সুকন্যা : কনিষ্ঠ অভিযন্তা-পর্বতাৰোহণকাৰী ৰুবী বৰাৰে বার্তালাপ
সাক্ষাৎগ্রহণঃ দেৱজিত বৰা
লখিমপুৰ জিলাৰ অন্তর্গত দেওতোলাৰ নিৱাসী তথা অসম চৰকাৰৰ ডিব্রুগড়–লাহোৱাল জলসিঞ্চন বিভাগৰ এগৰাকী কনিষ্ঠ অভিযন্তা ৰুবী বৰা এগৰাকী উদীয়মান পর্বতাৰোহী৷ ২০২১ চনৰ আগষ্ট মাহত অসম পর্বতাৰোহণ সন্থাৰ উদ্যোগত অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত আয়োজিত অভিযানত অংশ লৈ তেওঁ উত্তৰাখণ্ডৰ জ’গিন–৩ (২০,০৩১ ফুট) শৃংগ আৰোহণ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ২০২১ চনত ছেপ্টেম্বৰ মাহত অসম পর্বতাৰোহণ সন্থাৰ উদ্যোগত অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত পর্বতাৰোহণত অংশ লৈ লাডাখস্থিত মাউণ্ট নুন (২২,৫৪৫ ফুট) অভিযানত কেম্প –১(১৭,৬৫০) ফুট পর্যন্ত আগুৱাই গৈ প্রতিকূল বতৰৰ বাবে অভিযান আধাতে সামৰিবলগীয়া হয়৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত পর্বতাৰোহণৰ প্রশিক্ষণৰ অংশ হিচাপে ছিকিমস্থিত মাউণ্ট ৰিনক শৃংগ (১৬,৫০০ ফুট) আৰোহণ কৰে৷ উল্লেখ্য যে ২০১৬ চনত উত্তৰাখণ্ডৰ ফুলৰ উপত্যকা valley of flower) ট্ৰেকিং, ২০১৮ চনত হিমাচল প্রদেশৰ ছিমলাত শ্রীখণ্ড মহাদেৱ ট্ৰেকিং, ২০১৯ চনত নৱেম্বৰ–ডিচেম্বৰ মাহত ছিকিমত পর্বতাৰোহণৰ প্রশিক্ষণৰ অংশ হিচাপে ৰাথং হিমবাহলৈকে ট্ৰেকিং, ২০২২ চনত হিমাচল প্রদেশৰ লাহল উপত্যকাত ঘেপন ঘাট ট্ৰেকিং, ২০২৩ চনত মে’–জুন মাহত অৰুণাচলত পর্বতাৰোহণৰ প্রশিক্ষণৰ অংশ হিচাপে গ’ৰীচেন হিমবাহলৈকে ট্ৰেকিং আদি অভিযানসমূহত তেওঁ অংশগ্রহণ কৰি সফলতা অর্জন কৰি আহিছে৷
শেহতীয়াকৈ যোৱা আগষ্ট মাহত ভাৰতীয় পর্বতাৰোহণ সংস্থা, দিল্লীৰদ্বাৰা নির্বাচিত হৈ ‘ক্লাইম্বাথন ২০২৪’ত অসমৰ একমাত্র পর্বতাৰোহী হিচাপে অংশগ্রহণ কৰি হিমাচল প্রদেশত অৱস্থিত ভাৰতৰ তৃতীয় বৃহৎ ‘বাৰা চিগৰী’ গ্লেচিয়াৰত দুটাকৈ শৃংগ আৰোহণ কৰি ভাৰতীয় পর্বতাৰোহণ ক্ষেত্রখনত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে৷
ট্রেকিঙৰ প্রতি আপুনি কেনেকৈ আকর্ষিত হৈছিল? এই বিষয়ত আনুষ্ঠানিক শিক্ষা তথা প্রশিক্ষণ গ্রহণ কৰিছিলনে?
