সুকন্যা : অনুবাদ গল্পঃ বিবাহ বিচ্ছেদ
মূলঃ আমিৰ এ কাদেৰ
অনুবাদঃ বেদান্তবিকাশ শর্মা
নিশা ঘৰ পাওঁতে মোৰ কিছু পলম হৈছিল৷ পত্নীৰ ফালে নোচোৱাকৈ অইনদিনাৰ দৰেই মুখৰ ভিতৰতে ক’লোঁ–
– ৰাস্তাত বহুত জাম পালো৷
পত্নীয়ে মুখেৰে একো নামাতি ৰাতিৰ আহাৰ পৰিৱেশন কৰাত লাগি গ’ল৷ ভাতৰ টেবুলত বহি তেওঁৰ হাতত ধৰি ক’লোঁ–
– তোমাক মোৰ কথা এটা ক’বলগীয়া আছে৷
তেওঁ মুখেৰে একো নামাতি তলমূৰকৈ খোৱাত ব্যস্ত হৈ থকা দেখুৱালে৷ কথা এটা ক’বলগীয়া আছিল বুলি ক’লো যদিও সেই মুহূর্তত মুখৰ পৰা মোৰ কোনো কথা ওলাই নাহিল৷ বুকুখনত হয়তো কিহবাই হেঁচা মাৰি ধৰিছিল৷ কিন্তু কথাটো মই যেনে–তেনে ক’বই লাগিব৷
– মই বিবাহ বিচ্ছেদ বিচাৰোঁ৷
কিছু সাহস গোটাই শান্তভাৱে কথাটো ইত্থাপন কৰিলোঁ৷
মোৰ কথাত তেওঁ উচাপ খাই উঠিব বুলি ভাবিছিলো যদিও তেনে কোনো প্রতিক্রিয়া প্রকাশ নকৰিলে বৰঞ্চ মোক শান্তভাৱে সুধিলে–
– কিয়?
প্রশ্নটো মই এৰাই চলিলোঁ৷ এই কথাত তেওঁৰ এইবাৰ খং ডঠিল আৰু ভাতৰ কাঁহীখন জোৰেৰে ঠেলা মাৰি দি মোক চিঞৰি উঠিল–
– তুমি মানুহ নহয়
সেই নিশা আমি ইজনে সিজনৰ লগত কোনো কথা নাপাতিলোঁ৷ তেওঁ কান্দিছিল৷ পিছত জানিব বিচাৰিলে–
–আমাৰ সংসাৰখনত আচলতে কি হৈছে, যাৰ বাবে বিবাহ বিচ্ছেদৰ দৰে সিদ্ধান্ত এটা ল’বলগীয়া হ’ল৷
কিন্তু মই তেওঁক সন্তোষজনক উত্তৰ দিব নোৱাৰিলোঁ, কাৰণ তেওঁ মোৰ হূদয়খন লিপিকাৰ ওচৰত হেৰুৱাই পেলাইছিল৷ লিপিকাৰ প্রেমে মোক পত্নীক ভাল পোৱাৰ পৰা আঁতৰাই ৰাখিলে৷ এতিয়া মই মাত্র তেওঁৰ প্রতি কৰুণাহে দেখুৱাইছোঁ
গভীৰ অপৰাধবোধেৰে মই বিবাহ বিচ্ছেদৰ চুক্তি এখনৰ খচৰা প্রস্তুত কৰিলোঁ, য’ত লিখা আছিল যে পত্নীয়ে আমাৰ ঘৰ, আমাৰ গাড়ী, আৰু মোৰ কোম্পানীৰ ৩০ শতাংশ অংশীদাৰিত্ব লাভ কৰিব৷ তেওঁ তালৈ এবাৰ চকু ফুৰালে আৰু তাৰপিছত টুকুৰাটুকুৰকৈ ফালি পেলালে৷
জীৱনৰ দহ বছৰ মোৰ লগত কটোৱা মানুহজনী অচিনাকি মানুহ হৈ পৰিছিল৷ ইমানদিনে তেওঁ ঘৰ–সংসাৰ চলোৱাৰ নামত কৰা সময়, সম্পদ আৰু শক্তিৰ অপচয়ৰ বাবে মোৰ দুখ লাগিল যদিও মই ইতিমধ্যে কৰা কামখিনি ঘূৰাই ল’ব নোৱাৰোঁ, কাৰণ মই লিপিকাক গভীৰভাৱে ভাল পাই পেলাইছিলোঁ৷
