সুকন্যা : কেঁচুসাৰ প্রস্তুত কৰি উজলিছে জোনালী–কল্পনা
উৎপল কুমাৰ কলিতা
সাম্প্রতিক সময়ত জৈৱিক কৃষি পদ্ধতি বিশ্বজুৰি চর্চিত হোৱাৰ সময়ত জৈৱিক সাৰ বজাৰত এক গুৰুত্বপূর্ণ সম্পদ হৈ পৰিছে৷ প্রাকৃতিক উপাদানেৰে কম মূলধনেৰে এনে জৈৱিক সাৰ উৎপাদনক প্রকল্পৰ ৰূপ দি সম্প্রতি একাংশ মহিলাই অসমতো বজাৰ দখল কৰিব সক্ষম হৈছে৷ পশ্চিম অসমৰ এনে দুগৰাকী নাৰী হ’ল জোনালী চক্রৱর্তী আৰু কল্পনা বর্মন৷ এই দুগৰাকী নাৰীয়ে ক’লা সোণ হিচাপে চিহ্ণিত কেঁচুসাৰ উৎপাদন কৰি স্বাৱলম্বী হৈ সমগ্র অসমতে পৰিচিত হৈ পৰিছে৷]
জোনালী চক্রৱর্তীৰ ঘৰ বিটিআৰৰ চিৰাং জিলাৰ বাসুগাঁৱত৷ জোনালীৰ মন আছিল পৰিয়ালৰ কামৰ মাজতে নিজাকৈ কিবা এটা কৰাৰ৷ এই লৈ প্রথম পদক্ষেপ হিচাপে ২০১৯ চনত আত্মসহায়ক গোটৰ জৰিয়তে পোৱা ঋণেৰে এখন সৰু কাপোৰৰ দোকান আৰম্ভ কৰিছিল৷ দোকানখন লাহে লাহে সম্প্রসাৰণ কৰিব লোৱাৰ সময়তে আহি পৰিল জোনালীৰ বাবে এক বৃহৎ আঘাত৷ এদিন নিশা দোকানৰ তলা ভাঙি চোৰে দোকানৰ সকলো সামগ্রী চুৰি কৰি লৈ গ’ল৷ এই ঘটনাই জোনালীৰ মনত বহুত দুখ দিলে৷ কিন্তু জোনালী ভাঙি নপৰিল৷ নিজৰ মনতে প্রতিজ্ঞা কৰিলে দোকানখন পুনৰ আৰু গঢ়িব নোৱাৰিলেও এনে কিবা এটা কাম কৰিব যিটো কামৰ দ্বাৰা আর্থিকভাৱে তেওঁ প্রতিষ্ঠিত হ’ব পাৰিব৷ এনে সময়তে তেওঁ বাসুগাঁও পৌৰসভাৰ যোগেদি কেঁচুসাৰ প্রস্তুত কৰা এক প্রশিক্ষণৰ সুবিধা লাভ কৰিলে৷ ইয়াৰ পাছত চিৰাং জিলা কৃষি বিজ্ঞান বিভাগৰ পৰাও একেই প্রশিক্ষণ এটা লাভ কৰিলে আৰু কৃষি বিজ্ঞান কেন্দ্রৰ সহযোগত তেওঁ ২০২১ চনৰ গান্ধী জয়ন্তীৰ দিনাৰ পৰা প্রথম কেঁচুসাৰ উৎপাদনৰ কাম আৰম্ভ কৰিলে৷ তেওঁ প্রথম দুটা বাঁহৰ বেগত কেঁচুসাৰ প্রস্তুত কৰি তেওঁ প্রথমে নিজৰ খেতিত প্রয়োগ কৰি ভাল ফল লাভ কৰিলে৷ ইয়াৰ পাছত তেওঁ কেঁচুসাৰ কৃষকৰ ওচৰলৈ লৈ যোৱাৰ প্রয়াস আৰম্ভ কৰিলে৷ লগতে তেওঁ উৎপাদন কৰা দহ কুইণ্টল কেঁচুসাৰৰ আঠ কুইণ্টল কৃষি বিজ্ঞান কেন্দ্রক দিবলৈ সক্ষম হ’ল৷ প্রথম প্রয়াসত তেওঁ প্রায় বাৰ হাজাৰ টকা উপার্জন কৰিবলৈ সক্ষম হ’ল৷ ইয়াতে তেওঁ উৎসাহিত হৈ ‘সঞ্চয়িতা এণ্টাৰপ্রাইজ’ নামেৰে প্রতিষ্ঠান