সুকন্যা : ক্রীড়া সংগঠক অম্বা শইকীয়া পাটগিৰিৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফটোঃ দিব্যজ্যোতি ৰাভা
অসমৰ ক্রীড়াক্ষেত্রৰ বিশেষকৈ ভলীবলৰ উন্নয়নৰ বাবে যিসকল ক্রীড়া সংগঠকে আজীৱন অৱদান আগবঢ়াই আহিছে, তেওঁলোকৰ ভিতৰত বিশিষ্ট ক্রীড়া সংগঠক অম্বা শইকীয়া পাটগিৰি অন্যতম৷ ৭০ দশকৰ পৰা বিগত ৫টা দশকৰো অধিক কাল নিৰৱচ্ছিন্নভাৱে ভলীবলৰ সৈতে জড়িত হৈ অহা এইগৰাকী প্রাক্তন ভলীবল খেলুৱৈ গুৱাহাটী ভলীবল ক’চিং চেণ্টাৰৰ ২০০০ চনৰ পৰা যোৱা বছৰলৈ সম্পাদকৰ দায়িত্বত আছিল৷ অসম দলক কেইবাবাৰো নেতৃত্ব প্রদান কৰি ৰাষ্ট্রীয় পর্যায়ত অসম মহিলা ভলীবলক উজলাই তোলা শইকীয়া পাটগিৰিয়ে ৰাষ্ট্রীয় পর্যায়ত খেলাৰ সূত্রে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷ গুৱাহাটী ক্রীড়া সন্থাৰ আজীৱন সদস্য অম্বা শইকীয়া পাটগিৰিয়ে কেইবাবাৰো সন্থাৰ ভলীবল সম্পাদকৰ দায়িত্বও সুচাৰুৰূপে পালন কৰিছে৷ ব্রহ্মপুত্র ভলীবল লীগৰ অভিলাষী মিছনৰো তেওঁ এগৰাকী সক্রিয় সহযোগী৷ মহানগৰীৰ শিলপুখুৰী নিৱাসী কমল দত্ত পাটগিৰিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অম্বা শইকীয়া পাটগিৰিয়ে বর্তমান সময়তো নিতৌ ভলীবলৰ প্রশিক্ষণ তথা উন্নয়নৰ বাবে কাম কৰি আহিছে৷ ভলীবলৰ বাবে উৎসর্গীকৃত এইগৰাকী প্রাক্তন খেলুৱৈ তথা ক্রীড়া সংগঠকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ–
৬০–৭০ৰ দশকতে আপুনি ভলীবল খেলৰ সৈতে জড়িত হৈ পৰিছিল৷ এতিয়াও আপুনি খেলবিধৰ প্রসাৰৰ বাবে অহৰহ চেষ্টা চলাই আহিছে৷ কিহৰ তাড়নাই আপোনাক ভলীবলৰ দিশে আকর্ষিত কৰিছিল?
সেই সময়ত মই আছিলোঁ ষষ্ঠ শ্রেণীৰ ছাত্রী৷ তেতিয়া আমি গোলাঘাটৰ দণ্ডধৰ বৰুৱা গার্লছ হাইস্কুলত পঢ়ি আছিলোঁ৷ এদিন গোলাঘাটত ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক তথা কৃষি বিভাগৰ তদানীন্তন সঞ্চালক কেশৱ বৰুৱাই আমাৰ স্কুললৈ আহি