নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : অসমত আলোড়ন সৃষ্টিকাৰী সংগীত শিল্পী মর্মিতা মিত্রৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪

অতি কম দিনৰ ভিতৰতে অসমৰ সংগীত জগতত অতিশয় জনপ্রিয়তা অর্জন কৰিছে বংগ কন্যা মর্মিতা মিত্রই৷ অসমীয়া ভাষা শিকি অসমৰ বিভিন্ন প্রান্তত অসমীয়া গীত গাই অসমৰ দর্শক–শ্রোতাক মুগ্ধ কৰিছে মর্মিতাই৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যুৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গ আৰু জনপ্রিয় শিল্পী অংগৰাগ মহন্ত (পাপন)ৰ গীত গোৱাৰ লগতে বিহুগীত গাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুৰাগীৰ হৃদয় জয় কৰা এইগৰাকী অসমৰ বোৱাৰী পশ্চিমবংগতো সমানেই জনপ্রিয়৷ চুবুৰীয়া ৰাজ্যখনত সংগীতৰ কেইবাটাও সন্মানজনক প্রতিযোগিতাত চেম্পিয়ন হোৱা মর্মিতাই অসমতে স্থায়ীভাৱে থাকি সংগীতৰ ক্ষেত্রখনত প্রতিষ্ঠা লাভৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ অসমীয়া ভাষাৰ প্রতি অতিশয় শ্রদ্ধাশীল এইগৰাকী শিল্পীয়ে অতি কম দিনৰ ভিতৰতে ভাষাটো বহু পৰিমাণে আয়ত্ত কৰিবলৈ সক্ষম হৈছে৷ বলীউডতো প্রতিষ্ঠা লাভৰ সপোন দেখা মর্মিতাই ইতিমধ্যে অসমীয়া ভাষাত বহুকেইটা গীত নির্মাণৰ বাবে প্রচেষ্টা হাতত লৈছে৷ একাংশ লোকে শিল্পীগৰাকীক অনা–সমীয়া বুলি তীব্র সমালোচনাৰে থকা–সৰকা কৰিছে যদিও তেওঁ থমকি ৰোৱা নাই৷ এনে সমালোচনাই তেওঁৰ জনপ্রিয়তা অধিক বৃদ্ধি কৰাহে পৰিলক্ষিত হৈছে৷ সম্প্রতি দিনে–নিশাই অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি থকা মর্মিতা মিত্রৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈ সমাজলৈ আগবঢ়োৱা হ’ল–

আপুনি যিহেতু অসমত বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আছে, গতিকে অসমীয়া ভাষাটো শিকাৰ প্রয়োজন আছে বুলি আপুনি ভাবেনে?
নিশ্চয়, মোক অসমৰ সংগীত অনুৰাগীয়ে আঁকোৱালি লৈছে আৰু যথেষ্ট মৰম দিছে৷ সেইবাবে অসমীয়া ভাষা ভালদৰে শিকাৰ প্রয়োজন আছে৷ আগতে ভাবিছিলোঁ যে মই অসমীয়া ভাষাটো শিকিম৷ কিন্তু এতিয়া মই অসমীয়া ভাষাটো শিকাৰ পণ লৈছোঁ আৰু সেয়া বাধ্যতামূলক বুলি ধৰি লৈছোঁ৷ বহুতে মোৰ কমেণ্ট বক্সত লিখিছে– আগতে আপুনি অসমীয়া শিকি লওক, তাৰ পিছত অসমীয়া গীত গাওক৷ এই মন্তব্যবোৰ পঢ়ি মোৰ এতিয়া বেয়া নালাগে৷ মই অনুভৱ কৰিছোঁ যে অসমীয়া ভাষাত গান গাবলৈ আৰু শুদ্ধ উচ্চাৰণৰ বাবে মই অসমীয়া শিকিবই লাগিব৷