(২)
অৱশেষত তেওঁ মোৰ সন্মুখত চিঞৰি চিঞৰি কান্দিলে, যিটোৰ বাবে মই সাজু হৈ আছিলো৷ মোৰ বাবে তেওঁৰ কান্দোন আচলতে একপ্রকাৰৰ মুক্তি আছিল৷ কেইবা সপ্তাহ ধৰি মোক আকর্ষিত কৰি ৰখা বিবাহ বিচ্ছেদৰ ধাৰণাটো এতিয়া যেন অধিক দৃঢ় আৰু স্পষ্ট হৈ পৰিল৷
পিছদিনা বহুত দেৰিকৈ ঘৰলৈ উভতি আহি তেওঁক টেবুলত কিবা এটা লিখি থকা দেখিলোঁ৷ ৰাতিৰ আহাৰ নাখালোঁ, পোনে পোনে শুই গ’লোঁ আৰু লিপিকাৰ সৈতে কটোৱা পৰিঘটনাপূর্ণ দিনটোৰ পিছত ভাগৰি পৰিলোঁ৷ কেতিয়া টোপনি আহিল ক’বই নোৱাৰিলোঁ৷ মাজনিশা সাৰ পাহ দেখিলোঁ তেওঁ তেতিয়াও টেবুলত কিবা লিখি আছিল৷ মই একো গুৰুত্ব নিদি আকৌ শুই পৰিলোঁ৷
ৰাতিপুৱা তেওঁ ওৰে নিশা লিখা বিবাহ বিচ্ছেদৰ চর্তবোৰ মোৰ সন্মুখত দাঙি ধৰিলে৷ তাত তেওঁ মোৰ পৰা একো বিচৰা নাছিল যদিও বিবাহ বিচ্ছেদৰ আগতে এমাহৰ জাননীৰ প্রয়োজন আছিল বুলি ডল্লেখ কৰিছিল৷ তেওঁ অনুৰোধ কৰিলে–
–আগন্তুক এমাহত আমি দুয়ো যিমান পাৰো স্বাভাৱিক জীৱন যাপন কৰিবলৈ চেষ্টা কৰিম৷ এয়া মোৰ তোমাৰ ওচৰত শেষ ইচ্ছা৷ এই সিদ্ধান্তটো লোৱা হ’ল কেৱল আমাৰ একমাত্র সন্তানটোৰ বাবে৷ কাৰণ এমাহৰ পাছত ল’ৰাটোৰ পৰীক্ষা হ’ব আৰু সি যাতে আমাৰ ভগ্ন সংসাৰখনৰ বাবে বিচলিত নহয়৷
এহবোৰ সকলো চর্ত মই মানি লৈছিলো৷ কিন্তু তেওঁ যেন আৰু কিবা এটা কথা ক’বলৈ বিচাৰি আছিল৷ তেওঁ মোক মনত পেলাবলৈ ক’লে যে মহ কেনেকৈ তেওঁক আমাৰ ফুলশস্যাৰ নিশা পৰিয়ালৰ মানুহে আগবঢ়াই দিযাৰ পিছত সকলোৰে অনুৰোধত কোলাত তুলি ফুলেৰে সজোৱা কোঠাটোলৈ লৈ গৈছিলো৷ তেওঁ অনুৰোধ কৰিলে–
–এই মাহটোৰ বাবে প্রতিদিনে তুমি আমাৰ শোৱাকোঠাৰ পৰা উলিয়াই আনি সমুখৰ দুৱাৰলৈ লৈ যোৱা যেন৷
মই ভাবিলো তেওঁ পাগল হৈছে৷ তথাপিও আমাৰ একেলগে থকা শেষ দিনকেইটাত যাতে কোনো আউল নালাগে তাৰ বাবে মহ তেওঁৰ অদ্ভুত অনুৰোধটো গ্রহণ কৰিলোঁ৷
মই লিপিকাক মোৰ পত্নীৰ বিবাহ বিচ্ছেদৰ চর্তৰ কথাবোৰ ক’লোঁ৷ তাই জোৰেৰে হাঁহিলে আৰু এইবোৰ অর্থহীন কথা বুলি ক’লে৷ তাই আকৌ ক’লে–
