নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ৰজোনিবৃত্তি আৰু আয়ুর্বেদ

ডাঃ নেকিব হুছেইন

ৰজোনিবৃত্তি (Menopause) হৈছে এটি স্বাভাৱিক জীৱনচক্র, য’ত মহিলাৰ ডিম্বাশয়ৰ কার্যক্ষমতা বন্ধ হয় আৰু মাহেকীয়া ৰজস্রাৱ স্থায়ীভাৱে বন্ধ হয়৷ সাধাৰণতে, এই পর্যায় ৪৫–৫৫ বছৰ বয়সৰ ভিতৰত সংঘটিত হয়৷ ৰজোনিবৃত্তিৰ সময়ত অন্ততঃ ১২ মাহৰ বাবে ৰজস্রাৱ বন্ধ হৈ থাকে৷ ৰজোনিবৃত্তিৰ পূর্বৰ সময়সীমাক পেৰি ৰজোনিবৃত্তি/পেৰিমেন’পজ Perimenopause) বুলি কোৱা হয়৷ এই সময়ছোৱাত হৰম’নৰ পৰিৱর্তন হয়, যাৰ ফলত অনিয়মিত মাহেকীয়া, হট ফ্লাস/উৎকট গৰম লগা আৰু মানসিক পৰিৱর্তন দেখা যায়৷

ৰজোনিবৃত্তিৰ কাৰণসমূহ যদি বিশ্লেষণ কৰো তেন্তে তলত দিয়া কাৰণবোৰ মুখ্য

১৷ ডিম্বাশয়ৰ প্রাকৃতিক বয়সজনিত ক্ষয়ঃ সাধাৰণ প্রাকৃতিক প্রক্রিয়া৷

২৷ চিকিৎসাজনিত ৰজোনিবৃত্তিঃ ডিম্বাশয়/জৰায়ু অপসাৰণৰ অস্ত্রোপচাৰ (ophorectomy/ Hysterectomy— বা কেম’থেৰাপী৷

৩৷ অকাল ৰজোনিবৃত্তিঃ ৪০ বছৰৰ আগত হোৱা হৰম’নৰ অভাৱ৷

ৰজোনিবৃত্তিৰ লক্ষণসমূহ কি কি চাওঁ আহক
১৷ মাহেকীয়াৰ অনিয়মিয়তাঃ মাহেকীয়াৰ সময় আৰু প্রৱাহ অনিয়মিত হৈ পৰে৷

২৷ হট ফ্লাসঃ হঠাতে শৰীৰত তাপ বৃদ্ধি পোৱা, মুখ আৰু গল ৰঙা হৈ যোৱা, হাত–ভৰিৰ তল গৰম হোৱা৷

৩৷ টোপনিৰ সমস্যাঃ অনিদ্রা বা তৰল টোপনি৷

৪৷ মানসিক পৰিৱর্তনঃ মুডৰ সলনি, উদ্বেগ, খিংখিঙীয়া স্বভাৱ আৰু ডিপ্রেচন৷

৫৷ যৌন সমস্যাঃ যোনিমুখ শুকান হোৱা, যৌন আকাংক্ষা হ্রাস৷

৬৷ দীর্ঘম্যাদী সমস্যাসমূহঃ শৰীৰত ইষ্ট্রোজেনৰ পৰিমাণ কমি যোৱাৰ ফলত
–হাড়ৰ দুর্বলতা (অষ্টি’প’ৰ’ছিছ)৷
–হৃদৰোগৰ আশংকা বৃদ্ধি পায়৷

কিছুমান মহিলাৰ টেষ্টচটেৰন হৰম’ন বৃদ্ধি হ’লে মুখত নোম বৃদ্ধি পায় যাক ৰজোনিবৃত্তি হিৰচুটিছিম কোৱা হয়৷
পৰীক্ষা কি কি কৰিব পাৰি ৰজোনিবৃত্তিত
১৷ পেলভিক পৰীক্ষা আৰু আল্ট্রাছাউণ্ড৷
২৷ মেমোগ্রাফী আৰু পেপ স্মিয়াৰ৷
৩৷ হাডৰ ঘনত্ব পৰীক্ষা (one Density Test—৷
৪৷ SH, LH, Oestrogen, Lipid profile, RBS, HB%.