জনালে যে এমাহৰ বাবে নেহৰু যুৱ কেন্দ্রৰ জৰিয়তে এজন ভলীবল প্রশিক্ষক আহিব৷ যিসকলে ভলীবলৰ প্রশিক্ষণ গ্রহণ কৰিব বিচাৰে তেওঁলোকক হাত দাঙিবলৈ কৈছিল৷ আমি কেইজনীমান ছোৱালীয়ে হাত দাঙিছিলোঁ৷ তাৰ পাছতে আমাক এমাহ ভলীবলৰ প্রশিক্ষণ দিয়া হৈছিল৷ এমাহ প্রশিক্ষণ গ্রহণ কৰি মোৰ ভলীবলৰ প্রতি গভীৰ প্রেমৰ উদয় হয়৷ এইবিধ খেলক কেৰিয়াৰ হিচাপে গ্রহণ কৰি এগৰাকী সুদক্ষ ভলীবল খেলুৱৈৰূপে প্রতিষ্ঠা লাভৰ সপোন দেখিছিলোঁ৷ সেই সময়ৰ পৰা ভলীবলৰ কঠোৰ অনুশীলন কৰি ৰাষ্ট্রীয় পর্যায়ত কেইবাবাৰো অসম দলক প্রতিনিধিত্ব কৰাৰ লগতে ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্বও গ্রহণ কৰিছিলোঁ৷ পিছৰফালে খেলবিধৰ প্রতি থকা গভীৰ অনুৰাগৰ বাবে গুৱাহাটী ভলীবল প্রশিক্ষণ কেন্দ্রৰ সৈতে বিগত ২৪ বছৰ জড়িত হৈ খেলবিধৰ প্রসাৰৰ বাবে কাম কৰি আহিছোঁ৷
অলিম্পিক গেমছ হোৱা বাবেই ভলীবলৰ এক বিশেষ গুৰুত্ব আছে৷ এনে এবিধ খেলৰ প্রতি অসমত প্রয়োজনীয় জাগৰণ হৈছেনে? বিশেষকৈ মহিলাসকল ভলীবল খেলৰ প্রতি কিমান আগ্রহী?
অসমৰ চৌদিশে ভলীবলৰ জনপ্রিয়তা যথেষ্ট আছে৷ আমাৰ সময়তো এই জনপ্রিয়তা আছিল আৰু বহু ছোৱালীয়ে ভলীবল খেলিছিল৷ অৱশ্যে অধিকাংশ ছোৱালীয়ে জুনিয়ৰ পর্যায়ত খেলাৰ পিছত খেলবিধৰ পৰা আঁতৰি আহে৷ কিন্তু এতিয়া পৰিৱেশৰ যথেষ্ট সলনি হৈছে৷ ল’ৰাৰ সমানেই ছোৱালীবোৰে ভলীবল খেলিবলৈ আগবাঢ়ি আহিছে৷ কেৱল দেশতেই নহয়, অসমতো ভলীবলৰ প্রতি আগ্রহ বৃদ্ধি পোৱা দেখা গৈছে৷ অসমৰ ল’ৰা দলৰ সমানেই ছোৱালী দলো শক্তিশালী৷ অসম ভলীবল সন্থাই ইতিমধ্যে গুৱাহাটীত ছিনিয়ৰ ৰাষ্ট্রীয় ভলীবল প্রতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰি সচেতনতা বৃদ্ধিৰ চেষ্টা কৰিছে৷
ব্রহ্মপুত্র ভলীবল লীগৰ জৰিয়তে ভাৰতীয় ভলীবল দলৰ প্রাক্তন অধিনায়ক অভিজিৎ ভট্টাচার্যই অসমত ভলীবল খেলুৱৈ সৃষ্টিৰ বাবে এক মিছন আৰম্ভ কৰিছে৷ এই প্রসংগত আপুনি কি ক’ব?
