নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ৰঙা চাহৰ গুণ

ডাঃ ৰেইনী দেৱী

পুৱাৰ চাহকাপ কাৰ কাৰ প্রিয় বাৰু? ৰাতিপুৱা শুই উঠি চাহকাপত সোহা এটা মাৰিলে দিনটোলৈ দেহ–মন সজীৱ হৈ পৰে৷ ৰঙা চাহ বা গাখীৰ চাহেই হওক, চাহকাপ নাখালে যেন দিনটো কিবা এটা খালী খালী লাগি থাকে৷ আলহী–তিথি আহিলেও চাহকাপ যাচিলেহে গৃহস্থৰ মনটো ভাল লাগে৷ মুঠতে চাহত চহকী অসম দেশৰ বাসিন্দাসকলৰ চাহৰ লগত এক আত্মিক সম্বন্ধ আছে৷ আচলতে ব্রিটিছৰ দিনৰ পৰাই হয়তো চাহৰ লগত আমাৰ এক ওতপ্রোত সম্পর্ক গঢ়ি উঠিল৷ পুৱা, গধূলি চাহ খোৱাটো আমাৰ দৈনন্দিন জীৱনত এক এৰাব নোৱাৰা অভ্যাসত পৰিণত হ’ল৷ আমি ৰঙা চাহ, গাখীৰ দিয়া চাহ, মছলা দিয়া চাহ আদি বিভিন্ন ধৰণৰ চাহৰ সোৱাদ লওঁ, যিহেতু সকলোৰে পছন্দ–পছন্দ বেলেগ বেলেগ৷ কিন্তু আগৰ দিনত প্রায়বোৰ মানুহে ৰঙা চাহকাপৰ সোৱাদহে বেছিকৈ লৈছিল৷ কাঁহৰ বাটিত ৰঙা চাহ এবাটি আৰু এচপৰা গুড় লৈ খোৱাটো গাঁৱৰ এখন চিনাকি ছবি আছিল৷ এতিয়াও অৱশ্যে বহু লোকে সেই অভ্যাস এৰি দিয়া নাই৷ এই অভ্যাসটো নিঃসন্দেহে স্বাস্থ্যসন্মত৷ কাৰণ গুড় আৰু ৰঙা চাহ দুয়োটাই স্বাস্থ্যৰ বাবে উপকাৰী৷ আজিকালিহে বহু মানুহৰ এই অভ্যাস সলনি হৈছে৷ ইয়াৰ উপৰি বহু স্বাস্থ্য সচেতন লোকে আজিকালি গ্রীন টী, হোৱাইট টী আদি বিভিন্ন ধৰণৰ চাহৰ জুতি লোৱা দেখা যায়৷ কিন্তু এইবোৰ দামী চাহৰ তুলনাত অতি সহজে প্রস্তুত কৰিব পৰা কম খৰচী ৰঙা চাহকাপৰ গুণাগুণ জানিলে নিশ্চয় সকলো আচৰিত হ’ব৷ ইয়াৰ গুণাগুণৰ বাবেই হয়তো পৃথিৱীৰ বহু দেশত ৰঙা চাহ (বা ব্লেক টী) জনপ্রিয়৷ মাত্র ইয়াক বিভিন্ন ধৰণে তৈয়াৰ কৰি জুতি লোৱা হয়৷ যেনে– ইয়াত বৰফ দি বনোৱা কোল্ড আইচ টী এনেধৰণৰ এক জনপ্রিয় চাহ৷ ঠিক তেনেকৈ অন্য কিছুমান দেশত ইয়াৰ লগত বিভিন্ন উপকৰণ যোগ দি বিভিন্ন পানীয় হিচাপে খোৱা হয়৷ আমাৰ ইয়াতো বিভিন্ন ধৰণে ৰঙা চাহৰ জুতি লোৱা হয়৷ ৰঙা চাহৰ লগত অকণমান নেমুৰ ৰস দিলে ইয়াৰ ৰংটো বৰ ধুনীয়া হৈ পৰে আৰু খাবলৈও সোৱাদ হয়৷ আদা বা তেজপাত দি বনোৱা ৰঙা চাহকাপৰ সুন্দৰ গোন্ধে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে৷ ঠিক তেনেকৈ বতৰ পৰিৱর্তনৰ সময়ত জ্বৰ, কাহ, চর্দি আদি হ’লে ৰহা চাহকাপত আদা, জালুক বা তুলসী আদি দি ৰোগীক খাবলৈ দিয়া হয়৷ এইদৰে বনোৱা ৰঙা চাহকাপে ঔষধৰ দৰে কাম কৰে৷ তেজপাত, লং, ইলাচি, ডালচেনি আদি দি বনোৱা চাহকাপ ঔষধি গুণেৰে ভৰপূৰ, বহু ৰোগত উপকাৰী৷ হোষ্টেলৰ ছাত্র–ছাত্রীসকলে পৰীক্ষাৰ সময়ত ৰাতি টোপনি ক্ষতি কৰি পঢ়িবলগীয়া হ’লে কাঢ়াকৈ ৰঙা চাহ বনাই খায় নাইবা কফী খায়৷ কাৰণ কাঢ়াকৈ বনোৱা ৰঙা চাহত কেফেইনৰ পৰিমাণ অলপ বেছি থাকে, যিয়ে আমাৰ টোপনি কম কৰাত সহায় কৰে৷ কিন্তু কফীৰ তুলনাত চাহত কেফেইনৰ পৰিমাণ কম থাকে৷ দিনহাজিৰা কৰি খোৱা শ্রমিকে কাম কৰি থাকোঁতে অকণমান নিমখ দি বনোৱা ৰঙা চাহ সেৱন কৰে৷ এইকণ চাহে তেওঁলোকৰ বাবে প্রাকৃতিক অ’ আৰ এছ হিচাপে কাম কৰে, ডি–হাইড্রেচন হোৱাত বাধা দিয়ে৷ কেৱল সেয়াই নহয়, সৌন্দর্য চর্চাতো ৰঙা চাহৰ প্রয়োগ হয়৷ চেনিবিহীন ৰঙা চাহ বা চাহৰ লিকাৰ চুলিৰ উৎকৃষ্ট প্রাকৃতিক কণ্ডিচনাৰ৷ বহুতে চুলিৰ ৰং গাঢ় কৰিবলৈ হেনাৰ লগত ৰঙা চাহৰ লিকাৰ দি লয়৷ মুঠৰ ওপৰত ক’বলৈ গ’লে ৰঙা চাহৰ গুণাগুণ আৰু ব্যৱহাৰৰ কথা কৈও শেষ কৰিব নোৱাৰি৷ বিভিন্ন গৱেষণামূলক অধ্যয়নৰ পৰা ইয়াৰ বিভিন্ন উপকাৰিতা সম্পর্কে বহু কথা জনা গৈছে৷ সেয়েহে আজিকালি বহু লোকে ৰঙা চাহ খাবলৈ লৈছে, পুৰণি অভ্যাস আকৌ ঘূৰি আহিছে৷ তেনেহ’লে আমাৰ প্রিয় ৰঙা চাহ বা লাল চাহৰ গুণাগুণ আৰু উপকাৰিতা সম্পর্কে অলপ জানি থওঁ আহক–

