নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : পৱিত্রতম তীর্থক্ষেত্র মা সাৰদাপীঠ

প্রাণ প্রতীম বৰদলৈ

মা সাৰদাপীঠ হিন্দু ধর্মাৱলম্বী লোকৰ এক পৱিত্রতম তীর্থক্ষেত্র৷ নৈষ্ঠিক কাশ্মীৰী পণ্ডিতসকলৰ দিনচর্চা আৰম্ভ হয় তেওঁলোকৰ কুলদেৱী মা সাৰদাৰ বন্দনাৰে – ‘নমস্তে সাৰদা দেৱী কাশ্মীৰপুৰ বাসিনী৷ তম হম প্রার্থেয় নিত্যম বিদ্যা দানম চে দে হি মাদী’৷ কাশ্মীৰী হিন্দুৰ মানসত মা সাৰদা সৰস্বতী দেৱীৰেই আন এটি ৰূপ৷ পিছে বৰ দুখৰ কথা যে পাকিস্তানে অবৈধভাৱে কাশ্মীৰৰ বৃহৎ ভূখণ্ড দখল কৰা দিন ধৰি কাশ্মীৰী পণ্ডিতসকলৰ কুলদেৱী মা সাৰদাৰ সেই পৱিত্র তীর্থ অৱহেলিত আৰু পৰিত্যক্ত হৈ থাকি লাহে লাহে খণ্ডহৰ হৈ উঠিছে৷ পাকিস্তানী সেনা কর্তৃত্বই হয়াক একেবাৰে ভাঙি পেলোৱাৰ গোপন যো–জা চলাইছে৷ মা সাৰদাপীঠ দেশ বিভাজনৰ বাবে পাকিস্তানত ৰৈ যোৱা ধর্মস্থান নহয়৷ এয়া পাকিস্তানৰ অবৈধ কব্জাত থকা কাশ্মীৰৰ এক পৱিত্রতম হিন্দু তীর্থ যাৰ কিছু অংশ ভাঙি পাকিস্তানৰ সৈনিকৰ বাবে কফী হাউছ নির্মাণ কৰা হৈছে বুলি বাতৰি প্রকাশ হৈছে৷ ১৯৭১ৰ সুৱর্ণ সুযোগ ব্যৱহাৰ কৰি ভাৰতীয় নেতৃত্বই সমগ্র পাক অধিকৃত কাশ্মীৰ মা সাৰদাপীঠসহ ঘূৰাই ল’ব পাৰিলেহেঁতেন৷ পিছে ৰহস্যজনক কাৰণত ফিল্ড মার্শ্বাল মানেকশ্ব’ক পশ্চিম পাকিস্তান আক্রমণ কৰি পাক অধিকৃত কাশ্মীৰ ঘূৰাই অনাৰ অনুমতি দিয়া নহ’ল৷ হিন্দু ধর্ম আৰু সনাতন সংস্কৃতিৰ চিন–মোকাম নোহোৱা কৰিবলৈ চলি অহা গোপন ষড়যন্ত্রৰ ফলতেই অবিভক্ত কাশ্মীৰৰ কৃষগংগাৰ নাম দিলে নীলম, গৌৰীমার্গ, নামাংকিত হ’ল গুলমার্গ হিচাপে আৰু সুৰেশ্বৰী দল হৈ পৰিল ডাল লেক ইত্যাদি৷ এই কথা আজি পাহৰণিৰ গর্ভত যে খ্রীষ্টীয় পঞ্চম শতিকাত কামৰূপৰ ৰজা বলবর্মনৰ জীয়ৰী অমৃতপ্রভাক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল৷ অসমৰ জীয়ৰী অমৃতপ্রভাই বিয়াৰ পিছত স্বামীৰ লগ হৈ কাশ্মীৰৰ প্রজাৰ বাবে বহুতো জনকল্যাণৰ কাম কৰাৰ উপৰি খ্রীষ্টীয় পঞ্চম শতিকাতেহ অবিভক্ত কাশ্মীৰত বৌদ্ধ ভিক্ষুৰ বাবে অমৃতভৱন নির্মাণ কৰোৱাহছিল৷ অথচ এই ইতিহাস সৰহসংখ্যক লোকৰ অৱগত নহয়৷ আনহে নালাগে বৃহৎসংখ্যক ভাৰতীয় লোক মা সাৰদাপীঠৰ ঐতিহ্য সম্পর্কেই সচেতন নহয়৷

