ৰাষ্ট্রীয় পর্যায়ত উজলিছে নিমাতীঘাটৰ নৱনীতা দাস
🔹 উৎপল কুমাৰ কলিতা
অসমৰ অর্থনৈতিক বিকাশৰ প্রথম চর্ত কৃষিখণ্ডৰ বিকাশ৷ কিন্তু পৰিতাপৰ কথা ক্রমাৎ নৱপ্রজন্মৰ মাজত কৃষিখণ্ডৰ প্রতি গুৰুত্ব কমিছে৷ যাৰ ফলত অসমৰ কৃষিখণ্ড হৈ পৰিছে দুর্বল৷ কিন্তু এই সময়তে অসমৰ এগৰাকী যুৱতীয়ে কৃষিকর্মৰে সমগ্র ভাৰতত নাম উজলাই হৈ পৰিছে সকলোৰে প্রেৰণাৰ আলোক৷
যুৱতীগৰাকীৰ নাম নৱনীতা দাস৷ ঘৰ যোৰহাটৰ নিমাতীঘাটৰ সমীপৰ বৰালি গাঁও৷ শৈশৱতে জীৱনৰ মাত্র চাৰি বছৰ বয়সতে হেৰুৱায় মাতৃক৷ তাৰ পাছত হেৰুৱায় পিতৃক৷ বায়েক–ভিনিহিয়েকৰ সহায়ত ডাঙৰ হোৱা নৱনীতাৰ অৱশ্যে শৈশৱৰ সপোন আছিল সুকীয়া৷ শৈশৱতে তেওঁ নার্ছ হোৱাৰ সপোন দেখিছিল আৰু সেই অনুসাৰে নার্ছিং পাঠ্যক্রম সমাপ্ত কৰি নার্ছৰ কাম কৰে৷ ২০০৩ চনৰ পৰা ২০১০ চনলৈ নার্ছৰ কাম কৰা নৱনীতাই পৰৱর্তী সময়ত নার্ছৰ কাম এৰি এগৰাকী আদর্শ কৃষক হিচাপে থিয় দিয়ে৷ নৱনীতাৰ ভিনিহিয়েকো আছিল কৃষক৷ এদিন ভিনিহিয়েক লৱ কুমাৰ দাসৰ নিমাতীঘাটত থকা কৃষি ফার্মখন চাবলৈ গৈ নৱনীতাই কৃষিৰ প্রেমত পৰে আৰু নিজে তেনে এখন পাম গঢ়িবলৈ দৃঢ়প্রতিজ্ঞ হয়৷ নার্ছৰ চাকৰি কৰি জমা কৰা টকাৰে নৱনীতাই কৃষিপাম গঢ়াৰ বাবে আগবাঢ়িল৷ ইয়াৰ বাবে তেওঁ নিজৰ ছয় বিঘা পৈতৃক ভূমিত প্রথম ২০১০ চনত কৃষিকর্ম আৰম্ভ কৰিলে৷ প্রথম বছৰ তেওঁ এবিঘা মাটিত উন্নত জাতৰ জিকা, দুবিঘা মাটিত ৰঙালাউ, পালেং, ধনিয়া, পদিনা, জলকীয়া আদি খেতি কৰিলে৷ আৰু প্রথম পদক্ষেপতে সফল হ’ল নৱনীতা৷ প্রথমবাৰৰ ফচল লাভৰ পৰাই তেওঁ এখন সৰু গাড়ী ক্রয় কৰিবলৈ সক্ষম হ’ল৷ ইয়াৰ পাছত আৰু নৱনীতাই উভতি চাব লগা নহ’ল৷ একান্ত সাহস, ধৈর্য আৰু একাগ্রতাৰে নৱনীতা আগবাঢ়ি গ’ল৷ সেই বছৰতে নিজৰ মাটিৰ কাষৰীয়া ধান কাটি মুকলি হোৱা মাটিত তেওঁ সৰিয়হ, আলু আদিৰ খেতি লগালে৷ আনহাতে যিবোৰ মাটি ঘন জংঘলেৰে ভৰি অনাদৃত অৱস্থাত পৰি আছিল, সেই সকলোবোৰ মোকলাই বিভিন্ন পাচলি লগালে৷ এনেদৰে এবছৰতে প্রায় আশী বিঘা মাটিলৈ কৃষি পাম বৃদ্ধি কৰিলে৷ এইদৰে খেতি কৰি নৱনীতা যথেষ্ট লাভান্বিত হ’ল৷ ইয়াৰ পাছত যোৰহাটৰ পতীয়া গাঁৱত প্রথম তিনি বিঘা মাটি ক্রয় কৰি নার্ছাৰী আৰম্ভ কৰে৷ ২০১৪ চনত