সুকন্যা : তাঁতশালেৰে মইনাগুৰিৰ জনগোষ্ঠীয় মহিলাৰ স্বাৱলম্বিতাৰ সংগ্রাম
দিগন্ত শৰ্মা
পুৱাৰ পৰাই দুপৰ নিশালৈ তাঁতশালৰ শব্দত মুখৰিত হৈ থাকে মইনাগুৰি গাঁওখন৷ তাঁতশালৰ শব্দৰ ছন্দ আৰু গাঁওবাসীৰ জীৱন–জীৱিকা সম্প্রতি একাকাৰ৷ তাঁতশালখনেই মইনাগুৰিৰ বাসিন্দাসকলৰ জীৱিকা, পৰিচয় আৰু অর্থনৈতিক উত্তৰণৰ প্রধান সম্বল৷ তাঁতশালক বাদ দি অন্য চিন্তা কৰিবলৈ তেওঁলোকৰ আহৰি নাই৷ অসমৰ পশ্চিম প্রান্তৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অতিকৈ ভিতৰুৱা এলেকাৰ গাঁও এই মইনাগুৰি৷ ৰাভা জনগোষ্ঠীৰ তিনিকুৰি ছটা পৰিয়ালে বাস কৰা এই গাঁওখনৰ মহিলাসকলে অশেষ শ্রম আৰু সাধনাৰে সম্প্রতি ৰাষ্ট্রীয় পর্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে৷ কেৱল কাপোৰ উৎপাদন কৰিয়েই গাঁওখনৰ মহিলাসকলে গঢ়ি তুলিছে অর্থনীতিৰ ভেটি আৰু সুকীয়া পৰিচয়৷ অথচ এসময়ত দৰিদ্রতাৰ বাবে গাঁওখনৰ লোকসকলৰ অভাৱ–নাটনৰ সীমা নোহোৱা হৈছিল৷
কৃষিকর্ম কৰিবলৈ পৰিয়ালবোৰৰ পর্যাপ্ত পৰিমাণৰ মাটি নথকাৰ বাবে জীৱিকালৈ সংকট নামি আহিছিল৷ তাতে এসময়ত উগ্রপন্থীৰ কার্যকলাপেও গাঁওবাসীৰ উন্নয়ন স্থবিৰ কৰিছিল৷ কিন্তু ৰাভা সম্প্রদায়ৰ এই পৰিয়ালবোৰৰ মহিলাসকলে ক্রমান্বয়ে ঘৰতে এখন–দুখনকৈ জনগোষ্ঠীয় সাজ–পাৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰে৷ এই কাপোৰকে প্রথমে স্থানীয় বজাৰত বিক্রী কৰিবলৈ লয়৷ লাহে লাহে জনগোষ্ঠীয় কাপোৰৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰে আৰু পুৰুষসকলে গাঁওখনৰ মহিলাসকলক অধিক কাপোৰ উৎপাদন কৰাত সহায় কৰে৷
প্রায় দহ বছৰ পূর্বে আৰম্ভ কৰা এই কামটোৱে প্রতিটো পৰিয়ালৰ উপার্জনৰ প্রধান কর্ম হৈ পৰে৷ আনকি স্থানীয় বজাৰতো মইনাগুৰি গাঁৱৰ কাপোৰৰ চাহিদা বাঢ়ে৷ ফলত একাংশ পাইকাৰী কাপোৰ বিক্রেতাই মইনাগুৰি গাঁৱলৈ গৈ ঘৰে ঘৰে উৎপাদিত কাপোৰ সংগ্রহ কৰিবলৈ লয় আৰু নগদ আগধন পর্যন্ত দিয়ে এচাম বোৱনীক৷ প্রতিঘৰতে থকা তাঁতশালবোৰ অহৰহ চলিবলৈ ধৰে৷ গাঁওখনৰ বাট–পথবোৰত প্রতিনিয়ত মহিলাসকলে সূতা বাতি কৰাত ব্যস্ত হৈ পৰে৷ থলুৱা মহিলাৰ হাতৰ পৰশ লগা মইনাগুৰিৰ ৰাভা জনগোষ্ঠীয় কাপোৰে অসমৰ সীমা অতিক্রমী দিল্লীৰ প্রদর্শনীত স্থান লাভ কৰে৷
