সুকন্যা : উৰুলিৰে বহুতক জীৱিকাৰ পথ দেখুৱাইছে পাঠশালাৰ কল্পনাই
উৎপল কুমাৰ কলিতা
স্বাৱলম্বী হ’বলৈ লাগে মনত দৃঢ়তা, থাকিব লাগে সপোন৷ বুকুত সাপোন লৈ দৃঢ়তা আৰু একাগ্রতাৰে আগবাঢ়িলে সহজ হৈ পৰে স্বাৱলম্বিতা৷ এইদৰে আজি স্বাৱলম্বী হৈ আন বহুজনক কর্মসংস্থাপনৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে পাঠশালাৰ কল্পনা বৰুৱাই৷
১৯৮৮ চনত জন্মলাভ কৰা কল্পনা বৰুৱা শিক্ষা জীৱনত আছিল এগৰাকী মেধাৱী ছাত্রী৷ দর্শন বিভাগৰ স্নাতোকত্তৰ ডিগ্রী অর্জন কৰাৰ পাছত বিভিন্ন স্থানত চাকৰি বিচাৰিছিল যদিও চাকৰি পোৱা নাছিল৷ এনেতে তেওঁ পাঠশালাৰ মানস কলিতাৰ লগত বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ পাছত কল্পনাই চাকৰিৰ আশা বাদ দি নিজাকৈ কিবা এটা কৰাৰ মন মেলিলে৷ এনেকৈ ২০১৭ চনত তেওঁ এটা সিদ্ধান্ত ল’লে থলুৱা শিপিনীৰ পৰা বস্ত্র সংগ্রহ কৰি সেই বস্ত্র বিক্রীৰে স্বাৱলম্বী হোৱাৰ লগতে থলুৱা শিপিনীসকলকো এখন বজাৰ লাভ কৰাৰ সুযোগ দিব৷
এই অনুসাৰে তেওঁ হাতত মাত্র পাঁচ হাজাৰ টকা লৈ আৰম্ভ কৰিলে তেওঁৰ যাত্রা৷ তেওঁ নিজে গাঁৱৰে কেইগৰাকীমান মহিলাক মেখেলা–চাদৰৰ ডিজাইন দি পাঁচ হাজাৰ টকাৰে মেখেলা–চাদৰ ববলৈ দিলে৷ সেই কাপোৰ আনি তেওঁ সামাজিক মাধ্যমত ফটো দি প্রচাৰ কৰিলে৷ তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে গ্রাহকৰ অর্ডাৰ লৈ ঘৰৰ পৰাই প্রথমে ব্যৱসায়ৰ যাত্রা আৰম্ভ কৰিলে৷ লাহে লাহে কল্পনাই ডিজাইন কৰা থলুৱা শিপিনীয়ে প্রস্তুত কৰা কাপোৰে বজাৰ দখল কৰিব ধৰিলে৷ বিভিন্ন স্থানৰ পৰা গ্রাহকে কাপোৰ বিচাৰি অর্ডাৰ কৰিব ধৰিলে৷ কল্পনাৰ কামৰ পৰিসৰো বাঢ়ি গৈ থাকিল৷ অকল অসমৰ বিভিন্ন প্রান্তই নহয়, ভাৰতৰ বিভিন্ন প্রান্তৰ লগতে বিদেশৰ পৰাও কল্পনাৰ কাপোৰ বিচাৰি অর্ডাৰ আহি থাকিল৷
