সুকন্যা : গহপুৰৰ উদ্যমী মহিলা নিমিষা কোঁৱৰৰ কর্ম আন্দোলন
দিগন্ত শইকীয়া
কোনো এজন ব্যক্তিৰ নিচাক পেছাগতভাৱে জীৱন আৰু জীৱিকাত পৰিণত কৰি এখোজ দুখোজ কৈ আগবাঢ়িলে এদিন জীৱন সফলতাৰ আকাশ চুব৷ নিজ নিচাটোক পেছাগতভাৱে জীৱিকা কৰ্মত প্ৰয়োগ কৰি সফলতা অৰ্জন কৰাৰ উপৰি আন দহ গৰাকী লোককো দিব পাৰি সংস্থাপন৷ দৰিদ্ৰতাই কোঙা কৰা কোনো ব্যক্তিক মন গ’লেই সাধ্যনুসৰি আগবঢ়াব পাৰি সহায়ৰ হাত৷ অনুৰূপ ধৰণে ব্যক্তিগত জীৱন নিচাক পেছা হিচাপে লৈ কৰ্ম ক্ষেত্ৰত সফলতা অৰ্জন কৰিৱলৈ সক্ষম বিশ্বনাথ জিলাৰ গহপুৰৰ টঙনা গাঁৱৰ নিবাসী নিমিষা কোঁৱৰ৷ প্ৰকৃতাৰ্থত নিমিষা কোঁৱৰ এগৰাকী সুখী আৰু সফল মহিলা৷ ১৮৮৫ চনৰ ২৭ অক্টোবৰ তাৰিখে গহপুৰৰ নিবাসী তথা বিশিষ্ট কবি, সাহিত্যক নগেন কোঞৰ আৰু পূৰ্ণিমা দিহিঙ্গীয়াৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল নিমিষা কোঁঞৰে৷ গহপুৰৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰী নিমিষা কোঁঞৰে ছয়দুৱাৰ মহাবিদ্যালয় পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে৷ শৈশৱৰ পৰাই খোৱা-বোৱা, ৰন্ধন-প্ৰকৰণৰ প্ৰতি আকৰ্ষণ থকা নিমিষা কোঁঞৰৰ হ’বি হ’ল ৰন্ধণ প্ৰকৰণ কৰা৷ অৱশ্যে ছয়দুৱাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ৰ পৰাই ব্যৱসায়ৰ স’তে জড়িত হৈ পৰিছিল৷ ছাত্ৰৱস্থাৰ পৰাই ব্যৱসায়-বানিজ্যৰ প্ৰতি আকৰ্ষিত আছিল নিমিষা কোঁৱৰ৷ নিমিষা কোঁৱৰৰ ঘৰুৱা পৰিৱেশ, চিন্তা-চৰ্চা গল্প, কবিতা, প্ৰৱন্ধ, সাহিত্যৰে ভৰপুৰ৷ আন সকলো লোকে ভবাৰ দৰে নিমিষা কোঁঞৰ হৈ নুঠিল ,চৰকাৰী চাকৰি বিচাৰি দৌৰি নেথাকি ছাত্ৰৱস্থাৰ ব্যৱসায় নিচা আৰু ৰন্ধণ -প্ৰকৰণৰ নিচাটোক জীৱন আৰু জীৱিকাত পৰিণত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল৷ তাৰমাজতে ২০১৬ চনত বিশ্বনাথ জিলাৰ বিশিষ্ট সাংবাদিক, সমালোচন,বুদ্ধিজীৱি, ভূৱন শইকীয়াৰ স’তে বিবাহ পাশত আৱদ্ধ হয়৷ নিমিষা কোঁঞৰে বৈবাহিক জীৱন আঁকোৱালি লোৱাৰ পিছত সাংসাৰিক কাম-কাজ কৰি থকাৰ ওপৰিও ২০১০ চনৰ পৰা ২০১৯ চন পৰ্যন্ত ”অৰিফ্লেম” নামৰ এক ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ডাইৰেক্টৰ (ইণ্ডিপেণ্ডেন্ট) পদত কাৰ্যনিবাহ কৰিছিল৷
