সুকন্যা : ঔপন্যাসিক-সাংবাদিক অনুৰাধা শর্মা পূজাৰীৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
ফটোঃ দিব্যজ্যোতি ৰাভা
বিগত আঢ়ৈ দশকৰো অধিক কাল শব্দৰ সাধনাৰে পাঠক সমাজক আহ্লাদিত কৰি আহিছে অসমীয়া সাহিত্য জগতৰ সাৰস্বত সাধক, মননশীল স্রষ্টা অনুৰাধা শর্মা পূজাৰীয়ে৷ এগৰাকী সাংবাদিক হিচাপেও আছে তেওঁৰ বিশেষ খ্যাতি৷ সর্বাধিক প্রচাৰিত সাপ্তাহিক কাকত ‘সাদিন’ আৰু অসমীয়া সাহিত্য আলোচনী ‘সাতসৰী’ৰ সম্পাদকৰূপে কার্যনির্বাহ কৰি থকা এইগৰাকী বিশিষ্ট ঔপন্যাসিকে ১২খন বহুল পঠিত উপন্যাস লিখাৰ উপৰি ছখন চুটিগল্প সংকলনেৰে অসমৰ বৌদ্ধিক জগতখনক চহকী কৰিছে৷ ২০২১ চনত তেওঁৰ ‘ইয়াত এখন অৰণ্য আছিল’ নামৰ উপন্যাসখনে ভাৰতৰ শ্রেষ্ঠ সাহিত্য বঁটা সাহিত্য অকাডেমি লাভ কৰিছিল৷ যোৰহাটৰ মালৌআলিত জন্মগ্রহণ কৰা শর্মা পূজাৰীৰ পিতৃ উমেশ চন্দ্র শর্মা আৰু মাতৃ জ্যোতির্ময়ী দেৱী৷ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰা লেখিকাগৰাকীয়ে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘ছ’চি’লজী’ বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছত কলকাতাৰ পৰা সাংবাদিকতাৰ ডিগ্রী সম্পূর্ণ কৰে৷ ‘আমাৰ অসম’ কাকতত সাংবাদিক জীৱন আৰম্ভ কৰি এই জগতখনত প্রায় তিনিটা দশক পূর্ণ কৰা অনুধাৰা শর্মা পূজাৰীয়ে ২০০০ চনত প্রথমগৰাকী মহিলা সম্পাদক হিচাপে ‘সাদিন’ কাকতৰ সম্পাদকৰ দায়িত্ব গ্রহণ কৰে৷ প্রথমগৰাকী অসমীয়া লেখক হিচাপে লণ্ডনত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় সাহিত্য উৎসৱত অংশগ্রহণ কৰি তেওঁ অসমীয়া উপন্যাসৰ ওপৰত ভাষণ দি উচ্চ প্রশংসা লাভ কৰে৷ ইতিমধ্যে সগৌৰৱে ৰূপালী জয়ন্তী বর্ষ অতিক্রম কৰা তেওঁৰ প্রথমখন উপন্যাস ‘হূদয় এক বিজ্ঞাপন’ ইংৰাজীলৈ অনুবাদ কৰিছে ‘পেংগুইন ৰেণ্ডম হাউছ, ইণ্ডিয়া’ নামৰ প্রখ্যাত প্রকাশন গোষ্ঠীটোৱে৷’My poems are not for your ad campaign’ নামৰ এই অনূদিত উপন্যাসখনে দেশ–বিদেশতো পাঠকৰ ব্যাপক সমাদৰ লাভ কৰিছে৷ অসংখ্য সন্মানজনক বঁটাৰে বিভূষিত ঔপন্যাসিকগৰাকীলৈ নিউজ লাইভৰ পৰা ২০২৪ চনৰ বর্ষশ্রেষ্ঠ অসমীয়াৰ সন্মান আগবঢ়োৱা হৈছে৷
প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিয়ে লিখিছিল যে ‘হূদয় এক বিজ্ঞাপন’ত লেখকে কৰা বিজ্ঞাপন জগতৰ আঁৰৰ মৌলিক প্রশ্ণবোৰ অন্য কোনো লেখকে আজিলৈকে কৰা নাই৷ সর্বস্তৰত উচ্চ প্রশংসিত আপোনাৰ এইখন উপন্যাসে ২৫ বছৰ অতিক্রম কৰিছে আৰু ইংৰাজীলৈ অনুবাদ হৈছে৷ এনে এখন বহুল পঠিত উপন্যাস লিখাৰ বাবে কিদৰে অনুপ্রাণিত হৈছিল?