এই সফল যাত্রাৰ বিষয়ে কল্পনাই কয়– সৰুৰে পৰা মোৰ আমাৰ থলুৱা শিপিনীসকলৰ বোৱা–কটা কামৰ প্রতি এক আগ্রহ আছিল৷ এনে কাপোৰৰ ডিজাইন কিছুমান মনতে কল্পনা কৰি লৈছিলোঁ৷ স্নাতকোত্তৰ উত্তীর্ণ হোৱাৰ পাছত সেয়ে মই এই ক্ষেত্রখনত কিবা এটা কৰাৰ কথা ভাবিছিলোঁ৷ মোৰ ধাৰণা আছিল আমাৰ শিপিনীসকলে কাপোৰ বয় যদিও বেছিভাগেই ব্যৱসায়িক নহয়৷ কিছুমানে ব্যৱসায়িকভাৱে বস্ত্র উৎপাদন কৰাৰ মন কৰে যদিও এখন বজাৰৰ অভাৱত ভোগে৷ সেয়ে মই স্বাৱলম্বী হোৱাৰ লগতে আমাৰ থলুৱা শিপিনী বাই–ভনীসকলক এখন বজাৰ দিয়াৰ বাবে এই যাত্রা আৰম্ভ কৰিছিলোঁ৷
বর্তমান এইক্ষেত্রত মই সফল হ’ব পাৰিছোঁ৷ কল্পনাই তেওঁৰ বজাৰ সম্প্রসাৰণৰ বাবে ২০২১ চনত পাঠশালাৰ ভূটানৰোড আৰু মুগুৰিয়াৰ কালিঘাটত আৰম্ভ কৰিলে তেওঁৰ স্থায়ী প্রতিষ্ঠান ‘উৰুলি’– দ্য এথেনটিক হাব৷ এই প্রতিষ্ঠানৰ জৰিয়তে তেওঁ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত কাপোৰৰ ব্যৱসায় চলাই আছে৷ বর্তমান তেওঁ প্রায় দুশগৰাকী শিপিনীক কাপোৰৰ ডিজাইন দি সেইবোৰ বব দিয়ে আৰু তাৰ বাবে উপযুক্ত মাননি প্রদান কৰে৷ শিপিনীসকলৰ অসুবিধা নহ’বলৈ তেওঁ নিয়মিত মাননি প্রদানৰ ব্যৱস্থা কৰে৷
বর্তমান উৰুলিৰ জৰিয়তে মাহত ৩০–৪৫ লাখ পর্যন্ত টকাৰ পাট, মুগা, তছ, এৰী, কেঁচাপাট, নুনী কটনৰ চাদৰ মেখেলাকে ধৰি বিভিন্ন হস্ততাঁত বস্ত্র বিক্রী কৰি আহিছে কল্পনাই৷ কিছুমান কাপোৰ অসমৰ মানচেষ্টাৰ খ্যাত শুৱালকুছিতো প্রস্তুত কৰা হয়৷ কল্পনাৰ ব্যৱসায়ত প্রত্যক্ষভাৱে জড়িত হৈ আজি প্রায় দুশ জীয়াৰী–বোৱাৰীয়ে বাণিজ্যিকভাৱে থলুৱা বস্ত্র উৎপাদন কৰি স্বাৱলম্বী হ’ব পাৰিছে৷ কাপোৰৰ লগতে কল্পনাই পৰৱর্তী সময়ত কেঁচা সোণৰ ব্যৱসায়ো উৰুলিত সংলগ্ণ কৰে৷ এই কেঁচা সোণসমূহ তেজপুৰৰ থলুৱা সোণাৰিক আর্হি দি সেইমতে গঢ়াই অনা হয়৷ উৰুলিত সম্প্রতি মাহত ডেৰৰ পৰা দুই লাখ টকাৰ কেঁচা সোণৰ বিভিন্ন অলংকাৰ বিক্রী কৰা হয়৷ অনলাইনৰ জৰিয়তে প্রচাৰ কৰিও কল্পনাই কেঁচা সোণৰ অলংকাৰ বিক্রী কৰে৷ ইয়াৰ উপৰি জনজাতীয় মহিলাই তৈয়াৰ কৰা বিভিন্ন ডিজাইনৰ হাতে তৈয়াৰী বেগো তেওঁ বিক্রী কৰি আহিছে৷
