নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : অসমৰ পুণ্যতীর্থ মণিকর্ণেশ্বৰ দেৱালয়

মৃগেন শর্মা

মণিকর্ণেশ্বৰ দেৱালয় উত্তৰ গুৱাহাটীত অৱস্থিত৷ এই মন্দিৰ অসমৰ বিখ্যাত মন্দিৰবোৰৰ ভিতৰত এটা৷ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ নামৰ গ্রন্থত আছে – ‘গুৱাহাটী নগৰৰ সন্মুখত ব্রহ্মপুত্রৰ উত্তৰ পাৰত য’ত বৰনদী আহি ব্রহ্মপুত্রত পৰিছে, তাতে মণিশৈল বা মণিকর্ণেশ্বৰ পর্বত৷ ১৭৫৫ চনত স্বর্গদেউ ৰাজেশ্বৰ সিংহহ এহ মন্দিৰ নির্মাণ কৰাহছিল৷ মন্দিৰৰ বেৰত শিলালিপিত লিখা আছে ‘স্বস্তি সমস্ত সংসাৰি সংসাৰ পাৰাবাৰ জাত যাতনাবাৰ নিবাৰণ চতুৰতৰ সুৰবৰ শিৰোমণি’৷

মনীশ্বৰ মহেশ্বৰ ছৰণ ছায়ানুসৰণ পৰায়ণ প্রণমদ বনীশগণ মৌলিমালা প্রভাৰজি বিৰাজিত পাদপীঠতলসকল ভূমণ্ডল পুৰন্দৰকুল কুমুদবান্ধৱ সম সমৰসী মণিঃ সীম ভীম পৰাক্রম প্রজ্ঞাবজ্ঞাত গীস্পতি নীতিক্রম মহামহিম শ্রীশ্রীমদ্রাৰাজেশ্ব সিংহ নৃপসিং প্রিয়ত্তম সেনাপতি প্রধানধন্য ব্রাহ্মণ্যজনা গ্রহীণ্ডী পিণ্ডপাণ্ডব সুন্দৰ কীর্তিনিকৰ কৰদুর্জয় বৈৰীবৰ বাৰণ বিদাৰুণ দাৰুণ পঞ্চানন মহিত মহাশয় স্বর্গাৰৰো হৰধি স্বর্গশবংশ নৃপেশ সেবী বংশাতবংশ শ্রীতৰুণ বৃহৎ ফুকন তনয়ঃ শ্রীযুদ্দশৰথ দুৱৰা বৃহৎ ফুক্কন স্তনৃপসিংহাপ্তয়ঃ মণিগিৰিবৰে শ্রীশ্রীমনীশ্বৰ মহেশ্বৰস্য ৰুচিৰ মঠমিমৰচয়দ্বয় গিৰি ৰস শশী শাকে ১৬৭৭৷’ এহ ঠাহত মণিকর্ণ নামেৰে এটা পুখুৰী আছিল৷ এহ পুখুৰী ব্রহ্মপুত্রত বিলীন হৈ গৈছে৷

এহ দেৱালয় ভগৱান শিৱৰ প্রতি উৎসর্গিত৷ ইটাৰে নির্মিত এই মন্দিৰটো স্বর্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত তৰাসদৃশ শিলৰ মূল ভেটীৰ ওপৰত পুনৰ নির্মাণ কৰা হৈছিল৷ এহ শিলৰ ভেটী দশম–একাদশ শতিকাৰ বুলি জনা যায়৷ মণিকর্ণেশ্বৰ দেৱালয়ৰ মূল উৎসৱ শিৱৰাত্রি৷ উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰত ব্রহ্মপুত্রৰ পাৰত এখন সৰু পাহাৰৰ ওপৰত মণিকর্ণেশ্বৰ দেৱালয় অৱস্থিত৷ এই পাহাৰখনক মণিশৈল পাহাৰ বুলি কোৱা হয়৷ এই মণিশৈল পাহাৰত স্বয়ম্ভু শিৱলিংগ বিদ্যমান৷ পূর্বতে হয়াৰ ঈষাণ কোণত মংগলা নদীৰ (বর্তমান বৰনদী) সংগমস্থল আছিল৷ লোকবিশ্বাস অনুসৰি, মণিকর্ণেশ্বৰ দেৱালয়ৰ জাগ্রত শিৱলিংগ ৰজা নৰকাসুৰৰ দিনৰ৷ জনশ্রুতি অনুসৰি, কিৰাট ৰজা নৰকাসুৰে আৱদ্ধ কৰি ৰখা ষোল্ল হাজাৰ ৰাণীক নানা মণি–মুকুতা আভৰণেৰে উত্তৰ গুৱাহাটীৰ পূবফালে ৰখা হৈছিল৷ তেতিয়াৰ পৰা এহ ঠাহখনৰ নাম মণিকর্ণেশ্বৰ হ’ল৷ যোগিনীতন্ত্র অনুসৰি, মণিকর্ণিকা নামৰ দ্বাবিংশতি ধনু পৰিমাণৰ এটা কুণ্ড বা কুঁৰ আছিল৷ আন এক প্রবাদমতে সতীৰ দেহত্যাগৰ পিছত মহাদেৱে সতীৰ দেহ কান্ধত কঢ়িয়াহ ফুৰিছিল৷ তেতিয়া ভগৱান বিষুৱে সুদর্শন চক্রেৰে সতীৰ দেহ খণ্ড খণ্ড কৰে৷ সতীৰ দেহ খণ্ডিত হোৱাৰ পিছত ভগৱান শিৱই এই বৰনদী ব্রহ্মপুত্রৰ সংগমস্থলীত মণিশৈলত অৱস্থিত বেল গছ এজোপাৰ তলত আশ্রয় লৈছিল৷ আহোম ৰাজত্বৰ আগলৈকে মণিকর্ণেশ্বৰ শিৱলিংগ হাবি–জংঘলত পোত খাই আছিল৷ আহোম স্বর্গদেউ ৰুদ্রসিংহৰ দিনত শিৱলিংগ উদ্ধাৰ কৰা হয়৷ ১৬৭৭ শকত স্বর্গদেউ ৰাজেশ্বৰ সিংহই দেৱালয়খন নির্মাণ কৰিছিল৷ কিন্তু বৰভঁইকঁপত মন্দিৰটোৰ প্রায়খিনি ধ্বংস হৈ যায়৷ এই দেৱালয়খনৰ বিশেষত্ব হ’ল ই ত্রিভুজৰ দৰে তিনিশিৰিয়া তৰাৰ দৰে ভেটি আৰু ওপৰৰ ফালে বাৰশিৰিয়াকৈ নির্মাণ কৰা৷ হয়াত উদ্ধাৰ হোৱা শিলাখণ্ডৰ পৰা এহ মন্দিৰ আহোম যুগৰ নহয় বুলি অনুমান কৰিব পাৰি৷ মণিকর্ণেশ্বৰ দেৱালয়ৰ দক্ষিণ–পশ্চিমত থকা এখন শিলৰ ফলিত উল্লেখ থকা মতে, ব্রহ্মপুত্রৰ পাৰৰ এহ ঠাহত কবিচন্দ্র–ভাৰতী বা অনন্ত কন্দলীৰ মণ্ডপ আছিল৷ ১৫৫১ চনত কোচ ৰজা নৰনাৰায়ণৰ হয়ালৈ হোৱা আগমনত পণ্ডিতসকলে ৰজাৰ সন্মানর্থে উমানন্দত মহাভাৰত পাঠ কৰি শুনাইছিল আৰু এই সভালৈ চন্দ্রভাৰতীও আহিছিল৷ বর্তমান দৌল গোবিন্দ মন্দিৰ অৱস্থিত পাহাৰখনক চন্দ্রভাৰতী পাহাৰ বুলি কোৱা হয়৷