কোনোদিনে সাহিত্যিক হোৱাৰ সপোন নেদেখা এগৰাকী মানুহৰ এখন গ্রন্থই সফলতাৰে ২৫ বছৰ অতিক্রম কৰা আৰু ইমান বছৰৰ মূৰত পেংগুইনৰ দৰে আগশাৰীৰ প্রকাশকে প্রকাশ কৰাৰ অনুভৱ নিঃসন্দেহে বর্ণনাতীত৷ ১৯৯৮ চনত ষ্টুডেণ্ট ষ্ট’ৰে প্রকাশ কৰা এই গ্রন্থখনৰ ইতিমধ্যে ২০টাৰো অধিক সংস্কৰণ প্রকাশিত হৈছে৷ তদুপৰি ২০২৩ চনৰ ১ জানুৱাৰীত গ্রন্থখনৰ ইংৰাজী অনুবাদ’My poems are not for your Ad campaign’ প্রকাশ পাইছে৷ গ্রন্থখন অনুবাদ কৰিছে আৰুণি কাশ্যপে৷ মই কলকাতাত জার্নেলিজমৰ ডিগ্রী আহৰণ কৰাৰ পিছত এখন আলোচনীৰ হৈ ‘মার্কেটিং এণ্ড প্লেনিং ডিজাইনিং’ৰ কাম কৰিছিলোঁ৷ সেই সময়ত কলকাতালৈ অহা বহুজাতিক কোম্পানীবোৰৰ বাবে বিজ্ঞাপন এজেঞ্চীৰ প্রয়োজন হৈছিল৷ তেতিয়াই মই বিজ্ঞাপনৰ নতুন জগতখনৰ মাজত সোমাই পৰিছিলোঁ৷ সেই অভিজ্ঞতাবোৰ মই হোমেন বৰগহোঞি ডাঙৰীয়াই সম্পাদনা কৰা ‘অসমবাণী’ কাকতত নিয়মীয়াভাৱে লিখি আছিলোঁ৷ ‘কলিকতাৰ ডায়েৰী’ শীর্ষক এই স্তম্ভ লেখাটো পঢ়ুৱৈৰ মাজত অতিশয় জনপ্রিয় হৈছিল৷ কিন্তু মই কেতিয়াও উপন্যাস লিখাৰ কথা ভবা নাছিলোঁ৷ আচলতে উপন্যাস লিখাৰ প্রথম বীজটো ৰোপণ কৰিছিল হোমেন বৰগোহাঞিদেৱে৷ মই উপন্যাস লিখিবলৈ ইচ্ছা প্রকাশ নকৰা বাবে এদিন কথা প্রসংগত তেওঁ কৈছিল– উপন্যাস লিখিবলৈকে তোমাৰ জন্ম৷ হয়তো তেওঁ মোৰ যোগ্যতাক চিনাক্ত কৰিছিল৷ অৱশেষত মুক্ত অর্থনীতিক মূল উপজীব্য হিচাপে লৈ ‘হূদয় এক বিজ্ঞাপন’ উপন্যাসখন লিখি উলিয়ালোঁ৷ গ্রন্থখন প্রকাশৰ বাবে ‘ষ্টুডেণ্ট ষ্ট’ৰ’ আগবাঢ়ি অহা দেখি মই কিছু আচৰিত হৈছিলোঁ৷ উপন্যাসখন প্রকাশ পোৱাৰ লগে লগে পঢ়ুৱৈয়ে ব্যাপক সঁহাৰি জনালে৷ সমালোচকসকলৰো সমাদৰ লাভ কৰিলোঁ৷ বিগত ২৫ বছৰে গ্রন্থখন যথেষ্ট বিক্রী হৈছে৷ অসমৰ বৌদ্ধিক সমাজত গ্রন্থখন বহুলভাৱে চর্চিত হৈছে৷ হোমেন বৰগোহাঞি ডাঙৰীয়াই গ্রন্থখনত মই কৰা মৌলিক প্রশ্ণবোৰ কোনো লেখকে কৰা নাই বুলি প্রশংসা কৰিছে৷ এনে বিষয়বোৰে মোক লিখিবলৈ উদ্বুদ্ধ কৰে৷
আপুনি এগৰাকী সাহিত্যিক হ’ব বুলি ভবা নাছিল বুলি কৈছে৷ আপোনাৰ শৈশৱৰ সপোন কি আছিল?