সৰুৰে পৰা পাহাৰৰ প্রতি এক বুজাব নোৱাৰা আকর্ষণ অনুভৱ কৰোঁ৷ আমাৰ ঘৰ অসম– অৰুণাচলৰ সীমান্তত হোৱাৰ লগতে পাপাই অৰুণাচলত চাকৰি কৰা বাবে পাহাৰৰ সৈতে সম্পর্ক ওচৰ আছিল৷ কিন্তু পঢ়া–শুনাৰ লগত ব্যস্ত হৈ পৰাত সেই সেই ঘনিষ্ঠতা কমি আহিছিল যদিও নিজেই উপার্জন কৰিবলৈ লোৱাৰ পৰা আধৰুৱা সপোনটো আকৌ সাৰ পাই উঠিল৷ ড্রেকিং সম্পর্কীয় লেখাবোৰ পঢ়ি বিষয়টোৰ মাজত আকৌ সোমাই পৰিছিলোঁ৷ এই ক্ষেত্রত আবিদ আজাদ দাদাৰ ড্রেকিং সম্বন্ধীয় লেখাবোৰে অনুপ্রাণিত কৰিছিল৷ আৰু আবিদ দাৰ সহযোগতে জীৱনৰ প্রথমটো ড্রেকিং কৰিবলৈ অকলেই গুচি গৈছিলোঁ উত্তৰাখণ্ডৰ ফুলৰ উপত্যকালৈ৷ ইয়াৰ পিছত অসম পর্বতাৰোহণ সন্থাৰ বার্ষিক শৈলাৰোহণ প্রশিক্ষণত অংশ লৈ পর্বতাৰোহণ বিষয়টোৰ কাষ চাপি গ’লোঁ৷ মই প্রশিক্ষণ লোৱা পর্বতাৰোহণৰ প্রশিক্ষণ প্রতিষ্ঠান দুটা হৈছে দার্জিলিংস্থিত হিমালয়া মাউণ্টেইনিয়াৰিং ইনষ্টিটিউট আৰু অৰুণাচলৰ দিৰাংস্থিত নেচনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্প’টছ ৷
ট্রেকিঙৰ কি কি বিষয়ৰ ওপৰত আপুনি প্রশিক্ষণ গ্রহণ কৰিছিল? বিষয়সমূহৰ ওপৰত কেনেদৰে প্রশিক্ষণ দিয়া হয়? এই সম্পর্কত কওকচোন?
সাধাৰণ মানুহৰ দৃষ্টিত ড্রেকিং আৰু পর্বতাৰোহণ শব্দ দুটাৰ বিশেষ পার্থক্য নাই যদিও প্রকৃততে দুয়োটা শব্দৰ অর্থ একে নহয়৷ পর্বতাৰোহণৰ বহল পৰিসৰৰ ভিতৰত ট্ৰেকিং এটা অংশহে৷ ট্ৰেকিং মানে হৈছে বিশেষ একো কৌশল ব্যৱহাৰ নোহোৱাকৈ কেৱল খোজকাঢ়ি গৈ থকা৷ ই সমান ঠাইতো হ’ব পাৰে, পাহাৰতো হ’ব পাৰে, মৰুভূমিতো হ’ব পাৰে, সাগৰৰ পাৰতো হ’ব পাৰে৷ আনহাতে পর্বতাৰোহণ বুলি ক’বলৈ হ’লে ট্ৰেকিং, ৰক ক্লাইম্বিং, স্ন’ ক্রাফ্ট , আইচ ক্লাইম্বিং, ৰিভাৰ ক্র’ছিং আদিকে ধৰি বহুতো বিষয় সাঙোৰ খাই থাকে৷ পর্বতাৰোহণৰ অভিযান এটাত অংশ ল’বলৈ ইয়াৰ প্রশিক্ষণ থকাটো নিম্নতম যোগ্যতা৷ ভাৰতীয় পর্বতাৰোহণ সংস্থাIndian Mountaineering Foundationৰ স্বীকৃতিপ্রাপ্ত বহুকেইটা পর্বতাৰোহণ প্রশিক্ষণ প্রতিষ্ঠান আছে৷ দার্জিলিঙত থকা হিমালয়া মাউণ্টেইনিয়াৰিং ইনষ্টিটিউট HMI) ভাৰতৰ প্রথম পর্বতাৰোহণ প্রশিক্ষণ প্রতিষ্ঠান৷ ইয়াৰ উপৰি উত্তৰ কাশীত নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিং NIM), মানালীত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিং এণ্ড এলাইড স্প’টছ ABVIMAS), জম্মুত জৱাহৰ ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিং JIM) আৰু আমাৰ নিচেই কাষতে দিৰাঙত আছে নেচনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্প’ৰ্টছ NIMAS)৷ পর্বতাৰোহণ প্রশিক্ষণৰ বিভিন্ন পর্যায়সমূহ হৈছে বেছিক মাউণ্টেইনিয়াৰিং ক’ৰ্ছ, এড্ভাঞ্চ মাউণ্টেইনিয়াৰিং ক’ৰ্ছ, মেথড অৱ ইনষ্ট্রাকচন, ছার্চ এণ্ড ৰেছকিউ ক’ছ ইত্যাদি৷ আমাৰ গতানুগতিক শিক্ষা পদ্ধতিত বিভিন্ন বোর্ডসমূহে বান্ধি দিয়া পাঠ্যক্রমৰ দৰেই পর্বতাৰোহণৰো নির্দিষ্ট পাঠ্যক্রম থাকে৷ পর্বতাৰোহণ প্রশিক্ষণৰ সময়ত কঠোৰ অনুশাসন মানি চলিব লাগে৷ প্রশিক্ষক বা প্রতিষ্ঠানৰ উচ্চ স্থানৰ ব্যক্তিসকল বেছিভাগেই ভাৰতীয় স্থলসেনা, নৌসেনা, বায়সেনাৰ পৰা নিয়োজিত ব্যক্তি থাকে৷ সময়ানুৱর্তিতা, নিয়মানুৱর্তিতা, কঠোৰ অধ্যাৱসায়, কেতিয়াও হাৰ মানিব নোখোজা এটা স্বাস্থ্যকৰ শৰীৰ, মনত সাহস, প্রকৃতিৰ সৈতে একাত্মতা, উচ্চ উচ্চতাতো পৰিৱেশ–পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লোৱা আদিবোৰ হৈছে পর্বতাৰোহণৰ মূল চাবিকাঠী৷
আপুনি পর্বতাৰোহণৰ বাবে পর্বতাৰোহণৰ বিভিন্ন সংস্থাৰ দ্বাৰা সময়ে সময়ে নির্বাচিত হৈ আহিছে৷ ভাৰতবর্ষৰ বিভিন্ন প্রান্তত বিভিন্ন সময়ত কৰা পর্বতাৰোহণ সন্দর্ভত আৰু এনে যাত্রাৰ অভিজ্ঞতা আৰু অনুভৱ বিশদভাৱে কওকচোন?
এতিয়ালৈকে হিমালয়ৰ বুকুত প্রশিক্ষণৰ লগতে বহুকেইটা অভিযানত মই অংশগ্রহণ কৰিছেছা আৰু প্রতিটো খোজতে নতুন নতুন কথা শিকিবলৈ চেষ্টা কৰি আহিছোঁ৷ প্রতিটো অভিযানৰ অভিজ্ঞতা সুকীয়া আৰু অনুভৱবোৰো সুকীয়া৷ এই ক্ষেত্রখনৰ প্রয়োজনীয় সম্পদকেইপদ হৈছে এটা সুস্থ শৰীৰ, মানসিক শক্তি আৰু তীব্র ইচ্ছাশক্তি৷ প্রথমেই ক’ম এই ক্রীডা উপভোগ কৰিব জানিব লাগিব৷ দেখাক দেখি বা আন কোনোবাই হাজাৰ সাহস দিয়ক, নিজৰ ইচ্ছাশক্তি আৰু সাহস নহ’লে এইক্ষেত্রত আগুৱাই যোৱাত অসুবিধা৷ পিঠিত অতিকমেও ২০ কেজি ওজনৰ বেগটো লৈ ওপৰলৈ বগাই যোৱা, অক্সিজেনৰ পৰিমাণ বায়ুমণ্ডলত কমি অহাৰ লগে লগে উশাহবোৰো ঘন ঘন হ’বলৈ আৰম্ভ কৰে, প্রখৰ ৰ’দ, কাণ–মূৰ ছিঙি নিয়াৰ উপক্রম হোৱা বতাহৰ কোব, বৰফৰ ধুমুহা, তুষাৰপাত হৈ জমা হৈ একাঁঠু বৰফত খোজ কঢ়া, তৰপে তৰপে কাপোৰ পিন্ধিও নিস্তাৰ নোপোৱা ঠাণ্ডা আদিবোৰ সহ্য কৰাৰ উপৰি পাহাৰক সাংঘাতিক ধৰণে ভাল পাব লাগিব৷ যেতিয়া এই সকলোবোৰ অতিক্রম কৰি বগাই অহা পাহাৰবোৰ এটা এটাকৈ তললৈ গৈ থাকে আৰু নিজেই গৈ গৈ পাহাৰৰ টিঙৰ পৰা পাৰ কৰি অহা পাহাৰবোৰ তলত দেখা পাওঁ৷ সেইখিনিয়েই একোজন