বর্তমান অসমৰ সংগীত জগতৰ হার্টথ্রব হৈছে জুবিন গার্গ৷ এইগৰাকী শিল্পী সম্পর্কে আপোনাৰ কেনে ধাৰণা হয়?
জুবিনদা সম্পর্কে সুধিলে তেওঁৰ বিষয়ে ভাষাৰে প্রকাশ কৰিব নোৱাৰি৷ তেওঁক সকলো অনুৰাগীয়ে অন্তৰৰ পৰা ভাল পায়৷ মই জুবিনদাক যিমান ভাল পাওঁ অথবা তেওঁৰ কণ্ঠ আৰু গীত যিমান ভাল পাওঁ, তাতকৈও বহুগুণে তেওঁক ভাল পোৱা অসংখ্য লোক আছে৷ মই জুবিনদাৰ পৰা আৰু অসংখ্য ভাল ভাল গীত ভৱিষ্যতেও পাব বিচাৰোঁ৷ তেওঁৰ সংগীত প্রতিভাৰ বাবেই সুদীর্ঘকাল শিল্পীগৰাকীয়ে অসমৰ সংগীত জগতত দপ্দপাই আছে৷ তেওঁৰ স্থান ইমান দিনে কোনেও ল’ব পৰা নাই৷ আনকি বেংগলতো জুবিনদা অতিশয় জনপ্রিয় আৰু তাতো তেওঁৰ গানৰ ব্যাপক প্রচলন আছে৷ মই জুবিনদাক অন্তৰৰ পৰা ভাল পোৱা এগৰাকী অনুৰাগী বুলি ভাবোঁ৷

অতি কম দিনৰ ভিতৰতে আপুনি অসমৰ সংগীত জগতত ব্যাপক জনপ্রিয়তা অর্জন কৰিছে৷ আপুনি অসমীয়া সংগীতৰ প্রতি কিদৰে আকর্ষিত হ’ল? এইক্ষেত্রত আপোনাক কোনে অনুপ্রাণিত কৰিলে?
মোৰ জন্ম কলকাতাৰ জলপাইগুৰিত৷ সৰুৰে পৰা মই গান গাইছিলোঁ আৰু খুব ভাল নৃত্য কৰিছিলোঁ৷ কিন্তু মই নৃত্য কৰাটো দেউতাই বিচৰা নাছিল৷ সেইবাবে মই নৃত্য এৰি গানৰ সাধনাত ব্রতী হৈছিলোঁ৷ স্কুলীয়া দিনৰে পৰা মই গানৰ সকলো প্রতিযোগিতাতে প্রথম স্থান দখল কৰিছিলোঁ৷ সেই সময়ৰ পৰাই মই মঞ্চত লাইভ কনচার্ট কৰাৰ সপোন দেখিছিলোঁ৷ পৰৱর্তী সময়ত মই বেংগলত বিভিন্ন অনুষ্ঠানত লাইভ কনচার্ট কৰাৰ সুযোগ পালোঁ আৰু বিগত সময়ছোৱাত অসংখ্য মঞ্চত গীত পৰিৱেশন কৰিছোঁ৷ মোৰ শিল্পী জীৱনত প্রভাৱ পেলোৱা প্রথমগৰাকী ব্যক্তি হৈছে দেউতা৷ দেউতাৰ হাত ধৰিয়ে মই বেংগলত গীত পৰিৱেশন কৰাৰ ক্ষেত্রত অনুপ্রাণিত হৈছিলোঁ৷ বিয়াৰ পিছত মোৰ সংগীত যাত্রা আগুৱাই নিয়াত মুখ্য ভূমিকা গ্রহণ কৰিছে মোৰ স্বামীয়ে৷ তেওঁ নিজেও এগৰাকী সংগীত শিল্পী আৰু সংগীত ব্যৱস্থাপক৷ তেওঁৰ অধীনতে মই বংগত বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিছোঁ৷ এতিয়া মোৰ গানৰ সকলো দিশ তেৱেঁই পর্যবেক্ষণ কৰে৷ মই কি গান গাম, কি পিন্ধিম আৰু খোৱা–বোৱা আদি যত্ন তেৱেঁই লয়৷ মই ভাবোঁ কোনো স্বামীয়ে গানৰ ক্ষেত্রত পত্নীৰ বাবে ইমানখিনি নকৰে৷ তেওঁ নাথাকিলে হয়তো মই আজি যিখিনি সফলতা পাইছোঁ সেয়া পাবলৈ সক্ষম নহ’লোঁহেঁতেন৷