মোৰ তেনেকুৱা নির্দিষ্ট সপোন নাছিল৷ মই খুব ভাল ছবি আঁকিছিলোঁ আৰু ভাল গান গাইছিলোঁ৷ মই কলেজত পঢ়ি থকা সময়ত শ্রেষ্ঠ গায়িকাৰ সন্মানো লাভ কৰিছিলোঁ৷ সেইবাবে কেতিয়াবা কণ্ঠশিল্পী হোৱাৰ সপোনো দেখিছিলোঁ৷ মাজে মাজে ভাবিছিলোঁ মই শিক্ষয়িত্রী হ’ম৷ অৱশ্যে সাহিত্যিক নহ’লেও লিখা–মেলা কৰিম বুলি ভাবিছিলোঁ৷ তদুপৰি এগৰাকী সাংবাদিক হ’ম বুলি মই ভাবিছিলোঁ৷ এখন আগশাৰীৰ দৈনিক কাকতত মই সাংবাদিকতাৰ সাক্ষাৎকাৰত অৱতীর্ণ হৈছিলোঁ৷ কিন্তু মোক মৌখিক সাক্ষাৎকাৰৰ সময়ত কোৱা হৈছিল যে সাংবাদিকতা তোমালোকৰ বাবে নহয়৷ হয়তো মহিলা হোৱা বাবেই সেইদৰে কোৱা হৈছিল৷ সেই কথাটোকে মই প্রত্যাহ্বান হিচাপে লৈছিলোঁ আৰু কলিকতাত জার্নেলিজম পঢ়িবলৈ গৈছিলোঁ৷
আপুনি উপন্যাসৰ কিছুমান নাৰী চৰিত্রৰ মাজেদি অতি সংবেদনশীল বিষয় যৌনতাক সুন্দৰভাৱে দাঙি ধৰিছে৷ ইয়াৰ অন্যতম উদাহৰণ হৈছে কাঞ্চন৷ সমাজত একাংশ নাৰীয়ে সন্মুখীন হোৱা এক বাস্তৱ সত্যৰ মুখামুখি হৈছে কাঞ্চন৷ গ্রন্থখন পঢ়ুৱৈ সমাজে আঁকোৱালি লৈছিল যদিও একাংশৰ দ্বাৰা তীব্র সমালোচনাৰ সন্মুখীন হৈছিল৷ এই বিষয়ে পাঠকসকলক জনাব নেকি?
