নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ক’লা চাউলৰ খাদ্য প্রস্তুতেৰে স্বাৱলম্বী কেয়া দাস চৌধুৰী

উৎপল কুমাৰ কলিতা

অসমৰ কৃষি অর্থনীতিৰ এক নতুন সংযোজন ক’লা চাউলৰ খাদ্য প্রস্তুতিক এক নতুন মাত্রা প্রদান কৰি উদ্যোগৰ ৰূপ দিবলৈ সক্ষম হৈছে এগৰাকী অসমৰ বোৱাৰীয়ে৷ তেওঁ ক’লা চাউলৰ পৰা বিভিন্ন সামগ্রী প্রস্তুত কৰি ইতিমধ্যে সেইবোৰ ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় পর্যায়ত তুলি ধৰিবলৈ সক্ষম হৈছে৷

নাম তেওঁৰ কেয়া দাস চৌধুৰী৷ অসমত বাণিজ্যিক দিশত এক নতুন বাট মুকলি কৰে কেয়া দাস চৌধুৰীয়ে৷ এইগৰাকী স্বাৱলম্বী মনৰ নাৰীয়ে প্রথমতে তেওঁৰ স্বাৱলম্বী জীৱন আৰম্ভ কৰিছিল কর্দৈ, ঔটেঙা, বেঙেনাৰ আচাৰ উৎপাদনেৰে৷ এইদৰে তেওঁ ২০১৫ চনত খানাপাৰাত অনুষ্ঠিত কৃষি প্রদর্শনীত যাওঁতে জীৱনত প্রথমবাৰৰ বাবে দেখিছিল ক’লা ধানৰ চাউল৷ তেওঁ তাত জানিব পাৰিছিল ক’লা ধানৰ চাউলৰ বিভিন্ন ঔষধি গুণৰ কথা৷ সেয়াই আছিল তেওঁৰ জীৱনৰ অন্যতম টার্নিং পইণ্ট৷ তেওঁ তাৰ পৰা মাত্র এক কিলোগ্রাম ক’লা চাউল কিনি আনি ঘৰতে কিবা এটা খাদ্যবস্তু বনাবলৈ চেষ্টা কৰিলে আৰু মণিপুৰী বন্ধু এজনৰ পৰামর্শ মতে কেকৰ দৰে এটি খাদ্য প্রস্তুত কৰি ঘৰ তথা বন্ধু মহলৰ কিছুমানক খাবলৈ দিলে৷ আৰু সেই খাদ্যবিধ খাই সকলোৱে প্রশংসা কৰিলে৷ ইয়াতে তেওঁ সিদ্ধান্ত ল’লে এই ক’লা চাউলেৰে খাদ্যবস্তু প্রস্তুত কৰি তেওঁ বজাৰলৈ উলিয়াই দিব৷ এই অনুসাৰে তেওঁ প্রথমতে আধা কেজি, তাৰ পিছত এক কেজি, দুই কেজি এনেদৰে অলপ অলপকৈ তেওঁৰ ব্যৱসায় ক্রমাৎ আগুৱাই নি থাকিল৷ এই সম্পর্কত কেয়া দাস চৌধুৰীয়ে কয়– ক’লা চাউল হ’ল প্রাকৃতিক মহৌষধ৷ ই এণ্টিক্সিডেণ্ট, বিভিন্ন ভিটামিন, মিনাৰেলেৰে সমৃদ্ধ৷ ইয়াৰ আছে কর্কটকে ধৰি বিভিন্ন ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা৷ যিকোনো ৰোগীৰ বাবে ক’লা চাউলৰ পৰা তৈয়াৰ কৰা খাদ্য পথ্যস্বৰূপ৷ কিন্তু ইয়াৰ বিষয়ে বহুতে নাজানে৷ সাধাৰণতে পায়স, পোলাও, কাষ্টার্ড, চুপ আদি তৈয়াৰ কৰি খোৱা হয়৷ কিন্তু মই ভাবিলোঁ ইমান উপকাৰী বস্তুটোৰ পৰা মই যদি বেকাৰীজাত বিভিন্ন খাদ্য কেক আদি তৈয়াৰ কৰি বজাৰলৈ উলিয়াই দিওঁ তেন্তে সাধাৰণ মানুহেও ক’লা চাউলৰ খাদ্যৰ প্রতি আকর্ষিত হ’ব৷ এই অনুসাৰে মই আগবাঢ়িলোঁ৷ প্রথম ৫০০ গ্রাম চাউলৰ খাদ্য প্রস্তুত কৰি আৰম্ভ কৰা যাত্রাত মই সফলতা লাভ কৰিলোঁ আৰু পৰৱর্তী সময়ত এই কামকে মই উদ্যোগলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ’লোঁ৷