২০২২ চনৰ ৫ আগষ্টৰ কথা! সেইসময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গহপুৰ টাউনৰ পৰি উত্তৰ দিশে অৱস্থিত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয় খন উদ্ধোধন কৰাৰ লগতে অসামৰিক চিকিৎসালয় খনৰ কেনটিন মুকলি হয়৷ ব্যৱসায়-বানিজ্যৰ প্ৰতি দূৰ্ৱলতা থকা আৰু ৰন্ধণ -প্ৰকৰণ ,পিঠা-পনা বনাই অতিথি আপ্যায়ন কৰি সুখী হ’ব খোজা মনৰ অধিকাৰী নিমিষা কোঁৱৰে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ কেনটিন খন চলোৱাৰ অনুমতি লাভ কৰে৷ বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ বিধান সভা সমষ্টিৰ গহপুৰ নগৰৰ মাজ মজিয়াত অৱস্থিত জিলাবাসীৰ পৰিচত ব্যৱসায় প্ৰতিষ্ঠান নিমিষা কিটচে্ন৷ নিমিষা কিটচে্ন নামৰ এই প্ৰতিষ্ঠানটোৱে কম দিনৰ ভিতৰত জিলা খনৰ ওপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লোকৰ এক চিনাকী আৰু ভৰষাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত পৰিণত হৈছে৷ নিমিষা কিটচেন নামৰ এই ব্যৱসায়িক প্রতিষ্ঠান খন বিভিন্ন দিশৰ পৰা অগতানুগতিক আৰু ব্যতিক্ৰম৷ স্বাভাৱিকতে হোটেল,ৰেষ্টুৰাঁ, কেনটিন ইত্যাদি বুলিলে মন লৈ ভাঁহি আহে পাকঘৰৰ কেৰাহিটোৰ পৰা কাঁহি-বাতি ধোৱা-পখলা ঠাই ডোখৰৰ অপৰিস্কাৰ, কৰ্দযময় একোটা পৰিৱেশ৷ কিন্তু; গহপুৰৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত অৱস্থিত ”নিমিষা কিটচে্ন”ৰ পৰিৱেশ সম্পূৰ্ণ ৰূপে হাইজেনিক আৰু অতুলনীয়৷ তদুপৰি নিমিষা কোঁঞৰৰ দ্বাৰা পৰিচালিত ”নিমিষা কিটচে্ন” খন সম্পূৰ্ণ ৰূপে মহিলাৰ দ্বাৰা পৰিচালিত৷ নিমিষা কিটচে্নৰ স্বত্বাধিকাৰী নিমিষা কোঁঞৰৰ পৰা জানিব পৰামতে ব্যৱসায়িক প্ৰতিষ্ঠান খনত মুঠ ১২ গৰাকী মহিলাৰ পৰিশ্ৰম জড়িত হৈ আছে৷ ১২ গৰাকী মহিলাৰ কোনো নিৰ্দিষ্ট বুলি একো ধৰা-বন্ধা কাম নাই, সকলোৱে ৰন্ধা-বঢ়াৰ পৰা কাঁহি-বাতি ধোৱা কাম-কাজ পৰ্যন্ত কৰি অতিথি সকলক সুস্বাদু এসাজ ভাত পৰিৱেশণত মনোনিৱেশ কৰি আহিছে৷ নিমিষা কিটচে্ন খনত নিকুমনি বৰা, দ্বিপশিখা শইকীয়া, লীনা বাঢ়ৈ বৰুৱা, চুচমা পেগু, নৱনিতা দিহিঙ্গীয়া, ঝৰ্ণা ভূমিক, অৰুণা বড়ো, অনামিকা কাকতী, জুনমনী নাথ, বন্তি চূৰিণ. আৰু ৰুবী শইকীয়া নামৰ মহিলা কেইগৰাকী দৈনিক কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ বৰ্তমান সময়ত নিমিষা কোঁঞৰ নামৰ উদ্যমী মহিলা গৰাকীৰ নিমিষা কিটচে্ন খনে অঞ্চলটোৰ ১২ গৰাকী মহিলাক সংস্থাপন দিৱলৈ সক্ষম হৈছে৷ তথ্য অনুসৰি ২০২২ চনত নিমিষা কোঁঞৰে নিমিষা কিটচে্ন নামৰ ব্যৱসায় প্ৰতিষ্ঠান খন নগদ ৩ লাখ টকা মুলধন হিচাপে লৈ আৰম্ভ কৰিছিল যদিও একাগ্ৰতা, ত্যাগ,কষ্ট,পৰিশ্ৰমৰ বিনিময়ত ২ বছৰৰ ভিতৰত নিমিষা কিটেচন সুস্বাদু খাদ্য সম্ভাৰৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়৷ নিমিষা কোঁঞৰে সদৰি কৰামতে ৩ লাখ টকাৰে আৰম্ভ কৰা নিমিষা কিটচে্নে দুটা বছৰত ১৫ লাখ টকাৰ ব্যৱসায় কৰিৱলৈ সক্ষম হৈছে৷