আচলতে কাঞ্চন চৰিত্রটো আমাৰ সমাজত একাংশ নাৰীয়ে সন্মুখীন হৈ অহা কিছুমান অবাঞ্ছিত ঘটনাৰ নীৰৱ সাক্ষী৷ সেইবাবে উপন্যাসখন প্রকাশৰ পিছতে বিভিন্ন ঠাইৰ পৰা মোলৈ অসংখ্য লোকে চিঠি লিখিছিল যে কাঞ্চন চৰিত্রটো নগাঁৱৰ ৰেবা নেকি? কিছুমানে লিখিছিল এই চৰিত্রটো বঙাইগাঁৱৰ কুসুম বাইদেউ নেকি? মই তেতিয়া বুজি পাইছিলোঁ যে কাঞ্চনৰ নিচিনা বহু নাৰী আমাৰ ওচৰৰ প্রতিখন সমাজতে আছে৷ কাঞ্চনৰ এনে গ্রহণযোগ্যতাৰ বাবেই ‘বনলতা’ই প্রকাশ কৰা এই গ্রন্থখনৰ তিনিটা সংস্কৰণ প্রথম তিনিটা মাহতে বিক্রী হৈছিল৷ প্রতিটো সংস্কৰণত ২২শকৈ গ্রন্থ ছপা কৰা হৈছিল৷ অথচ ‘কাঞ্চন’ৰ এটাও গ্রন্থ পর্যালোচনা কাকতত প্রকাশ পোৱা নাছিল৷ পঢ়ুৱৈৰ মুখে মুখে হোৱা প্রচাৰৰ বাবেই কাঞ্চনৰ অভূতপূর্ব বিক্রী হৈছিল৷ গ্রন্থখনৰ প্রকাশৰ ৩ মাহৰ পিছত বনলতাই ‘সাহিত্যৰ সুদিন’ নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰিছিল৷ এই অনুষ্ঠানত মামণি ৰয়ছম গোস্বামী, ড০ ভূপেন হাজৰিকা, মহেন্দ্র বৰঠাকুৰ, গৌতম প্রসাদ বৰুৱাৰ দৰে বৰেণ্য ব্যক্তিয়ে অংশগ্রহণ কৰি ‘কাঞ্চন’ৰ উচ্চ প্রশংসা কৰিছিল৷ কিন্তু ইতিমধ্যে একাংশ লোকে মোক তীব্র সমালোচনাৰে বিধ্বস্ত কৰিছিল৷ একাংশই এইখন পর্নগ্রাফী লিখা বুলিও ক’বলৈ কুণ্ঠাবোধ কৰা নাছিল৷ অথচ তাত পর্নগ্রাফী শব্দ এটাও নাছিল৷ মই গ্রন্থখনৰ মাজেৰে ভোগবাদক সমর্থন জনোৱা বুলিও কোৱা হৈছিল আৰু এনেধৰণৰ উপন্যাস নিলিখি ‘হূদয় এক বিজ্ঞাপন’ৰ দৰে উপন্যাস লিখিবলৈ আহ্বান জনাইছিল৷ অৱশ্যে ‘সাহিত্যৰ সুদিন’ত মামণি ৰয়ছম গোস্বামীয়ে কৈছিল যে কিতাপখনক লৈ বিতর্ক কৰা হৈছে যদিও এইখন যিমানে পুৰণি হ’ব সিমানেই মূল্যৱান হ’ব৷ কাৰণ আমাৰ সমাজত এনে কাহিনীৰ অন্ত নাই৷ মামণি বাইদেউ কোৱাৰ দৰে সময় যোৱাৰ লগে লগে গ্রন্থখনৰ মূল্য বৃদ্ধি পাইছে আৰু আজিও পঢ়ুৱৈসকলৰ মাজত সমানেই সমাদৃত হৈছে৷ উপন্যাসখনৰ কাহিনীক লৈ বহু ধাৰাবাহিক আৰু নাটকো মঞ্চস্থ কৰা হৈছিল৷ একাংশ লোকৰ সমালোচনাই প্রথম অৱস্থাত মোক হতাশ কৰিছিল যদিও পিছত মই নিজকে প্রবোধ দিলোঁ যে মানুহে সত্যৰ মুখামুখি হ’ব নিবিচাৰে৷ পুৰুষসকলেহে যৌনতাক বিষয় হিচাপে লৈ কিতাপ লিখিব পাৰে, মহিলাসকলে নোৱাৰে বুলি এক বদ্ধমূল ধাৰণা আছে৷ আচলতে লেখকসকলে সত্যৰ অনুসন্ধান কৰা উচিত৷ সত্যৰ বাহিৰলৈ গৈ কল্পনাপ্রসূত চৰিত্র সৃষ্টিত গুৰুত্ব দিব নালাগে৷
আপোনাৰ উপন্যাসৰ প্রথম পাঠক আপোনাৰ স্বামী প্রদীপ পূজাৰী৷ আপোনাৰ সাহিত্য সৃষ্টিত তেখেতে কিদৰে সহায় কৰে?