📌 ৰঙা চাহত বিভিন্ন উপকাৰী অণ্টিক্সিডেণ্ট পোৱা যায়, যিয়ে আমাৰ শৰীৰক ফ্রী ৰেডিকেলৰ প্রতিকূল প্রভাৱৰ পৰা ৰক্ষা কৰে আৰু ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

📌 ৰঙা চাহত থকা বিভিন্ন এণ্টিক্সিডেণ্টৰ বাবে চাহ খালে আমি অধিক কর্মক্ষম হৈ পৰোঁ, এলাহ–ভাগৰ পলকতে নাইকিয়া হয়৷

📌 ৰঙা চাহত থকা এণ্টিক্সিডেণ্টে হার্টৰ বিভিন্ন ৰোগ প্রতিৰোধত সহায় কৰে বুলি জনা যায়৷ ইয়াৰ বাবে ৰঙা চাহত ডালচেনি, তুলসী আদি উপাদান যোগ কৰিলে গুণাগুণ আৰু বৃদ্ধি হয়৷

📌 নিয়মীয়াকৈ ৰঙা চাহ খাই থকা লোকৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনাও বহু কমি যায়৷ অর্থাৎ ই ডায়েবেটিছ ৰোগ প্রতিৰোধ কৰাতো সহায় কৰে৷

📌 নিয়মিতভাৱে ৰঙা চাহ সেৱন কৰি থাকিলে ই বয়স বৃদ্ধিৰ সময়ত হাড়ৰ ঘনত্ব কমি যোৱা কার্যত বাধা দিয়ে৷ যাৰ ফলত হাড় ঠুনুকা নহয় আৰু ই অষ্টি’পৰছিছ ৰোগ প্রতিৰোধ কৰাতো সহায় কৰে৷ সেয়েহে এই চাহ মহিলাসকলৰ বাবে বিশেষভাৱে উপকাৰী৷