লগতে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভেগে গাঁওখনত উপস্থিত হৈ মহিলাসকলক অধিক উৎপাদনৰ বাবে প্রশিক্ষণৰ বাবে আমন্ত্রণ জনায়৷ বিটিআৰ প্রশাসনেও সহায় কৰে৷ এনেদৰে গাঁওখনৰ প্রতিটো পৰিয়ালে জীৱিকাৰ প্রধান সম্বল হিচাপে গ্রহণ কৰে তাঁতশালক৷ একালত অভাৱৰ তাডনাই গ্রাস কৰা পৰিয়ালবোৰৰ আর্থিক স্বাৱলম্বিতা গঢ়ি উঠে বস্ত্রশিল্পৰ জৰিয়তে৷ জীৱন নির্বাহৰ একমাত্র পথ তাঁতশালত কাপোৰ ব’ই বিক্রী কৰা গাঁওবাসীৰ প্রতিটো পৰিয়ালতে আছে দুই– তিনিখনকৈ তাঁতশাল৷ গাভৰু ছোৱালী–মহিলাসকলো তাঁতশালত ব্যস্ত৷ অতীজৰে পৰা প্রয়োজনীয় কাপোৰবোৰ বোৱাৰ পৰম্পৰা আছিল যদিও বৈপ্লৱিক পৰিৱর্তন সম্ভৱ হোৱা নাছিল আৰু জীৱিকা বা অর্থনৈতিক উত্তৰণৰ আধাৰ হোৱা নাছিল৷
কিন্তু দহবছৰ পূর্বে মহিলাসকলে গ্রহণ কৰা সবল পদক্ষেপে গাঁওখনৰ লোকসকলক অভাৱগ্রস্ততাৰ পৰা উত্তৰণ ঘটালে৷ আনকি মইনাগুৰি গাঁৱৰ বস্ত্রশিল্প পৰিদর্শন কৰিবলৈ তিনি বছৰ পূর্বে কেন্দ্রীয় হস্ততাঁত আৰু বস্ত্রশিল্প দপ্তৰৰ মন্ত্রীয়েও মইনাগুৰি মহিলাসকলৰ কর্মৰাজি প্রত্যক্ষ কৰিবলৈ আহি শিপিনীসকলক প্রসংশা কৰিছিল৷ উল্লেখ্য যে গাঁওখনৰ শিপিনীসকলে ৰাভা জনগোষ্ঠীৰ কামবাং, কেমলেট, গামোচা, মাফলাৰ, এৰি চাদৰ আৰু বিছনা চাদৰ প্রস্তুত কৰে, যিবোৰে দেশৰ বিভিন্ন প্রান্তৰ বজাৰ দখল কৰিছে৷ তাঁতশালত প্রস্তুত কৰা কাপোৰ ঘৰতে পাইকাৰী দৰত বিক্রী কৰে গাঁওবাসীয়ে৷ গাঁওখনৰ সকলো পৰিয়াল কাপোৰ প্রস্তুত কৰা কামৰ সৈতে জডিত হোৱাত গোসাঁইগাঁও মহকুমা হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে তাঁতশাল আৰু অন্যান্য বিভিন্ন সামগ্রী যোগান ধৰি অহাৰ উপৰি গাঁওখনৰ পৰিয়ালবোৰক মাজে–সময়ে উন্নত প্রশিক্ষণ দি আহিছে৷
জয়মতী ৰাভা নামৰ শিপিনীগৰাকীয়ে কয়– ‘এসময়ত অভাৱৰ বাবে কি কাম কৰিম, কি কাম কৰি উপার্জন কৰিম চিন্তা হৈছিল৷ কিন্তু এতিয়া নিজৰ ঘৰতে বহি কাপোৰ বই ধন উপার্জন কৰি আছেছা৷ আমাৰ হাতেবোৱা কাপোৰ দেশৰ বহু ঠাইলৈকে চালান হয়৷ এই কামেৰে আমাৰ আগৰ দৰিদ্র অৱস্থাৰ উন্নতি হৈছে৷ কেৱল মোৰেই নহয়, আমাৰ গাঁৱৰ সকলো মানুহে এই কামত নিয়োজিত হোৱাত গাঁওখনলৈ পৰিৱর্তন আহিছে৷ এসময়ত আমাৰ গাঁৱৰ মানুহবোৰ বহু দুখীয়া আছিল৷ এতিয়া তাঁতশালেৰে জনগোষ্ঠীয় কাপোৰ উৎপাদন কৰি সকলোৱে স্বাৱলম্বী হৈছে৷’ দৰিদ্রতাৰ পৰিধি অতিক্রমী মইনাগুৰিৰ মহিলাসকলে শ্রম আৰু সাধনাৰে আগুৱাই গৈছে আর্থিক প্রগতিৰ বাটেৰে৷
ফোন : ৮৬৩৮৬–৯৮৪৫০