নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : মটৰচাইকেলেৰে বিশ্ব ভ্রমণ কৰি অভিলেখ গঢ়া মীনাক্ষি দাস

📌 মই বিশ্বৰ প্রতিখন দেশতে বাইক ৰাইডিং কৰিব বিচাৰোঁ

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন : ৮৬৩৮৪–১৪৯৫৪

মটৰচাইকেলেৰে অকলশৰে বিশ্বৰ ৬৪খন দেশ ভ্রমণ কৰি ইতিহাস সৃষ্টি কৰিছে অসম কন্যা মীনাক্ষি দাসে৷ ২০২৩ চনৰ ডিচেম্বৰত এই দুঃসাহসিক অভিযান আৰম্ভ কৰি সম্পূর্ণ এবছৰৰ অন্তত গুৱাহাটীত উপস্থিত হৈছে এইগৰাকী সাহসী আৰু দৃঢ়মনা নাৰী৷ ফিটনেছ প্রশিক্ষক, মহিলা বাইকাৰ আৰু এগৰাকী ইউটিউবাৰ হিচাপে যথেষ্ট জনপ্রিয়তা অর্জন কৰা মীনাক্ষি দাসে প্রতিদিনে ১০ ঘণ্টাকৈ বাইক চলাই বহু কঠিন পৰিস্থিতিৰ মাজেদি এই অসাধ্য সাধন কৰিছে৷ তেওঁ পৰিয়াল আৰু বিভিন্ন লোকৰ পৰা সহায়–সহযোগিতা লাভ কৰাৰ লগতে নিজৰ কঠোৰ পৰিশ্রমৰ বাবে মাত্র এটা বছৰত ৬৫ হাজাৰ কিলোমিটাৰ পথ অতিক্রম কৰি ৬৪খন দেশ ভ্রমণেৰে বিশ্ব অভিলেখ প্রতিষ্ঠা কৰিছে৷ ২০০৪ চনত শৰীৰ চর্চাবিদ, কিক্ বক্সিং আৰু মুৱাইথাইৰ প্রশিক্ষক বেদান্ত ৰাজখোৱাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মীনাক্ষি দাস এগৰাকী কন্যা সন্তানৰ মাতৃ৷ মহানগৰীৰ পাঞ্জাবাৰীৰ বাঘৰবৰীত স্থায়ীভাৱে বসবাস কৰা এইগৰাকী মহিলাই অজস্র প্রত্যাহ্বান নেওচি বিশ্ব অভিলেখ গঢ়িছে৷ তেওঁৰ এই দুঃসাহসিক ভ্রমণৰ বিভিন্ন অজানা কথা পঢ়ুৱৈসকলৰ বাবে আগবঢ়োৱা হ’ল৷

বাইকেৰে বিশ্বৰ অসংখ্য দেশ ভ্রমণ কৰি আপুনি ইতিহাস সৃষ্টি কৰিছে৷ আপোনাৰ জন্মস্থান আৰু শৈশৱ তথা পৰিয়ালৰ বিষয়ে পঢ়ুৱৈসকলক জনাব নেকি?
মোৰ জন্ম গুৱাহাটী মহানগৰীৰ খাৰঘুলিত৷ দেউতা প্রয়াত সম্বৰু দাস আৰু মা হিৰণ্ময়ী দাস৷ খাৰঘুলিৰ প্রাকৃতিক আৰু নৈসর্গিক সৌন্দর্যৰ মাজত মই শৈশৱ অতিবাহিত কৰিছেছা৷ উদয়গিৰি ইংলিছ স্কুলত মই স্কুলীয়া জীৱন সমাপ্ত কৰাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছেছা৷ খাৰঘুলিৰ পাহাৰীয়া বাট–পথত খেলা–ধূলা কৰি শৈশৱ কটোৱা বাবে শাৰীৰিক আৰু মানসিকভাৱে নিজকে শক্তিশালী কৰি তুলিছিলোঁ৷ যাৰ বাবে হয়তো মই এনে কঠিন ভ্রমণ সম্পূর্ণ কৰিবলৈ সক্ষম হৈছোঁ৷