বর্তমান কল্পনাৰ প্রতিষ্ঠানত চৈধ্যগৰাকী কর্মাচাৰী নিয়মীয়াকৈ দৰমহা দি নিযুক্তি দিয়া হৈছে৷ তাৰোপৰি বাৰগৰাকী মহিলা–যুৱতীয়ে চাদৰবোৰৰ চিলাই, দহি গুঠি সাজু কৰি দি জীৱিকা নির্বাহৰ সুযোগ পাইছে৷ আজি উৰুলি অকল কল্পনাৰে জীৱিকাৰ ভৰসা নহয়, আন বহুতৰে বাবে জীৱিকাৰ ভৰসা উৰুলি৷ কল্পনাৰ উৰুলিৰ অন্যতম শ্লোগান হ’ল– ‘বিজতৰীয়া সংস্কৃতিক কৰি আঁতৰ… আঁকোৱালি লওঁ আহক এযোৰ থলুৱা অসমীয়া মেখেলা–চাদৰ৷’ অসমীয়া মেখেলা–চাদৰৰ গৰিমা যাতে বহিৰাগত সস্তীয়া মেখেলা–চাদৰে ম্লান কৰিব নোৱাৰে তাৰ বাবে কল্পনাই সততে প্রচেষ্টা চলাই আহিছে৷ উদ্যমিতাৰ পথত সবল খোজ দিয়া দুটি সন্তানৰ মাতৃ এইদৰে নিজৰ লগতে বহুজনক জীৱিকাৰ বাট দেখুৱাবলৈ সক্ষম হোৱাৰ আঁৰত আছে তেওঁৰ সকলো প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ ভয় নকৰি ইতিবাচক দৃষ্টিভংগী গ্রহণ৷
তেওঁ প্রকাশ কৰা মতে আগলৈ কি হ’ব তাক ভাবি থাকি লাভ নাই, বর্তমান বুকুত ধাৰণ কৰি কর্তব্যনিষ্ঠাৰে কেৱল কাম কৰি যাব লাগে৷ সৰুৰে পৰা মই সেইভাৱে শিক্ষা লৈছোঁ৷ মই কেৱল যুঁজি যাব বিচাৰোঁ এটা সাহস লৈ৷ ইতিবাচক মনেৰে যুঁজি গ’লেহে ব্যক্তি আৰু সমাজৰ প্রগতি আহিব৷ আনহাতে তেওঁ বহিৰাগত বস্ত্রৰ আমদানি সম্পর্কত কয়– ‘আমাৰ থলুৱা হস্ত–তাঁত উদ্যোগ আজিও পূর্ণ ৰূপত ব্যৱসায়িক হোৱা নাই৷ বজাৰ চাহিদা অনুপাতে থলুৱা হস্ততাঁত বস্ত্রৰ উৎপাদন কম বাবে বাহিৰৰ কাপোৰে অসমৰ বজাৰ দখল কৰিব পাৰিছে৷
অথচ মানুহৰ প্রথম পছন্দ থলুৱাভাৱে উৎপাদিত কাপোৰ৷ আমি যদি আৱশ্যকীয় কাপোৰ নিজে প্রস্তুত কৰি বজাৰ ভৰাই তুলিব পাৰোঁ বাহিৰৰ কাপোৰ অহাটো নিজে নিজেই বন্ধ হৈ পৰিব৷ ইতিবাচক দৃষ্টিভংগীৰে খোজ কাঢ়ি কল্পনাই আজি যি সফলতাৰ বাট সৃষ্টি কৰিছে সেয়া এদিনতে সৃষ্টি হাৱা নহয়৷ চৰম অধ্যৱসায়েৰে তেওঁ পাঁচ হাজাৰ টকাৰে যাত্রা আৰম্ভ কৰি আজি থিয় হৈছে সফলতাৰ শৃংগত৷ তেওঁৰ এই যাত্রা সঁচাকৈ অনুকৰণীয়৷
ফোনঃ ৯৩৯৪৯–২২৫২৭