পর্বতাৰোহীৰ প্রাপ্তি৷ পাহাৰে আচলতে আমাক উন্মুক্ত কৰি পেলায়৷ এভাৰেষ্ট বিজয়ী মুম্বাইৰ যুৱক পার্থ উপাধ্যায়ৰ এষাৰ কথা মই সদায় উপলব্ধি কৰোঁ– ‘চহৰত তোমাৰ অজস্র টকা–পইচা, ধন–দৌলত, মান–সন্মান থাকিব পাৰে, তুমি এজন প্রখ্যাত ব্যক্তি হ’ব পাৰা, তোমাৰ লাখ লাখ অনুৰাগী থাকিব পাৰে, কিন্তু যেতিয়া পাহাৰত থাকিবা, যেতিয়া তোমাৰ ঠাণ্ডা লাগিব, যেতিয়া তোমাক ৰ’দে পুৰিব, পাহাৰখনৰ সন্মুখত কেৱল তুমি থাকিবা, প্রত্যাহ্বানবোৰ অতিক্রম কৰিবা কেৱল তুমি৷’
অন্যান্য প্রান্তৰ তুলনাত অসমত ট্ৰেকিং বা পর্বতাৰোহণে কিমান জনপ্রিয়তা লাভ কৰিছে বুলি আপুনি ভাবে? এই সম্পর্কত চৰকাৰৰ কি কি কৰণীয় আছে বুলি আপুনি অনুভৱ কৰে?
পৰামর্শ দিয়াৰ যোগ্য বুলি মই নিজকে নাভাবোঁ বাৰু৷ কিন্তু হয় এইক্ষেত্রত বহুখিনি কৰিবলগীয়া আছে৷ আজিৰ দিনত ক্রীড়াক্ষেত্রখনত যেনেকৈ অসমে আগুৱাই গৈ সুকীয়া পৰিচয় দাঙি ধৰিছে, ঠিক দুঃসাহসিক ক্রীডাক্ষেত্রখনতো আগুৱাই যোৱাটো বিচাৰোঁ৷ পর্বতাৰোহণ অভিযানবোৰ যথেষ্ট ব্যয়বহুল৷ সেয়ে আর্থিক দিশত প্রয়োজনীয় সঁহাৰি নাপালে আগুৱাই যোৱাটো কঠিন৷ প্রাথমিক পর্যায়ত বিদ্যালয়–মহাবিদ্যাল্ এই বিষয়ে কৰিব পৰা বহুখিনি আছে বুলি ভাবোঁ৷ বন্ধৰ দিনত দুঃসাহসিক শিবিৰ, পর্বতাৰোহণৰ বিভিন্ন দিশসমূহৰ ওপৰত মত বিনিময় আদি অনুষ্ঠানৰ আয়োজন কৰি ছাত্র–ছাত্রীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ লগতে ব্যক্তিত্ব বিকাশত সহায় কৰিব পাৰি৷ বিভিন্ন সময়ত ছাত্র– ছাত্রীসকলৰ সৈতে এই বিষয়ত কথা পাতিলে দেখোঁ যে বহুতৰে আগ্রহ আছে, কিন্তু উপযুক্ত পথ প্রদর্শকৰ অভাৱত বহুতৰে সপোন সপোন হৈয়েই ৰৈছে৷ বিদ্যালয়সমূহতো গ্রীষ্মকালীন শিবিৰ, শীতকালীন শিবিৰ ইত্যাদিৰ আয়োজন কৰি এই বিষয়সমূহ অন্তর্র্ভুক্ত কৰিব পাৰে৷
ভাৰতবর্ষৰ পর্বতাৰোহণ সংস্থাসমূহ সন্দর্ভত আগ্রহী যুৱক–যুৱতীসকলক এই বিষয়ত শিক্ষা আৰু প্রশিক্ষণৰ বাবে কি বার্তা দিব?
প্রথমে প্রকৃতিক বুজিবলৈ চেষ্টা কৰক, ট্ৰেকিং কৰক, প্রকৃতিৰ সৈতে সময় অতিবাহিত কৰক আৰু লাহে লাহে পর্বতাৰোহণৰ দিশে আগবাঢ়ক৷ প্রথম প্রশ্ণৰ উত্তৰত ভাৰতৰ পর্বতাৰোহণ প্রশিক্ষণৰ প্রতিষ্ঠানসমূহৰ বিষয়ে সবিশেষ কৈছোঁৱেই৷ গতিকে সেইমতেই আগবাঢ়িব পাৰে৷ কিবা জানিবলগীয়া থাকিলে অভিজ্ঞ ব্যক্তিৰ পৰামর্শও ল’ব পাৰে৷
ট্রেকিং আৰু পর্বতাৰোহণ অধিক জনপ্রিয়কৰণৰ ক্ষেত্রত আপুনি কি কি পৰামর্শ আগবঢ়াব বিচাৰে?