এগৰাকী মহিলা হোৱা সত্ত্বেও আপুনি মটৰচাইকেলেৰে সাত সাগৰ তেৰ নদী পাৰ হৈ বিশ্ব জয় কৰিলে৷ আপুনি কিদৰে বাইক চালনাৰ প্রতি আকর্ষিত হ’ল?
মই বহুদিন আগৰ পৰাই স্কুটী চলাইছেছা যদিও ২০১৯ চনৰ পৰাহে বাইক চলাবলৈ লৈছেছা৷ সেইবছৰতে মই পৃথিৱীৰ আটাইতকৈ সুউচ্চ স্থান লাডাখৰ উমলিং লা পাছ ভ্রমণ কৰি অভিলেখ গঢ়িছিলোঁ৷ কিয়নো সেই উচ্চতালৈ বাইক চলাই যোৱা মই ভাৰতৰ দ্বিতীয় আাৰু উত্তৰ–পূর্বাঞ্চলৰ প্রথম মহিলা ৰাইডাৰ৷ আচলতে মই কেতিয়া মটৰচাইকেলৰ প্রতি আকর্ষিত হ’লোঁ গমেই নাপালোঁ৷

এগৰাকী মহিলাৰ বাবে বাইকেৰে বিশ্ব ভ্রমণ কৰাটো অতিশয় কষ্টকৰ আৰু বিপদসংকুল৷ ইয়াৰ পিছতো আপুনি কিয় এই দুঃসাহসিক অভিযান হাতত ল’লে?
২০২২ চনত মই ইণ্ডো–নেপাল ফ্রেইণ্ডশ্বিপত অংশগ্রহণৰ বাবে বাইকেৰে নেপাললৈ গৈছিলোঁ৷ এগৰাকী মহিলা ৰাইডাৰে এইদৰে সুদীর্ঘ পথ অতিক্রম কৰি নেপাললৈ যোৱা বাবে মোৰ সাহস দেখি তাত মোক বহুতে প্রশংসা কৰিছিল৷ তাৰ পৰা উভতি অহাৰ সময়ত মই ইয়াতকৈও দীঘলীয়া ভ্রমণ কৰাৰ সংকল্প লৈছিলোঁ৷ ইয়াৰ পৰিণতিতে মই বিশ্বৰ বিভিন্ন দেশ ভ্রমণৰ সিদ্ধান্ত লৈছিলোঁ৷

ইতিহাস সৃষ্টিকাৰী এই ভ্রমণকালত আপুনি বিশ্বৰ কিমানখন দেশ ভ্রমণ কৰিলে?
বিগত বর্ষৰ ডিচেম্বৰৰ পৰা এই বছৰৰ ডিচেম্বৰলৈ মই সম্পূর্ণ এবছৰত বিশ্বৰ ৬৪খন দেশ বাইকেৰে ভ্রমণ কৰিছেছা৷ এই ভ্রমণকালত মই মধ্যপ্রাচ্য, ইউৰোপ, ইউ কে, ৰাছিয়া, চীনৰ লগতে দক্ষিণ এছিয়াৰ বিভিন্ন দেশ ভ্রমণ কৰিছোঁ৷ অৱশ্যে যুদ্ধ চলি থকা বাবে মই ইৰাকলৈ যাব নোৱাৰিলোঁ৷ দেশখনৰ ভিছাৰ বাবে মই কিছুদিন অপেক্ষা কৰিছিলোঁ যদিও নিৰাপত্তাজনিত কাৰণত তেওঁলোকে মোক ভিছা প্রদান নকৰিলে৷

আপুনি পৃথিৱীৰ ৬৪খন দেশ বাইকেৰে ভ্রমণ কৰি বিপুল অভিজ্ঞতা আহৰণ কৰিলে৷ ইয়াৰ ভিতৰত কোনখন দেশ ভাল লাগিল অথবা বেয়া লাগিল?
মই বিগত এবছৰত এছিয়াৰ পৰা ইউৰোপলৈ অসংখ্য দেশ ভ্রমণ কৰি অজস্র মানুহক লগ পালোঁ৷ এই সকলোবোৰ লোকেই মোৰ বাবে আছিল অপৰিচিত৷ প্রতিখন দেশৰ বিভিন্ন ধর্মৰ লোকৰ পৰা মই যি মৰম– আদৰ–সহযোগিতা লাভ কৰিলোঁ সেয়া সঁচাকৈয়ে আশ্চর্যকৰ৷ তেওঁলোকৰ সহায় নহ’লে হয়তো এই অসাধ্য সাধন নহ’লহেঁতেন৷ হিন্দু, মুছলমান, খ্রীষ্টিয়ান আদি সকলো ধর্মৰে পৰিয়ালত মই নিশা কটাইছোঁ৷ যিয়ে মোক থকাৰ বাবে আৰু খাবলৈ প্রস্তাৱ দিছে তেওঁলোকৰ ঘৰলৈকে মই গৈছোঁ আৰু তাতেই জিৰণি লৈছোঁ৷ এই সময়ছোৱাত মোৰ মটৰচাইকেলৰ কিছু বিজুতি আৰু দুই–এটা দুর্ঘটনাৰ বাহিৰে কোনো দেশতে বেয়া বা তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা নাই৷

