নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ৰে চি পি

জুৰি বৰঠাকুৰ

ভেদাইলতাৰে মাছ

উপকৰণঃ মাছ, ভেদাইলতা শাক, আলু, মটৰমাহ, নহৰু, জালুক, ফোৰণৰ বাবে কালজিৰা, মিঠিগুটি, নিমখ, হালধি, গৰম পানী৷

প্রণালীঃ মাছখিনি বাছি–কুছি ধুই নিমখ–হালধিৰ লগতে সামান্য মিঠাতেল সানি ল’লোঁ৷ ভেদাইলতা পাত আৰু কুমলীয়া লতাৰে সৈতে ভালদৰে দুবাৰমান ধুই অলপ থেতালি কুকাৰত সিজাই ল’লোঁ৷ আলুৰ বাকলি গুচাই ধুই এমুঠি কেঁচা মটৰ গুটিৰ লগত সিজাই ল’লোঁ৷ জালুকখিনি পিহি নহৰুখিনিও আধা খুন্দা কৰি ল’লোঁ৷ এইবাৰ মাছখিনি গৰম তেলত কমকৈ ভাজি এটা পাত্রত টুকি থ’লোঁ৷ ৰৈ যোৱা কম তেলকণতে মিঠিগুটি, কালজিৰা, ফোৰণ দি ফুটিলত নহৰু, জালুক বটা দি হেতাৰে লৰাই ভাজি সিজোৱা আলু দি নিমখ–হালধি ছটিয়াই ভাজি ল’লোঁ৷ আলু ৰঙচুৱা হোৱাৰ আগতেই ভালদৰে লৰাই হেতাৰ পিঠিৰে আলুখিনি পিহি দি ভজা মাছো দি পুনৰ লৰাই ক্ষন্তেক ভাজিলোঁ৷ আলুৱে ভজা মাছৰ তেল শুহি লৈ পাত্রৰ কাষৰ পৰা এৰালত মটৰ গুটি ঢালি সিজাই ৰখা ভেদাইলতাখিনি সিজোৱা পানীখিনিতে হাতেৰে ভালদৰে মোহাৰি সিঠাখিনি চেপি আঁতৰাই মটৰ গুটিৰ সৈতে মাছত ঢালি উতলিবলৈ ঢ়াকোন দিলোঁ৷ উতলিলত পানী কম হোৱা যেন পাই পুনৰ অলপ গৰম পানী ঢালি মধ্যমীয়া জুইত উতলালোঁ৷ উতলি আঞ্জাখন ডাঠ হোৱাত গেছৰ জুই নুমাই গৰম চৌকাৰ ওপৰতে কিছু সময় ৰাখি থ’লোঁ৷

দোৰোণ শাকৰ খাৰ

উপকৰণঃ দোৰোণ শাক, মগু দাইল, মাহগুটি, খাৰ, নহৰু, আদা, কেঁচা বা পকা জলকীয়া, মিঠাতেল, ফোৰণৰ বাবে মিঠিগুটি৷

প্রণালীঃ দোৰোণ শাকখিনিৰ শিপা গুচাই ভালদৰে ধুই মিহিকৈ কুটি ল’লোঁ৷ মগু দাইলমুঠি ধুই কুকাৰত কম পৰিমাণৰ পানীৰে আধা সিজা কৰি ল’লোঁ৷ আঠীয়া কলৰ বাকলি পুৰি খাৰ তিয়াই ল’লোঁ৷ আদা বটি, নহৰু আধা খুন্দা কৰি ল’লোঁ৷ এইবাৰ গৰম কেৰাহীত তেল ঢ়ালি পকিলত মিঠিগুটি, ফোৰণ দি ফুটিলত নহৰু, আদা বটা দি হেতাৰে অলপ লৰাই শাক আৰু মাহগুটিৰ সৈতে নিমখো ছটিয়াই দিলোঁ৷ ভালদৰে লৰাই ঢাকোন দি শাকখিনি সিজা যেন লগাত আধা সিজা মগু দাইল ঢ়ালি লৰাই দি ক্ষন্তেক ভাজিলোঁ৷ শাক আৰু দাইল মিহলি হোৱাত খাৰকণ ঢ়ালি ভালদৰে লৰাই ওপৰত কেঁচা জলকীয়া দুফালকৈ দি খাৰৰ পানী শুকুওৱাত কম পৰিমাণৰ গৰম পানীত চাহ চামুচেৰে এচামুচ আটা গুলি ঢালি দিলোঁ আৰু ঢ়াকোন দি গেছৰ জুইৰ মধ্যমীয়া চাপত সিজিবলৈ দিলোঁ৷ শাকখিনি সিজি থপথপীয়া হৈ মজি যোৱাত জুই নুমাই গৰম চৌকাৰ ওপৰতে তুলি থ’লোঁ৷ এইবাৰ ঢাকোন খুলি নামমাত্র কেঁচাতেল ওপৰত চাৰিওফালে ছটিয়াই দি লৰাই–চৰাই এটা পাত্রত কাঢ়ি থ’লোঁ৷

You might also like