আপোনাৰ সংগীতৰ যাত্রা অসমলৈ কিদৰে সম্প্রসাৰিত হ’ল? নিজকে অসমৰ বোৱাৰী বুলি পৰিচয় দি কেনে অনুভৱ হয়?
২০১৬ চনৰ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা অমিত (স্বামী)ৰ সৈতে মোৰ প্রথম চিনাকি হৈছিল এটি অনুষ্ঠানত৷ সেই সময়ত মই বেংগলত বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আছিলোঁ৷ অমিতেও সেই সময়ত গীত গাইছিল আৰু ইভেণ্ট মেনেজমেণ্ট তথা সংগীত ব্যৱস্থাপনা কৰিছিল৷ তেওঁৰ সংগীত ব্যৱস্থাপনাত মই বহু মঞ্চত গীত গাইছিলোঁ আৰু লাহে লাহে আমাৰ মাজত প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল৷ ছবছৰ পূর্বে আমাৰ বিবাহ সম্পন্ন হয়৷ অহা ২৭ ফেব্রুৱাৰী (২০২৫)ত আমাৰ বিবাহৰ ছবছৰ পূর্ণ হ’ব৷ আমাৰ এটি ৫ বছৰীয়া কন্যা সন্তানো আছে৷ আমাৰ বিয়াৰ পিছত মোৰ বাবে তেওঁ গান গোৱা এৰি দিলে৷ মই যাতে সংগীত ক্ষেত্রখনত নিজকে আগুৱাই নিব পাৰোঁ তাৰ বাবে তেওঁ এনে সিদ্ধান্ত গ্রহণ কৰিলে৷ বিয়াৰ পিছত আমি কোচবিহাৰত থাকিবলৈ ল’লোঁ আৰু তেতিয়াই মোৰ অসমৰ সৈতে সম্পর্ক গঢ়ি উঠিল৷ তেতিয়াই মই বৰপেটা, বঙাইগাঁও, টংলা আদিত মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ৷ আচলতে মোৰ স্বামীৰ জন্ম ৰঙাপৰাত৷ তেওঁৰ পিতৃ–মাতৃ ৰঙাপৰাতে স্থায়ীভাৱে বাস কৰি আছে৷ অৱশ্যে তেওঁ ডাঙৰ–দীঘল হৈছে কলকাতাত৷ অসমত জন্ম হোৱা বাবে তেওঁ পূর্বৰে পৰা মহান শিল্পী ড০ ভূপেন হাজৰিকাৰ পৰা জুবিন গার্গলৈ প্রায় সকলো অসমীয়া শিল্পীৰ গান চর্চা কৰি আহিছে৷ ময়ো এনে বহু শিল্পীৰ গীত শুনিছোঁ আৰু তেওঁলোক মোৰ প্রিয় শিল্পী৷ অসমত গীত পৰিৱেশন কৰাৰ বাবে অমিতে মোক প্রথমে জুবিনদাৰ ‘মনৰ নিজানত’ গীতটি শিকাইছিল৷ ইয়াৰ পিছত মই ড০ ভূপেন হাজৰিকা, পাপনদাৰ গানৰ উপৰি বিহুগীতো শিকিছোঁ৷ তেওঁলোকৰ জনপ্রিয় গীতবোৰে মোকো অসমত জনপ্রিয় কৰি তুলিছে৷ অসমৰ নিচিনা এখন ৰাজ্যৰ বোৱাৰী হ’বলৈ পাই মই নিজকে সৌভাগ্যশালী বুলি অনুভৱ কৰোঁ৷ অসমবাসীৰ মৰম আৰু আদৰে মোক সঁচাকৈ অভিভূত কৰিছে৷