তোমাৰ পত্নীয়ে যি কৌশলেই প্রয়োগ নকৰক কিয়, তেওঁ বিবাহ বিচ্ছেদৰ সন্মুখীন হ’বই লাগিব৷
মোৰ বিবাহ বিচ্ছেদৰ উদ্দেশ্য স্পষ্টভাৱে প্রকাশ পোৱাৰ পৰা মোৰ আৰু মোৰ পত্নীৰ কোনো ধৰণৰ শাৰীৰিক সম্পর্ক হোৱা নাছিল৷
মই পত্নীৰ চর্ত মতে প্রতিদিনে তেওঁক আমাৰ শোৱাকোঠাৰ পৰা উলিয়াইহ আনি সমুখৰ দুৱাৰলৈ লৈ গৈছিলো৷ ফুলশস্যাৰ নিশা পত্নীক কোলাত তুলি আনোতে যি উত্তেজনা অনুভৱ কৰিছিলো এতিয়া সেই উত্তেজনা মুঠেও নাছিল৷ কেৱল এটা কর্তব্য পালন কৰা হৈছিল৷ আমাৰ ল’ৰাটোৱে দৃশ্যটো চাই আমাৰ পিছফালে হাত চাপৰি বজাবলৈ ধৰিলে৷
– দেডতাহ মাক কোলাত লৈ গৈছে,বঢ়িয়া বঢ়িয়া৷
(৩)
তাৰ নিষ্পাপ প্রতিক্রিয়াত মোৰ মনত ভীষণ কষ্ট অনুভৱ হৈছিল৷ শোৱাকোঠাৰ পৰা বহা কোঠালৈকে, তাৰপিছত দুৱাৰখনলৈকে তেওঁক কোলাত লৈ দহ মিটাৰ দাঙি আনিলো৷ তেওঁ চকু দুটা মুদি মৃদুভাৱে ক’লে–
–আমাৰ ল’ৰাক বিবাহ বিচ্ছেদৰ কথা নক’বা৷
কিছু বিচলিত হৈ নকওঁ বুলি ক’লোঁ৷ তেওঁক দুৱাৰৰ বাহিৰত থৈ মই অকলে গাডী চলাহ অফিচলৈ গ’লোঁ৷
দ্বিতীয় দিনা আমি দুয়ো বহুত সহজে অভিনয় কৰিলোঁ৷ তাই মোৰ বুকুত হেলান দিলে৷ তাইৰ ব্লাউজৰ সুগন্ধি এটা পালোঁ৷ মই বুজিলোঁ যে মানুহজনীক মহ বহুদিনৰ পৰা ভালদৰে চোৱাই নাছিলো৷ মই বুজিলোঁ তেওঁ বিবাহ বিচ্ছেদৰ বাবে সম্পূর্ণ প্রস্তুত৷
মই লক্ষ্য কৰিলো তেওঁৰ মুখত মিহি বয়সৰ ৰেখা ফুটি ডঠিছিল আৰু ক’লা চুলিটাৰি ধূসৰ হৈ পৰিছিল আমাৰ বিবাহ বিচ্ছেদৰ বিষয়টোৱে তেওঁৰ মানসিক অৱস্থাৰ ওপৰত যথেষ্ট প্রভাৱ পেলাহছিল৷ এক মিনিটৰ বাবে মই ভাবিলোঁ– মই আচলতে তেওঁৰ লগত এইবোৰ কি কৰি আছো
চতুর্থ দিনা তেওঁক কোলাত তুলি লওঁতে নিষ্ঠতাৰ ভাব এটা ঘূৰি অহা যেন লাগিল৷ এহগৰাকীয়েহ আছিল সেই মহিলাগৰাকী, যিয়ে নিজৰ জীৱনৰ দহ বছৰ মোক দিছিল৷ পঞ্চম আৰু ষষ্ঠ দিনটোত মই বুজিলোঁ যে আমাৰ অন্তৰংগতাবোধ আকৌ বাঢ়িছে৷ এই কথা মই লিপিকাক কোৱা নাছিলো৷ দিনবোৰ বাগৰি যোৱাৰ লগে লগে তেওঁক কঢ়িয়াহ নিয়াটো মোৰ বাবে সহজ হৈ পৰিল৷ হয়তো দৈনন্দিন কর্মব্যস্ততাই মোক শক্তিশালী কৰি তুলিছিল৷