অসম ভলীবল মিছন–১০০ৰ অধীনত প্রতিবছৰে ব্রহ্মপুত্র ভলীবল লীগৰ আয়োজন কৰা হয়৷ ভাৰতীয় ভলীবল দলৰ অধিনায়ক অভিজিৎ ভট্টাচার্যৰ মস্তিষ্কপ্রসূত এই লীগখনলৈ সম্প্রতি অসম ভলীবল সন্থা, প্রশিক্ষক আৰু শুভাকাংক্ষীসকলে ব্যাপক সহযোগিতা আগবঢ়াইছে৷ এই লীগে ভলীবলক পুনৰ গাঁৱে গাঁৱে জনপ্রিয় কৰি তুলিছে৷ ফলত ব্রহ্মপুত্র ভলীবল লীগে তৃণমূল পর্যায়ত এক জাগৰণৰ সৃষ্টি কৰিছে৷ ৪ বছৰ পূর্বে আৰম্ভ কৰা এই লীগত ৫০টা দলে অংশগ্রহণ কৰিছিল৷ ছিজন–২ত ২০৯টা দলে আৰু প্রতিবছৰে এই সংখ্যা আশানুৰূপভাৱে বৃদ্ধি পাব ধৰিছে৷ অসমৰ প্রতিখন জিলাৰ সহস্রাধিক গাঁৱৰ খেলুৱৈয়ে অংশগ্রহণ কৰিছে৷ প্রথমতে প্রতিখন জিলাৰ ভিতৰতে প্রতিযোগিতা অনুষ্ঠিত কৰি চেম্পিয়ন দলবোৰৰ মাজত মণ্ডল ভিত্তিত আৰু সর্বশেষত ছুপাৰ–৮ৰ জৰিয়তে চেম্পিয়ন দলটো নির্বাচন কৰা হয়৷ ব্রহ্মপুত্র লীগত অংশগ্রহণৰ বাবে গাঁও অঞ্চলৰ পৰা যথেষ্টসংখ্যক ল’ৰা–ছোৱালী আগবাঢ়ি আহিছে আৰু অভিভাৱকসকলেও সদিচ্ছা দেখুৱাইছে৷ কিছু বছৰৰ পৰা অসমত ভলীবলৰ প্রতি এক অনীহাৰ সৃষ্টি হৈছিল যদিও ব্রহ্মপুত্র ভলীবল লীগে পুনৰ খেলবিধক জনপ্রিয় কৰি তুলিছে৷ গ্রামাঞ্চলৰ পৰা প্রতিভাসমূহ বিচৰি উলিওৱাতো এই লীগে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ বর্তমানৰ অৱস্থা অব্যাহত থাকিলে কিছু বছৰৰ ভিতৰতে অসমৰ ভলীবল খেলুৱৈয়ে দেশৰ ভিতৰতে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ’ব আৰু ইতিমধ্যে সকলোৰে মাজত এনে আশাৰ সঞ্চাৰ হৈছে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ উদ্যোগত যোৱা বছৰৰ পৰা খেল মহাৰণ আৰম্ভ হৈছে৷ এইবাৰো প্রতিযোগিতাখন ৰাজ্যৰ বিভিন্ন প্রান্তত সূচনা হৈছে৷ খেল মহাৰণে অসমৰ ক্রীড়াৰ লগতে ভলীবলৰ প্রসাৰত কেনে ভূমিকা গ্রহণ কৰা বুলি আপুনি ভাবে?
খেল মহাৰণ ২.০ যোৱা নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তত্ত্বাৱধানত অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰম্ভ হোৱা প্রতিযোগিতাখন অহা বছৰৰ জানুৱাৰীত সামৰণি পৰিব৷ স্থানীয় খেলুৱৈসকলৰ প্রতিভা চিনাক্ত কৰি প্রতিভাৱানসকলক উপযুক্ত প্রশিক্ষণ দিয়াই খেল মহাৰণৰ লক্ষ্য৷ গ্রাম্য আৰু ৰাষ্ট্রীয় ক্রীড়াৰ মাজত পার্থক্য নাইকিয়া কৰিবলৈ এই বৃহৎ প্রতিযোগিতাখন অনুষ্ঠিত কৰিছে৷ যোৱা বছৰ সফলতাৰে অনুষ্ঠিত খেল মহাৰণত ৫ বিধ খেলত ৰাজ্যৰ ৫০ লাখৰো অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিছিল৷ এইবাৰ নতুনকৈ দবা, সাঁতোৰ আৰু পৰম্পৰাগত চাইকেল ইভেণ্ট