নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : পৰিচর্যা কেন্দ্র স্থাপনেৰে অনন্য কর্ম কৃষ্ণাক্ষীৰ

উৎপল কুমাৰ কলিতা

তেওঁ বুজি পায় কুকুৰৰ ভাষা৷ কুকুৰৰ হৃদয়ৰ অনুভূতি বুজি পায় তেওঁ৷ কুকুৰৰ লগত খেলে, কথা পাতে একেখন থালতে খায়৷ কুকুৰক দিয়ে মাতৃৰ মমতা৷ তেওঁ নিজৰে সাৰমেয় মাতৃ বুলি পৰিচয় দিয়ে৷ কুকুৰৰ বাবে তেওঁ স্থাপন কৰিছে পৰিচর্যা কেন্দ্র৷ এইগৰাকী ব্যতিক্রমী নাৰীৰ নাম কৃষ্ণাক্ষী শর্মা৷ কুকুৰৰ পৰিচর্যা কেন্দ্রৰে সম্প্রতি পৰিচিত হৈ পৰিছে কৃষ্ণাক্ষী৷

সৰুৰে পৰা কৃষ্ণাক্ষীৰ প্রেম আছিল কুকুৰৰ সৈতে৷ কুকুৰক তেওঁ বৰ ভাল পাইছিল৷ কুকুৰক কোনোবাই গালি পাৰিলে, বেয়া ব্যৱহাৰ কৰিলে, মাৰিলে কৃষ্ণাক্ষীয়ে বৰ আঘাত পাইছিল৷ কৃষ্ণাক্ষীৰ মতে ‘বর্তমান পৃথিৱীত মানুহতকৈ বহু বেছি বিশ্বাসী কুকুৰ৷ কুকুৰক সন্তানৰ দৰে মৰম দিলে মৰম দিওঁতাক ই কেতিয়াও প্রতাৰণা নকৰে৷ কুকুৰ বৰ অমায়িক মৰমলগা প্রাণী৷ কুকুৰক মই বৰ ভাল পাওঁ৷ পঢ়ি থাকোঁতে ভাবিছিলোঁ ভৱিষ্যতে কিবা কৰিব লগা হ’লে কুকুৰক লৈয়ে কৰিম৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্রত স্নাতকোত্তৰ ডিগ্রী লৈ কিছুদিন বহুজাতিক প্রতিষ্ঠানত কাম কৰিছিল যদিও পাছত তেওঁ পুনৰ ঘূৰি আহিল কুকুৰৰ মাজলৈ৷