মোৰ স্বামী প্রদীপ পূজাৰী এগৰাকী ভাল নাট্যকাৰ আৰু গল্পকাৰ৷ এটা সময়ত তেওঁ বহু নাটক আৰু গল্প লিখিছে৷ সেইবোৰে পঢ়ুৱৈৰ সমাদৰো লাভ কৰিছে৷ এতিয়াও তেওঁ কাৰিকৰী বিষয়ৰ লেখাবোৰ লিখি আছে৷ তদুপৰি তেওঁ এগৰাকী প্রচুৰ অধ্যয়নশীল লোক৷ মই লিখাৰ পিছতে তেওঁক পাণ্ডুলিপিটো পঢ়িবলৈ দিওঁ৷ তেওঁ একেবাৰে পঢ়ি শেষ কৰিলে মই ভাবোঁ যে কিতাপখন ভাল হৈছে৷ আনহাতে, এৰা–ধৰাকৈ পঢ়িলে লিখাবোৰত কিবা খোকোজা থকা যেন লাগে৷ অৱশ্যে তেওঁ মোৰ গ্রন্থ পঢ়ি অতিৰঞ্জিত উৎসাহ কেতিয়াও নেদেখুৱায়৷ বৰং গ্রন্থখন ভালদৰে চালি–জাৰি চাইহে মন্তব্য কৰে৷ মই ভাবোঁ তেওঁ এগৰাকী ভাল পাঠক৷ তেওঁ প্রথমগৰাকী পাঠক হিচাপে হূদয় এক বিজ্ঞাপন, জলছবি আৰু মেৰেঙৰ প্রশংসা কৰিছিল৷ তাৰ বাহিৰে অন্য উপন্যাসসমূহৰ বিষয়ে অতিৰঞ্জিত উৎসাহ দেখুওৱা নাছিল৷ অৱশ্যে মই গ্রন্থবোৰত যাতে খোকোজা ৰৈ নাযায় তাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰোঁ৷ সেইবাবে এখন গ্রন্থ লিখোঁতে মোৰ ৫–৬ বছৰৰ প্রয়োজন হয়৷ এটা কথা ঠিক যে কেতিয়াবা লেখকৰ ভাল নলগা গ্রন্থ এখন পাঠকে ভাল পায়৷ সেয়া পাঠকৰ ৰুচিবোধ আৰু নিজস্ব দৃষ্টিভংগীৰ ওপৰত নির্ভৰ কৰে৷
আপোনাৰ উপন্যাসসমূহত অংকন কৰা নাৰী চৰিত্রসমূহে সমাজৰ একাংশ শোষিত নাৰীক প্রতিনিধিত্ব কৰিছে৷ এই চৰিত্রসমূহ বাস্তৱ সমাজৰ পৰা বুটলি আনে নেকি?
হয়, সমাজত সততে দেখা পোৱা চৰিত্রসমূহেই মই মোৰ উপন্যাসত গ্রহণ কৰোঁ৷ আমাৰ সমাজ জীৱনত এনে ধৰণৰ বহু চৰিত্র থাকে৷ কেৱল সেই চৰিত্রবোৰ বিচাৰিব জানিব লাগিব৷ বহুতে তেনে চৰিত্রবোৰ বিচাৰি নাপায় আৰু কল্পনাৰ জগতত তাৰ সন্ধান কৰে৷ মোৰ উপন্যাসৰ কাঞ্চন এগৰাকী বেয়া ছোৱালী৷ সমাজৰ দৃষ্টিত বেয়া ছোৱালী কাঞ্চনৰ কোনেও ওচৰ চাপিব নিবিচাৰে৷ মই কিন্তু তাইৰ ওচৰ চাপিলোঁ আৰু তাইৰ সৈতে কথা পাতিলোঁ৷ আচলতে ভাল আৰু বেয়া বিষয়টো বৰ আপেক্ষিক৷ মানুহৰ ধাৰণা সদায় পৰিৱর্তনশীল৷ এটি চৰিত্র এখন ৰক্ষণশীল সমাজৰ দৃষ্টিত বেয়া হ’ব পাৰে৷ কিন্তু এটা সময়ত সেইখন সমাজেই সেই চৰিত্রটো ভাল বুলি গ্রহণ কৰে৷
আপুনি এগৰাকী সফল নাৰী৷ নাৰী সম্পর্কে আপোনাৰ ধাৰণা কি?
