঠা লাভত বহু পৰিমাণে সহায় কৰিছে৷

অসমত এতিয়াও ক্রীড়াক কেৰিয়াৰ হিচাপে ল’ব পৰা অৱস্থা হোৱা নাই বুলি বহুতে অভিযোগ কৰে৷ এইক্ষেত্রত আপুনি কি ক’ব?

একাগ্রতা, পৰিশ্রম আৰু অধ্যৱসায়েৰে লাগি থাকিলে সকলো কামতে সফল হ’ব পাৰি৷ এইক্ষেত্রত ক্রীড়াও ব্যতিক্রম নহয়৷ মই ভাবোঁ ক্রীড়াত কেৰিয়াৰ হিচাপে গ্রহণ কৰিব পৰা অৱস্থা হৈছে৷ অৱশ্যে ইয়াৰ বাবে সফল হ’বই লাগিব৷ মই খেলৰ জৰিয়তে ২০২৩ চনৰ এপ্রিলত আয়কৰ বিভাগত চাকৰি লাভ কৰিছোঁ৷ গুৱাহাটী আয়কৰ ভৱনত মই টেক্স এছিছটেণ্ট হিচাপে কার্যনির্বাহ কৰি আছোঁ৷ অৱশ্যে মই অফিচৰ কোনো দায়িত্ব ল’বলগীয়া হোৱা নাই৷ তেওঁলোকে মোক খেলাৰ সম্পূর্ণ সুবিধা প্রদান কৰিছে৷ কেৱল মোৰ ক্ষেত্রতে নহয়, মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্রীয় ক্রীড়াত পদক লাভ কৰা খেলুৱৈসকলৰ বাবেও চাকৰিৰ ব্যৱস্থা কৰিছে৷ গতিকে মই ভাবোঁ অসমত ক্রীড়াক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব পৰা অৱস্থা আহি পৰিছে৷

ক্রীড়াৰ কেৰিয়াৰ আগবঢ়াই নিওঁতে সাধাৰণতে পিতৃ–মাতৃয়ে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয়৷ বিশেষকৈ আর্থিক ক্ষেত্রত বিভিন্ন অসুবিধা আহি পৰে৷ আপোনাৰ ক্ষেত্রত তেনে কৈছে নেকি?

হয়, মোৰ কেৰিয়াৰ আগবঢ়াই নিয়াৰ ক্ষেত্রত পিতৃ–মাতৃয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে৷ কাৰণ চাকৰি পোৱাৰ আগলৈকে মোৰ প্রায় সকলো খৰচ বহন কৰিবলগীয়া হৈছিল দেউতাই৷ আনকি কিছুমান প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ যাওঁতে দেউতাই গাড়ী পর্যন্ত বন্ধকত থ’বলগীয়া হৈছিল৷ ২০২৩ চনত আজাৰবাইজানৰ বাকুৱাত অনুষ্ঠিত বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিবলৈ যাওঁতে দেউতাই গাড়ী বন্ধকত থৈছিল৷ সেই সময়ত ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ বাবে আমি যথেষ্ট আর্থিক সংকটৰ সন্মুখীন হৈছিলোঁ৷ এই আর্থিক অনাটনৰ জোৰা মাৰিবলৈ দেউতাই কিমান কষ্ট কৰিবলগীয়া হৈছে তাক ভাষাৰে প্রকাশ কৰিব নোৱাৰিম৷

ছোৱালী হোৱা বাবেই বিভিন্ন ক্ষেত্রত পুৰুষতকৈ অধিক সমস্যাৰ সন্মুখীন হোৱা দেখা যায়৷ আপুনি এনে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি?

মই কোনোদিনে তেনে সমস্যাৰ সন্মুখীন হোৱা নাই আৰু মই নাভাবোঁ যে পুৰুষতকৈ নাৰীসকল কোনো ক্ষেত্রত কম৷ শাৰীৰিক আৰু মানসিকভাৱে নাৰীসকল পুৰুষৰ সমানে শক্তিশালী৷ বৰং পুৰুষতকৈ নাৰীসকল অধিক জেদী আৰু কেতিয়াও কোনো কামতে সোনকালে হাৰ নামানে৷ এই জেদৰ বাবে যুৱতীসকলে যিকোনো কাম সফলভাৱে সমাপ্ত কৰিহে এৰে৷ যিকোনো কামত সফলতাৰ বাবে নাৰী অথবা পুৰুষ নহয়, দৃঢ় মানসিকতাৰহে অধিক প্রয়োজন৷ কোনো এটা কাম কৰিম বুলি মনত স্থিৰ কৰি লৈ কঠোৰ পৰিশ্রম কৰিলে সফলতা পোৱা যাবই৷ হয়তো কেতিয়াবা সফলতা লাভত কিছু পলম হ’ব পাৰে৷ পৰিশ্রম কেতিয়াও অথলে নাযায়৷

আপোনাৰ জীৱন দর্শন কি?

সফলতাই মানুহক সন্তুষ্টি প্রদান কৰে৷ কিন্তু এই সন্তুষ্টিয়ে মানুহক কেতিয়াবা স্থবিৰ কৰি পেলাব পাৰে৷ সেইবাবে যিকোনো কামত সফলতা লাভ কৰিলে কৃতজ্ঞ হ’ব লাগে, কিন্তু সন্তুষ্ট হ’ব নালাগে৷ সেই কামবোৰৰ পৰা মানুহে সুখ অনুভৱ কৰিব লাগে, সন্তুষ্টিক ঠাই দিব নালাগে৷ মানুহ কোনো কামত সন্তুষ্ট হ’লে তাতেই সকলো সাধনা এৰি পেলোৱা দেখা যায়৷ মই বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰাৰ উপৰি এটা চাকৰি পোৱাৰ পিছত সন্তুষ্ট হৈ বহি থাকিলে হয়তো এছিয়ান গেমছৰ অথবা অলিম্পিকৰ সপোন দেখিবলৈ নাপালোঁহেঁতেন৷ ভগৱানক মই যথেষ্ট বিশ্বাস কৰোঁ আৰু ভাবোঁ যে কঠোৰ শ্রম কৰিলে ভগৱানে দহ গুণ অধিক ফল দিয়ে৷

You might also like