কৃষ্ণাক্ষীয়ে দেখিছিল বহু কুকুৰ গৰাকীয়ে এৰি দিয়ে৷ বহু কুকুৰ দুর্ঘটনা বা মানুহৰ অত্যাচাৰৰ বলি হয়৷ ৰোগাক্রান্ত হৈ য’ত–ত’ত পৰি থাকে৷ আনহাতে, লক্ষ্য কৰিছিল বহু মানুহে কুকুৰ ঘৰত ৰাখে যদিও মহানগৰীত পৰিয়ালৰ লোকসকল ক’ৰবালৈ যাব লাগিলে কুকুৰটো ক’ত থৈ যাব তাক লৈ বহু সমস্যাত পৰে৷ সেয়ে দুর্গত কুকুৰবোৰৰ পৰিচর্যা আৰু ক’ৰবালৈ পৰিয়ালসহ যাব লাগিলে কুকুৰটো থৈ যাব পৰাকৈ সুৰক্ষিত ব্যৱস্থাৰ কথা অনুভৱ কৰিলে৷ এনে চিন্তা কৰিয়ে কৃষ্ণাক্ষীয়ে কুকুৰৰ পৰিচর্যা কেন্দ্র এটা খোলাৰ বাবে আগবাঢ়িল আৰু ২০১৭ চনৰ ২২ জুলাইত পিতৃ বাণী বিক্রম শর্মাৰ উজান বজাৰৰ হেপীভিলাত থকা এটা ঘৰত আৰম্ভ কৰিলে কুকুৰৰ পৰিচর্যা ব্যতিক্রমী প্রতিষ্ঠান ‘কুকুজ প’উজ এণ্ড ক্ল’উজ’ Kukus paws and claws)৷ বিশিষ্ট অভিনেত্রী বৰষাৰাণী বিষয়াই এই প্রতিষ্ঠানটো উদ্বোধন কৰিছিল৷ এই প্রতিষ্ঠান সম্পর্কত কৃষ্ণাক্ষীয়ে কয়– মানুহৰ বাবে থাকিবলৈ সুন্দৰ ব্যৱস্থা আছে৷ কিন্তু মই কুকুৰৰ বাবে ভাবিলোঁ৷ কুকুৰৰ বাবে একপ্রকাৰ হোষ্টেলৰ ব্যৱস্থা মোৰ এই প্রতিষ্ঠান৷ গুৱাহাটী মহানগৰীত কুকুৰ পোহা মানুহৰ অভাৱ নাই৷ কিন্তু ক’ৰবালৈ যাবলৈ হ’লে কুকুৰটো ক’ত থৈ যাব তাক লৈ চিন্তিত হয়৷ আমাৰ প্রতিষ্ঠানে সেই সমস্যা নির্ভয়ে সমাধান কৰিছে৷ আমাৰ প্রতিষ্ঠানত গৰাকীয়ে নিৰাপদভাৱে নিজৰ কুকুৰটো থৈ যাব পাৰিব৷ প্রতিষ্ঠানটোত প্রথমতে বিশেষ সঁহাৰি পোৱা হোৱা নাছিল যদিও পাছত বহু লোকে ইয়াত কুকুৰ ৰাখিবলৈ আগবাঢ়ি আহিল৷ কৃষ্ণাক্ষীয়ে প্রতিষ্ঠানটো পৰিচালনাৰ বাবে এতিয়া অন্য তিনিজন সহযোগী নিয়োগ কৰিছে৷ আনহাতে, কৃষ্ণাক্ষীয়ে এতিয়া এগৰাকী প্রতিষ্ঠিত ডগ চাইক’লজিষ্ট হিচাপে কর্মৰত হৈ আছে৷ তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ ড০ এলমিৰা ষ্টেইনজৰ তত্ত্বাৱধানত ডগ চাইক’লজিষ্ট বিষয়ক এটি ডিপ্ল’মা ক’ছ সফলতাৰে সমাপ্ত কৰে৷ কৃষ্ণাক্ষীৰ কুকুৰৰ প্রতি মৰম ইমানে যে কুকুৰক নিজৰ সন্তানৰ দৰে প্রতিপালন কৰে৷ তেওঁ কুকুৰৰ গতি–বিধি চাই কৈ দিব পাৰে কুকুৰটোৱে কি ক’ব বা বুজাব বিচাৰিছে৷ তেওঁ কেইবাবাৰো কুকুৰৰ কামোৰ, আঁচোৰো খাইছে, কিন্তু কুকুৰক বেয়া ব্যৱহাৰ নকৰে৷ আনকি কুকুৰৰ লগত একেখন থালতে তেওঁ খাব পাৰে৷ কুকুৰক আহাৰ খুওৱা হাতেৰে নিজে খাবও পাৰে৷ তেওঁ বিভিন্ন ঠাইৰ পৰা কেইবাটাও দুর্ঘটনাত পতিত হোৱা বা মানুহৰ দ্বাৰা অত্যাচৰিত গৰাকীবিহীন কুকুৰ উদ্ধাৰ, পৰিচর্যা কৰি সুস্থ কৰি অন্য লোকক গতাই দিছে৷ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে কুকুৰৰ বন্ধ্যাকৰণ, ভেকচিনেচন শিবিৰ৷ মানুহৰ হাতত কুকুৰ নির্যাতন সম্পর্কত কৃষ্ণাক্ষীয়ে কয়– ‘কুকুৰৰ দৰে প্রভুভক্ত, বিশ্বাসী প্রাণী বিৰল৷ কিন্তু বহু লোকে কুকুৰক জোকাই, অনাহকত অত্যাচাৰ কৰে, মাৰপিট কৰে৷ মানুহে কুকুৰক হিংস্র কৰে৷ আনকি বহু লোকে কুকুৰক বিহ দি মাৰে৷ এজন মানুহ এনে কামত লিপ্ত হোৱাটো লজ্জাজনক৷ এই নিমাখিত প্রাণীটোক অনাহকত অত্যাচাৰ কৰিলে ইয়াৰ ফল ভোগ কৰিব লাগিব৷’

কৃষ্ণাক্ষীয়ে ইতিমধ্যে কানাডাৰ ডগ চাইক’লজী চেণ্টাৰ নামৰ এটা প্রতিষ্ঠানৰ পৰা সমগ্র বিশ্বতে ডগ হুইছপাৰ হিচাপে খ্যাত কুকুৰৰ মনোৰোগ বিশেষজ্ঞ চিজাৰ মিলানৰ পৰাও এক প্রশিক্ষণ লৈছে৷ নিজ ঘৰত তেওঁ আগ্রহীসকলৰ বাবে কুকুৰৰ খাদ্য, পৰিচর্যা আদি বিষয়ত প্রতিদিনে আধা ঘণ্টা তেওঁ পৰামর্শ প্রদান কৰে৷ বিজ্ঞানসন্মত কুকুৰৰ প্রতিপালনৰ বাবে তেওঁ প্রশিক্ষণো প্রদান কৰে৷