বর্তমান সমাজত নাৰী–পুৰুষৰ সমধিকাৰৰ বিষয়টো বিশেষভাৱে চর্চিত হয়৷ মই ভাবোঁ নাৰীৰ বোধ আৰু কার্যক্ষমতা পুৰুষতকৈ বহু বেছি৷ কিন্তু নাৰীসকলক সেই কথা অনুভৱ কৰিবলৈ দিয়া নহয়৷ সেইকাৰণে বহু নাৰী দোমোজাত থাকে আৰু এক জটিল অন্তর্দ্বন্দ্বত ভুগি থাকে৷ সামাজিক দোষাৰোপৰ অদৃশ্য শিকলিডালে নাৰীসকলক বান্ধি ৰাখে৷ ৰামে সীতাৰ এবাৰেই পৰীক্ষা লৈছিল৷ কিন্তু আমাৰ নাৰীসকলে প্রতি পদে পদে পৰীক্ষা দি থাকিবলগীয়া হৈছে৷ নাৰীসকলৰ অধিকাংশই অন্য নাৰীক সমালোচনা কৰে৷ কাৰণ তেওঁলোক এটা ঠেক গণ্ডীৰ মাজত থাকে৷ নাদত থাকি ওপৰলৈ দেখা আকাশখন বৰ সৰু৷ তেওঁলোক তাৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে৷ তেওঁলোকক দোষাৰোপ কৰাতকৈ ঠেক গণ্ডীৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰা উচিত৷
‘ইয়াত এখন অৰণ্য আছিল’ নামৰ উপন্যাসখনৰ বাবে আপুনি সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ এই গ্রন্থখনৰ কাহিনী আৰু পটভূমিৰ উৎস কি?
আমাৰ ঘৰৰ ওচৰত থকা আমচাং পাহাৰৰ এটা অংশই মোৰ সাহিত্য অকাডেমি বঁটা বিজয়ী উপন্যাস ‘ইয়াত এখন অৰণ্য আছিল’ৰ পটভূমি৷ গছ–গছনি, জীৱ–জন্তুৰে পৰিপূর্ণ এই পাহাৰখনৰ ধ্বংসলীলা মই চকুৰ আগত দেখিছোঁ৷ কেৱল গুৱাহাটীত থকাৰ স্বার্থতে দখলকাৰীসকলে পাহাৰ, গছ–গছনি, জলাশয় আদি ধ্বংস কৰিছে৷ এই দখলকাৰীৰ মাজত সাধাৰণ লোকৰ পৰা চহকী উদ্যোগপতিও আছে৷ চকুৰ সন্মুখতে মই এই অভয়াৰণ্যখন ধ্বংস হোৱা দেখিছোঁ৷ চৰকাৰে উচ্ছেদ কৰিলেও মানুহে পুনৰ দুগুণ উৎসাহেৰে ঘৰ সাজে, পকা ৰাস্তা নির্মাণ কৰে৷ এইবোৰ কামত চৰকাৰেই সহায় কৰে৷ মানুহৰ এনে মানসিকতাৰ বাবেই চহৰবোৰে গাঁৱলৈ খেদি গৈছে৷ চহৰবোৰে গাঁওবোৰ অধিগ্রহণ কৰিছে৷ কিন্তু অৰণ্যবোৰ ক’লৈ যাব৷ নদীবোৰ দখল কৰি খালত পৰিণত কৰিছে৷ গুৱাহাটীৰ নদী, জান–জুৰি সকলো মানুহৰ দখলত৷ সেইবোৰ ধ্বংস কৰি আমি পানী নাই বুলি হাহাকাৰ কৰিছোঁ৷ সেই প্রশ্ণবোৰেই উপন্যাসখনত কৰা হৈছে৷ ২০২১ চনত বঁটা প্রদানৰ সময়ত সাহিত্য অকাডেমিৰ তৰফৰ পৰা কোৱা হৈছিল যে অৰণ্যৰ প্রশ্ণ লৈ, অৰণ্যৰ বিভিন্ন সমস্যাক লৈ লিখা উপন্যাস ভাৰতীয় সাহিত্যত বিৰল৷
আপোনাক নিউজ লাইভৰ পৰা শ্রেষ্ঠ অসমীয়া বঁটা–২০২৪ৰ বাবে নির্বাচিত কৰা হৈছে৷ এই সন্দর্ভত আপোনাৰ অনুভৱ কি?