এই সুদীর্ঘ সময়ছোৱাত আপুনি যিবোৰ পৰিস্থিতিৰ সন্মুখীন হ’ল সেইবোৰ নিশ্চয় সদায় মানসপটত সজীৱ হৈ থাকিব৷
এই দীঘলীয়া অভিযানত বিপদ যিদৰে আছিল তেনেদৰে বহু ৰোমাঞ্চকৰ ঘটনাৰো সাক্ষী হৈ থাকিলোঁ৷ মোৰ ভ্রমণকালত নৰৱেৰ’Nordkapp’ত উপস্থিত হোৱাটো মোৰ বাবে সদায় স্মৰণীয় হৈ থাকিব৷ কাৰণ এই কেপটো হৈছে পৃথিৱীৰ ভূমিৰ উত্তৰ দিশৰ অন্তিম প্রান্ত৷ ইয়াৰ পিছত কেৱল সাগৰ আৰু পানী৷ তালৈ যোৱাৰ সুযোগ জীৱনত অতি কমসংখ্যকৰ বাবেহে আহে৷ আনকি নৰৱেৰ যুৱকসকলেও মটৰচাইকেলেৰে তালৈ যোৱাৰ সাহস নকৰে৷ মোক তালৈ যাবলৈ বহুতে বাধা দিছিল যদিও মই ঠাইখিনিৰ বিষয়ে জনাৰ পিছত তালৈ যাবলৈ অধিক আগ্রহী হৈ পৰিছিলোঁ৷ অৱশেষত পৃথিৱীৰ শেষ প্রান্তৰ মাটিত উপস্থিত হৈ মই আৱেগ ধৰি ৰাখিব পৰা নাছিলোঁ আৰু কান্দি পেলাইছিলোঁ৷ তাত মই অসমৰ জাতীয় স্বাভিমান গামোচা উৰুৱাই আনন্দ কৰিছিলোঁ৷ সেই মুহূর্তটো মোৰ বাবে সদায় স্মৰণীয় হৈ থাকিব৷

অসমৰ ছোৱালীয়ে এতিয়াও মটৰচাইকেল চলোৱাটো সমাজৰ বহু লোকে সহজভাৱে নলয়৷ আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হৈছিল নেকি? নতুন মহিলা বাইকাৰসকলক আপুনি কি ক’ব?
মহিলাসকলে বাইক চলালে আজিও বহু লোকে ভাল চকুৰে নাচায়৷ ময়ো তেনে লোকৰ পৰা বহু কথা শুনিবলগীয়া হৈছিল৷ মোক সকলোৱে এজনী উৎপতীয়া আৰু দন্দুৰী ছোৱালী বুলিয়েই কৈছিল৷ কিন্তু তেওঁলোকৰ কথালৈ মই কেতিয়াও ভ্রূক্ষেপ কৰা নাছিলোঁ৷ এতিয়া মই অভিযান সমাপ্ত কৰি উভতি অহাৰ পিছত সেইসকল লোকেই মোক প্রশংসা কৰিছে৷ আচলতে তেওঁলোকৰ কটু মন্তব্যই মোৰ মনত এক জেদৰ সৃষ্টি কৰিছিল৷ সেই জেদৰ বাবেই মই এনে দুঃসাহসিক অভিযানৰ পৰিকল্পনা কৰিছিলোঁ৷ নতুন মহিলা বাইকাৰসকলক মই ইয়াকেই ক’ব বিচাৰোঁ যে তেওঁলোকে প্রয়োজনীয় নীতি–নিয়ম মানি বাইক চলাওক৷ বহু মহিলাই নীতি–নিয়ম উলংঘা কৰি বাইক চলোৱাৰ অভিযোগ শুনা যায়৷ আনহাতে তেওঁলোকে আনৰ কথালৈ মন দিয়াৰ প্রয়োজন নাই৷ যি কৰিবৰ মন যায় নিজৰ ইচ্ছা অনুসৰি কৰি যাব লাগে৷