আপুনি বাংলা ভাষাত গীত গোৱাৰ পিছত এতিয়া অসমীয়া ভাষাত গীত গাবলৈ লৈছে৷ অসমীয়া গীত গাওঁতে নিশ্চয় কিছু সমস্যাৰ সন্মুখীন হয়৷ আপুনি কিদৰে গীতবোৰ আয়ত্ত কৰে?
অসমীয়া ভাষাৰ প্রতি মোৰ এক বিশেষ আকর্ষণ আৰু দুর্বলতা আছে৷ যিহেতু মই অসমীয়া ভাষাৰ গীত গোৱাৰ বাবে সাধনা আৰম্ভ কৰিছোঁ, সেইবাবে এই ভাষাটোক মই যথেষ্ট সন্মান কৰোঁ৷ কাৰণ ভাষাটোৰ প্রতি শ্রদ্ধা আৰু সন্মান নকৰিলে সেই ভাষাত শুদ্ধভাৱে গীত পৰিৱেশন কৰা সম্ভৱ নহয়৷ সেইবাবে মই অসমীয়া ভাষাটো শিকাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰি আহিছোঁ৷ প্রথমতে মই অসমীয়া ভাষাটো শিকাৰ ওপৰত গুৰুত্ব দিছিলোঁ৷ এতিয়া মই সেয়া এক দায়িত্ব হিচাপে গ্রহণ কৰিছোঁ৷ কাৰণ মই গীতবোৰত ব্যৱহাৰ কৰা শব্দৰ উচ্চাৰণ সঠিক হোৱাৰ ওপৰত গুৰুত্ব দিওঁ৷ ইয়াৰ বাবে মই গীত এটা গোৱাৰ আগতে বাৰে বাৰে গীতটো শুনো৷ এনেদৰে বহুবাৰ শুনাৰ পিছত শুদ্ধভাৱে গাবলৈ সহজ হয়৷ বহুতে মোক কয়– আগতে অসমীয়া শিকি লোৱা, তাৰ পিছত অসমীয়া গীত গাবা৷ প্রথমতে এই কথাবোৰ মোৰ বেয়া লাগিছিল, কিন্তু এতিয়া ভাবোঁ সেই কথাটো একেবাৰে সঁচা আৰু মই ভাষাটো শিকা অতি প্রয়োজন৷

আপুনি অসমৰ বিভিন্ন মঞ্চত গীত গাই আলোড়ন সৃষ্টি কৰিছে৷ অসমৰ ৰাইজে আপোনাৰ আঁকোৱালিও লৈছে৷ কিন্তু একাংশ লোকে আপোনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সামাজিক মাধ্যমত বিভিন্ন নেতিবাচক মন্তব্য কৰিছে৷ এই সন্দর্ভত আপুনি কি ক’ব?
চাওক, অসমৰ লক্ষ লক্ষ অনুৰাগীয়ে মোক ইমান মৰম দিছে যে মই সেই কথা ভাষাৰে প্রকাশ কৰিব নোৱাৰোঁ৷ কিন্তু কিছুদিন ধৰি একাংশ মুষ্টিমেয় লোকে মোৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে৷ বহুদিনলৈ মই এই বিষয়ে একেবাৰে জ্ঞাত নাছিলোঁ৷ কাৰণ মই অসমীয়া পঢ়িব জনা নাছিলোঁ৷ মোৰ স্বামীয়ে মোক এই বিষয়ে একো জনোৱাও নাছিল৷ পিছত মই লাহে লাহে এই বিষয়ে জানিব পাৰিছোঁ যদিও এইবোৰৰ ওপৰত গুৰুত্ব দিয়া নাই৷ মই এগৰাকী কণ্ঠশিল্পী হিচাপে গানৰ ওপৰত অধিক ফ’কাছ কৰিব বিচাৰোঁ৷ তদুপৰি যিহেতু মোৰ বিৰুদ্ধে কেৱল দুই–এজন লোকেহে নেতিবাচক দৃষ্টি গ্রহণ কৰিছে সেইবাবে এনে কথাবোৰৰ প্রতি মই একেবাৰে মনোযোগ দিয়া নাই৷ মই সদায় নেতিবাচক কথাবোৰ ইতিবাচকভাৱে গ্রহণ কৰি কামত আগবাঢ়ো৷ দুই–এজনে ক’ব খোজে যে মই কলকাতাৰ পৰা অসমলৈ লুটিবৰ বাবে আহিছোঁ৷ তেওঁলোকে নিশ্চয় জানে যে এগৰাকী শিল্পীক বাদ্যযন্ত্রী, ছাউণ্ড, যাতায়াত আদিৰ বাবে যথেষ্ট ধনৰ প্রয়োজন হয়৷ সেইবাবে মই কোনো অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে এই খৰচখিনি আৰু মোৰ বাবে নূ্যনতম ধনখিনিহে লওঁ৷ মই মঞ্চত গীত পৰিৱেশন কৰিবলৈ বহু শিল্পীতকৈ কম ধন লওঁ বাবে আয়োজকসকলে মোক বহু অনুষ্ঠানলৈ নিমন্ত্রণ জনায়৷ এই সমালোচকসকলক এই কথাটোও ক’ব খোজোঁ যে বলীউডৰ পৰা অহা এজন শিল্পীয়ে অসমৰ পৰা যিমান ধন লৈ যায়, সিমান ধন মই এটা ছীজনতো নাপাওঁ৷ গতিকে মই ধন লুটিবলৈ অহা কথাটো তেওঁলোকে নিশ্চয় বুজি পোৱা উচিত৷ এনে নেতিবাচক কথাবোৰে মোক প্রথমতে মনত কিছু আঘাত দিছিল৷ কিন্তু এতিয়া সেইবোৰ কথা ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰিছোঁ৷ মই অসমৰ য’লৈকে গীত পৰিৱেশন কৰিবলৈ গৈছোঁ, তাতেই ৰাইজৰ অপৰিসীম মৰম আৰু ভালপোৱা পাইছোঁ৷ সেই মৰমে মোক এনে সমালোচনাবোৰ পাহৰাই ৰখাত সহায় কৰে৷