২০২৪ৰ শ্রেষ্ঠ অসমীয়া বঁটাৰ বাবে মোক নির্বাচন কৰা বাবে মই নিউজ লাইভৰ পৰিয়াললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷ অসমীয়া জাতিটোৰ বাবে যে কৰিবলগীয়া আৰু বহুত আছে এই বঁটাটোৱে তাৰেই বাট দেখুৱাই দিছে৷ অৱশ্যে মই কেতিয়াও নিজকে শ্রেষ্ঠ বুলি ভবা নাই৷ মই দেশ–বিদেশতো নিজকে অসমীয়া বুলি পৰিচয় দি অধিক গৌৰৱ অনুভৱ কৰোঁ৷ মই লণ্ডনৰ ব্রিটিছ লাইব্রেৰীত অনুষ্ঠিত’JLF London, 2024 at British Library’ শীর্ষক আন্তর্জাতিক সাহিত্য উৎসৱত প্রথমগৰাকী অসমীয়া লেখক হিচাপে আমন্ত্রিত হৈছিলোঁ৷ মই তাত আঞ্চলিক ভাষাৰ উপন্যাস শাখাত বত্তৃণতা প্রদান কৰা সময়ত মই মোৰ উপন্যাসৰ কিয়দংশ অসমীয়া ভাষাত পঢ়ি শুনাইছিলোঁ৷ যাতে আমাৰ ভাষাটো শুনিবলৈ কেনেকুৱা আৰু উচ্চাৰণ কেনেকুৱা সেই কথা তেওঁলোকে বুজি নাপালেও অনুভৱ কৰিব পাৰে৷ মোৰ মুখৰ পৰা অসমীয়া ভাষা শুনি তাত উপস্থিত থকা ব্রিটিছ দর্শকসকলে থিয় হৈ হাত চাপৰি বজাইছিল৷ তেতিয়া মোৰ অসমীয়া সত্তা উজলি উঠিছিল আৰু চকুৰে চকুপানী বৈ আহিছিল৷ ইয়াতকৈ গৌৰৱৰ বিষয় মোৰ বাবে আন একো হ’ব নোৱাৰে৷ এগৰাকী অসমীয়া হোৱাৰ গৌৰৱ মই তেতিয়াই অনুভৱ কৰিছিলোঁ৷
আপোনাৰ জীৱনত সর্বাধিক প্রভাৱ পেলোৱা ব্যক্তি কোন?
মোৰ মা আৰু দেউতাই মোৰ জীৱনত সর্বাধিক প্রভাৱ পেলাইছে৷ দুয়োগৰাকী খুব ভাল পঢ়ুৱৈ তথা অধ্যয়নশীল লোক৷ তদুপৰি মা–দেউতা আছিল মুক্ত মনৰ মানুহ৷ ব্রাহ্মণ পৰিয়ালত জন্মগ্রহণ কৰিলেও তেওঁলোকে কোনোদিনে জাত–পাতৰ বিচাৰ কৰা নাছিল৷ সকলো ধর্মৰ লোকক মায়ে ভাত ৰান্ধি খুৱাইছিল৷ বস্তু বিক্রী কৰিবলৈ অহা জনগোষ্ঠীয় লোকসকলকো আনকি তেওঁ ঘৰৰ ভিতৰত খাবলৈ দিছিল৷ তেওঁলোকে দেখুওৱা পৃথিৱীখনত মানুহেই আছিল প্রকৃত সত্য৷ মা–দেউতা দুয়োৰে দুটা লাইব্রেৰী আছিল৷ দেউতাই ইংৰাজী আৰু অসমীয়া গ্রন্থ পঢ়িছিল৷ মায়ে পঢ়িছিল বঙালী আৰু অসমীয়া কিতাপ৷ তেওঁলোকক দেখি মই সৰুৰে পঢ়া কিতাপ পঢ়িবলৈ আগ্রহী হৈ পৰিছিলোঁ৷ মায়ে কৈছিল যে পৰিয়ালৰ সদস্যসকল একত্রিত হৈ থাকিলে বিপদৰ সময়ত পৃথিৱীৰ কোনো শক্তিয়ে ক্ষতি কৰিব নোৱাৰে৷ তদুপৰি তেওঁ চুবুৰীয়াৰ সৈতে সদায় মিলেৰে থকাটো বিচাৰিছিল৷ পুৰণি আপ্তবাক্যশাৰী তেওঁ প্রায়ে আওৰাইছিল বোলে ওলাই দেখিবা যাক, শত্রু নুবুলিবা তাক৷ মাৰ পৰাই জীৱনটোক নতুন ৰূপত চাবলৈ শিকিছিলোঁ৷ তেওঁৰ পৰাই জীৱনৰ আচল সত্য উপলব্ধি কৰিছিলোঁ৷
আপোনাৰ জীৱনত সর্বাধিক প্রভাৱ পেলোৱা গ্রন্থ?