এনে দুঃসাহসিক অভিযানত সকলোৱে একোটা শ্ল’গান হিচাপে লয় আৰু ইয়াৰ জৰিয়তে সমাজক বার্তা দিব বিচাৰে৷ আপুনি তেনে শ্ল’গান লৈছিল নেকি?
মোৰ এই অভিযানৰ মূল লক্ষ্য আছিল ‘মহিলাৰ সবলীকৰণ’৷ মহিলাসকলে সিদ্ধান্ত ল’ব পাৰে৷ তেওঁলোকৰ সাহস আৰু ধৈর্যশক্তি পুৰুষতকৈও অধিক৷ তদুপৰি মোৰ আন এক লক্ষ্য আছিল যে সকলো লোকেই মহিলাসকলক সন্মান কৰক৷ মই বহু অজান ঠাইত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছোঁ৷ কেতিয়াবা খাবলৈ পোৱা নাই৷ কেতিয়াবা দুর্ঘটনাৰ সন্মুখীন হৈছোঁ৷ কিন্তু সেই সকলো প্রত্যাহ্বান নেওচি মই সফল হ’ব পাৰিছোঁ৷ এই অভিযানৰ জৰিয়তে মই এই বার্তাকে দিব বিচাৰোঁ যে আত্মবিশ্বাসী মহিলাসকলে কৰিব নোৱাৰা কাম এই পৃথিৱীত একো নাই৷

আমাৰ সমাজৰ মহিলাসকলে এদিন ঘৰ অথবা পৰিয়ালৰ পৰা আঁতৰি থকাটোৱে বহুত ডাঙৰ কথা৷ আপুনি বছৰজোৰা এক দীর্ঘ পৰিক্রমা ঘৰ–পৰিয়ালৰ পৰা আঁতৰি আছিল৷ এইক্ষেত্রত আপোনাৰ ডাঙৰ প্রত্যাহ্বান কি আছে?
মোৰ মাৰ যথেষ্ট বয়স হৈছে আৰু তেওঁ অসুস্থ৷ মাক উভতি আহি পুনৰ দেখা পাম নে নাপাম সেইটোৱে চিন্তাৰ বিষয় আছিল৷ তেনে অৱস্থাত মই মাক এইপ্রকাৰ মিছা কথা কৈ এই অভিযানৰ বাবে প্রস্তুত হৈছিলোঁ৷ মাক কেৱল নেপাললৈ যাম বুলি কৈছিলোঁ৷ ইমান দীঘলীয়া অভিযান বুলি ক’লে হয়তো মায়ে বাধা প্রদান কৰিলেহেঁতেন৷ ভগৱানক ধন্যবাদ যে মই উভতি আহি মাক দেখা পাইছোঁ৷ ইপিনে, আমাৰ কন্যা এতিয়া দশম শ্রেণীৰ ছাত্রী৷ এই সময়ত মাতৃ হিচাপে মই তেওঁৰ ওচৰত থকা অতিশয় প্রয়োজনীয় আছিল৷ কিন্তু মই তাইৰ মেট্রিক পৰীক্ষা শেষ হোৱালৈ অপেক্ষা কৰিলে বহুত পলম হৈ যাব৷ হয়তো মোৰ শৰীৰেও পিছৰফালে অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ অৱশ্যে তেওঁ মোক বাধা প্রদান কৰা নাছিল৷ কেৱল তাই কৈছিল– ‘মা তুমি নমৰিবা৷ ভালে ভালে উভতি আহা’৷ আনহাতে মই তাইক কৈছিলোঁ তুমি ভালদৰে পঢ়ি ভাল ফলাফল দেখুৱাব পাৰিলে মোৰ এই কষ্ট সার্থক হ’ব৷ মোৰ স্বামী এগৰাকী শৰীৰচর্চাবিদ হোৱা বাবে তেওঁ মোক একে আষাৰে এই অভিযানৰ প্রতি সঁহাৰি জনাইছিল৷ তথাপি এবছৰ ঘৰ–পৰিয়াল এৰি অভিযানলৈ যোৱাটো মোৰ বাবে আছিল এক অন্যতম প্রত্যাহ্বান৷