ট্ৰেকিং জনপ্রিয় হৈছেই ইতিমধ্যে৷ সামাজিক মাধ্যমত ফটো, ভিডি’ আদিবোৰৰ দ্বাৰা অনুপ্রাণিত হৈ আজিকালি প্রায়েই সাধ্যানুসাৰে ট্ৰেকিং কৰিবলৈ যায়৷ তাত পোৱা প্রত্যাহ্বান আৰু শাৰীৰিক কষ্টৰ বাবে বহুতে আহি আকৌ নাযাওঁ বুলি কাণতো ধৰে আৰু বহুতেই সেই সময়খিনি উপভোগ কৰি আহি পুনৰবাৰ ঢ়াপলি মেলে পাহাৰৰ বুকুলৈ৷ মই যেতিয়াৰ পৰা ড্রেকিং তথা পর্বতাৰোহণ আৰম্ভ কৰিছেছা প্রতিটো অভিযানৰ পিছত কাকতে–পত্রই অভিজ্ঞতাবোৰ লিখি আহিছো৷ বহু যুৱক–যুৱতীয়ে জানিবলৈ বিচাৰে কেনেকৈ ক’ত কি কৰি যাব লাগে৷ গতিকে এই ক্ষেত্রখনৰ জনপ্রিয়তাৰ বাবে মই ভাবোঁ যুৱক–যুৱতী তথা ছাত্র–ছাত্রীসকলক বিষয়টোৰ লগত জডিত কৰাব লাগিব৷ অসম পর্বতাৰোহণ সন্থাকে ধৰি বহুতো দুঃসাহসিক ক্রীডা সন্থাই সময়ে সময়ে বিভিন্ন দুঃসাহসিক শিবিৰৰ আয়োজন কৰি আহিছে৷ য’ত ট্ৰেকিং, কেম্পিং, ৰক ক্লাইম্বিং আদিৰ প্রশিক্ষণ দিয়ে৷
এগৰাকী পর্বতাৰোহণকাৰী হিচাপে পর্বতাৰোহণৰ ক্ষেত্রত কোনকেইটা গুৰুত্বপূর্ণ দিশৰ ওপৰত অধিক মনোযোগ দিয়া অতি আৱশ্যক বুলি ভাবে?
প্রথমেই ক’ম পর্বতাৰোহণৰ বাবে এটা সুস্থ শৰীৰৰ প্রয়োজন৷ পর্বতাৰোহণ অভিযান এটাত অংশ ল’বলৈ পর্বতাৰোহণৰ কাৰিকৰী শিক্ষাৰ লগতে প্রস্তুতিত গুৰুত্ব দিব লাগে৷ দৈনিক দৌৰা, ব্যায়াম, যোগাসন, প্রাণায়াম আদি কৰাৰ অভ্যাস থাকিলে পাহাৰত গৈ আন প্রত্যাহ্বানবোৰৰ মুখামুখি হ’বলৈ সুবিধা হয়৷ শিখৰ যাত্রা হাজাৰটা প্রত্যাহ্বানেৰে ভৰপূৰ, গতিকে স্বাস্থ্যজনিত প্রত্যাহ্বানৰ বাবে শাৰীৰিক সুস্থতাৰ বাবে নিজৰ খাদ্যাভাসত গুৰুত্ব দিব লাগে৷ পাহাৰত গুৰুত্ব দিবলগীয়া বিষয়ৰ মূলতে নিৰাপত্তাৰ দিশটোত গুৰুত্ব দিব লাগে৷ কাৰণ তাত এটা ভুল খোজৰ পৰিণাম মৃত্যপর্যন্ত হ’ব পাৰে৷ শিখৰ আৰোহণ কৰিও সুকলমে ঘৰ আহি নোপোৱালৈকে অভিযান এটাক সফল বুলি কোৱাটো টান৷ কাৰণ পাহাৰলৈ উঠি যোৱাতকৈও বিপজ্জনক নামি অহাটো৷ পাহাৰৰ ওচৰত নিজকে সমর্পণ কৰি দিব লাগে৷ ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট প্রকৃতিৰ প্রতিকূলতাক সন্মান জনাই যিকোনো সিদ্ধান্ত ল’ব লাগে৷ মনত কোনো অহংকাৰ বা কৰিমেই বুলি জেদ ভাব ৰাখি কৰিলে সফলতা সম্ভৱ নহয়৷ কাৰণ প্রকৃতিৰ ওচৰত আমি তেনেই নগণ্য৷
শেহতীয়াকৈ সফল হৈ অহা অভিযানটোত আপোনাৰ অভিজ্ঞতাৰ বিষয়ে কওকচোন?