অন্তর্ভুক্ত কৰিছে৷ ক্রীড়াৰ ক্ষেত্রত গ্রহণ কৰা এই অভিলাষী আঁচনিয়ে নিশ্চিতভাৱে অসমৰ খেল জগতত আলোড়ন সৃষ্টি কৰিছে৷ ভলীবলো খেল মহাৰণৰ অন্তর্ভুক্ত হৈছে৷ যাৰ ফলত ভলীবল খেলিবলৈ অসংখ্য নতুন নতুন ল’ৰা–ছোৱালী আগবাঢ়ি আহিছে৷ অন্য ইভেণ্টসমূহতো অনুৰূপ অৱস্থাৰ সৃষ্টি হৈছে৷ খেল মহাৰণৰ জৰিয়তে তৃণমূল পর্যায়ৰ পৰা প্রতিভাসমূহ উলিয়াই আনিব পাৰিলে অসমৰ ক্রীড়া জগতে নতুন ৰূপ লাভ কৰিব৷ ই নিশ্চিতভাৱে অসমৰ ক্রীড়া জগতৰ বাবে শুভ লক্ষণ৷ প্রতিযোগিতাখন প্রতিবছৰে অনুষ্ঠিত কৰিব পাৰিলে বহু ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈৰ জন্ম দিব পৰা যাব৷ তেতিয়াই হয়তো মুখ্যমন্ত্রীগৰাকীয়ে আশা কৰা ধৰণে অসম দেশৰ ‘ক্রীড়া হাব’ত পৰিণত হ’ব৷
আপুনি খেলুৱৈ জীৱনত বহু ৰাষ্ট্রীয় ভলীবল প্রতিযোগিতাত অংশগ্রহণ কৰিছে? উল্লেখযোগ্য প্রতিযোগিতাসমূহৰ বিষয়ে ক’ব নেকি? এইবোৰৰ বাবে কিদৰে নিজক প্রস্তুত কৰিছিল?
ভলীবলৰ আনুষ্ঠানিক প্রশিক্ষণ গ্রহণ কৰাৰ পাছত মই জিলা আৰু ৰাজ্যিক পর্যায়ৰ অসংখ্য প্রতিযোগিতাত অংশগ্রহণ কৰিছিলোঁ৷ ইয়াৰ বাবে আমি কঠোৰ অনুশীলন কৰিবলগীয়া হৈছিল৷ কাৰণ দেশৰ অন্য ৰাজ্যবোৰৰ খেলুৱৈসকল অধিক দক্ষ আছিল৷ ১৯৭৫ চনত মই অসম দলৰ অধিনায়কৰূপে অল ইণ্ডিয়া ৰুৰেল স্প’টছত অংশগ্রহণ কৰিছিলোঁ৷ ১৯৭৫–৭৬ চনত ভূপালত অনুষ্ঠিত অল ইণ্ডিয়া ৰুৰেল স্প’টছত অংশগ্রহণ কৰা অসম দলটোকো মই নেতৃত্ব প্রদান কৰিছিলোঁ৷ ১৯৭৬ চনত জলন্ধৰত অনুষ্ঠিত ৰাষ্ট্রীয় স্কুল গেমছ, কলকাতাত অনুষ্ঠিত ৰাষ্ট্রীয় ভলীবল চেম্পিয়নশ্বিপ (১৯৭৬–৭৭), ভিল্লাইত অনুষ্ঠিত নেচনেল ভলীবল চেম্পিয়নশ্বিপ (১৯৭৭), ১৯৭৮ চনত কলকাতাত অনুষ্ঠিত ৰাষ্ট্রীয় ভলীবল চেম্পিয়নশ্বিপ, একেটা বর্ষতে ত্রিবান্দ্রমত আয়োজিত নেচনেল স্কুল গেমছ, ১৯৮১ চনত হায়দৰাবাদত আয়োজিত মহিলা ৰাষ্ট্রীয় ক্রীড়া প্রতিযোগিতা, ১৯৮৯ চনত গুৱাহাটীত অনুষ্ঠিত নেচনেল ভলীবল চেম্পিয়নশ্বিপ, বিহাৰৰ ৰাঁচীত আয়োজিত নেচনেল গেমছ আদি বিভিন্ন প্রতিযোগিতাত অংশগ্রহণৰ স্মৃতি আজিও সজীৱ হৈ আছে৷ এই প্রতিযোগিতাসমূহত অংশগ্রহণ কৰা প্রায়কেইটা অসম দলৰে মই অধিনায়ক আছিলোঁ৷ অৱশ্যে প্রতিযোগিতাত অংশগ্রহণৰ বাবে আমি বৰ কষ্টৰ মাজেৰে যাবলগীয়া হৈছিল৷ কিন্তু আমি সকলো খেলুৱৈয়ে সেই দিনবোৰ সুন্দৰভাৱে উপভোগ কৰিছিলোঁ৷
গুৱাহাটীৰ জজ খেলপথাৰত থকা গুৱাহাটী ক’চিং চেণ্টাৰৰ লগত জন্মলগ্নৰে পৰা আপুনি জড়িত হৈ আহিছে৷ ২৪ বছৰ পূর্বেই এনে এখন ক’চিং চেণ্টাৰৰ কথা কোনে চিন্তা–চর্চা কৰিছিল?