এবছৰীয়া ভ্রমণকালত আপোনাক নিশ্চয় বহু অর্থৰ প্রয়োজন হৈছে৷ এই অভিযানত আপোনাৰ বাজেট কিমান আছিল? প্রয়োজনীয় অর্থৰ আপুনি কিদৰে জোৰা মাৰিছিল?
এটি মধ্যবিত্ত সাধাৰণ পৰিয়ালৰ জীয়াৰী আৰু বোৱাৰী মই৷ সেইবাবে এনে এক দীঘলীয়া ভ্রমণৰ বাবে প্রয়োজন হোৱা অর্থ জমা কৰাটো আমাৰ বাবে যথেষ্ট কঠিন আছিল৷ কাৰণ এই অভিযানৰ পূর্বে আমাৰ প্রাৰম্ভিক বাজেট আছিল প্রায় ৫৪ লাখ টকা৷ কিন্তু কিছুমান ঠাইত বাইকখন ফ্লাইটত নিবলগীয়া হোৱাত বাজেট অধিক বৃদ্ধি পাইছিল৷ ইয়াৰ বাবে প্রথমতে মোক এখন বাইকৰ প্রয়োজন আছিল৷ প্রায় ২ লাখ ৬০ হাজাৰ টকাৰে মই পালছাৰৰ ডমিনাৰ বাইকখন ক্রয় কৰিছিলোঁ৷ কিয়নো ইমান দীঘলীয়া ভ্রমণৰ বাবে এখন ভাল বাহনৰ প্রয়োজন৷ মই কিছু চাপৰ হোৱা বাবে এইখন বাইকেৰে ভ্রমণ কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ প্রয়োজনীয় ধনৰ জোৰা মাৰিবলৈ আমি গাঁৱৰ খেতিপথাৰৰ মাটি বিক্রী কৰিছিলোঁ৷ মাটি বিক্রী কৰি লাভ কৰা টকাও মই এই অভিযানত ব্যয় কৰিছিলোঁ৷ অৱশ্যে ভ্রমণৰ সময়ছোৱাত বাহিৰৰ লোকৰ পৰা যথেষ্ট সহায় পাইছিলোঁ৷ বিভিন্ন দেশত থকা প্রবাসী ভাৰতীয়সকলৰ উপৰি সেই দেশবোৰৰ লোকসকলেও মোক আর্থিকভাৱে আৰু বিভিন্ন ধৰণে সাহায্য আগবঢ়াইছিল৷ মোক সহায় কৰা প্রতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাব বিচাৰোঁ৷ হয়তো তেওঁলোকৰ সহায় নহ’লে মোৰ অভিযান অসম্পূর্ণ হৈ থাকিলহেঁতেন৷

এই দীঘলীয়া ভ্রমণকালত আপুনি বহু প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ আনকি কোনোবা এখন দেশত দুর্ঘটনাতো পতিত হৈছিল৷ এই বিষয়ে ক’ব নেকি?
আর্মেনিয়াত মই এক অবাঞ্ছিত ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ আর্মেনিয়াৰ ৰাজধানীৰ পৰা সীমান্ত পাৰ হৈ জর্জিয়ালৈ গৈ থকা সময়ত হঠাতে অহা বৰফৰ ধুমুহাই মোক আচ্ছন্ন কৰি পেলাইছিল৷ মই গৈ থকা সময়তে চৌদিশ আৰু পথটোও বৰফেৰে ঢ়াক খাই পৰিছিল৷ হঠাতে মোৰ বাইকখন বাগৰি বহুদূৰ পিছলি গ’ল৷ মোৰ অৱস্থা দেখি দুই–এজন লোক আগবাঢ়ি আহিছিল যদিও বেয়া বতৰ আৰু বৰফৰ বাবে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছিল৷ মোৰ বাইকৰ পিছফালৰ ব্রেক ছিঙি গৈছিল৷ উপায়বিহীন হৈ মই আর্মেনিয়াৰ ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিলোঁ৷ তেওঁলোক আহি মোক উদ্ধাৰ কৰিলে যদিও মই ভঙা ব্রেকেৰেই জীৱন আৰু মৃত্যুৰে খেলি খেলি প্রায় ২৫ কিলোমিটাৰ বাইক চলাই নিৰাপদ স্থানত উপস্থিত হৈছিলোঁ৷ মই সেই ঠাইৰ পৰা জীৱন্তে উভতি আহিব পাৰিম বুলি কেতিয়াও ভবা নাছিলোঁ৷ কিন্তু ভগবানৰ কৃপাদৃষ্টি আৰু ভগৱানৰূপী কিছুমান লোকৰ বাবে মই নিৰাপদে ভ্রমণ সম্পূর্ণ কৰিবলৈ সক্ষম হ’লোঁ৷