কেয়া দাস চৌধুৰীয়ে সম্প্রতি গুৱাহাটীত ক্রিয়েটিভ বেকার্ছ ইণ্ড্রাষ্ট্রী নামেৰে উদ্যোগৰ পৰা ক’লা চাউলৰ পৰা বিভিন্ন খাদ্য প্রস্তুত কৰি বিপণন কৰি আহিছে৷ গুৱাহাটীৰ জিএছ ৰোডৰ আনন্দ নগৰত থকা এই প্রতিষ্ঠানত তেওঁ নিজে কাম কৰাৰ উপৰি এতিয়া কর্মসংস্থাপন দিছে ছয়–সাতজন কর্মচাৰীক৷ তেওঁৰ প্রতিষ্ঠানত এতিয়া পাঁচ–ছয় কুইণ্টললৈ দৈনিক খাদ্য প্রস্তুত কৰা হয়৷ ক’লা চাউলৰ পৰা তেওঁ লাড়ু, বৰফি, মুফিন, শুকান খাদ্য, মছলাৰ লাড়ু, চকোবল, কেক, কাপ কেক, পেটিচপটা পিঠা, ডোচা, ইডলি, জন্মদিনৰ কেক, চকলেট, বিস্কুট আদিকে ধৰি শতাধিক বিভিন্ন খাদ্য প্রস্তুত কৰি আহিছে৷ তেওঁ প্রথমতে ক’লা চাউল মণিপুৰৰ পৰা আনিছিল যদিও বর্তমান অসমতো ক’লা চাউল উৎপাদন হ’বলৈ ধৰাত অসমৰ কৃষকৰ পৰাও চাউল সংগ্রহ কৰে৷

ইতিমধ্যে তেওঁ চৰকাৰৰ স্বাস্থ্য বিভাগ, কৃষি বিভাগ, উদ্যোগ বিভাগ আদিৰ পৰা অসমৰ লগতে ভাৰতৰ বিভিন্ন আগশাৰীৰ চহৰত অনুষ্ঠিত বাণিজ্য মেলা, প্রদর্শনীতো অংশগ্রহণৰ সুযোগ লাভ কৰিছে৷ তেওঁ জানিব দিয়া মতে য’তেই তেওঁ সামগ্রী লৈ গৈছে তাতেই তেওঁ সমাদৰ লাভ কৰিছে৷ আনহাতে, তেওঁৰ প্রতিষ্ঠানৰ পৰা নিতৌ বহিঃৰাজ্যলৈও ক’লা চাউলৰ খাদ্য–সামগ্রী ৰপ্তানি হৈ আছে৷

