সুকন্যা : প্ৰকৃতিৰ অনন্য সৃষ্টি অৰুণাচল প্ৰদেশৰ ডং উপত্যকা
পুলকজ্যোতি বৰা
অপৰূপ প্ৰাকৃতিক পৰিৱেশ, চহকী ঐতিহ্য আৰু বুৰঞ্জীয়ে পৰশা উত্তৰ পূৱ ভাৰতৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশ। কোৱা হয় প্ৰকৃতিৰ যি সৃষ্টি অপূৰ্ব ৰচনা ৰচিব পাৰে সেয়া আন কাৰো পক্ষে সম্ভৱ নহয়। সেই প্ৰকৃতিৰেই এক অনন্য সৃষ্টি অৰুণাচল প্ৰদেশৰ ডং উপত্যকা। পুৱাৰ সূৰুযৰ কোমল কিৰণে য’ত সুপ্ৰভাত জনায় দেশবাসীক। য’ত প্রতিজন পর্যটকৰ চকু থৰ হৈ ৰয় নান্দনিক দৃশ্য উপভোগ কৰি। অসমৰ গাতে লাগি থকা এক মনোৰম পৰিৱেশক লৈ কেৱল উত্তৰ-পূবেই নহয়, দেশ-বিদেশৰ পৰ্যটক ঢাপলি মেলি আহে সেই স্থানলৈ। ভাৰতৰ একেবাৰে পূৱ দিশত অৱস্থিত ডং উপত্যকাৰ ডং গাঁও দেশৰ ভিতৰতে সূৰ্যোদয়ৰ প্ৰথম স্থান হিচাপে পৰিচিত।সূৰ্যোদয়ৰ দেশ অৰুণাচল প্ৰদেশৰ আনজাও জিলাত অৱস্থিত ডং গাঁও। ভাৰত-চীন আৰু ম্যানমাৰ সীমান্তৰ সংযোগস্থানত অৱস্থিত প্ৰকৃতিৰ অনন্য সৃষ্টি এই ডং গাঁওতেই দেশবাসীয়ে প্ৰথম প্ৰত্যক্ষ কৰে সূৰ্য্যৰ কিৰণ।সূৰ্য্যৰ প্ৰথম কিৰণ চাবলৈ নিশা দুই বজাৰ পৰাই পৰ্যটকে ভিৰ কৰে ডঙত।এই বিৰল অভিজ্ঞতা ল’বলৈ অসংখ্য দেশী-বিদেশী পৰ্যটকে ডঙলৈ যাত্ৰা কৰে বছৰৰ ভিন্ন সময়ত। ভাৰত, চীন আৰু ম্যানমাৰৰ সীমাই পৰস্পৰে পৰস্পৰক চুই থকা উপত্যকাৰ কাষেৰে বৈ গৈছে খৰশ্ৰোতা লোহিত নদী।
লোহিতৰ সদা প্ৰবাহিত ঢৌৰ কাষেৰে পৰ্বতমালা আৰু নীলা আকাশৰ সৈতে ডং উপত্যকাৰ প্ৰতিটো উপাদানেই উপভোগ্য আৰু মন-প্ৰাণ জোৰ পেলোৱা।সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৪,০৭০ উচ্চতাত অৱস্থিত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ডঙলৈ অৰুণাচল প্ৰদেশৰ তেজু চহৰৰ পৰা দূৰত্ব ২০০ কিলোমিটাৰ। আঞ্জাও জিলাৰ সদৰ ঠাই হাইলুঙৰ পৰা ১১২ কিলোমিটাৰ আৰু পূব ভাৰতৰ প্ৰথমখন চহৰ ৱালঙৰ মাত্ৰ ৮ কিলোমিটাৰ।ডং গাঁৱৰ পৰা প্ৰায় ৩ ঘণ্টা ট্ৰেকিং কৰি যাব লাগে সেই বিশেষ স্থানলৈ। ২০০০ চনৰ ১ জানুৱাৰীত ডঙত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে সূৰ্যোদয়ৰ সাক্ষী হৈছিল। এতিয়া গাঁওখনক লোহিত নদীৰ ওপৰেৰে এখন লোৰ ওলোমা দলঙেৰে সংযোগ কৰা হৈছে। শেহতীয়াকৈ ডং গাঁৱত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে।
২০২৫ বৰ্ষৰ প্রথম দিনটোত দেশ-বিদেশৰ ৯০গৰাকী পৰ্যটকে সূৰ্যোদয় চাবলৈ উপস্থিত হৈছিল ডং গাঁৱত। স্থানীয় ৰাইজে পৰ্যটকৰ বাবে কেম্প প্ৰস্তুত কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ ধৰিছে। ৯ ঘৰ পৰিয়ালৰ পৰা প্ৰত্যেক দিনাই পাল পাতি পৰ্যটকক লৈ যায় ভিউ পইণ্টলৈ। ভিউ পইণ্টলৈ যোৱাৰ বাবদ প্ৰতিজন পৰ্যটকে টিকট সংগ্ৰহ কৰিব লাগে আৰু প্ৰতিগৰাকী ব্যক্তিৰ পৰা ৫০০ টকা লোৱা হয়। অৰুণাচল প্ৰদেশৰ মেয়ৰ জনগোষ্ঠীৰ মাত্ৰ ৯টা পৰিয়ালে বাসকৰা গাঁওখনৰ বাবে পৰ্যটনৰ দিশত ই এক আশাৰ খবৰ কঢ়িয়াই আনিছে ।