বিশ্বৰ কেইবাখনো দেশত এতিয়া যুদ্ধই বিভীষিকাৰ সৃষ্টি কৰিছে৷ আপুনি হয়তো যুদ্ধবিধ্বস্ত কেইবাখনো দেশলৈ যাব নোৱাৰিলে৷ সেই দুখ থাকি গ’ল নেকি?
হয়, সম্প্রতি ইৰাক, ইউক্রেইন আদিত দীর্ঘদিনীয়া যুদ্ধ অব্যাহত আছে৷ সেইবাবে মই ইৰাক, ইউক্রেইন, বেলাৰুছ আদিলৈ যাব নোৱাৰিলোঁ৷ ইৰাকত ভিছাৰ বাবে বহুদিন অপেক্ষা কৰিলোঁ যদিও ভিছা পাবলৈ সক্ষম হ’লোঁ৷ নিৰাপত্তাজনিত কাৰণৰ বাবে ইৰাকত সোমাবলৈ ১১ দিন অপেক্ষা কৰিও ভিছা নাপালোঁ৷ ছিৰিয়া, লেবাননত যুদ্ধ চলি থাকিলেও যাব বিচাৰিছিলোঁ যদিও গৃহযুদ্ধৰ বাবে যাব নোৱাৰিলো৷ একেই পৰিস্থিতিৰ বাবে মই ইউক্রেইন আৰু বেলাৰুছলৈ যোৱা নহ’ল৷ মই ৬৭খন দেশ ভ্রমণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ যদিও সেয়া সম্ভৱ নহ’ল৷ কিন্তু মই সেই আশা এতিয়াও বাদ দিয়া নাই৷ এদিন নিশ্চয় যুদ্ধ কমিব আৰু মই সেই দেশবোৰলৈ পুনৰ যাবলৈ চেষ্টা কৰিম৷

এই ভ্রমণকালত আপুনি হাজাৰ হাজাৰ কিলোমিটাৰ বাইক চলাইছে৷ এই সময়ছোৱাত মটৰচাইকেলখনে অসুবিধাৰ সৃষ্টি কৰিছিল নেকি?
স্বাভাৱিকভাৱেই বাইকখনে কেইবাবাৰো বিজুতিৰ সৃষ্টি কৰিছিল৷ ৰাছিয়া ভ্রমণৰ সময়ত মোৰ বাইকৰ ইঞ্জিন সম্পূর্ণৰূপে বিকল হৈ পৰিছিল৷ মস্কোলৈ গৈ থকা সময়ত মোৰ বাইকৰ ইঞ্জিন সম্পূর্ণৰূপে বেয়া হৈছিল৷ মোৰ বাইকখন পালছাৰ তথা ইণ্ডিয়ান কোম্পানী হোৱা বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ৷ কিন্তু স্থানীয় লোকৰ সহায়ত মই ইঞ্জিন সলনি কৰি পুনৰ যাত্রা আৰম্ভ কৰিবলৈ সক্ষম হৈছিলোঁ৷

ভ্রমণকালত নতুন নতুন ঠাইবোৰ কিদৰে চিনাক্ত কৰিছিল? গুগলৰ সহায় লৈছিল নে আগতীয়াকৈ জানি লৈছিল?
মই গুগল মেপৰ পৰা ঠাইবোৰৰ অনুসন্ধান কৰিছিলোঁ৷ মোৰ সেই ঠাইবোৰৰ প্রতি কোনো ধাৰণাই নাছিল৷ গুগল মেপে মোক যথেষ্ট সহায় কৰিছিল৷ অৱশ্যে কেতিয়াবা হেৰাই গৈছিলোঁ৷ মই হেৰাই গ’লে আনন্দও পাইছিলোঁ৷ কাৰণ মই জানিছিলোঁ অৱশেষত বিচৰা ঠাইত উপস্থিত হ’ব নিশ্চয় পাৰিম৷