এদিন ৰাতিপুৱা কি পিন্ধিব সেইটো ঠিক কৰিব পৰা নাছিল৷ বহু কেইযোৰ পোচাক পিন্ধিবলৈ চেষ্টা কৰিছিল যদিও উপযুক্ত পোছাক বিচাৰি নাপালে৷ তাৰ পাছত তাহ হুমুনিয়াহ কাঢ়িলে আৰু অন্যমনস্ক হৈ ক’লে–
– মোৰ সকলো পোছাক ডাঙৰ হৈ গ’ল৷
মহ হঠাতে বুজিলোঁ– আচলতে তেওঁ দিনে দিনে ক্ষীণায় যোৱা বাবেই অধিক সহজে কোলাত নিব পাৰিছো৷ কথাটো বুজি পোৱাত ক’ব নোৱৰাকৈ মোৰ অন্তৰত তীব্র জোকাৰণি এটাৰ সৃষ্টি হ’ল৷ ইমানদিনে বহুত বেদনা আৰু তিক্ততা তেওঁ হূদয়ত পুহি ৰাখিছিল যেন অনুভৱ হল৷ অৱচেতনভাৱে মই হাতখন আগবঢ়াই তেওঁৰ মূৰটো চুই চালোঁ৷
আমাৰ ল’ৰাটো সেই মুহূর্ততে সোমাই আহি ক’লে–
–দেউতা, মাক কোঁচত তুলি নিবৰ সময় হ’ল৷
এইকেইদিন তাৰ বাবে মই তাৰ মাকক কঢ়িয়াই নিয়াটো তাৰ জীৱনৰ এক অপৰিহার্য অংশ হৈ পৰিল৷ পত্নীয়ে তাক আমাৰ ওচৰলৈ আহিবলৈ ইংগিত দি জোৰেৰে সাবটি ধৰিলে৷ এই শেষ মুহূর্তত মোৰ মন সলনি হ’ব পাৰে বুলি ভয় খাহ মই মুখখন ঘূৰাই দিলোঁ৷ তাৰপিছত মই পত্নীক কোলাত লৈ শোৱাকোঠাৰ পৰা বহা কোঠালৈকে আৰু শেষত দুৱাৰখনলৈকে কোলাত লৈ গৈ থাকিলো৷ তেওঁ শেঁতা হাতখনেৰে মোৰ ডিঙিত কোমল আৰু মৰমেৰে সাবটি ধৰিলে৷ ময়ো তেওঁৰ শৰীৰটো জোৰেৰে সাবটি ধৰিলোঁ, ঠিক আমাৰ ফুলসশ্যাৰ নিশাটোৰ দৰে৷
(৪)
তেওঁৰ ক্ষীণায়–শুকাই যোৱা শৰীৰটোৱে মোৰ মনত গভীৰ আঘাত দিবলৈ ধৰিলে৷ শেষৰ দিনটোত যেতিয়া মই তেওঁক কোলাত তুলিলোঁ, তেতিয়া মই প্রায় এখোজো লৰচৰ কৰিব নোৱৰাৰ দৰে হ’লো৷ সেই সময়ত আমাৰ ল’ৰাটো সুকললৈ গৈছিল৷ মই তাহক জোৰেৰে সাবটি ধৰি ক’লোঁ,
–আমাৰ জীৱনত যে পৰস্পৰৰ নিষ্ঠতাৰ অভাৱ সেহটো মহ ইমান দিনে লক্ষ্যই কৰা নাছিলোঁ৷
পত্নীক দুৱাৰমুখলৈ কোলাত তুলি লাহেকৈ নমাই দিলোঁ৷ তাৰপিছত গাড়ী চলাই অফিচলৈ বুলি গুচি গ’লোঁ৷ বাটত লিপিকাক লগ ধৰিবলৈ তাইৰ ঘৰলৈ গ’লো৷ গাড়ীখন লক নকৰাকৈ দ্রুতগতিত জঁপিয়াই ওলাই আহিলোঁ৷ পলম হ’লে মোৰ মন সলনি হ’ব বুলি ভয় লাগিছিল৷ মই ওপৰলৈ উঠি আহিলোঁ৷ লিপিকাক দেখাৰ লগে লগে ক’লোঁ– মোক ক্ষমা কৰিবা লিপিকা, মই পত্নীৰ সৈতে বিবাহ বিচ্ছেদ বাতিল কৰিছোঁ৷
তাই আচৰিত হৈ মোৰ ফালে চালে আৰু কপালখন চুহ চাই কলে–
–তোমাৰ জ্বৰ হৈছে নেকি?