উত্তৰ গুৱাহাটীৰ মণিকর্ণেশ্বৰ পাহাৰত দেৱোত্তৰ ভূমিৰ ওপৰত সজোৱা মণিকর্ণেশ্বৰ মন্দিৰটো ব্রহ্মপুত্রৰ মুখামুখিকৈ আছে৷ মধ্যযুগৰ পিছৰ ফালে পুৰণি শিলৰ ভেটিৰ ধ্বংসাৱশেষৰ গাঁঠনিৰ ওপৰত ইটাৰে সজা৷ মূল গাঁঠনিৰ আকাৰ তৰাৰ আকৃতিৰ আৰু বিমানৰ দিশ বাৰটা৷ শিলৰ মন্দিৰৰ পুৰণি ধ্বংসাৱশেষৰ ভেটিৰ গাঁঠনিৰ ওপৰত মধ্যযুগৰ শেষৰফালে ইটাৰে সজাই মন্দিৰটো ভগৱান শিৱৰ নামত উছর্গা কৰা হয়৷ মন্দিৰটো বর্তমান ধ্বংসপ্রাপ্ত হৈছে আৰু শিখৰটোৰ কোনো চিন–মোকাম নাই৷ পুৰণি কালৰ ভাস্কর্যসমূহ মন্দিৰৰ দেৱালৰ বাহিৰফালে আছে৷ ২০০৫ চনত নতুনকৈ সজোৱা মণ্ডপৰ তলৰ ভাগত মাটিৰ সমান্তৰালকৈ ভাস্কর্যসমূহ আছে আৰু উলম্ব দিশত লতা–পাতৰ দৃষ্টিনন্দন নক্সাসমূহ৷ মন্দিৰৰ স্থাপত্য সহজ আৰু আহোম যুগৰ কোনো ভাস্কর্যৰ পৰা শূন্য৷

এই স্থানত উদ্ধাৰ হোৱা তিনিগৰাকী নৃত্যৰতা নাৰী আকৃতি দুগৰাকী বিদ্যাধৰ (মালাধাৰী)৷ এটা য়ালীৰ (পৌৰাণিক প্রাণী) প্রতিমূর্তি আৰু বাহিৰৰ বেৰত থকা এটা অচিনাক্ত দেৱতাৰ ভাস্কর্য আদিয়ে মধ্যযুগৰ আৰম্ভণিৰ কলাত্মক বৈশিষ্ট্যসমূহক প্রতিনিধিত্ব কৰে৷ মন্দিৰৰ চৌহদত ঠিক প্রৱেশদ্বাৰত আহোম যুগৰ পূর্বৰ উমা–মহেশ্বৰৰ প্রতিমূর্তি আছে৷ এহ প্রতিমূর্তিত শিৱক পদুম ফুলৰ ওপৰত বামললিতাসনত বহি বাঁও ভৰিখন ভাঁজ কৰি আৰু সোঁ ভৰিখন তললৈ ওলমি থকা অৱস্থাত চিত্রিত কৰা হৈছে৷ ইফালে, দেৱীক ভগৱান শিৱৰ কোলাত বহি থকা চিত্রিত কৰা হৈছে৷ দেৱীৰ সোঁ ভৰিখন ভাঁজ কৰি বাঁও ভৰিখন ওলমি থকা অৱস্থাত আছে৷ দেৱালয়ৰ গর্ভগৃহত মাটিৰ তলৰ সৰু গুহা এটাত মূল শিৱলিংগটো আছে৷ মণিকর্ণেশ্বৰ দেৱালয়ত নিত্য পূজা–উপসনা চলে৷ এই দেৱালয়লৈ অগণন ভক্তৰ আগমন হয়৷

You might also like