সুকন্যা : নার্ছাৰীৰে আত্মসংস্থাপনৰ বাট মুকলি ছিপাঝাৰৰ পখিলা বৰাৰ
ৰঞ্জিত কুমাৰ নাথ
এগৰাকী মহিলা হৈও সম্পূর্ণ ব্যৱসায়িক মনোভাৱেৰে নার্ছাৰী স্থাপন কৰি নিজে সংস্থাপিত হোৱাৰ উপৰি প্রত্যক্ষ আৰু পৰোক্ষভাৱে কর্মসংস্থাপন সৃষ্টি কৰি দহৰ বাবেও উপার্জনৰ এটা পথ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ছিপাঝাৰৰ পখিলা বৰা নাথ নামৰ মহিলাগৰাকীয়ে৷ কর্মসংস্কৃতিৰ নিদর্শনেৰে জীৱন বাটত খোজ দিয়া পখিলা বৰা নাথে প্রথমতে ছিপাঝাৰৰ বালিপাৰাস্থ নিজৰ গৃহৰ চৌহদতে এখন নার্ছাৰী স্থাপন কৰাৰ পিছত বিগত বছৰটোত পোন্ধৰ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত এটা বিক্রী কেন্দ্র খুলি এগৰাকী মহিলাৰ মনত নিহিত হৈ থকা উদ্যমিতাকো বাস্তৱিকতে প্রমাণ কৰি দেখুৱাব পাৰিছে৷
লক্ষণীয় যে স্বামী এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক হোৱাৰ পিছতো এক বিলাসী জীৱন আঁকোৱালি লোৱাৰ পৰিৱর্তে পখিলা বৰা নাথে ফুল আৰু ফলৰ পুলিৰ মাজেৰেই জীৱন অন্বেষণ কৰি নিজৰ ভৰিত থিয় দিয়াৰ মনোভাৱেৰে এনেদৰে ব্যৱসায়ত নিয়োজিত কৰিছে৷ যিটো নিঃসন্দেহে এক নিদর্শন৷ উল্লেখযোগ্য যে ছিপাঝাৰৰ বালিপাৰাৰ শিক্ষক মুকুল নাথৰ পত্নী পখিলা বৰা নাথে ২০১৮ চনত মাত্র ত্রিশ হাজাৰ টকাৰে ঘৰৰ চৌহদতে আৰম্ভ স্থাপন কৰিছিল ‘বি. কে নার্ছাৰী’৷
ডিপিএছ নুমলীগড়ত শিক্ষকৰ পদ খালী
এগৰাকী মহিলাৰ বাবে এয়া একপ্রকাৰৰ প্রত্যাহ্বানেই আছিল যদিও পখিলা বৰা নাথৰ মহিলাগৰাকীৰ জীৱনৰ সপোনবোৰো যেন এদিন দুদিনকৈ নার্ছাৰীখনত থকা নানাৰঙী ফুলবোৰৰ পাহে পাহে বিৰিঙিবলৈ ধৰিছিল আৰু একাগ্রতাৰে আত্মনিয়োগ কৰাৰ বাবেই এবছৰৰ ভিতৰতে ঠন ধৰি উঠিছিল নার্ছাৰীখন৷ লক্ষণীয় যে এটা সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল যদিও স্বাধীনচিতীৱা মনোভাবেৰে কিবা এটা কৰাৰ মানসিকতাৰেই শিক্ষকতাৰ চাকৰি ত্যাগ কৰি ২০১৬ চনত ছিপাঝাৰৰ ‘ফ্লৰিকা নার্ছাৰী’ত গ্রহণ কৰিছিল নার্ছাৰীৰ এমহীয়া এটা প্রশিক্ষণ৷ আৰু তেনেকৈয়ে আগবাঢ়ি যোৱা পখিলা বৰা নাথৰ নার্ছাৰীৰ ফল–ফুলৰ পুলি ছিপাঝাৰৰ উপৰি দৰং জিলাৰ লগতে কামৰূপ, ওদালগুৰি, শোণিতপুৰ আদি জিলাৰ বিভিন্ন স্থানতো বিক্রী হৈ আহিছে৷