দুটা দশক পূর্বে গুৱাহাটীত ভলীবলৰ প্রশিক্ষণৰ বিশেষ ব্যৱস্থা নাছিল৷ ফলত খেলুৱৈসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল৷ এনে অৱস্থাৰ প্রতি লক্ষ্য ৰাখি তদানীন্তন জিলা উপায়ুক্ত ধীৰেন শইকীয়াই জজ খেলপথাৰত এটি ভলীবলৰ ক’চিং চেণ্টাৰ স্থাপনৰ বাবে উদ্যোগ গ্রহণ কৰিছিল৷ জিলা উপায়ুক্তগৰাকীৰ উপৰি উপ–আয়ুক্ত এছ কে ৰয়, বিনয় মেধি, খনিন দত্ত, বাবলু চৌধুৰীকে ধৰি কেইগৰাকীমান বিশিষ্ট ক্রীড়া সংগঠকে জজ খেলপথাৰৰ এটা দিশত গুৱাহাটী ভলীবল ক’চিং চেণ্টাৰ প্রতিষ্ঠা কৰে৷ ২০০০ চনত আনুষ্ঠানিকভাৱে ক’চিং চেণ্টাৰটো আৰম্ভ কৰাৰ পাছতে তেওঁলোকে মোক নিমন্ত্রণ জনাইছিল৷ তেতিয়াৰ পৰা বিগত ২৪ বছৰ ধৰি এই চেণ্টাৰটোৰ সৈতে জড়িত হৈ আছোঁ৷ জন্মলগ্নৰে পৰা এই ক’চিং চেণ্টাৰৰ মই সম্পাদকৰ দায়িত্ব গ্রহণ কৰিছিলোঁ আৰু যোৱা বছৰলৈ মই এই দায়িত্ব পালন কৰিছোঁ৷ আজিও মই নিয়মীয়াকৈ চেণ্টাৰলৈ আহি প্রশিক্ষণৰ বিভিন্ন দিশ চোৱা–চিতা কৰি আহিছোঁ৷ আমাৰ এই চেণ্টাৰৰ পৰা বহু ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈৰ জন্ম হৈছে৷ বর্তমান সময়তো ক’চিং চেণ্টাৰটোৰ দুই শতাধিক ল’ৰা–ছোৱালীয়ে নিয়মীয়াভাৱে প্রশিক্ষণ গ্রহণ কৰি আহিছে৷ ইয়াত প্রশিক্ষণ গ্রহণ কৰা বহু ল’ৰা–ছোৱালীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে৷
অসম সন্তান অভিজিৎ ভট্টাচার্যই ভাৰতীয় ভলীবল দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল৷ কিন্তু অসমৰ অন্য কোনো খেলুৱৈয়ে ৰাষ্ট্রীয় ছিনিয়ৰ দলত স্থান পাবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে?