জীৱ–জন্তুৰ প্রতি সন্মান দিয়া, মৰম প্রদর্শন কৰা, বাটে–পথে ঘূৰি ফুৰা কুকুৰক উদ্ধাৰ কৰি হস্তান্তৰৰ জৰিয়তে গৰাকী আৰু ঘৰ প্রদান কৰাৰ উদ্দেশ্যে ২০১৮ চনৰ পৰা প্রতিবছৰে গুৱাহাটী গীতানগৰত কৃষ্ণাক্ষী শর্মাৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে ডগ ফেশ্বন শ্ব’৷ এই ফেশ্বন শ্ব’ত দেশী–বিদেশী বিভিন্ন কুকুৰক গৰাকীয়ে অৱতীর্ণ কৰি আহিছে৷ ২০২৩ চনত এই ফেশ্বন শ্ব’ত ৰাস্তাই–ঘাটে আঘাতপ্রাপ্ত জীৱ–জন্তুক তাৎক্ষণিক চিকিৎসা প্রদানৰ বাবে এখন এম্বুলেঞ্চ মুকলি কৰা হয়৷ কৃষ্ণাক্ষীৰ পৰিকল্পনা আছে কুকুৰৰ পৰিচর্যা আৰু ৰুগীয়া তথা আঘাতপ্রাপ্ত কুকুৰবোৰৰ চিকিৎসাৰ বাবে এখন বিশেষ চিকিৎসালয় স্থাপন কৰা৷

অকল কুকুৰে নহয়, কৃষ্ণাক্ষী এগৰাকী মানৱদৰদী হিচাপেও পৰিচিত৷ বিশেষকৈ পদপথৰ বাসিন্দাসকলৰ বাবে তেওঁ বিভিন্ন কল্যাণমূলক কাম কৰি আহিছে৷

আনহাতে, কৃষ্ণাক্ষী এগৰাকী পদকাষ্টাৰ হিচাপেও সুনাম গঢ়িছে৷ অসম বুক অৱ ৰেকর্ডছত পডকাষ্টাৰ হিচাপে অসমৰ হৈ প্রথম নাম অন্তর্ভুক্ত হৈছে গুৱাহাটীৰ কৃষ্ণাক্ষী শর্মাৰ৷ ২০২৪ বর্ষৰ মাতৃ দিৱসৰ দিনা ১২গৰাকী মহিলাৰ সৈতে একেলেথাৰিয়ে সাক্ষাৎকাৰ লৈছিল কৃষ্ণাক্ষীয়ে৷ যিকেইটা আছিল প্রেৰণাদায়ক সাক্ষাৎকাৰ৷ তেওঁৰ পডকাষ্টলৈ তেওঁ বিভিন্ন দিশৰ অতিথিসকলক নিমন্ত্রণ কৰে৷ বিশেষকৈ সকলোকে অনুপ্রাণিত কৰিব পৰা কাহিনী বা বিষয় লৈ আলোচনা কৰে কৃষ্ণাক্ষীয়ে৷

সর্বোপৰি কিন্তু কৃষ্ণাক্ষীৰ জীৱন সাৰমেয়ৰ লগত৷ পুৱাৰ পৰা দিনটো ব্যস্ত থাকে সাৰমেয়ৰ লগত৷ বুকুত আঁকোৱালি মৰম কৰে কুকুৰবোৰক৷ কৃষ্ণাক্ষীয়ে প্রকাশ কৰা মতে ‘মই সাৰমেয়ৰ মাজত থাকি এক স্বর্গীয় সুখানুভূতি লাভ কৰোঁ৷ মই যি কাম কৰি আছোঁ সেই কামত অনন্য আনন্দ লাভ কৰোঁ৷ সেয়ে চাকৰি বাদ দি এই কাম কৰি আছোঁ৷’ নিশ্চিতভাৱে শ্রীমন্ত শংকৰদেৱৰ ‘কুকুৰ শৃংগাল গদর্ভৰো আত্মাৰাম’ বাণীক সাৰোগত কৰি কৃষ্ণাক্ষীয়ে এই নিৰীহ প্রাণীবিধৰ বাবে যিখিনি কৰি আছে সেয়া সঁচাকৈ অনন্য৷

ফোনঃ ৯৩৯৪৯–২২৫২৭

You might also like