মই তাইহৰ হাতখন মোৰ মূৰৰ পৰা আঁতৰাই দি ক’লো–
–ক্ষমা কৰিবা লিপিকা, মই বিবাহ বিচ্ছেদ নিবিচাৰোঁ৷ আমাৰ বৈবাহিক জীৱনটো মাজতে বিৰক্তিকৰ হৈ পৰিছিল৷ হয়তো আমি দুয়ো আমাৰ জীৱনৰ বাটত ইজনে সিজনক বুজাবুজিৰ মূল্য নিদিলোঁ৷ ইজনে সিজনক ভাল পোৱাৰ সুযোগেই নল’লোঁ৷ এতিয়া বুজিলোঁ– যিহেতু মই তেওঁক মোৰ নিজৰ কৰি বিয়া কৰাই লৈ আহিছিলো, গতিকে মৃত্যুৱে আমাক পৃথক নকৰালৈকে মই তেওঁক ধৰি ৰাখিম৷
লিপিকা যেন হঠাতে সাৰ পালে৷ তাই মোক জোৰেৰে চৰ মাৰিলে আৰু দুৱাৰখন জোকাৰি জোকাৰি কান্দি উঠিল৷ মই কোনো প্রত্যুত্তৰ নিদি গাড়ী চলাই ঘৰলৈ উভতি আহিলো৷ বাটত থকা ফুলৰ দোকানখনত মই মোৰ পত্নীৰ বাবে কপৌ ফুলৰ থোপা এটাৰ অর্ডাৰ দিলোঁ৷ বিক্রী কৰা ছোৱালীজনীয়ে ভালদৰে ফুলৰ থোপাটো পেকিং কৰি কার্ডখনত কি লিখিম বুলি সুধিলে৷ মহ হাঁহি এটা মাৰি লিখিব দিলো–
– ‘মৃত্যুৱে আমাক পৃথক নকৰালৈকে মই প্রতিদিনে ৰাতিপুৱাই তোমাক কোলাত লৈ যাম’৷
সেইদিনা ঘৰ পাহ, হাতত ফুলৰ থোপা, মুখত হাঁহি, গেট খুলি দৌৰ মাৰিলো পত্নীক বিবাহ বিচ্ছেদ বাতিল কৰা সুখবৰটো দিবলৈ৷ দুৱাৰখন লাহেকৈ ঠেলি ভিতৰ সোমাই দেখো পত্নী বিছনাত শান্তিৰে শুই আছে৷ কপালত হাত দি চালো– হিমশীতল চেচাঁ৷ অভিমান নথকা নিথৰ দেহটো যেন মোৰ অপেক্ষাত ৰৈ আছিল৷ আচলতে মোৰ পত্নীয়ে মাহৰ পিছত মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছিল আৰু মই লিপিকাৰ লগত ইমানেই ব্যস্ত আছিলো যে পত্নীৰ দুৰাৰোগ্যৰ বিষয়ে জানিও আঁতৰি আছিলো৷ তেওঁ জানিছিল যে তেওঁৰ সোনকালে মৃত্যু হ’ব ৷ সেয়ে বিবাহ বিচ্ছেদে আমাৰ সন্তানটোৰ ওপৰত যাতে নেতিবাচক প্রভাৱ নেপেলায় তাৰ বাবে তেওঁ সচেতন হৈ আছিল৷
তেওঁৰ মৃত্যুৱে আমাৰ ল’ৰাৰ দৃষ্টিত মই এজন মৰমিয়াল স্বামী বুলি প্রতিষ্ঠা কৰি গ’ল৷
ফোনঃ ৯৮৬৪০৬১৭৭৮