মা সাৰদাৰ বহুতো কিম্বদন্তী আছে৷ কাশ্মীৰৰ প্রাচীন ভৌগোলিক আৰু সাংস্কৃতিক বর্ণনা থকা নীলমত পুৰাণ৷ মহাত্মায়াত উল্লেখ আছে যে শাণ্ডিল্য ঋষিয়ে মা সাৰদাৰ দর্শন পাবলৈ কঠোৰ তপস্যা কৰিছিল৷ তপস্যাত সন্তুষ্ট হৈ মা সাৰদাই ঘোষ নামে ঠাইত (বর্তমানৰ পাক অধিকৃত কাশ্মীৰৰ গুচি নামে গাঁৱত) শাণ্ডিল্য ঋষিক দেখা দি সাৰদাৰ মনোৰম উপত্যকাত সদায় বিৰাজমান হৈ ৰ’ব বুলি কয়৷ মাৰ দর্শনত শাণ্ডিল্য ঋষি ইমান বিমুগ্ধ হয় যে কিছুদূৰ সাৰদা দেৱীৰ পিছে পিছে গৈ থাকে৷ কিন্তু ঘোষা বা আজিৰ গুচি গাঁৱৰ পৰা চাৰি কিঃমিঃ দূৰৰ হয় শিৰাশ্রম (বর্তমানৰ হয়হম)ত দেৱী অদৃশ্য হৈ পৰে৷ কথিত আছে যে তপস্যাত সিদ্ধি লাভ কৰি শাণ্ডিল্য ঋষিয়ে কৃষগংগা নৈত গা ধুবলৈ যায়৷ পিছে গা ধুই ডঠি দেখে যে তেওঁৰ আধা শৰীৰ সোণালী বৰণীয়া হৈ জিলিকি উঠিছে৷ কাৰণ তেওঁ সাৰদা দেৱীৰ পৱিত্র দর্শনত সর্বজ্ঞানেৰে জ্ঞানী হৈ ডঠিছিল৷ মহাত্মায়াত এই ঠাহক সুৱর্ণ অর্ধগংগা বুলি উল্লেখ কৰিছে৷ ইয়াৰ পৰা শাণ্ডিল্য ঋষি উত্তৰ দিশৰ পাহাৰলৈ যায় য’ৰ ৰংগৱতী (বর্তমান নাম ৰঙভৰ) অৰণ্যত নৃত্যৰতা মা সাৰদাক পুনৰ দেখা পায়৷

কৃষগংগা নৈৰ পাৰতেই গৌতম ঋষিৰ আশ্রম আছিল৷ কথিত আছে যে সতীৰ সোঁহাতখন সাৰদাপীঠতেই পৰিছিল৷ সেই কাৰণেই সাৰদাপীঠক হিন্দুৰ পৱিত্র ৫১ শক্তিপীঠৰ অন্যতম বুলি ধৰা হয়৷