আপুনি শেহতীয়াভাৱে যথেষ্ট সফলতা লাভ কৰিছে৷ এতিয়া আপুনি নিজকে চেলিব্রিটী বুলি ভাবে নেকি?
মই কেতিয়াও নিজকে চেলিব্রিটী বুলি ভবা নাই৷ মই এগৰাকী সাধাৰণ শিল্পী৷ এতিয়া মই বিভিন্ন ঠাইলৈ গ’লে অথবা ক’ৰবাত চাহ–ভাত খাবলৈ নামিলে বহু অনুৰাগী ছেল্ফি উঠিবলৈ আহে৷ তেওঁলোকে কয়– মই আপোনাৰ গান শুনিছোঁ৷ আপোনাৰ গান মই খুব ভাল পাওঁ, আপোনাক বৰ ভাল লাগে ইত্যাদি৷ অনুৰাগীসকলৰ এই কথাবোৰে মোৰ মনত আনন্দ দিয়ে৷ ভালদৰে কাম কৰিবলৈ মনত উৎসাহ যোগায়৷ কিন্তু চেলিব্রিটীৰ ভাব মনলৈ একেবাৰে নাহে৷

বহুতে কয় আপুনি আনৰ গীত গাই জনপ্রিয়তা অর্জন কৰিছে৷ নিজৰ গান বুলিবলৈ নাই৷ এই সন্দর্ভত আপুনি কি ক’ব?
অসমৰ নতুন চাম শিল্পীৰ অধিকাংশই আনৰ গীত গায়৷ অসমত বহু স্বনামধন্য শিল্পী আছে, যিসকলৰ গীত অতিশয় জনপ্রিয় আৰু যুগজয়ী৷ সেই গীতসমূহ নতুন প্রজন্মই গোৱাৰ প্রয়োজন নিশ্চয় আছে৷ অৱশ্যে মই নিজৰ এলবাম কৰাৰ উদ্যোগ গ্রহণ কৰিছোঁ৷ ৰঙালী বিহুৰ পূর্বে মোৰ কমেও ১০টা অসমীয়া গীতে মুক্তি লাভ কৰিব৷ জুবিনদাৰ লগতো ইতিমধ্যে এটা গীত ৰেকর্ডিং কৰিছোঁ৷ আশা কৰিছোঁ এই নতুন গীতবোৰে অনুৰাগীৰ মাজত ব্যাপক জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হ’ব৷ তথাপি মই মঞ্চত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, পাপনদা, জুবিনদাৰ লগতে অন্য অসমীয়া শিল্পীৰো গীত মঞ্চত পৰিৱেশন কৰি যাম৷