সৰুৰে পৰা প্রখ্যাত ৰুছ সাহিত্যিক লি’ টলষ্টয়ৰ অজস্র সাধু মই পঢ়িছোঁ৷ শিশু অৱস্থাতে তেওঁৰ সেই লেখাবোৰে মোৰ মনত গভীৰ ৰেখাপাত কৰিছিল৷ তদুপৰি পার্লছ বাকৰ লেখাই মোৰ জীৱনত প্রভূত প্রভাৱ পেলাইছিল৷ তেওঁৰ উপন্যাসসমূহে মোক এখন নতুন জগতলৈ লৈ গৈছিল৷ তেওঁৰ উপন্যাসত মানুহৰ জীৱনৰ বিচিত্রতা দেখিবলৈ পাইছিলোঁ৷ মোৰ জীৱনত পাবলো নেৰুদা আৰু হীৰেন ভট্টাচার্যৰ কবিতাবোৰে বিশেষ প্রভাৱ পেলাইছে৷ মোৰ জীৱনত সর্বাধিক প্রভাৱ পেলোৱা আন দুখন গ্রন্থ হৈছে আলেকজেণ্ডাৰ ডুমাৰ ‘থ্রী মাস্কেটিয়ার্ছ’ আৰু জ্ঞানপীঠ বঁটা বিজয়ী ঔপন্যাসিক বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ ‘ঈয়াৰুইঙ্গম’৷
বর্তমান সময়ত অসম সাহিত্য সভাৰ প্রাসংগিকতা আছেনে? সাহিত্য সৃষ্টিৰ বাবে সাহিত্য সভাৰ প্রয়োজন আছে বুলি ভাবেনে?
এটা শতিকা পূর্বে অসম সাহিত্য সভা গঠন হোৱা সময়ত সাহিত্য সভা এখনৰ প্রয়োজন আছিল৷ সেই প্রয়োজনীয়তা আজিও আছে, যদিহে অসমৰ সকলো জাতি–জনগোষ্ঠীক একত্রিত কৰিব পাৰে৷ কাৰণ এতিয়া সাহিত্য সভা পূর্ণাংগ হৈ থকা নাই৷ ইতিমধ্যে সকলো জনগোষ্ঠী আঁতৰি গৈ নিজ নিজ জনগোষ্ঠীৰ সাহিত্য সভা গঠন কৰিছে৷ সাহিত্য সৃষ্টিৰ বাবে সাহিত্য সভাৰ প্রয়োজন নাই৷ কিন্তু সকলো জনগোষ্ঠীক একত্রিত কৰি সমন্বয় গঢ়াৰ বাবে সাহিত্য সভাৰ প্রয়োজন৷ সাহিত্য সভাক সকলো জনগোষ্ঠীয়ে যাতে সেতু হিচাপে ল’ব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে৷ তেওঁলোকো যে আমাৰ পৰিয়ালৰ মানুহ সেই কথা পতিয়ন নিয়াবলৈ চেষ্টা কৰিব লাগে৷ পদবীৰ যুঁজ এৰি সভাই এনে দিশবোৰত মনোনিৱেশ কৰিব লাগে৷