কেয়া দাস চৌধুৰীয়ে প্রকাশ কৰা অনুসৰি– বর্তমান সময়ত ময়দাৰ পৰা প্রস্তুত কৰা খাদ্য–সামগ্রীৰ অত্যধিক ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ প্রতি বিভিন্ন ভাবুকি অনা বুলি চিকিৎসা বিশেষজ্ঞসকলে প্রকাশ কৰি আহিছে৷ এনে অৱস্থাত চাউলৰ পৰা প্রস্তুত কৰা গুণসম্পন্ন খাদ্যই বজাৰ লাভ কৰাৰ বাট মুকলি হৈছে৷ অসমত ক’লা চাউলৰ উপৰি জৈৱিকভাৱে উৎপাদন কৰা জহা চাউল, বৰা চাউলকে ধৰি বিভিন্ন গুণসম্পন্ন চাউল আছে৷ এইবোৰৰ পৰা বিভিন্ন খাদ্য–সামগ্রী তৈয়াৰ কৰি বজাৰ লাভ কৰিব পাৰি৷ যিহেতু অধিকাংশ বেকাৰীত ময়দাৰে প্রস্তুত সামগ্রীক গুৰুত্ব দিয়া হয় সেয়ে আমাৰ অসমীয়া মানুহে ইয়াৰ বিপৰীতে চাউলৰ খাদ্য প্রস্তুতিৰে বজাৰ দখিল কৰিব পাৰে৷ কেয়া দাস চৌধুৰীয়ে ইতিমধ্যে বাংলা, অসমীয়া আৰু ইংৰাজী এখন ত্রিভাষিক তথা অসমীয়া আৰু ইংৰাজীত দ্বিভাষিক দুখন খাদ্য প্রকৰণ সম্পর্কীয় কিতাপ ৰচনা কৰি চাউলৰ খাদ্য প্রস্তুতিক বাণিজ্যিক ৰূপ দিয়াসকলক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছে৷ ইয়াৰ উপৰি তেওঁ আগ্রহীসকলৰ বাবে প্রশিক্ষণৰো ব্যৱস্থা কৰিছে৷ নতুন উদ্যমীসকলৰ প্রতি তেওঁ কয়– কোনো এটা কাম আৰম্ভ কৰিবলৈ হাতত ধন কিমান আছে সেইটো ডাঙৰ কথা নহয়৷ ডাঙৰ কথা মনৰ দৃঢ়তা আৰু কিবা এটা কৰাৰ হেঁপাহ৷ মই নিজেই আধা কিলোগ্রাম চাউলৰ পৰা যাত্রা আৰম্ভ কৰিছিলোঁ৷ সৰুকৈ আপুনি সংকল্প ৰাখি কাম আৰম্ভ কৰক আৰু তাৰ পৰা হোৱা উপার্জনেৰে কামটো পৰিবর্ধিত কৰি গৈ থাকক৷ একেকোবে ডাঙৰকৈ আৰম্ভ কৰিব গ’লে লোকচান হোৱাৰহে সম্ভাৱনা অধিক৷

তেওঁ আৰু প্রকাশ কৰে যে অকল উৎপাদন হ’লেই নহ’ব৷ তাৰ প্রয়োগ হ’ব লাগিব৷ অসমৰ ক’লা চাউল, জহা চাউল বা বৰা চাউলৰ দৰে গুণসম্পন্ন চাউলৰ উৎপাদন হ’লেই নহ’ব৷ তাৰ সঠিক প্রয়োগ হ’ব লাগিব৷ অন্যথা এইবোৰ বাহিৰলৈ কম দামত কৃষকে পঠিয়াব লাগিব৷ আমাৰ কৃষকে উৎপাদন কৰা চাউলৰ খাদ্য প্রস্তুত কৰি বজাৰ ল’ব পাৰিলে আমাৰ কৃষক উৎপাদকসকলো লাভান্বিত হ’ব আৰু আমাৰ অর্থনীতিলৈও পৰিৱর্তন আহিব৷ কলা চাউলেৰে উৎপাদিত খাদ্যৰে আজি পৰিচিত হৈ পৰা কেয়া দাস চৌধুৰীৰ এই সফলতাৰ যাত্রা নিশ্চয়কৈ এক আদর্শনীয় প্রয়াস৷

ফোনঃ ৯৩৯৪৯–২২৫২৭

You might also like