নৱনীতাই সৰিয়হ খেতিৰে অভিলেখ ৰচনা কৰে৷ সেই বছৰতে যোৰহাটৰ কৃষি বিষয়া ইছাদ আলীৰ পৰামর্শত নৱনীতাই উন্নত জাতৰ সৰিয়হৰ খেতি কৰিছিল৷ এই সৰিয়হৰ খেতিত নৱনীতা ইমানে সফল হৈছিল যে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দল এটাই তেওঁৰ সৰিয়হৰ খেতি প্রত্যক্ষ কৰি উচ্চ প্রশংসা লাভ কৰিছিল৷ ডিব্রুগড় দূৰদর্শনতো নৱনীতাৰ কৃষিকর্মৰ উচ্চ প্রশংসাৰে অনুষ্ঠান পৰিৱেশন হৈছিল৷ সেই বছৰ তেওঁ ক’লা ধানৰ খেতিৰ পৰাও যথেষ্ট লাভান্বিত হৈছিল৷ আনহাতে, চৰকাৰীভাৱে লাভ কৰা এটি সৰু তেল পেৰা মেচিনেৰে সৰিয়হতলীতে তেল পেৰা ব্যৱস্থা কৰি সেইবোৰ বিক্রী কৰিব আৰম্ভ কৰে৷ সম্প্রতি পতিয়াগাঁৱত নৱনীতাৰ কৃষি পামৰ সম্প্রসাৰণ ২৭ বিঘা মাটিলৈ হৈছে৷ নেমু, মধুৰিআম, থাইলেণ্ড বগৰী, আপেল বগৰী, লিচু, মৌচুমী আদি বিভিন্ন উদ্যান শস্যৰে তেওঁ গঢ়ি তুলিছে এক বৃহৎ উদ্যান শস্যৰ বাগিচা৷ বিস্তৃতভাৱে কৰিছে উন্নত পদ্ধতিৰ অমিতাৰ খেতিও৷ কৰিছে কেপচিকাম, জলকীয়াকে ধৰি বিভিন্ন ঋতুকালীন পাচলিৰ খেতি৷ লগতে কৰিছে কিছু পৰিমাণে বিভিন্ন ধৰণৰ ফুলৰ খেতিও৷ বর্তমানে তেওঁ আলু, বিলাহী, সৰিয়হ খেতিৰ প্রস্তুতিত ব্যস্ত৷ নৱনীতাই তেওঁৰ সহায় হোৱাকৈ দুজন মানুহক সহকাৰী হিচাপে নিয়োগ কৰিছে যদিও তেওঁ যিমান পাৰে প্রায়ভাগ কাম নিজেই কৰে৷ ট্রেক্টৰেৰে মাটি চহোৱা, হাবি চাফা কৰা, সাৰ প্রয়োগৰ পৰা শস্য চপোৱালৈ সকলো কাম সময় বান্ধি লৈ নিয়াৰিকৈ নিজেই কৰে৷ নৱনীতাই তেওঁৰ কৃষিক্ষেত্রত দুটা কথাত অধিক গুৰুত্ব দিয়ে– জৈৱিক সাৰ প্রয়োগ আৰু জৈৱিক কীটনাশক প্রয়োগ৷ তেওঁ ৰাসায়নিক সাৰৰ সলনি নিজে প্রস্তুত কৰা এজলা, কেঁচুসাৰ, পচন সাৰ আদি প্রয়োগ কৰে৷ কীটনাশক হিচাপে বিহলঙনি, ধঁপাত, গুড়, হালধি, নহৰু, মহানিম, গোমূত্র, পিঁয়াজ আদি ব্যৱহাৰ কৰে৷ তেওঁৰ মতে ‘ৰাসায়নিক সাৰ বা কীটনাশক খেতিত প্রয়োগ কৰিব লাগে বুলি কোনো কথা নাই৷ আজিকালি কৃষিকর্মত অগ্রণী বহু দেশে ৰাসায়নিক সাৰ, কীটনাশক কৃষিকর্মত ব্যৱহাৰ কমাই আনিছে৷ স্বাস্থ্যৰ মূল হ’ল কৃষি আৰু ৰাসায়নিক সাৰ, কীটনাশকৰ প্রয়োগেৰে শস্য, পাচলি বিষাক্ত কৰাৰ কোনো প্রয়োজন নাই৷ বর্তমান সময়ত সকলো কৃষকে জৈৱিক কৃষি পদ্ধতিৰ প্রতি