আৰম্ভ কৰি তেওঁৰ কর্মক অধিক আগবঢ়াই নিয়াৰ প্রয়াস কৰিলে৷ এই সম্পর্কত জোনালীয়ে কয়– ‘কেঁচুসাৰ উৎপাদনৰ বাবে যিখিনি কেঁচামাল লাগে সেয়া য’তে–ত’তে পোৱা যায়৷ মাত্র সংগ্রহ কৰি আনিলে হ’ল৷ মই পানীমেটেকা, গোবৰ আদি ইয়াৰ বাবে ব্যৱহাৰ কৰোঁ৷ সেইবোৰ সংগ্রহ কৰি আনি তাৰ পৰা কেঁচুসাৰ প্রস্তুত কৰোঁ৷ ইয়াৰ বাবে বজাৰৰো চিন্তা কৰিবলগা নহয়৷ প্রথমতে বজাৰ দখলৰ বাবে কিছু কষ্ট হৈছিল৷ কৃষকসকলে এইবোৰ ল’ব খোজা নাছিল তেতিয়া মই প্রয়োগ কৰি পৰীক্ষা কৰাৰ বাবে তেওঁলোকক বিনামূলীয়াকৈ এক পেকেট সাৰ দিছিলোঁ৷ তেতিয়া কৃষকসকলে সুফল লাভ কৰি মোৰ পৰা কেঁচুসাৰ ল’বলৈ আৰম্ভ কৰিলে৷ বর্তমান মই বিশখন নার্ছাৰীক নিয়মিত কেঁচুসাৰ যোগান ধৰি আছোঁ৷
জোনালীয়ে দুজন শ্রমিক আৰু অনিয়মীয়া হিচাপে কেইগৰাকীমান মহিলাক পাৰিশ্রমিক দি তেওঁলোকৰ সহযোগত বছৰি দুশ কুইণ্টলৰো অধিক কেঁচুসাৰ উৎপাদন কৰি দুই লক্ষাধিক টকা উপার্জন কৰি আহিছে৷ জোনালীৰ ভৱিষ্যৎ পৰিকল্পনা বছৰি ছয়শ কুইণ্টল কেঁচুসাৰ উৎপাদন কৰা আৰু কমেও চল্লিশগৰাকী মহিলাক তেওঁৰ কামৰ জৰিয়তে সংস্থাপন দিয়া৷ শেহতীয়াভাৱে তেওঁ ৰাজ্যৰ শ্রেষ্ঠ মহিলা উদ্যোগী হিচাপে তেজস্বিনী বঁটা–২০২৪ত ডেৰ লাখ টকাৰ প্রাইজমানী লাভ কৰিছে৷
কল্পনা বর্মন৷ বৰপেটা জিলাৰ সৰভোগৰ উত্তৰে থকা ভেৰভেৰী গাঁৱৰ এগৰাকী দৃঢ়মনা, স্বাৱলম্বী নাৰী৷ যিয়ে স্বাৱলম্বনৰ প্রতীক হৈ জিলিকি উঠাৰ লগতে অন্য বহু মহিলাকো স্বাৱলম্বী কৰি গঢ়ি তুলিছে৷ এটি অনগ্রসৰ, অতি দুখীয়া পৰিয়ালত ডাঙৰ হোৱা কল্পনাৰ অতি কম বয়সতে বিয়া হৈছিল৷ কিন্তু তেওঁক দুর্ভাগ্যই লগ এৰা দিয়া নাছিল৷ দুটি সন্তানৰ জন্মৰ পাছত এক দুর্ঘটনাত স্বামীক হেৰুৱাই নিঠৰুৱা হৈ পৰিছিল কল্পনা৷ কিন্তু তেওঁ সাহস হেৰুওৱা নাছিল৷ আছিল তেওঁৰ এটা উদ্যমী মন৷ স্বামীৰ মৃত্যুৰ পাছত নিজৰ নৈপৰীয়া চাৰি বিঘা মাটিত বিভিন্ন খেতি কৰি পেটৰ ভাত মোকলায়৷ এনেতে তেওঁ ২০১১ চনত হাউলীত থকা কৃষি বিজ্ঞান কেন্দ্রত কেঁচুসাৰ উৎপাদনৰ এক প্রশিক্ষণৰ সুযোগ পালে৷ প্রশিক্ষণৰ অন্তত তেওঁ কৃষি বিজ্ঞান কেন্দ্রৰ পৰা এখন তির্পাল আৰু এশ গ্রাম কেঁচু লাভ কৰিলে৷ এইখিনিকে সম্বল কৰি দুটা বাঁহেৰে ক’টেজ তৈয়াৰ কৰি তেওঁ কেঁচুসাৰ উৎপাদন আৰম্ভ কৰিলে৷ প্রথম প্রয়াসতে সফল হ’ল কল্পনা৷ ইয়াৰ পাছত তেওঁ নিজৰ কর্মৰ সম্প্রসাৰণ কৰিলে৷ বর্তমান তেওঁ বছৰি ডেৰশ কুইণ্টল কেঁচুসাৰ উৎপন্ন কৰি দুই লক্ষাধিক টকা উপার্জন কৰি আছে৷ কল্পনাৰ এই সফলতাৰ পাছত গাঁৱৰ অন্য কেইবাগৰাকী মহিলা কেঁচুসাৰ উৎপাদনৰ প্রতি আগ্রহী হ’ল৷ কল্পনাই তেওঁলোককো প্রশিক্ষণ আৰু পৰামর্শ প্রদান কৰি উলিয়াই আনিছে৷ যাৰ ফলত আজি গাঁওখনৰ ষাঠিগৰাকীতকৈ অধিক মহিলাই কেঁচুসাৰ উৎপাদনত জড়িত হৈ স্বাৱলম্বনৰ বাট মোকলাব সক্ষম হৈছে৷ কল্পনাই অকল কেঁচুসাৰ উৎপাদনতে সীমাবদ্ধ হৈ থকা নাই৷ নিজৰ চাৰি বিঘা মাটিৰ লগতে আন তিনি বিঘা মাটি লীজত লৈ মুঠ সাত বিঘা মাটিত আলু, তিলৰ লগতে ঋতুকালীন বিভিন্ন পাচলিৰ খেতি ব্যৱসায়িকভাৱে কৰি আহিছে৷ কল্পনা এগৰাকী আদর্শ শিপিনীও৷ তেওঁৰ ঘৰতে তাঁতশাল স্থাপন কৰি সময় উলিয়াই বাণিজ্যিকভাৱে বস্ত্র উৎপাদনো কৰি আহিছে৷ ভাৰতীয় সেনাৰ পত্নীসকলৰ স্বেচ্ছাসেৱী সংগঠন ‘অসীম’ৰ পৰা সেনা বিষয়াৰ পত্নীসকলে নিজে আহি কল্পনাৰ পৰা মেখেলা–চাদৰ নি মুম্বাইত বিক্রীৰ ব্যৱস্থা কৰি দিছে৷ আনকি মুম্বাইৰ পৰা বিদেশলৈ গৈছে কল্পনাই বোৱা কাপোৰ৷ বহুমুখী কর্মৰে নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হোৱা কল্পনাই বৰপেটা জিলা কৃষি বিভাগৰ ২০১৭ বর্ষৰ শ্রেষ্ঠ মহিলা কৃষক আৰু কৃষি বিজ্ঞান কেন্দ্রৰ ২০১৯ বর্ষৰ শ্রেষ্ঠ মহিলা কৃষকৰ পুৰস্কাৰ লাভ কৰে৷ ইতিমধ্যে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানে কল্পনা বর্মনক ‘কৃষি সখী’ হিচাপে নিযুক্তি দিছে৷ ইয়াৰ জৰিয়তে তেওঁ গ্রামীণ মহিলাসকলক কৃষি কর্ম, কেঁচুসাৰ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ উদগনি দিয়াৰ লগতে প্রশিক্ষণো প্রদান কৰি আহিছে৷ নিজৰ কামৰ বিষয়ে কল্পনাই কয়– ‘স্বাৱলম্বী জীৱনৰ এক অন্য মাদকতা আছে৷ স্বামীৰ অকাল মৃত্যুৱে মোক জীৱনমুখী হ’ব শিকাইছিল৷ দুর্ভাগ্যক মই লাই দিয়াৰ সলনি প্রত্যাহ্বান হিচাপে লৈ জীৱন যুঁজত আগুৱাই গৈছিলোঁ৷ আজি মই যি কৰি আছোঁ তাত অত্যন্ত সুখী৷’