বিদেশত থকা প্রবাসী অসমীয়াসকলে আপোনাক কিদৰে সহায় কৰিছিল?
বিদেশত থকা অসমীয়াসকলে মোক যিদৰে সহায় কৰিছিল, সেই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ৷ তেওঁলোকে মোক আর্থিকভাৱে যথেষ্ট সহায় কৰিছিল৷ এইসকল অসমীয়াৰ পদূলিত অসমৰ নম্বৰ প্লেট থকা বাইকখন উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে ঢ়োল–পেঁপা বজাই মোক আদৰিছিল৷ আনন্দত তেওঁলোকৰ চকুপানী ওলাই আহিছিল৷ সেই মুহূর্ত মোৰ সদায় স্মৰণীয় হৈ থাকিব৷

আপোনাৰ ৰাইডিং বুটযোৰ এটা শ্ব’ৰুমত স্মৃতি হিচাপে ৰখা বুলি জানিব পাৰিছোঁ৷ এই বিষয়ে অলপ কওকচোন৷
সঁচাকৈয়ে মই এক আশ্চর্যকৰ ঘটনাৰ সন্মুখীন হৈছিলোঁ৷ ছুইডেন তথা নর্ডানকেপৰ আটাইতকৈ বিখ্যাত হার্লি ডেভিছনৰ শ্ব’ৰুমত মোৰ জৰাজীর্ণ বুটযোৰ স্মৃতি হিচাপে সজাই ৰাখিছে৷ ইতিমধ্যে বতাহ–বৰষুণত মোৰ ৰাইডিং বুটযোৰ বিধ্বস্ত হৈ পৰিছিল৷ কিন্তু সেই শ্ব’ৰুমৰ স্বত্বাধিকাৰীগৰাকীয়ে স্ব–ইচ্ছাই মোৰ বুটযোৰ তেওঁৰ প্রতিষ্ঠানত সজাই ৰখাৰ প্রস্তাৱ দিলে আৰু তেওঁৰ প্রয়াত পত্নীৰ ৰাইডিং বুটযোৰ মোক উপহাৰ দিলে৷ তেওঁৰ পত্নীও এগৰাকী বাইক ৰাইডাৰ আছিল আৰু কর্কট ৰোগত মৃত্যুমুখত পৰিছিল৷ তেওঁ আশা কৰিছিল বুটযোৰ মই পিন্ধি গ’লে মৃত পত্নীয়ে মোৰ লগত পুনৰ ৰাইডিং কৰিব৷ এই ঘটনাটি মোৰ বাবে একপ্রকাৰ এৰাব নোৱৰা স্মৃতি৷

এগৰাকী অসমীয়া মহিলা হিচাপে আপুনি অসম তথা অসমৰ স্বাভিমানক বিশ্ব দৰবাৰত কিদৰে চিনাকি দিছিল?
মহিলা সবলীকৰণ, বিশ্ব ভ্রাতৃত্ববোধ আৰু শান্তিৰ লগতে মোৰ এই যাত্রাৰ অন্যতম লক্ষ্য আছিল অসম আৰু অসমীয়াৰ স্বাভিমানক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰা৷ সেইবাবে মই লগত এখন গামোচা আৰু ভাৰতৰ ৰাষ্ট্রীয় পতাকা লৈ গৈছিলোঁ৷ যিখন দেশতে সোমাইছোঁ তাতেই মই আমাৰ স্বাভিমান গামোচাখন উৰুৱাইছোঁ৷ মই বাইকখনতো জয় আই অসম বুলি লিখি লৈ গৈছিলোঁ৷ অসমৰ চাহৰ বিষয়ে বাহিৰৰ মানুহবোৰক কৈছোঁ৷ উত্তৰ–পূর্বাঞ্চললৈ তেওঁলোকক নিমন্ত্রণ কৰিছোঁ৷

এগৰাকী দুঃসাহসী মহিলা হিচাপে নতুন প্রজন্মৰ মহিলাসকলক কি পৰামর্শ দিব?
আত্মবিশ্বাস ৰাখি আগুৱাই যোৱা৷ আনৰ কথাত ব্যতিব্যস্ত নহ’বা৷ নিজৰ কামত মনোনিৱেশ কৰা৷ এদিন সফল হ’বাই৷

আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা কি?
সুবিধা পালেই পৃথিৱীৰ সকলোবোৰ দেশলৈ যাম৷ বিশ্বৰ এনে এখন দেশ নাথাকিব, য’ত মোৰ বাইকৰ চকা নুঘূৰিব৷ ইয়াৰ বাবে লাগিব ভগৱানৰ কৃপা আৰু ৰাইজৰ আশীর্বাদ৷

You might also like