অসমৰ ল’ৰা–ছোৱালীয়ে ভাৰতৰ ছিনিয়ৰ দলত স্থান পোৱাটো এতিয়াও সপোন হৈ আছে৷ অভিজিৎ ভট্টাচার্যই প্রবল প্রতিভাৰ বলত ভাৰতীয় ৰাষ্ট্রীয় দলত নেতৃত্ব লাভ কৰিবলৈ সক্ষম হৈছে যদিও অন্য খেলুৱৈয়ে এইপর্যন্ত সেই পর্যায় পাবলৈ সমর্থ হোৱা নাই৷ ইয়াৰ মূল কাৰণ হৈছে পর্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ৷ আমি বিগত ২৪ বছৰে এখন চালিৰ তলত প্রশিক্ষণ প্রদান কৰি আছোঁ৷ এখন উন্নতমানৰ আন্তঃৰাষ্ট্রীয় পর্যায়ৰ একাডেমী স্থাপন নকৰিলে ছিনিয়ৰ পর্যায়ত খেলিব পৰাকৈ খেলুৱৈ সৃষ্টি কৰা সম্ভৱ নহ’ব৷ আমি চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষক এখন অত্যাধুনিক ভলীবল একাডেমী নির্মাণৰ বাবে আবেদন জনাই আহিছোঁ৷ দেশৰ অন্য ৰাজ্যসমূহত উন্নতমানৰ একাডেমী থকা বাবে বহু ৰাষ্ট্রীয় খেলুৱৈৰ জন্ম হৈছে৷ অসমৰ গাঁৱে–ভূঞে অসংখ্য প্রতিভা আছে৷ এই প্রতিভাবোৰ বিচাৰি আনি একাডেমীত উপযুক্ত প্রশিক্ষণ দিব পাৰিলে নিশ্চয় অসমৰ পৰাও বহু ৰাষ্ট্রীয় খেলুৱৈৰ জন্ম হ’ব৷ ব্রহ্মপুত্র ভলীবল লীগেৰে জাগৰণ অনা অভিজিৎ ভট্টাচার্যৰ লগতে এই মিছনৰ সৈতে জড়িত সকলোৱে এখন একাডেমী স্থাপনৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ এই প্রচেষ্টা সফল হ’লে অসমত ভলীবলৰ এটি নতুন পৰিৱেশৰ সৃষ্টি হ’ব৷
ভলীবলক কেৰিয়াৰ হিচাপে ল’ব পৰা পৰিৱেশৰ সৃষ্টি হৈছেনে? অসমত খেলুৱৈৰ বাবে কর্মসংস্থাপনৰ সুবিধা কিমান?
নিশ্চিতভাৱে ভলীবল খেলক ল’ৰা–ছোৱালীয়ে কেৰিয়াৰ হিচাপে ল’ব পৰা পৰিৱেশৰ সৃষ্টি হৈছে৷ কিয়নো ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত অসংখ্য ভলীবল খেলুৱৈয়ে ইতিমধ্যে কর্মসংস্থাপন লাভ কৰিছে৷ মই নিজেও ১৯৮০ চনতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত ভলীবল খেলুৱৈ হোৱা বাবেই কর্মসংস্থাপন লাভ কৰিছিলোঁ৷ সেই সময়ৰ বিদ্যুৎ পৰিষদৰ অধ্যক্ষ কর্নেল উমা শর্মাই মোক ভলীবলৰ প্রমাণ–পত্রসমূহ পর্যবেক্ষণ কৰিয়ে চাকৰি কৰাৰ অনুমতি দিছিল৷ বিদ্যুৎ পৰিষদত যথেষ্টসংখ্যক ভলীবল খেলুৱৈ কর্মৰত হৈ আছে৷ কেৱল বিদ্যুৎ পৰিষদেই নহয়, অসম পুলিচ, অ’এনজিচি, ইণ্ডিয়ান অইল, ৰে’লৱে আদি বিভাগতো বহু খেলুৱৈয়ে কর্মসংস্থাপন লাভ কৰে প্রতিবছৰে৷ বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা দুবছৰমানৰ পৰা ৰাষ্ট্রীয় গেমছত পদক লাভ কৰা খেলুৱৈসকলক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ ফলত নতুন চাম খেলুৱৈৰ মাজত ক্রীড়াৰ প্রতি আগ্রহ বৃদ্ধি পাইছে৷ কর্মসংস্থাপনৰ বাট মুকলি হ’লে খেলুৱৈসকলে স্বাভাৱিকতে সর্বোচ্চ উজাৰি দিবলৈ প্রস্তুত হ’ব৷ অভিভাৱকসকলে সন্তানক খেলিবলৈ আগবঢ়াই দিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে৷ ভাল খেলিলেই চৰকাৰী চাকৰি লাভৰ বাট মুকলি হ’লে নিশ্চিতভাৱে অসমৰ ক্রীড়াক্ষেত্রৰ উন্নতি হ’ব৷
ফোনঃ ৮৬৩৮৪–১৪৯৫৪