মনোযোগ দিয়াটো প্রয়োজন হৈ পৰিছে৷ এগৰাকী যুৱতী হিচাপে কৃষিক্ষেত্রত আত্মনিয়োগ কৰা সম্পর্কে নৱনীতাই জনায় কৃষিকর্ম এক স্বাধীন অথচ আর্থিক স্বাৱলম্বিতাৰ মনোৰম ক্ষেত্র৷ গীত, কবিতা, চিত্রকর্মৰ দৰে এক সৃষ্টিশীল কর্ম হ’ল কৃষিকর্ম৷ আচলতে সৃষ্টিৰ মাদকতাৰ প্রেমত পৰিলে কৃষিকর্মক হূদয়ত সুমুৱাই ল’ব পাৰি৷ প্রথমে উপার্জন নহয়, সৃষ্টিশীল কর্ম হিচাপে কৃষিৰ প্রেমত পৰিছিলোঁ৷ পৰৱর্তী সময়ত উপলব্ধি কৰিলোঁ কৃষিকর্ম শ্রেষ্ঠ স্বাধীন স্বাৱলম্বনৰ ক্ষেত্রত৷ সেয়ে পিছত এশ শতাংশ কৃষিকে জীৱন–জীৱিকা হিচাপে লৈ নার্ছৰ চাকৰি বাদ দিলোঁ৷ এটা কথা ঠিক- সকলো সৃষ্টিকর্মৰ আঁৰত থাকে কর্মটোৰ প্রতি নিচা৷ কৃষি সম্পর্কে প্রশিক্ষণৰ বিষয়ে জানিব বিচৰাত নৱনীতাই জানিবলৈ দিয়া অনুসৰি তেওঁ কোনো আনুষ্ঠানিক প্রশিক্ষণ লোৱা নাই৷ কেৱল কৃষি বিষয়াৰ পৰামর্শ আৰু অভিজ্ঞতাক লৈয়ে কৃষিকর্মত আগবাঢ়িছে৷ উল্লেখ্য যে নৱনীতাই উৎপাদিত ফচল বিক্রীত নিজে আগভাগ লয়৷
ইতিমধ্যে নৱনীতাই কৃষিকর্মত দেখুওৱা সফলতাৰ বাবে কেইবাটাও পুৰস্কাৰ লাভ কৰিছে৷ ভাৰতীয় ধান গৱেষণা কেন্দ্রৰ উদ্ভাৱনীমূলক ধান কৃষক, ভাৰতীয় কৃষি অনুসন্ধান গৱেষণা কেন্দ্রৰ বঁটা, অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষক বঁটা, ভাৰত চৰকাৰৰ কৃষি বিভাগৰ প্রগতিশীল মহিলা কৃষক বঁটা, শ্রেষ্ঠ মহিলা কৃষক বঁটাৰ লগতে অর্ধশতাধিক বিভিন্ন পুৰস্কাৰ লাভ কৰিছে৷ অসম চৰকাৰৰ সাহায্যত তেওঁ ভিয়েটনামৰ কৃষিক্ষেত্র পর্যবেক্ষণৰো সুবিধা লাভ কৰে৷ নৱনীতাই অসমত কৃষি পর্যটনৰ ধাৰণা সজীৱ কৰি তেওঁৰ পামখন কৃষি পর্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে বিশ্বৰ দহখনকৈ দেশৰ কৃষি বিজ্ঞানীয়ে তেওঁৰ কৃষি পাম পর্যবেক্ষণ কৰি অভিভূত হৈ পৰে৷ তেওঁৰ পামলৈ সততে বিভিন্ন স্থানৰ কৃষি বিজ্ঞানী, কৃষি বিষয়া, ছাত্র–ছাত্রী তথা কৃষি পর্যটকৰ আগমন হয়৷ সম্প্রতি ৰাজ্যৰে শ্রেষ্ঠ মহিলা কৃষকৰ অন্যতম নৱনীতাই ভাৰতৰ কৃষিক্ষেত্রতো চিনাকি হৈ পৰিছে৷ কৃষিক্ষেত্রতে আত্মনিয়োগ কৰি ৰাষ্ট্রীয় পর্যায়ত চিনাকি হৈ পৰা কেইবাটাও ৰাষ্ট্রীয় পুৰস্কাৰ লাভ কৰা নৱনীতা আজি অজস্রজনৰ প্রেৰণাৰ আলোক৷
ফোন : ৯৩৯৪৯–২২৫২৭