অতিআকৰ্ষণীয় বিষয়টো হ’ল- নিমিষা কিটচে্ন খনৰ ভিতৰত নিমিষা কিটচে্নৰ স্বত্বাধিকাৰী নিমিষা কোঁঞৰ আৰু স্বামী বিশিষ্ট সাংবাদিক ভূৱন শইকীয়াই এক ক্ষুদ্ৰ লাইব্ৰেৰী গঢ়ি তুলিছে৷ ক্ষুদ্ৰ লাইব্ৰেৰীটোৰ বুক ছেলফত শাৰী শাৰীকৈ সজোৱা আছে ১৫০ খনকৈ অধিক সুখপাঠ্য গ্রন্থ৷ মুলতঃ নিমিষা কিটচে্ন লৈ দিবা-নৈশ্য খাদ্য গ্ৰহণৰ বাবে অহা গ্রাহক সমাজে মন গ’লে এখন্তেক হ’লেও পঢ়িব পাৰে একোখন গ্ৰন্থ৷ নিমিষা কিটচে্ন নামৰ কেন্টিন খনৰ আছে এক সুকীয়া বৈশিষ্ট হ’ল আহল-বহল আটক ধুনীয়া কোঠা য’ত অসমীয়া বিভিন্ন জাতি আৰু জনগোষ্ঠীয় গামোচা-আৰনাই আদিৰে ভৰপুৰ৷
তদুপৰি অতিপৰিপাটি, পৰিস্কাৰ-পৰিচন্ন ৰন্ধনশালা, বৈঠকখানা৷ উল্লেখ্যযোগ্য বিষয়টো হ’ল নিমিষা কিটচে্নত খাদ্য সম্ভাৰ প্ৰস্তুত হৈ পৰা সময় খিনিৰ ভিতৰত কিতাপ এখন হাতত কিতাপৰ সোৱাদ লোৱাৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ থকাৰ ওপৰিও সন্তানসহ পৰিয়াল, শিক্ষামুলক ভ্ৰমণলৈ অহা শিক্ষাৰ্থী, ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয় খনলৈ চিকিৎসা গ্ৰহণৰ বাবে অহা লোক, চিকিৎসালয় খনৰ চিকিৎসক -কৰ্মচাৰী, গহপুৰৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, ব্যৱসায়ী, ছাত্ৰ নেতা, কবি,সাহিত্যিক, শিল্পী আদি সমাজৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত ব্যক্তি সকলৰ এক চাপমুক্ত পৰিবেশত পৰিৱেষ্টিত থলুৱা খাদ্য সম্ভাৰৰ জুঁতি ল’ৱ পৰা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান৷ খাদ্য সম্ভাৰৰ সমান্তৰালভাৱে কিতাপ পঢ়াৰ আন্দোলন তথা কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ জন্মোৱা প্ৰচেষ্টা চলাই যোৱাটো নিমিষা কিটচে্নৰ এক উল্লেখনীয় দিশ৷ গহপুৰ চিভিল হাস্পতাল চৌহদৰ ‘নিমিষা কিটচেন’ নামৰ এই ব্যতিক্রমী ৰেষ্টুৰাঁ খন আনুষ্ঠানিকভাৱে ২০২২ চনৰ ২৬ আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল গহপুৰৰ বিধায়ক উৎপল বৰাই। প্ৰণিধানযোগ্য যে, ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্ম গহপুৰৰ এশখন বিছনাযুক্ত হাস্পতালখন উদ্বোধন কৰাৰ দিনটোত এই কেন্টিন তথা ৰেষ্টুৰাঁখন পৰিদৰ্শন কৰি উচ্চ খাদ্য সম্ভাৰৰ জুঁতি লৈ উচ্চ প্রশংসা কবি নিমিষা কিটচে্নৰ স্বত্বাধিকাৰী গৰাকীক প্ৰেৰণা যোগাইছিল। ব্যবসায়-বানিজ্যৰে স্বাৱলম্বী হোৱাৰ পম খেদি সফলতা অৰ্জন কৰি জীৱন নির্বাহ কৰাৰ ওপৰিও নিমিষা কোঁঞৰে মানব সেৱা কৰাৰ এক সুকীয়া নিৰ্দশণ ডাঙি ধৰিছে৷ উদ্যমী মহিলা নিমিষা কোঁঞৰে নিজ হাতৰে খাদ্য সম্ভাৰ প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ২০২৪ চনৰ গহপুৰৰ যক্ষ্মাৰোগী সকলক পুষ্টিকৰ খাদ্য যোগান ধৰি আহিছে৷ তদুপৰি প্ৰতি শিক্ষাবৰ্ষত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে বানক্ৰান্ত লোকক সাহাৰ্য সেৱা আগবঢ়ায় আহিছে৷ নিমিষা কোঁঞৰে নিজ হাতেৰে ঘৰুৱাভাৱে প্রস্তুত পিঠা-পনা আৰু জলপানৰ সোৱাদ অনন্য৷ ইতিমধ্যে নিমিষা কিটেচনৰ পিঠা পনাই চুবুৰীয়া ৰাজ্যৰ বজাৰ দখল কৰিৱলৈ সক্ষম হৈছে৷ জানিব পৰামতে চুবুৰীয়া অৰুণাচল প্ৰদেশত অনুষ্ঠিত চৰকাৰী সভা-সমিতিত নিমিষা কিটচে্নৰ পিঠা -পনা পৰিৱেশণ এক বিশেষ৷ নিমিষা কিটচে্নৰ স্বত্বাধিকাৰী নিমিষা কোঁৱৰে জনোৱামতে ৰাজ্যৰ অগ্ৰণী ছপাশাল গোলাঘাটৰ ”যদুমনি ছপাশাল”ৰ স্বত্বাধিকাৰী তথা উত্তৰ পুব গ্ৰন্থ প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামী নিমিষা কিটেচন মুকলি হোৱাৰ সময়ত উপস্থিত হৈ ৰেষ্টঁৰা খনত গ্ৰন্থ অধ্যয়নৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে পৰামৰ্শ আগবঢ়াইছিল৷ ৰাজ্যৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামীৰ পৰামৰ্শ অনুসৰি নিমিষা কিটচেন পৰিচালক মহিলা নিমিষা কোঁঞৰ আৰু স্বামী ভুৱন শইকীয়াই ৰেষ্টঁৰা খনত এক ক্ষুদ্ৰ লাইব্ৰেৰী গঢ়ি তুলি কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তোলাৰ নীৰৱ আন্দোলন অব্যাহত ৰাখিছে৷ জানিব পৰামতে নিমিষা কিটচে্ন ৰেষ্টঁৰা খনত খাদ্য সম্ভাৰৰ জুঁতি লৈ ভূয়সী প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তণ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ জিলা আয়ুক্ত মুনীন্দ্ৰনাথ ঙাটে, অসম জাতীয়তাৱাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, বিশিষ্ট সাহিত্যিক ননী বৰপূজাৰী, বিশিষ্ট সাহিত্যিক য়েছে দৰ্জী ঠংচে, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুখ্যউপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, বিশিষ্ট কন্ঠশিল্পী কৃষ্ণমনি নাথ, অভিনেত্ৰী ভ্ৰান্তি মেধী, অভিনেত্ৰী আশা বৰদলৈ, অভিনেত্ৰী মধুস্মিতা দিহিঙ্গীয়া আদিয়ে৷ মুলতঃ নিমিষা কোঁঞৰে নিজ দীৱন নিচাক পেছাগতভাৱে লৈ জীৱন জীৱিকা কাৰ্যৰে স্বাৱলম্ভী হোৱাৰ ওপৰিও আন ১২ গৰাকী মহিলাকো স্বাৱলম্বন কৰাই নহয় নীৰৱে ব্যৱসায়ৰ মাধ্যমৰে কিতাপ পঢ়া আগ্ৰহ জন্মোৱা আন্দোলন অব্যাহত ৰাখিছে নিসন্দেহে সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ বিষয়৷