আয়ুর্বেদিক দৃষ্টিকোণ আৰু চিকিৎসা
আয়ুর্বেদ মতে, মেন’পজ বা ৰজোনিবৃত্তি হৈছে বয়সৰ সৈতে পিত্ত আৰু বায়ু দোষৰ বেছি সক্রিয়তাৰ ফলত হোৱা পৰিৱর্তন৷ আয়ুর্বেদৰ চিকিৎসাৰ লক্ষ্য হৈছে দেহৰ দোষসমূহৰ সমতা স্থাপন আৰু লক্ষণসমূহ হ্রাস কৰা৷
১৷ চিকিৎসাৰ মূলনীতি
–দেহৰ অগ্নি (etabolism— সঠিক ৰখা৷
–পিত্ত আৰু বায়ু দোষৰ নিয়ন্ত্রণ৷
–দেহৰ শক্তি আৰু মানসিক স্থিৰতা বৃদ্ধিৰ ওপৰত গুৰুত্ব৷
২৷ ঔষধঃ কিছুমান বৈজ্ঞানিকভাৱে প্রমাণিত আয়ুর্বেদিক ingle herb জোনিবৃত্তিত ব্যৱহাৰ কৰা হয়৷
–অশ্বগন্ধা (shwagandha—: মানসিক উদ্বেগ আৰু দেহৰ ক্লান্তি কমায়৷
–শতাৱাৰী (hatavari— : হৰম’নৰ সাম্য বজাই ৰাখে আৰু যৌন স্বাস্থ্য উন্নত কৰে৷
–ব্রাহ্মী (rahmi—: মানসিক স্থিৰতা আৰু মনোযোগ বৃদ্ধি কৰে৷ হট ফ্লাস কম কৰাত সহায় কৰে৷
–গুগ্গুুলু (guggulu—: অষ্টি’প’ৰ’ছিছ আৰু জয়েণ্ট পেইনৰ বাবে উপকাৰী৷
–ত্রিফলা (riphala—: পাচনত সহায় কৰে আৰু দেহৰ টক্সিন দূৰ কৰে৷
–অর্জুনা (rjuna—: হৃদৰোগৰ আশংকা হ্রাস কৰে৷
বিঃ দ্রঃ উপৰিউক্ত মেডিচিনবোৰ আয়ুর্বেদিক প্রসূতি আৰু স্ত্রীৰোগ বিশেষজ্ঞৰ পৰামর্শ লৈ ব্যৱহাৰ কৰিব৷
৩৷ আয়ুর্বেদিক পঞ্চকর্মা থেৰাপী
–অভ্যংগ (bhyanga—: আয়ুর্বেদিক তেল মাছাজে দেহৰ বায়ু দোষ নিয়ন্ত্রণ কৰে আৰু হাডৰ শক্তি বৃদ্ধি কৰে লগতে হট ফ্লাস আদিৰ তীব্রতা কমাই দিয়ে৷
–শিৰোধাৰা (hirodhara—: মানসিক উদ্বেগ আৰু ডিপ্রেচন দূৰ কৰে৷ ইয়াৰ উপৰি কিছুমান আয়ুর্বেদিক স্থানিক চিকিৎসা যেনে যোনি পিচু, উত্তৰাবস্তি আদি লক্ষণবিশেষে ব্যৱহাৰ কৰা হয়৷
৪৷ আহাৰ আৰু জীৱনধাৰণ
কি কি খাব লাগে
–কেলচিয়াম আৰু ভিটামিন ডিযুক্ত খাদ্য৷
–দুগ্ধজাতীয় পদার্থ, বাদাম আৰু বীজ (যেনে সৰুজবীজ(unflower seed)
–চয়াবিন(oyabean— যথেষ্ট পৰিমাণে খাব লাগে, চয়াবিনত প্রাকৃতিক ফাইটো ইষ্ট্রোজেন বেছি থাকে কাৰণে প্রতিদিন ১০০ গ্রাম খাব লাগে৷
–সতেজ ফলমূল আৰু সেউজীয়া শাক–পাচলি৷
–গৰম পানীয় (যেনে– আদাৰ চাহ)৷

কি কি খাদ্য বর্জন কৰিব লাগে
–তীব্র মচলা খাদ্য (picy Food—৷
–কফী, চাহ আৰু ধূমপান৷

৫৷ যোগ আৰু ধ্যান
যোগাসনঃ সূর্য নমস্কাৰ, বজ্রাসন আৰু সৱাসন৷
প্রাণায়ামঃ অনুলোম–বিলোম আৰু ভ্রমৰী প্রাণায়াম৷

আয়ুর্বেদিক পদ্ধতিত মেন’পজৰ বা ৰজোনিবৃত্তিৰ লক্ষণসমূহ প্রাকৃতিকভাৱে হ্রাস কৰিবলৈ সহায় কৰা হয়৷ সঠিক আহাৰ, নিয়মীয়া যোগ–ব্যায়াম আৰু আয়ুর্বেদিক ঔষধৰ সংমিশ্রণে দেহৰ স্বাস্থ্য সুৰক্ষিত ৰখা সম্ভৱ৷ মেন’পজক বা ৰজোনিবৃত্তিৰ জীৱনৰ এটি নতুন অধ্যায় ৰূপে গ্রহণ কৰি সুস্থ আৰু শান্তিপূর্ণ জীৱন অতিবাহিত কৰা উচিত৷

লেখক প্রসূতি আৰু স্ত্রীৰোগ বিশেষজ্ঞ

You might also like