আপুনি বলীউডৰ শিল্পী ফাল্গুনী পাঠকৰ এটি জনপ্রিয় গীত নতুনকৈ গাইছে৷ এই গীতটিয়ে জনপ্রিয়তা লাভ কৰাৰ লগতে বিতর্কৰো সূচনা কৰিছে নেকি?
জনপ্রিয় শিল্পী অনুপম শইকীয়াই ২০০০ চনতে নির্মাণ কৰা ‘ঢ়োলটি বজাব ঢুলীয়াই, পেঁপাটি বজাব…’ শীর্ষক গীতটিত বলীউডৰ সেই সময়ৰ প্রখ্যাত গায়িকা ফাল্গুনী পাঠকে কণ্ঠদান কৰিছিল৷ এই গীতটিৰ ২৫ বছৰ পূর্ণ হোৱা উপলক্ষে অনুপম শইকীয়াই পুনৰ নির্মাণ কৰিছে আৰু মই গীতটোত কণ্ঠদান কৰিছোঁ৷ এইবাৰো গীতটোৱে কম দিনৰ ভিতৰতে জনপ্রিয়তা অর্জন কৰিছে৷ ইউটিউবত প্রথম সপ্তাহতে লক্ষাধিক অনুৰাগীয়ে শুনিছে৷ দুই–এজনে হকে–বিহকে সমালোচনা কৰিছে বুলি শুনিছোঁ যদিও তেনে সমালোচনাই মোৰ প্রচাৰত সহায় কৰা বুলিহে মই অনুভৱ কৰোঁ৷ এই গানটো ৰেকর্ডিং কৰিবলৈ গৈ মই অসমীয়া ভাষা, অসমীয়া গীতৰ বিষয়ে যথেষ্ট শিকিছোঁ আৰু অভিজ্ঞতা আহৰণ কৰিছোঁ৷ বিশেষকৈ বিহুগীত গোৱাৰ কৌশল আৰু উচ্চাৰণৰ বিষয়ে বহু কথা শিকিব পাৰিছোঁ৷ এই গীতটো ৰেকর্ডিঙৰ সময়ত বহু সময় লাগিছিল৷ কাৰণ এশ শতাংশই শুদ্ধ নোহোৱাকৈ মই গানটো গাব বিচৰা নাছিলোঁ৷ অনুপমদায়ো এই দিশটোৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল৷ অৱশ্যে আমাৰ কষ্ট সার্থক হৈছে আৰু গীতটো শ্রোতা আৰু দর্শকে আদৰি লৈছে৷

আপুনি বিগত কেইমাহমানৰ পৰা নিয়মীয়াকৈ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আহিছে৷ এইক্ষেত্রত আপুনি খোৱা–বোৱা আদিত কিদৰে গুৰুত্ব দিয়ে?
মই বিগত সময়ছোৱাত প্রায় প্রতিদিনে মঞ্চত গীত পৰিৱেশন কৰি আহিছোঁ৷ এনে অৱস্থাত খোৱা, শোৱাত একেবাৰে গুৰুত্ব দিব পৰা নাই৷ মাংস মোৰ প্রিয় খাদ্য৷ কিন্তু মই মিঠা বস্তু একেবাৰে নাখাওঁ৷ এতিয়া য’তে–ত’তে খাবলগীয়া হৈছে৷ ভোক লাগিলেই বাটত খাবৰ বাবে গাড়ীৰ পৰা নামি দিওঁ৷ মোৰ দামী ৰেষ্টুৰেণ্ট বুলি কথা নাই, ফুটপাথ আৰু ৰাস্তাত পোৱা সৰু সৰু দোকানতো খাই ভাল পাওঁ৷

এইবাৰ ৰঙালী বিহুত নিশ্চয় অনুষ্ঠান পৰিৱেশন কৰিব৷ আপুনি বিহু কমিটীবোৰৰ পৰা কেনে সঁহাৰি লাভ কৰিছে?
ৰঙালী বিহুত এইবাৰ প্রত্যেক দিনাই অনুষ্ঠান থাকিব৷ অৱশ্যে এতিয়াও নিয়মীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত গীত গাই আছোঁ৷ ইতিমধ্যে ৰঙালী বিহুত মোৰ প্রায় এমাহৰ বাবে বিভিন্ন আয়োজকৰ লগত চুক্তি হৈছে৷ আশা কৰিছোঁ আগন্তুক ৰঙালী বিহুতো মই অসমবাসীৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ম৷

আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি?
বলীউডত গান গোৱাৰ মোৰ এক সপোন আছে৷ সুবিধা পালেই বলীউডৰ চলচ্চিত্র উদ্যোগত গান পৰিৱেশনৰ চেষ্টা চলাম৷ মই ইতিমধ্যে পশ্চিমবংগৰ সংগীত জগতত যথেষ্ট মঞ্চত গীত পৰিৱেশন কৰি জনপ্রিয়তা অর্জন কৰিছোঁ৷ অসমৰ সংগীত জগততো প্রতিষ্ঠা লাভৰ ইচ্ছা আছে৷ অসমৰ ৰাইজৰ মৰমে মোক অভিভূত কৰিছে আৰু ভৱিষ্যতেও অসমীয়া গীত গাই মই অসমতে স্থায়ীভাৱে থাকি যাব বিচাৰোঁ৷ ইয়াৰ বাবে মই সমূহ অসমবাসীৰ আশীর্বাদ বিচাৰিছোঁ৷

You might also like