আনকি প্রথম অৱস্থাত পখিলা বৰা নাথে নিজেই স্থানীয় বিভিন্ন সাপ্তাহিক বজাৰবোৰলৈ লৈ গৈ বিক্রী কৰিছিল ফুল আৰু ফলৰ পুলিসমূহ৷ লাহে লাহে নার্ছাৰীখনৰ প্রতি সর্বসাধাৰণ লোকৰ আগ্রহ বৃদ্ধি পাবলৈ ধৰিলে আৰু পৰিসৰো বিস্তৃত হ’ল পখিলা বৰা নাথৰ বি কে নার্ছাৰীৰ৷ যাৰ ফলত ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ঘোঁৰাবান্ধাত ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে এটা বিপণন কেন্দ্র খুলিলে৷ এতিয়া পুৱাৰ পৰা গধূলিলৈ ৰাষ্ট্রীয় ঘাইপথৰ দদাতিৰ এই বিপণীখনতে এগৰাকী মহিলা হৈও কোনো ধৰণৰ সংকোচ নোহোৱাকৈ এগৰাকী বিক্রেতা হিচাপে নিজকে ব্যস্ত ৰাখিছে মহিলাগৰাকীয়ে৷ কেৱল ইমানেই নহয়, নিজে সংস্থাপিত হোৱাৰ উপৰি দৈনিক দুইৰ পৰা তিনিগৰাকী কর্মচাৰীয়ে প্রত্যক্ষভাৱে সংস্থাপিত হৈ আহিছে৷
আনহাতে নার্ছাৰীৰ পৰা উন্নত জাতৰ অমিতা, কলৰ পুলি, আপেল বগৰী, ভোট–জলকীয়া আদিৰ পুলি ক্রয় কৰিও লাভান্বিত হৈছে বহুকেইগৰাকী লোক৷ লক্ষণীয় যে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈও পখিলা বৰা নাথে নিজেই প্রতিটো কামৰ তদাৰক কৰি প্রতিনিয়ত ব্যস্ত হৈ থাকে নার্ছাৰীখনত৷ ইয়াৰ মাজতে ছিপাঝাৰ লেখিকা সমাৰোহ সমিতিৰ এগৰাকী আজীৱন সদস্যা হিচাপে সাহিত্য চর্চাও কৰি আহিছে৷ তদুপৰি উদ্যোগী মহিলাগৰাকীয়ে গ্রহণ কৰে ফেশ্বন ডিজাইনিঙৰ ডিপ্ল’মা আৰু কম্পিউটাৰৰ পিজিডিচিএ ডিপ্ল’মাও৷
আনহাতে অসম চৰকাৰৰ কৃষি বিভাগৰ ‘ফার্মাৰ পডিউচাৰ কোম্পানী’ৰ অধীনত এআইজি ন–সুৰজ’ৰ এফপিচি বৃহত্তৰ ব্যাসপাৰা আদর্শ এফআইজি বিশজনীয়া গোটৰ প্রতিনিধি হিচাপেও কর্মৰত হৈ আছে৷ উল্লেখযোগ্য যে কৃষি ক্ষেত্রখনত এনেদৰে জডিত হোৱাৰ বাবেই দৰঙৰ ঐতিহাসিক পথৰুঘাটত ২০২৩ বর্ষত অনুষ্ঠিত হোৱা কেন্দ্রীয় কৃষক শ্বহীদ দিৱসত কৃষি বিভাগৰ তৰফৰ পৰা পখিলা বৰা নাথলৈ জনোৱা হৈছিল বিশেষ সম্বর্ধনা৷ তদুপৰি কৃষি উদ্যান শস্য মেলা–২০২৩তো পাণ খেতিৰ নমুনা প্রদর্শন কৰি দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল পখিলা বৰা নাথ৷ কর্মোদ্যমী পখিলা বৰা নাথৰ এই নিদর্শন নিঃসন্দেহে কর্মসংস্থাপনৰ প্রতি আগ্রহী মহিলাসকলৰ বাবে হ’ব পাৰে অনুপ্রেৰণাৰ অমল উৎস৷