ভাৰতীয় পর্বতাৰোহণ সংস্থাই প্রতিবছৰে আয়োজন কৰাৰ দৰে এইবছৰো আয়োজন কৰিছিল ‘ক্লাইম্বাথন–২০২৪’৷ পর্বতাৰোহণৰ আনুষ্ঠানিক শিক্ষা গ্রহণ কৰাৰ পিছৰে পৰা এই ভাৰতীয় পর্বতাৰোহণ সংস্থাৰ তত্ত্বাৱধানত কিবা এটা কৰাৰ সপোন মনৰ কোনোবা এটা চুকত শুই আছিল৷ গতিকে সুবিধাকণ লাভ কৰি মই সফল হোৱাৰ বাবে নিজকে সকলো ফালৰ পৰা সাজু কৰি তুলিছিলোঁ৷ ১ জুলাইৰ পৰা ২২ আগষ্টলৈ ‘ক্লাইম্বাথন ২০২৪’ অনুষ্ঠিত হৈছিল ভাৰতৰ তৃতীয় বৃহৎ গ্লেচিয়াৰ ‘বাৰা চিগৰি’ গ্লেচিয়াৰত৷ভাৰতৰ সর্ববৃহৎ গ্লেচিয়াৰ হৈছে চিয়াছেন, দ্বিতীয় বৃহৎ গ্লেচিয়াৰ হ’ল গংগোত্রী গ্লেচিয়াৰ আৰু হিমাচল প্রদেশৰ লাহল জিলাত অৱস্থিত তৃতীয় স্থানত থকা এই হিমবাহৰ নামটোৰ অর্থ হ’ল বাৰা মানে ডাঙৰ আৰু চিগৰি মানে শিলৰ ওপৰত জমা হোৱা বৰফ৷ ৫,০০০ মিটাৰ/৬,০০০ মিটাৰ উচ্চতাৰ বহুকেইটা শৃংগৰে বাৰা চিগৰি গ্লেচিয়াৰৰ দৈর্ঘ্য প্রায় ২৭ কিঃমিঃ৷ জানুৱাৰী মাহত ভাৰতীয় পর্বতাৰোহণ সংস্থাই বছৰটোত হ’বলগীয়া বিভিন্ন কার্যসূচীৰ বাবে ভাৰতৰ সকলো পর্বতাৰোহীৰ পৰা আবেদন বিচাৰিছিল৷ অসম পর্বতাৰোহণ সন্থাৰ ফালৰ পৰা আমাৰো আবেদনৰ প্র–পত্র পঠিওৱা হৈছিল আৰু নির্বাচক কমিটীয়ে আমাক নির্বাচিত কৰিছিল৷ এই বছৰ ক্লাইম্বাথন আছিল মহিলাবিশেষ৷ ভাৰতৰ বিভিন্ন ঠাইৰ ২২গৰাকী যুৱতীয়ে অংশগ্রহণ কৰিছিল৷ অভিজ্ঞতা অনন্য৷ এই বিষয়ে মোৰ লেখা দৈনিক জনমভূমি কাকতৰ দেওবৰীয়া বিশেষ ‘বসুন্ধৰা’ ত প্রকাশ হৈছে খণ্ড খণ্ডকৈ৷ অত্যন্ত কঠিন পথেৰে হাজাৰ প্রত্যাহ্বান নেওচি ১৪ আগষ্টত মাউণ্ট জেলদি (৫,৬৪৮ মিঃ)আৰু ১৮ আগষ্টত এটি নামবিহীন শৃংগ (৫,৪০০ মিঃ) আৰোহণ কৰিলোঁ৷ অসমক প্রতিনিধিত্ব কৰাৰ আনন্দখিনিও সুকীয়া আছিল৷ এইক্ষেত্রত অসম পর্বতাৰোহণ সন্থাৰ ওচৰত মই সদায় কৃতজ্ঞ৷
ফোনঃ ৬০০০৮–১৩৩১৬