বুৰঞ্জীৰ পাত লুটিয়ালে পোৱা যায় যে সাৰদাপীঠ (যাক সাৰদা মঠ বুলিও কোৱা হয়) প্রাচীন ভাৰতৰ বিশিষ্ট শিক্ষা কেন্দ্র আছিল৷ খ্রীষ্টীয় ষষ্ঠ শতিকাত নির্মিত সাৰদাপীঠৰ মন্দিৰ গৃহ জ্ঞান, সংগীত আৰু কলাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ নামেৰে উৎসর্গিত৷ ইয়ালৈ দূৰ–দূৰণিৰ পণ্ডিত, দার্শনিক, ছাত্র–ছাত্রী অধ্যয়নৰ বাবে আহিছিল৷ সংস্কৃত সাহিত্য, দর্শন, বেদ অধ্যয়ন আদিৰ শিক্ষা তথা গৱেষণাই সাৰদাপীঠত গুৰুত্ব লাভ কৰিছিল৷ খ্রীষ্টীয় অষ্টম শতিকাত কাৰকোটা ৰাজবংশৰ ৰজা ললিতাদিত্য মুক্তপিদাৰ ৰাজত্বকালত সাৰদাপীঠে উৎকর্ষতাৰ চৰম বিন্দু পায়৷ কাৰকোটা বংশৰ পতন আৰু খ্রীষ্টীয় চতুদর্শ শতিকাত কাশ্মীৰত ইছলামিক প্রশাসকৰ উত্থানৰ পিছত সাৰদাপীঠে ক্রমান্বয়ে পূর্বৰ গুৰুত্ব হেৰুৱাই পেলালে৷ সেয়ে হ’লেও হিন্দু পৰম্পৰা আৰু কাশ্মীৰী সংস্কৃতিত সাৰদাপীঠ সদায়ে তাৎপর্যপূর্ণ হৈ ৰয়৷ সাৰদাপীঠৰ নামেৰে নামকৰণ কৰা সাৰদ লিপি সংস্কৃত আৰু কাশ্মীৰী ভাষাৰ গ্রন্থ লিখাৰ বাবে বহুলভাৱে ব্যৱহাৰ হৈছিল৷ অতীজৰ গৌৰৱময় শিক্ষা কেন্দ্র আৰু পৱিত্র তীর্থ মা সাৰদাপীঠ ঐতিহাসিক নথিপত্রত থকা মতে এসময়ত ৭৫ হেক্টৰ ভূমিত বিস্তৃত আছিল৷ কিন্তু সময়ৰ আঁচোৰ আৰু মানুহৰ অৱহেলাত জর্জৰিত হৈ এতিয়া মাত্র ১.৫ হেক্টৰ ভূমিত সংকুচিত হৈ পৰে৷ এই অঞ্চলৰ লোকসকল ধর্মান্তৰিত হৈ হছলামধর্মী হ’ল যদিও আজিও তেওঁলোকে মা সাৰদাপীঠক সন্মানৰ দৃষ্টিৰে চায়৷ পৱিত্রতাক সমীহ কৰে৷ কোৱা হয় যে ১৯৪৮ চনৰ ৩১ ডিচেম্বৰৰ মাজনিশা ভাৰত–পাকিস্তানৰ মাজত চিজফায়াৰ হোৱাৰ পিছত স্থানীয় গাঁওবাসীৰ সংৰক্ষণৰ বাবেই মা সাৰদাপীঠৰ অধিক ক্ষতি নোহোৱাকৈ আছিল৷ পিছে পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থাISI আৰু পাক সেনাৰ উচটনিত কেতবোৰ লোকে লাহে লাহে সাৰদাপীঠৰ ভূমি বেদখল কৰে আৰু মন্দিৰ তথা প্রাচীন শিক্ষানুষ্ঠানৰ অৱশিষ্টসমূহ ধ্বংস কৰিবলৈ লয়৷ পাকিস্তানে এই ঠাইত উগ্রপন্থী সংগঠনৰ ঘাটি স্থাপিত কৰি কাশ্মীৰ উপত্যকালৈ অনুপ্রৱেশ কৰাবলৈ অহৰহ চেষ্টা কৰি আহিছে৷ ইতিহাসৰ নিৰপেক্ষ বিশ্লেষণ কৰি বহু গৱেষকে মতপোষণ কৰে যে যদিহে পণ্ডিত জৱাহৰলাল নেহৰুৱে জম্মু–কাশ্মীৰৰ প্রতিৰক্ষা বিশেষ বিষয় হিচাপে নিজৰ হাতত নাৰাখি গৃহ বিভাগতেই ৰাখিলেহেঁতেন তেতিয়া হয়তো কেতবোৰ ঐতিহাসিক ভুল নহ’লহেঁতেন৷ সম্পূর্ণ নেহেৰু কেবিনেটৰ বিৰোধিতা আৰু জেনেৰেল থিম্মায়াৰ অসন্মতিৰ পিছতো জম্মু–কাশ্মীৰৰ বৃহৎ অংশ পাকিস্তানৰ দখললৈ এৰি দি নেহৰুয়ে লৰালৰিকৈ চিজফায়াৰ কৰায়৷ ইতিহাসৰ পাতত এই উল্লেখো আছে যে নেহৰুক এনে কৰিবলৈ লর্ড মাউণ্টবেটেন আৰু ইংলেণ্ডৰ তৎকালীন প্রধানমন্ত্রী ক্লিমেণ্ট এটলিয়ে জোৰ দিছিল৷ দৰাচলতে ব্রিটিছে বিচাৰিছিল যে কাশ্মীৰ ভাৰত–পাকিস্তানৰ মাজৰ অমীমাংসিত বিবাদ হৈ পৰক আৰু এই বিবাদৰ বাবে অনন্তকাল যুদ্ধত ব্যস্ত হৈ ভাৰত–পাকিস্তান উভয় দেশেই কঁকাল দাঙিব নোৱাৰা হৈ ৰওক৷ নেহৰুৱে চিজফায়াৰত সন্মতি দিয়াৰ নিশা ইংলেণ্ডৰ প্রধানমন্ত্রী আৱাসত এক নৈশ ভোজৰ আয়োজন হৈছিল৷ কাৰণ? ইংৰাজে বিচৰা মতেই বিষয়টো অমীমাংসিত হৈ থাকি ভাৰতত ভৱিষ্যৎ অশান্তিৰ বীজ ৰোপণ কৰা হৈ গৈছিল৷ মস্কোত বহি তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ শাসক ষ্টেলিনে কাশ্মীৰ সন্দর্ভত ভাৰতৰ ভুলৰ আলেখলেখ চাহ নেহৰুক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷

যি কি নহওক, কৃষগংগা (পাকিস্তানীয়ে নীলম নৈ বুলি কয়) নৈৰে অনেক পানী বৈ গ’ল৷ স্বাধীনতাৰ সাতটা দশকত কোনো চৰকাৰে পাক অধিকৃত কাশ্মীৰ ঘূৰাই অনাৰ চেষ্টা নকৰিলে৷ মা সাৰদাপীঠক যেন জোৰকৈ জনমানসৰ পৰা মচি পেলোৱাৰ চেষ্টা চলিল৷ পিছে গৃহমন্ত্রী অমিত শ্বাহে সংসদত দিয়া এটা প্রশ্নৰ উত্তৰত সাৰদাপীঠ ভাৰতলৈ ঘূৰাই অনা হ’ব বুলি দৃঢ়তাৰে কয়৷ সাৰদাপীঠক কেতিয়া আৰু কেনেকৈ ভাৰতলৈ ঘূৰাই অনা হ’ব সেয়া নক’লেও তেখেতৰ বক্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰে৷ লক্ষণীয়ভাৱে গৃহমন্ত্রী অমিত শ্বাহে ভাৰতৰ সংসদত এই বক্তব্য দিয়াৰ কেইঘণ্টামান পিছতেহ পাক অধিকৃত কাশ্মীৰৰ চৰকাৰে মুজাফৰাবাদস্থিত এছেম্বলিত সর্বসন্মতভাৱে হিন্দুৰ পৱিত্র তীর্থস্থান সাৰদপীঠ দর্শনৰ বাবে কার্তাৰপুৰ কৰিড’ৰৰ দৰে সাৰদা কৰিড’ৰো হৈ উঠিব লাগে বুলি সর্বসন্মতিক্রমে প্রস্তাৱ গ্রহণ কৰে৷ আচৰিত কথাটো হ’ল– ইয়াৰ পৰৱর্তীকালত পাকিস্তান চৰকাৰেও সাৰদাপীঠৰ নষ্ট হৈ যোৱা অংশৰ সামান্য মেৰামতি কৰি সদিচ্ছা প্রকাশ কৰে৷ পিছে এয়া ভাৰতৰ গৃহমন্ত্রীয়ে সংসদত দিয়া শক্তিশালী বক্তব্যৰ পিছত পাকিস্তানে আশংকাত কৰা কাম নে প্রকৃত সদিচ্ছা সেয়া সময়েহে ক’ব৷ কার্তাৰপুৰ কৰিড’ৰৰ দৰে সাৰদা কৰিড’ৰো হৈ ডঠিলে একাৱন্ন শক্তিপীঠৰ অন্যতম সাৰদাপীঠ দর্শনৰ বাবে তীর্থযাত্রীসকল অহা–যোৱা কৰিব পাৰিব আৰু মন্দিৰ পৰিসৰৰ অৱশিষ্ট অংশ চিৰকাললৈ বিলুপ্ত হোৱাৰ পৰা ৰক্ষা পৰিব৷

ফোনঃ ৭৮৯৬৬–৯৪৫৫৯

You might also like