📌 ৰঙা চাহে আমাৰ পাচনতন্ত্রৰ কার্যক্ষমতা বৃদ্ধি কৰে, অন্ত্রত হোৱা বিভিন্ন বীজাণুৰ সংক্রমণ ৰোধ কৰাত সহায় কৰে৷

📌 নিয়মীয়াকৈ সেৱন কৰা ৰঙা চাহে কলেষ্টেৰল, ট্রাইগ্লিচাৰাইড আৰু মেদবহুলতা সমস্যাতো কিছু পৰিমাণে সুফল পোৱা যায়৷

📌 ৰঙা চাহত পোৱা পলিফেনল নামৰ এণ্টিক্সিডেণ্টে মহিলাৰ ডিম্বাশয়ৰ কেন্সাৰ প্রতিৰোধ কৰাত সহায় কৰে বুলি জনা যায়৷ যিসকল মহিলাই নিয়মিতভাৱে ৰঙা চাহ সেৱন কৰে, তেওঁলোকৰ এনে ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়৷

📌 ৰঙা চাহে হাপানী ৰোগ উপশম কৰাতো সহায় কৰে৷ দুই–তিনিখিলা তুলসী পাত দি বনোৱা ৰঙা চাহকাপে হাপানী ৰোগীৰ বাবে ঔষধি হিচাপেও কাম কৰে৷

📌 নিয়মীয়াকৈ ৰঙা চাহ সেৱন কৰিলে ই ষ্ট্রেছৰ সমস্যা কম কৰাত সহায় কৰে৷ কাৰণ ইয়াত থকা বিভিন্ন এণ্টিক্সিডেণ্টে ষ্ট্রেছ হৰম’ন কর্টিজল নিয়ন্ত্রণ কৰাত সহায় কৰে৷

📌 স্বাস্থ্যৰক্ষাৰ উপৰি সৌন্দর্য চর্চাতো ৰঙা চাহ উপকাৰী, সৌন্দর্য চর্চাত ইয়াক ব্যৱহাক কৰা দুটামান দিহা হৈছে–

📌 ডাঠকৈ বা কাঢ়াকৈ ৰঙা চাহ বনাই ঠাণ্ডা কৰি লৈ চেম্পু কৰাৰ পাছত চুলিত কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়, চুলি ফটা সমস্যা দূৰ হয়৷

📌 হেনাৰ লগত ৰঙা চাহ মিহলাই চুলিত লগালে ই চুলিৰ কণ্ডিচনাৰ হিচাপে কাম কৰে আৰু চুলিৰ ৰং উজ্জ্বল কৰে৷

📌 চকুৰ গুৰি ক’লা পৰা সমস্যাত টী বেগ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷

ৰঙা চাহৰ ইমানবোৰ উপকাৰিতাৰ বিষয়ে জনাৰ পিছত নিশ্চয় সকলোৱে খাব বিচাৰিব৷ পিছে মাত্রাধিক পৰিমাণে ৰঙা চাহ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰকো হ’ব পাৰে৷ কাৰণ ইয়াত কেফেইন থাকে, যিটো মাত্রাধিক হ’লে ই আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী হ’ব পাৰে৷ দৈনিক দুই–তিনিকাপ চাহ খালে একো নহয়৷ কিন্তু দৈনিক পাঁচকাপতকৈ বেছি ৰঙা চাহ খালে আমাৰ স্বাস্থ্যৰ কি কি অপকাৰ হ’ব পাৰে তলত উল্লেখ কৰা হৈছে–

📌 মাত্রাধিক পৰিমাণে ৰঙা চাহ খালে গেছ বা এচিডিটিৰ সমস্যা হ’ব পাৰে নাইবা পেটৰ অসুখ হ’ব পাৰে, ভোক কমি যাব পাৰে৷ সেয়েহে খালী পেটত বহুবাৰ ৰঙা চাহ নোখোৱাই ভাল৷ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকেও ৰঙা চাহ কমকৈ খাব লাগে৷

📌 বেছিকৈ ৰঙা চাহ খালে নিদ্রাহীনতাত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়৷ কাৰণ ইয়াত থকা কেফেইনে টোপনিত ব্যাঘাত জন্মাব পাৰে৷ বয়সস্থ লোকসকল এইক্ষেত্রত সাৱধান হোৱা উচিত৷

📌 ৰঙা চাহ বেছিকৈ খালে কোনো কোনো লোকৰ ক্ষেত্রত মূৰৰ বিষ, অনিয়মিত হূদস্পন্দন হ’ব পাৰে৷

ফোনঃ ৯১০১৪–২৭৮৯৭

You might also like